[ ৩৮ ]

ডাৱৰ

( গ্ৰীক নাটৰ সাধু)

 সমাজ আৰু প্ৰতিভাশালী লোকৰ ভিতৰত চিৰকলীয়া বিৰোধ। সমাজ স্বভাৱতে স্থিতিশীল আৰু প্ৰতিভা সৰ্বদায় গতিশীল, কিয়নো তত্ত্বান্বেষী ভৱিষ্যদ্দৰ্শী উঁই পৰুৱাই হাফলু বান্ধি বাহিৰৰ উপদ্ৰৱৰ হাত সাৰিবৰ মনেৰে বাহ সাজি থকাৰ দৰে, সামাজিক মানুহেও ভাবৰ হাফলু বান্ধি অচিনাকি ভাবৰপৰা তাত আশ্ৰয় লয়। বান্ধোন নহ’লে সামাজিক জীৱন অসম্ভৱ, সেই দেখি সকলো সামাজিক ভাৱেই মনৰ বান্ধোন স্বৰূপ। সেই বান্ধোনে এফালে যেনেকৈ সামাজিক সুখ-শান্তি দিয়ে আনফালে ই তেনেকৈ ব্যক্তিগত প্ৰতিভাৰ গতিশীলতা আৰু উদ্ভাৱনা শক্তিৰ বিৰুদ্ধে থিয় হয়। সেই কাৰণে স্বভাৱজাত পোহৰৰ গুণত প্ৰতিভাই যেতিয়া ভৱিষ্যতৰ বাতৰি আনি সমাজত সুমুৱায়, বা সমাজে নিজে গলত মেৰাই লোৱা বান্ধোন যে জাগতিক জীৱনৰ দীঘলীয়া বাটৰ জিৰণি ঠাইহে, গন্তব্যৰ শেহ সীমা নহয় বুলি প্ৰতিপাদন কৰিবৰ চেষ্টা কৰে, সমাজত তেতিয়া বিষম চাঞ্চল্য উপস্থিত হয়। সামাজিক ভাব বন্ধনস্বৰূপ হ’লেও মানুহে তাৰ চমু-বেঁকা সকলে৷ আলি-পদূলি চিনি পায়, কিন্তু প্ৰতিভাৰ নিৰ্দিষ্ট বাট সুগম নে দুৰ্গম তাক কোনেও নাজানে। থাউনি পানীৰপৰা কোনে নোজোখা পানীত খোজ দিব?

 সমাজত এই ভাবৰ বিৰোধ প্ৰতি নিমিষতেই চলি আছে। বহুৰূপীৰ দৰে ই কেতিয়াবা ৰাজনীতি, কেতিয়াবা সমাজনীতি, কেতিয়াবা ধৰ্মনীতি ক্ষেত্ৰত সময়তে ঠাট্টা-মস্কৰা, সময়তে গালি শপনি, সময়তে ঢাল-তৰোৱাল আদি নানাৰূপে স্বৰূপ প্ৰকাশ কৰে। সকলো দেশৰ বুৰঞ্জী কেৱল এই দুই ভাবৰ সংঘৰ্ষৰ বিৱৰণ মাথোন।

[ ৩৯ ]  খ্ৰীঃ পূঃ চতুৰ্থ শতিকাত পুৰণি গ্ৰীচৰ এথেন্স ৰাজ্যত স্থিতিশীল আৰু গতিশীলসকলৰ ভাবৰ বৈষম্যৰ ফলত ভীষণ সামাজিক চাঞ্চল্যৰ উদ্ভৱ হয়। আমাৰ ভাৰতবৰ্ষৰ দৰে, পুৰণি গ্ৰীচতো নানা দেৱ-দেৱতাৰ পুজা-অৰ্চনা চলিছিল। সেইবোৰৰ উদ্দেশ্যে বহুদিনব্যাপী যাত্ৰা ভাওনা আদিও ৰাজভঁৰালৰ উমৈহতীয়৷ ধন ভগন কৰি মহা সমাৰোহেৰে পতা হৈছিল। কিন্তু, খ্ৰীঃ পুঃ চতুৰ্থ শতিকাত ‘ছোফিষ্ট’ (Sophist) বা জ্ঞানবাদী বুলি পণ্ডিত সম্প্ৰদায় এটাৰ আবিৰ্ভাৱ হ’ল। তেওঁলোক প্ৰকৃতপক্ষে এথেন্সবাসী নহয়। তেওঁলোক বিদেশী আৰু বেতনভোগী পণ্ডিত আছিল আৰু এথেন্স ৰাজ্যক তেওঁলোকৰ উপযুক্ত ক্ষেত্ৰ ভাবি সেই ৰাজ্যত আহি বাহ লয়। ‘ছোফিষ্ট’সকল আমাৰ দেশৰ নৈয়ায়িক পণ্ডিত শ্ৰেণীৰ আছিল। যুক্তি-তৰ্কৰ সহায়েৰে যিটো কথা প্ৰতিপন্ন কৰিব নোৱাৰি, সেইটো তেওঁলোকে স্থূল বিশ্বাসেৰে মানি লোৱাৰ বিৰুদ্ধে আছিল। তৰ্কবিদ্যাৰ লগত তেওঁলোকে অলঙ্কাৰ শাস্ত্ৰৰো (Rhetoric) গভীৰ সমালোচনা কৰিছিল। সেই সময়ত এথেন্স ৰাজ্যত অলঙ্কাৰ শাস্ত্ৰৰ বৰ সমাদৰ আছিল। ইয়াৰ শাসন প্ৰণালী গণতন্ত্ৰ মতে চলিছিল। আৰু এনে শাসন প্ৰণালীত অলঙ্কাৰ বিদ্যাত নিপুণতা নাথাকিলে জননায়কসকলে জনমতৰ ওপৰত আধিপত্য কৰিব নোৱাৰে। পোহৰ ফঁহিওৱা কাচৰ দৰে অলঙ্কাৰ বিদ্যাৰ সহায়েৰে একেটি কথাতেই নানান ৰঙৰ সমাবেশ দেখুৱাব পাৰি। আৰু একেটি কথা বা মতকে, হয়ভৰ দি চিৰকাল সাবটি ধৰি থাকিব লাগিলে কোনেও ৰাজনীতি ক্ষেত্ৰত জননায়কৰ পদত থাকিব নোৱাৰে। এনে অৱস্থাত ৰাজনীতি ক্ষেত্ৰত ওখ আকাংক্ষা থকা ডাঙৰ মানুহৰ ঘৰৰ ল’ৰাবোৰৰ নামত ছোফিষ্টসকল বৰ আদৰৰ পাত্ৰ হৈ উঠিল আৰু ঘৰুৱা শিক্ষক হিছাপে তেওঁলোকৰ প্ৰতিপত্তি সমাজত বিয়পি পৰিব ধৰিলে।

 ছোফিষ্টসকল ব্যৱসায়ী পণ্ডিত আছিল। তৰ্ক আৰু অলঙ্কাৰ বিদ্যাৰ সহায়েৰে একেটি কথাকেই নানানভাৱে ফঁহিয়াই দেখুৱাব [ ৪০ ] পৰা বাগ্মিতাত বাজে সমাজ বা ধৰ্মনীতি ক্ষেত্ৰত কোনো মূল তত্ত্বৰ সন্ধান দিয়া তেওঁলোকৰ উদ্দেশ্য নাছিল। তেওঁলোকৰ শিকনিৰ ফলত তৰুণ জননায়কসকলে পুৰণি ৰীতি-নীতিত আস্থা হেৰুৱালেও সেইবোৰৰ ঠাইত কোনো বিশেষ ভাল ৰীতি-নীতিৰ উৱাদিহ পোৱা নাছিল। এনে সময়ত এথেন্স নগৰত জ্ঞানী চক্ৰেটীছৰ আবিৰ্ভাৱ হয়। তেওঁ এথেন্স নগৰৰেই অধিবাসী আছিল। পুৰণি পন্থীসকলৰ স্থুল বিশ্বাসত তেওঁৰ আস্থা নাছিল আৰু ছোফিষ্টৰ একেটি কথাকে দহ ফাল কৰি দেখুৱাব পৰা তৰ্ক বিদ্যাতো তেওঁৰ আস্থা নাছিল। পুৰণি বিশ্বাস ভুল হ’ব পাৰে, সম্ভৱ ভুলো, কিন্তু ভুল দেখুৱালেই আলোচনাৰ ওৰ নপৰে। মূল সত্য কি, তাৰ স্বৰূপ এনেকুৱা, ইটো সন্ধান কৰাকেই জ্ঞানী চক্ৰেটীছে জীৱনৰ মহাব্ৰত বুলি আঁকোৱালি ধৰিলে।

 এই ব্ৰতত ব্ৰতী হৈ জ্ঞানী চক্ৰেটীছে বাট-ঘাট, হাট-বজাৰ সকলো ঠাইতেই কবি, দাৰ্শনিক, ধাৰ্মিক, জননায়ক আদি পণ্ডিত বোলাওঁতা সকলোৰে সৈতে মূল সত্যৰ স্বৰূপ লৈ তৰ্ক কৰি ফুৰিবলৈ ধৰিলে। তেওঁৰ মতে সত্যই জ্ঞান আৰু জ্ঞানেই ধৰ্ম। তেওঁৰ তৰ্ক-প্ৰণালীও এক অপূৰ্ব ধৰণৰ আছিল। তেওঁ প্ৰশ্ন কৰি গৈ থাকে আৰু প্ৰতিপক্ষই যি উত্তৰ দিয়ে সেই আটাইবোৰতেই হয়ভৰ দি গৈ থাকে। বছা বছা প্ৰশ্নৰ সহায়েৰে প্ৰতিপক্ষক এনেকৈ বুলাই লৈ গৈ থাকে যে নিজৰ অসঙ্গত কথাৰ জালত নিজে মেৰ খাই প্ৰতিপক্ষই নিজে শেহত ভেবাচেকা খাই পলাবলগীয়াত পৰে। এই তৰ্ক-প্ৰণালী এনে প্ৰসিদ্ধ হৈ পৰিছিল যে পিছৰ কালত ইয়াক চক্ৰেটিছ ব্যাজোক্তি ( Socratic Irony) বোলা হৈছিল। বাট-ঘাট, হাট-বজাৰ সকলো ঠাইতেই চক্ৰেটিছে এইদৰে পণ্ডিত বোলাওঁতাসকলক হাবাথুৰি খুৱাই ফুৰিছিল আৰু বিপক্ষৰ ভঙ্গ উপভোগ কৰিবলৈ তেওঁৰ পাছে পাছে বাটৰুৱা ল’ৰাবোৰে জুম বান্ধি ফুৰিছিল। তেওঁ কোনো সম্প্ৰদায় স্থাপন কৰা নাছিল কিন্তু, কেতবোৰ প্ৰতিভাশালী ডেকাই তেওঁৰ জ্ঞানবাদৰ মূল মত গ্ৰহণ কৰি তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে।

[ ৪১ ] এইসকলৰ ভিতৰত ইউৰোপৰ অদ্বিতীয় দাৰ্শনিক পণ্ডিত প্লেটোই প্ৰধান।

 পুৰণি পন্থী এথেন্সবাসীসকলৰ মানত ছোফিষ্ট আৰু জ্ঞানী চক্ৰেটিছৰ ভিতৰত কোনো প্ৰভেদ নাছিল। তেওঁলোকৰ ভিতৰত যি প্ৰভেদ, সি ইমান সূক্ষ্ম যে সাধাৰণৰ মনত সি ধৰা নপৰিছিল! আৰু পৰিলেও ছোফিষ্ট আৰু চক্ৰেটিছ দুয়ো দুই ফালৰপৰা পুৰণি মতৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিছিল।

 তাত বাজেও ছোফিষ্ট পণ্ডিতসকলে দৰমহা লৈ ডাঙৰ মানুহৰ ঘৰত ঘৰুৱা শিক্ষকতা কৰিছিল, সেই দেখি জনসাধাৰণৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ চমু বাটেৰে পৰা নাছিল। চক্ৰেটিছ সত্যব্ৰতী, তেওঁ ধনৰ লোভত সত্যৰ সন্ধানত ফুৰা নাছিল। তেওঁৰ বিচাৰৰ ঠায়ো হাট-বাট আদি। ভব্য-গব্য নাগৰিকসকলৰ তৰ্কত ভঙ্গ চাবলৈ ল’ৰাবোৰেও তেওঁৰ লগ নেৰে। চক্ৰেটিছৰ তৰ্ক-প্ৰণালীৰ কোবত পুৰণি মতবাদী নাগৰিকসকল অতিষ্ঠ হৈ উঠিল আৰু তেওঁৰ লগে লগে ফুৰা ল’ৰাসকলক লক্ষ্য কৰি ক’ব ধৰিলে যে চক্ৰেটিছে ডেকা সম্প্ৰদায়ক ভ্ৰষ্টাচাৰত প্ৰবৰ্তন কৰাইছে।

 এই সন্ধিক্ষণত পুৰণি মতৰ সমৰ্থক স্বৰূপে প্ৰতিভাশালী ব্যঙ্গ নাট্যকাৰ এৰিষ্টোফেনিছৰ অভ্যুদয় হয়। সমালোচকসকলৰ মতে তেওঁ জগতৰ অদ্বিতীয় ‘কমেডিয়ান’ বা হাস্যৰসাত্মক নাট্যকাৰ। এওঁৰ ব্যঙ্গৰ চোকা বাণে এথেন্সৰ নাগৰিক জীৱনৰ কোনো বিভাগতেই খোঁচ নমৰাকৈ থকা নাই।

 ব্যঙ্গৰসৰ ঢল-পানীৰে এথেন্সৰ মানসিক জীৱনৰপৰা ছোফিষ্ট-চক্ৰেটিছৰ তৰ্কৰ মলি ধুই পেলাবৰ মনেৰে খৃঃ পূঃ ৪২৩ শকত এথেন্স নগৰৰ প্ৰধান ৰঙ্গমঞ্চত তেওঁ “ডাৱৰ” নামে ব্যঙ্গাত্মক নাট এখন থিয় কৰে। এই নাটত চক্ৰেটিছক ছোফিষ্ট সম্প্ৰদায়ৰ নেতা বুলি ধৰি লৈ সেই সম্প্ৰদায়ক লক্ষ্য কৰি তেওঁৰ প্ৰতি ঠাট্টাৰ চোকা বাণ বৰ্ষা হৈছে। নাটকীয় কথা-বস্তুৰ চমু বিৱৰণ তলত দিয়া হ’ল।

[ ৪২ ]

 এথেন্স নগৰত ষ্ট্ৰেপ্চিয়াডিছ নামে এজন নাগৰিক আছিল। তেওঁৰ আগেয়ে মাটি-বাৰী, ধন-বিত আছিল। কিন্তু, ধন ভগনীয়া ল’ৰাৰ বিলাসিতা গুণত এতিয়া ঋণত পৰি তেওঁৰ দুৰ্দশা শেষ সীমাত পৰিছেগৈ। এদিন ৰাতি বিছনাত পৰি ধাৰৰ কথা ভাবি ছটফটাই আছে। “ৰাতি নো আজি নুপুৱাবনে? কুকুৰাৰ মাত শুনিছো যেন লাগিছে। ৰন্ধা-চাকৰ আটায়ে ফোঁচফোঁচাই শুই আছে। যেনেহে দিন-কাল পৰিছে সিহঁতকো মাতিবৰ সাধ্য নাই। সৌৱা মোৰ কুল তিলক, কোনো ভাবনাই তাৰ টোপনি ক্ষতি কৰিব নোৱাৰে। ধাৰৰ জালত মোৰ চকু জাপেই নাযায়। নন্দনৰ ধুনপেচ, ঘোঁৰাখেল, ৰথ-খেল আদিৰ খৰচেই মোক তললৈ নিলে।” মেলা চকু জপাবলৈ আকৌ এবাৰ মিছা চেষ্টা কৰি বুঢ়াই চাকি এটি দিবলৈ বন্ধা এটিক মাতি আঙুলিৰ মূৰত ধাৰ লেখিবলৈ ধৰিলে। “অমুকাক দিব লাগে পাঁচ শ ৰূপ। তাৰপৰা নো কেতিয়া পাঁচ শ ৰূপ লৈছিলো? অ’ মনত পৰিছে, সৌ কজলা ঘোঁৰাটো কিনিবলৈ! ঘোঁৰাই হয়! ঘোঁৰাই মোৰ মূৰটো আচন্দ্ৰাইকৈ ঘূৰাই লৈ ফুৰাব লাগিছে।” এনেতে ঘোৰ টোপনিতেই ফিডিপিডিছ বোলা বুঢ়াৰ ল’ৰাই মাত দি উঠিছে, “হেৰ ফিলো, সেইটো অন্যায়, নিজৰ চাকেৰে ঘোঁৰা চলাবি।” “এয়েই মোক তললৈ নিলে” বুঢ়াই ভাবিছে, “সপোনতো ই ঘোঁৰা লৰাইছে।” ফিডিপিডিছ (টোপনিত):—ৰথবোৰ কেইবাৰ ঘূৰিছে?

 ষ্ট্ৰেপ্চিয়াডিছ—বাপেকৰ নাকত জৰি লগাই বহুবাৰ ঘূৰাইছে। বাৰু লেখোচোন আকৌ কাক দিব লাগে? দেৰ শ ৰূপ তমুকাক দিব লাগে। কেলেই? দুটি চকা আৰু ৰথৰ জকাটোৰ বাবে। পুতেক (টোপনিত)—ঘোঁৰা পোৱালিটিক এবাৰ বালিত বগৰাই ঘৰলৈ লৈ যা।

 বাপেক—হেৰ খেকাৰ খোৱা, তই মোক ঘৰৰপৰা বগৰাই উলিয়াই দিলি।

 পুঃ—(সাৰ পাই) পিতাদেও আপোনাৰ হৈছে কি, ওৰে ৰাতি এইদৰে ছটফটাই আছে কিয়?

[ ৪৩ ]  বাঃ—পিয়াদাৰ চমনে মোক কামুৰিছে, বোপাটি, বৰকৈ কামুৰিছে।

 পুঃ—ভাল, ভাল আকৌ এটোপনি মাৰি লওঁ।

 বাঃ—শু, শু, ধাৰৰ বোজা ডাঙৰ হৈ মোৰ মূৰতেই আকাশী সৰগৰ দৰে পৰিল। হতচিৰী যাওক, সেই ছোৱালী চোৱা কন্যা ঘৰপতাজন, যি তোৰ মাৰক বিয়া কৰাই দিলে। খেতিয়কৰ ল’ৰা, কি সুখেৰে পামত দিন নিয়াইছিলো, মৌৰ বাহ পাৰি, ছাগলী ৰাখি, লাওপানী খায়। পিছত বিয়া কৰিব পালো মেগাফ্লিচৰ ভতিজা ছোৱালীজনী—মই হ’লো খেতিয়ক, তাই হ’ল ধুন পেচ মৰা নগৰৰ মহিলা। ল’ৰা উপজিল, বুজন হ’লত তাই ল’ৰাৰ কাণ ছুৱাব ধৰিলে। “অ’ সোণপাহি, ডাঙৰ হ’লে তোৰ আতা-দেউতাসকলৰ দৰে ৰথ ডকাই ফুৰিবি, বহুমূলীয়া সাজ পিন্ধিবি।” মই কওঁ, হেৰ বোপাটি ডাঙৰ হ’লে খাৰুৱা কাপোৰ পিন্ধি মোৰ দৰে ছাগলী খেদি ফুৰিবি।” মোৰ কথা শুনিলে ক’তা! ছাগলী খেদিব থাওক মোকহে খেদাই লৈ ফুৰিব ধৰিছে। যাওক, যাওক, মোৰ কথা শুনে যদি বিপাঙৰ হাত সাৰিবলৈ বুদ্ধি এটি সাজিছো! তাক জগামনে? (কোমল মাতেৰে) বোপাইটি, অ’ ফিডি বোপাইটি?

 পুঃ—কি হৈছে পিতাদেও?

 বাঃ—চুমা এটি খাওঁচোন, আৰু হাতখন আগবঢ়াই দে!

 পুঃ—কিয়, কিয়, দিছো।

 বাঃ—এয়া তই মোক ভাল পাৱনে?

 পুঃ—“অশ্বপতি” দেৱতাৰ শপথ।

 বাঃ—তোৰ অশ্বপতিৰ নাম নল’বি। অশ্বপতিয়েই মোক খালে। তই যদি মোক ভাল পাৱ মই যি কওঁ কৰ।

 পুঃ—কি নো?

 বাঃ—তই কৰিবি তেনেহ’লে?

 পুঃ—“সুৰাপতি”ৰ শপথ কৰিম।

 বাঃ—–সৌৱ৷ পঁজাটো দেখিছনে?

[ ৪৪ ]

 পুঃ—হয়, কি হ’ল?

 বাঃ—সেইটো জ্ঞানীসকলৰ “অনুসন্ধান সমিতি।” তাত থকা মানুহবোৰে প্ৰমাণ কৰিব পাৰে আকাশখন হেনো এটি আখা আৰু আমি জুইৰ আঙঠা সিহঁতক পইছা দিলে ভাল-বেয়া সকলো শিকাব।

 পুঃ—ভাল, সিহঁতনো কোন?

 বাঃ—সেইটো নাজানো। সিহঁত বৰ চোকা মানুহ।

 পুঃ—অ’ মনত পৰিছে। টেঙৰ মগনীয়াৰহঁত! আপুনি সেই শেতামুখ, ছালছিগা, কেলেহুৱা চক্ৰেটিছ, কেৰেফন আৰু সিহঁতৰ পিছে পিছে ফুৰা৷ ভিকহুমখাৰ কথা কৈছে?

 বাঃ—নাপায়, নাপায়, তেনে আহুকলীয়া কথা ক’ব নাপায়। তই যদি বাপেৰক ভাল পাৱ সিহঁতৰ তাত শিকাগৈ আৰু ঘোঁৰা চেকুৰা এৰি দে।

 পুঃ—সিহঁতৰ তালৈ যাম? সুৰাপতিৰ শপথ, মই যদি যাওঁ।

 বাঃ—সোণামুৱা মোৰ, কাবৌ কৰিছো, গৱেষণা-ঘৰত শিকগৈ।

 পুঃ—কি শিকিম?

 বাঃ—মানুহে কয়—সিহঁতৰ পোন, বেঁকা দুই ধৰণৰ তৰ্কবিদ্যা আছে। যিজনে বেঁকা বিদ্যা শিকে তাৰ কোনো ঠাইতেই ভঙ্গ নহয়। এই বিদ্যাটো শিকগৈ। তেনেহ'লে তোৰ বাবে ধাৰ কৰা টকাৰ বাবে কাকো এটি ফুটা কড়িও মই দিব নালাগিব।

 পুঃ—সেইটো ভাবিবই নোৱাৰো। সেই খাব নোপোৱা শেতামুখা বহুৱাহঁতৰ তাত শিকিমগৈনে?

 বাঃ—যদি কথা নুশুন, আজিৰপৰা এমুঠি চাউলো খাব নোৱাৰ। টোপোলা-টুপলি লৈ এতিয়াই ওলা।

 পুঃ-–অকণো বেজাৰ নাই। মোৰ মোমাইহঁত ডাঙৰ মানুহ, তেওঁলোকে মোক ঘোঁৰাৰ যোগাৰ দিব।

 বুঢ়াই পুতেকৰ লগত নোৱাৰিলে। কিন্তু বুঢ়া ভঙ্গ খাবৰ মানুহ নহয়, পুতেকে নিশিকিলে যদি নিজেই গৈ এই নতুন বেঁকা [ ৪৫ ] বিদ্যা শিকিব। বুঢ়া বয়সত তৰ্কৰ কূটবোৰ ধৰিব নোৱাৰিব বুলি সংশয় হৈছিল যদিও সাহসত ভৰ দি গৱেষণা ঘৰৰ ফালে খোজ ল’লে। দুৱাৰত গৈ খুন্দিয়ালে। চেলা এজন ওলাই আহি ডাঙৰকৈ শব্দ কৰা বুলি বুঢ়াক ভৎৰ্সনা কৰিলে আৰু সুধিলে, “তই কোন? দুৱাৰত খুন্দিয়াই বহুত ভাৱৰ সূতা ছিঙিলি।”

 ষ্ট্ৰেপঃ—ক্ষমা কৰিব। দূৰ গাঁৱৰপৰা আহিছো। কি হানি কৰিলো কোৱাচোন।

 চেলা—সেইবোৰ কথা শৰণীয়াৰ আগতহে ক’ব পাৰি।

 বুঢ়া—ময়ো শৰণীয়া, চেলা হ’বলৈহে আহিছো।

 চেলা—শুন তেনেহ’লে, কিন্তু মনত ৰাখিবি “কথা ইটো পৰম গুপুত।” সিদিনাখন চক্ৰেটিছে কেৰেফনক সুধিলে, মাখি এটিয়ে এজাঁপতে ইয়াৰ নিজৰ ভৰিৰ কেইগুণ যাব পাৰে? মাখি এটিয়ে কেৰেফনৰ চেলাউৰিৰপৰ৷ জঁপিয়াই গৈ চক্ৰেটিছৰ মূৰত পৰিছিলগৈ।

 বুঢ়া—কেনেকৈ জুখিলে?

 চেলা– বৰ সূক্ষ্ম প্ৰণালীৰে। তেওঁ মোম এডোখৰ গলাই লৈ মাখিটোৰ ভৰিকেইখন তাত জুবুৰিয়ালে। মোম শুকালত তাৰে জুখিলে।

 বুঢ়া—কি ৰহইচ! মোক অনুসন্ধান সমিতিত দিয়া। চক্ৰেটিছক চাবলৈ মনটোৱে খোঁচা-বিন্ধা কৰিব লাগিছে।

 দুৱাৰ মেল খালে। গৱেষণা-মগ্ন চেলাবোৰে নানান অঙ্গী-ভঙ্গী কৰি থকা দেখি সেই বুঢ়াই বিচুৰ্তি খাই সুধিলে—“এইবোৰ কি জানোৱাৰ? ইহঁতে তিনিমূৰীয়া বুঢ়াৰ দৰে তলমূৰে মাটিৰ ফালে চাই আছে কিয়?”

 চেলা—ইহঁতে মাটিৰ তলত থকা শিলগুটি হিলৈগুটি আদিৰ অনুসন্ধান কৰিছে।

 বুঢ়া—শেলুক বিচাৰিছে। ইয়াত ক’ত পাব! মই ক’ব পাৰো ক’ত বেছিকৈ পোৱা যায় — খাৰঘূলিতহে। এইবোৰ একা! চিত হৈ [ ৪৬ ] দুই ঠেঙৰ মাজত মুৰ সুমাই দোৰোল খাই ওপৰ মুখে কি চাইছে?

 চেলা—সিহঁতে ওপৰমুখে নৱগ্ৰহ তত্ত্ব সন্ধান কৰিছে।

 বুঢ়া—সৌটো কি?

 চেলা—সেইটো জ্যামিতি।

 বুঢ়া—তাৰে কি হয়?

 চেলা—মাটি জোখা হয়।

 বুঢ়া—অ’ ইয়াৰেহে আমাৰ সীমা জুখি দিয়া হয়, সজ! সজ!

 চেলা—এইখন চা। এইখন পৃথিৱীৰ মানচিত্ৰ। এইখন এথেন্স।

 বুঢ়া—এথেন্স? কোনে পতিয়াব? দেৱানী আদালতখন বহা নেদেখোচোন।

 বুঢ়াই ঘৰৰ চালৰ ফালে চকু ফুৰালত দেখিলে পাচি এটিৰ ওপৰত কোনোবা এজন ওলমি আছে। “সেইটো কোন? পাচি এটিত ওলমি আছে?”

 চেলা—সেইটে৷ “তেওঁ”।

 বুঢ়া—কোন “তেওঁ”?

 চেলা—চক্ৰেটিছ।

 দুই-তিনিবাৰ গল-হেকাৰি মাৰি কোনোমতে বুঢ়াই চক্ৰেটিছৰ দৃষ্টি আকৰ্ষণ কৰিলে। “তোক কি লাগে হেৰ এদিনীয়া, খন্তেকীয়া প্ৰাণী! মই বায়ুমণ্ডলত খোজ কাঢ়ো আৰু মোৰ ওখ ভাব সূৰ্য-মণ্ডলত বিচৰণ কৰে।”

 বুঃ—অ’ পাচিটোত উঠি দেৱ-দেৱীৰ প্ৰতি হেয় চকুৰে চোৱা হ’বলা, হয়নে?

 চঃ—বায়ুমণ্ডলত বিহাৰ নকৰিলে, সূক্ষ্ম বায়ব্য তত্ত্ব গ্ৰহণ কৰিব নোৱাৰি। পৃথিৱীৰ ওপৰত থাকিলে ইয়াৰ হোঁপনি শক্তিয়ে বুদ্ধিৰ ৰস হুঁপি শুকাই পেলায়।

 বুঃ—বুজিলো, শাহ নোহোৱা ভোলৰ চোঁচোৰা যেন হয়। এবাৰ নামি আহাচোন। মই বিদ্যা বিচাৰি আহিছো, এটি শিকনি দিয়া।

[ ৪৭ ]  চঃ–কি শিকনি?

 বুঃ—কথা ক’বলৈ। ঘঁৰিয়াল ঠুঁটীয়া ধৰুৱাবোৰে মোক ছিৰাছিব কৰিব লাগিছে।

 চঃ–কেনেকৈ ধাৰ লগালি?

 বুঃ—ঘোঁৰা-দানহে মোক খালে। তোমাৰ পোন-বেঁকা দুটি বিদ্যাৰ বেঁকা বিদ্যাটো মোক শিকাব লাগে, যিটো শিকিলে ধৰুৱাক টকা ওভতাই দিব নালাগে। যি বানচ লাগে তাকেই দিম, দেৱতাৰ নামে শপথ লৈছো।

 চঃ—আমাৰ ইয়াত দেৱ-দেৱতাৰ চলতি নাই। দেৱতা জানিব খোজা যদি ডাৱৰ দেৱতাক জানিবি। আমি ডাৱৰ উপাসক, বুজিলি?

 বুঃ—বুজিলো।

 চক্ৰেটিছ ওলমি থকা পাচিৰপৰা নামিল। বুঢ়াক আসন এখনত বহুৱাই মূৰত মালা এধাৰি আৰু গাত আতাগুৰি ছটিয়াই দিলে। বুঢ়াৰ সংশয় উপজিল। বলিৰ পশুবোৰকো এইদৰে আতাগুৰি ছটিয়াই মালা পিন্ধোৱা হয়। কিন্তু বুঢ়াক কোৱা হ’ল, সংশয়ৰ কাৰণ নাই, এইটো শৰণ প্ৰথাহে। এবাৰ শৰণীয়া হ’লে আৰু ভয় নাই, বেঁকাক পোন আৰু পোনক বেঁকা কৰা বিদ্যা তেওঁৰ জিভাৰ আগত নাচিব আৰু মূৰৰ মালাধাৰিয়ে এইটোহে সূচাইছে যে তেওঁ উকীল সম্প্ৰদায়ৰ চূড়ামণি হ’ব।

 গভীৰ উদাত্তস্বৰে চক্ৰেটিছে নীল নদী সমুদ্ভুত অলিম্পাচ পৰ্বত বিহাৰী ডাৱৰ দেৱতাৰ উদ্দেশ্যে স্ত্ৰোত্ৰ এটি পাঠ কৰিলে আৰু ডাৱৰ দেৱতায়ো বজ্ৰধ্বনিৰে নিজৰ আগমন ঘোষণা কৰি তিৰোতাৰ আকৃতি ধাৰণ কৰি গুৰু-শিষ্যৰ আগত আহি উপস্থিত হ’লহি।

 বুঃ—কোৱাচোন, গভীৰ মন্ত্ৰধ্বনিৰে সেইবোৰ কি আহিছে?

 চঃ—সেইবোৰ আকাশৰ ডাৱৰ।

 বুঃ—ক’তা, ক’তা?

 চঃ—পৰ্বত-ভৈয়াম জুৰি সৌবোৰ।

[ ৪৮ ]

 বুঃ—মই দেখা নাই।

 চঃ—এতিয়া দেখিব পাৱ, বাহুলিৰ দৰে কণা নহয় যদি।

 বুঃ—দেখিছো, সিহঁত সকলো ফালে বিয়পি আছে।

 চঃ—সিহঁত দেৱী বুলি জনা নাছিলিনে?

 বুঃ—নাছিলো। মই জনাত ডাৱৰ ধুৱলি-কুঁৱলিহে। কোৱাচোন, সিহঁত যদি ডাৱৰ হয়, সিহঁতক তিৰোতা যেন দেখা যায় কিয়? আচল ডাৱৰতো তেনেকুৱা নহয়।

 চঃ–কেনে?

 বুঃ— ডাৱৰ উৰি ফুৰা তুলাৰ দৰে, তিৰোতাৰ দৰে কেতিয়াও নহয়।

 চঃ—মোৰ কথাৰ সমিধান দে। তই কেতিয়াও আকাশত বাঘ, ভালুক বা বলধৰ আকৃতিৰ ডাৱৰ দেখা নাইনে?

 বুঃ—দেখিলো কি হ’ল?

 চঃ— সিহঁত কামৰূপী। সিহঁতে যেতিয়া আখৰ গোঁঠা কোনোবা টিলিকা কবিক ঘাৰৰ ওপৰত মেল খোৱা দীঘলীয়া চুলি ৰখা দেখে, তেতিয়া হয়গ্ৰীৱ মূৰ্তি ধৰি টিলিকা কবিক নিজৰ নিজৰ স্বৰূপ দেখুৱায়। দেখিলা বান্ধ, ডাৱৰহে আচল দেৱতা, আন সকলো বলিয়াৰ সপোন।

 বুঃ—অলিম্পাচৰ জ্যুচ তেনেহ’লে দেৱতা নহয়?

 চঃ—কোন জ্যুচ্? বলিয়ালি নকৰিবি, জ্যুচ বোলা কোনো দেৱতা নাই।

 বুঃ—কি? বৰষুণ দিয়ে কোনে তেন্তে?

 চঃ—কেলৈ, এইবোৰে। ডাৱৰ নোহোৱাকৈ বৰষুণ পৰা দেখিছ জানো? জ্যুচে বৰষুণ দিয়াহেঁতেন ফটফটীয়া আকাশৰ পৰা বৰষুণ নামিব লাগিছিল।

 বুঃ—বাৰু, তেন্তে গাজনি মাৰে কোনে?

 চঃ—এইবোৰে, সিহঁত বাগৰি গ’লেই শব্দ ওলায়, সিহঁত পানীৰে ভৰপূৰ হৈ থাকে আৰু খুন্দা খালেই ভৰা কলহৰ দৰে শব্দ কৰে।

[ ৪৯ ]  বুঃ—কিন্তু কোনে সিহঁতক বগৰাই ফুৰায়? নিশ্চয় জ্যুচ্ দেৱতাই?

 চঃ—নহয়, জ্যুচে নহয়, ঘূৰ্ণীপাকে।

 বুঃ—বুজিলো, জ্যুচৰ ঠাইত ঘূৰ্ণীপাকহে ৰজা।

 চঃ—তেনেহ'লে আমাৰ উপাস্য ডাৱৰ, ঘূৰ্ণীপাক আৰু জিভা। এই তিনিটাত বাজে আন দেৱতা নামান?

 বুঃ—মানিমনে? লগ পালেও সিহঁতৰ লগত কথাকেই নকওঁ। ডাৱৰে মাত লগাই সুধিলে— তোক কি লাগে, ভাঙি ক।

 বুঃ—মই গ্ৰীচ দেশৰ ভিতৰতেই কথা-চহকী হ’ব খোজো।

 ডাঃ—সেইটো হবি। কাউঞ্চিলত তোতকৈ কোনেও বেছি প্ৰস্তাৱ সৰকাই নিব নোৱাৰিব।

 বুঃ—মই কাউঞ্চিলৰ প্ৰস্তাৱ কুটা যেন দেখো। ধৰুৱাৰ আঙুলিৰ ফুটাৰে সৰকিব খোজো।

 ডাঃ—সেইটো তুচ্ছ কথা। আমাৰ ভক্তসকলক হিছাপটো বুজাই দে একা ভয় নাই।

 বুঃ—তোমালোকৰ কথা মানি ল’লো। এফালে ধৰুৱাৰ টাঙোন, আনফালে ফোপাহী তিৰোতাৰ ধূনপেঁচ—গত্যন্তৰ নাই। ভোক, পিয়াহ, জাৰ, ক্লেশ সকলো স’ব পাৰো কেৱল পোন কথা বেঁকা কৰিবৰ ক্ষমতা দিয়া।

 ডাঃ—মানুহজনৰ পিত আছে। বাৰু, আমাৰ পৰা যদি শিকনি লৱ, তোৰ দুৱাৰ-ডলিৰ পৰা মক্কেল নুঠিবই। চক্ৰেটিছ, ইয়াক লৈ গৈ এতিয়া বুজ দিয়া।

 চক্ৰেটিছে বুঢ়াক ভিতৰলৈ লৈ গৈ ব্যাকৰণৰ আৰু ছন্দ শাস্ত্ৰৰ গুৰিৰ কথা কিছুমান বুজালে। কিন্তু, বুঢ়াৰ মগজু ইমান গোটমৰা, তাক একোৱে বিন্ধিব নোৱাৰিলে। চক্ৰেটিছে ঘোৰ বিৰক্তিৰে ওলাই আহি বুঢ়াৰ বিষয়ে আপত্তি কৰিলে। শেষ পৰীক্ষা স্বৰূপে বুঢ়াক খাট এখনত শুৱাই, কামলি এখনেৰে গা-মূৰ বতাহ সোমাব নোৱৰাকৈ মেৰাই পেলাই ক’লে, “যদি কোনোবা কথাৰ উৱাদিহ নাপাৱ [ ৫০ ] তেনেহ’লে সেইটো এৰি আন এটি কথাত জাঁপ দি ধৰিবি।”

 বুঃ—উঃ! উঃ!

 ডাঃ—কি হ’ল?

 বুঃ—তক্তাৰ ফাটৰ পৰা উৰহে কামুৰিছে।

 চঃ—তই গৱেষণা কৰানেকি অ’?

 বুঃ—কৰিছো।

 চঃ— কি?

 বুঃ—উৰহে ছালখন চালনীৰ দৰে কৰিবনে বুলি।

 চঃ—কাপুৰুষ নহ’বি। কাপোৰখন ভালকৈ মেৰাই লৈ গৱেষণা কৰ।

 বুঃ—(অলপ ৰৈ) অ’ চক্ৰেটিছ, সুত নিদিবলৈ বুদ্ধি এটি পাঙিছো।

 চঃ—কেনেকৈ?

 বুঃ—থেচেলী নগৰৰ পৰা তান্ত্ৰিক ভৈৰৱী এজনী পইছা দি আনিম। তাই মন্ত্ৰ মাতি আকাশৰ পৰা জোনটো নমাই আনিব আৰু মই বাকচত বন্ধ কৰি থম।

 চঃ—লাভ?

 বুঃ—কেলৈ? জোন যদি নুঠিল সুত দিব নালাগে।

 চঃ—কিয়?

 বুঃ—কৰাল মতে পহিলা জোনৰ দিনাখনহে সুত আদায় কৰি দিব লাগে।

 চঃ—বাৰু পালো। কচোন, তোৰ বিৰুদ্ধে পঞ্চাশ টকাৰ দেৱানী এটা হ’ল। কেনেকৈ ডিক্ৰীৰ পৰা সাৰিবি?

 বুঃ—কেনেকৈ? মনত খেলোৱা নাই, বাৰু গৱেষণা কৰো।

 চঃ—তেল-শালিৰ গৰুৰ দৰে মনটো চাৰিওফালে ঘূৰিব নিদিবি। জৰি লগোৱা কাকতৰ চিলাৰ দৰে ওপৰলৈ উধাব দিবিচোন।

 বুঃ—–খেলাইছে, দেৱানী জিকিবলৈ চোকা বুদ্ধি তিৰবিৰাইছে। বেজৰ দোকানত চকমকী কাঁচ দেখিব পোৱা, যাৰে জুই জ্বলায়?

[ ৫১ ]  চঃ—আগ্নেয় কাঁচৰ কথা কৈছ হ’বলা?

 বুঃ—ঠিক, কেৰাণীয়ে যেতিয়া ডিক্ৰী লিখে, সেই কাঁচ এডোখৰ আনি কাকতৰ ওপৰত সূৰ্যৰ তাপ পেলাই দিলেই সকলো ভস্ম হ’ব।

 চঃ—সজ, সজ, পকা বৃদ্ধি। বাক, আৰু এটি প্ৰশ্নৰ সমিধান দেচোন। তই জানিবা দেৱানীৰ পদকীয়া, তোৰ পক্ষে কোনো সাক্ষী নাই। কি উপায়েৰে সাৰিবি?

 বুঃ—অতি সহজ। মোৰ মোকৰ্দমা উঠাৰ আগতেই ডিঙিত ফাঁচ দি মৰি থাকিম।

 চঃ—অবোধ! তোৰ লগত আৰু নোৱাৰো। এনে অবুজ বুঢ়া আৰু দেখা নাই। যা গুচি যা।

 বুঃ—ওঁ, ওঁ! মোৰ কি গতি হ’ব? পূজনীয় ডাৱৰ, মোক উপায় দিয়া।

 ডাঃ—তোৰ যদি বয়স পোৱা ল’ৰা থাকে, তাকেই বিদ্য| শিকিবলৈ পঠিয়াই দেগৈ।

 বুঃ―ল’ৰা এটি আছে, কিন্তু সি নিশিকে।

 ডাঃ—তই চাই আছ?

 বুঃ—কি কৰিম, ল’ৰাকো বলে নোৱাৰো, মাকো আৰু নগৰৰ মহিলা। আকৌ এবাৰ চেষ্টা কৰি চাওঁ, কথা নুশুনিলে ইবাৰ ঘৰৰপৰা খেদিম।

 ষ্ট্ৰেপ্ চিডিয়াছে ঘৰলৈ আহি ল’ৰাক কাবৌ কৰিব ধৰিলে। ল’ৰাক কথা শুনোৱা টান। ল’ৰাই ক'লে, “পিতাদেও, জ্যুচ্ দেৱতাৰ নাম লৈ কৈছো, আপোনাৰ মূৰৰ বিকাৰ ঘটিছে।”

বুঢ়াই মাত লগালে—— এয়৷ কি অঁকৰা! জ্যুচ্ দেৱতা?

 ল’ৰা—আচৰিত হ’ল যে?

 বুঃ—তই দেখো জ্যুচ্ দেৱতাৰ কথা কৈছ। জ্যুচ্ বোলা কোনো নাই।

 লঃ—এইখন মূৰ্খালি কোনে শিকালে?

 বুঃ—চক্ৰেটিছে।

[ ৫২ ]  লঃ—সেই বলিয়াহঁতৰ কথা পতিয়ালে?

 বুঃ—ছি ছি, সেই প্ৰবীণ, জ্ঞানীসকলক গালি নাপাৰিবি। সিহঁত এনে মিতব্যয়ী, কেতিয়াও নখ চুলি নুখুৰায়, গা নোধোৱে। তই যা, সিহঁতে শিকাওঁ বোলা কথাখিনি শিকি আহগৈ।

 লঃ—প্ৰবীণেই হয়! সেই দেখিহে আপোনাৰ গাৰ চোলাটোও হেৰাল।

 বুঃ — হেৰোৱা নাই; মোৰ ভাবতেই উৰি গ’ল।

 লঃ—জোতা? কি হ’ল?

 বুঃ—লগা কামতেই খটাইছো।

 লঃ—বুজিছো। কেলেহুৱা ভিকহুহঁতে শৰণ দিয়া ছলেৰে জোতা কাপোৰ আঁতৰালে। সেইবোৰ বেচিহে এসাজ খাব। ভাল, যাব লাগে যাওঁ। এদিন কিন্তু ইয়াৰ বাবে আপুনি অনুতাপ কৰিব।

 ফিডিপিডিছ অনুসন্ধান সমিতিত ভৰ্তি হ’ল। ইফালে সুত উঠাই দিবৰ দিন ওচৰ চাপিল। বুঢ়াই ভাবিব ধৰিলে—“চাৰিদিন গ’লেই, তাৰ পিছৰ দিন! ভাবিবলৈকে ঘিণ লাগে। ধৰুৱাহঁতে শপথ কাঢ়িছে, আৰু সময় নিদিয়ে। মই কিমান বুজালো—“হেৰ, এভাগ পিছলৈ ল’বি, এভাগ এৰি দে, এভাগ নলওঁ বুলি ক’।”—নামানে, ল’ৰাই পোনক বেঁকা কৰা বিদ্যাটো সোনকালে শিকি আহিলে মোক আৰু পায় কোনে? যাওঁ এবাৰ অনুসন্ধান সমিতিলৈ, খবৰ লৈ আহো ল’ৰাই কিমান আগবাঢ়িছে।”

 বুঢ়া গ’ল। শিক্ষা সমাপন হোৱা বুলি বুঢ়াৰ লগতেই কৰ্তৃপক্ষই ল’ৰাকো পঠিয়াই দিলে। ল’ৰাৰ শেতা বেজীৰ দৰে দীঘলীয়া মুখ দেখি বুঢ়াৰ আনন্দ। ল’ৰাই তৰ্কবিদ্যা ভালকৈ আওৰাইছে। ধৰুৱাৰ হেঁচাৰ কথা কোৱাত ল’ৰাই অভয় দি ক’লে—“একো ভয় নাই। সিহঁতে যিদিনাখন সুত নিবলৈ আহে, পুৰাতন স্মৃতি মতে তাৰ নাম “নতুন পুৰণি” দিম। তাতেই তৰ্ক লাগিব।” বুঢ়ায়ো আশ্বাস পাই ঘৰ পালেগৈ।

[ ৫৩ ]  এজন ধৰুৱা আহি পাঁচ শ ৰূপৰ দাবী কৰিলে। বুঢ়াই নিৰ্বিকাৰচিত্তে উত্তৰ দিলে, সকলোৱে জানে তেওঁ ঘোঁৰা খেলৰ বিৰোধী, কাজেই ঘোঁৰা কিনিবলৈ টকা অনা অসম্ভব। ধৰুৱাই দেৱতাৰ শপথ লৈ ক’লে সিদিনাখন দিব বুলি টকা অনা সঁচা। দেৱতাৰ নামত বুঢ়াই ইতিকিং কৰিবলৈ ধৰিলে, শেষত গৈ বুঢ়া ভিতৰ সোমাল আৰু ল’ৰাক সুধি আহি ধৰুৱাক কিছুমান শব্দৰ লিঙ্গ নিৰ্ণয় কৰিব দিলে। ধৰুৱা নিমাত! বুঢ়াই গৰ্জি উঠিল— যি মানুহে ব্যাকৰণৰ লিঙ্গ ঠিক কৰিব নোৱাৰে সি আৰু ধাৰলৈ দিয়া টকা সাধিবলৈ আহে! আন এজন ধৰুৱা আহিলত বুঢ়াই সুধিলে—“বৰষুণৰ পানী সদায় নতুন নে সূৰ্যই বাৰে বাৰে একে পানীকে তুলি নিয়ে?” ধৰুৱাই ক’ব নোৱাৰে আৰু শুনিব নোখোজে। বুঢ়াই ক’লে—“তেনেহ’লে এই টকা পাবৰ উপযুক্ত নহয়।” ধৰুৱাই ক’লে— “আচল দিব নোৱাৰিলে সুতখিনিকেই দিয়াহঁক।” বুঢ়াই মাত লগালে, “সুত! সি আকৌ কেনেকুৱা জন্তু? ভাল, ক’চোন সাগৰ সদায় সমানে থাকে নে কেতিয়াবা ডাঙৰ হয়?” ধৰুৱাই উত্তৰ দিলে, “বোধকৰো সদায় সমানে সমানে থাকে।” “ইমানবোৰ নদী গৈ পৰিলেতো সাগৰ যদি ডাঙৰ নহ’ল, তোৰ টকানো ইমান বেছি হয় কেনেকৈ?” এই বুলি বুঢ়াই ধৰুৱাক উলিয়াই দিলে।

 এদিনাখন বাপেক-পুতেকৰ তৰ্ক হ’ল। বাপেকে কয়, আগৰদিনীয়া কবিসকলৰ কবিতা ভাল। পুতেকে কয়, নতুন কবিসকলৰ কবিতাহে ভাল। তৰ্কত তপত হৈ পুতেকে বাপেকক খুন্দা এটি মাৰিলে।

 বাপেক—নিলাজ, সৰুতে তোক কিমান আদৰ-যত্ন কৰিছিলো; তাৰ ফল এইটোহেনে?”

 পুতেক—সৰুতে মোক কেতিয়াও মৰা নাছিলনে?

 বাপেক—মাৰিছিলো, তোৰ ভালৰ বাবে।

 পুতেক –তেনেহ'লে আপোনাৰ ভালৰ বাবে মই মাৰিব নোৱাৰিম কিয়? নিজৰ কথাতেই প্ৰমাণ, মৰাটো হেনো ভাল বাবেহে! ল’ৰাক মৰা ভাল যদি বুঢ়াক মৰা আৰু ভাল, কিয়নো বুঢ়া ল’ৰাতকৈ দুগুণ অবুজ।

[ ৫৪ ]

 বাঃ—কিন্তু ল’ৰাক মৰাটো শাস্ত্ৰ-সঙ্গত।

 পুঃ—শাস্ত্ৰও মানুহেহে কৰিছে। ময়ে এখন নতুন শাস্ত্ৰ কৰিলো বা? গাহৰি, কুকুৰা আদিয়ে বাপেকক মাৰে। সিহঁতৰ আৰু আমাৰ ভেদ কি? সিহঁতে জানিবা কাউন্সিলত প্ৰস্তাৱ দাঙি নধৰে, আমি ধৰো, এইহে।

 বুঢ়া—তই যদি কুকুৰাৰ দৰে হৱ গেৰেকনি নোখোচৰ কিয়?

 ল’ৰা—সেই যুক্তি ইয়াত নাখাটে। চক্ৰেটিছে সেইটো নকয়।

 বাঃ—এদিনাখন তোৰ ল’ৰায়ো তোক মাৰিব।

 পুঃ—মোৰ ল’ৰা নহয় যদি?

 বাঃ—নহ’বও পাৰে। হাৰিলো!

 বুঢ়াই ভাবিলে, “অ’ এইখনহে হ’ল। চক্ৰেটিছে আমাক বঞ্চনাহে কৰিলে।” এইদৰে ভাবি বুঢ়াই বন্ধা চাকৰ সকলোকে মাতি লৈ অনুসন্ধান সমিতি আক্ৰমণ কৰিবলৈ ওলাল। বন্ধাহঁতে জখলা লগাই ছালত উঠি কুঠাৰেৰে ছাল ঘৈয়াব ধৰিলে। বুঢ়াই ঘৰৰ ভিতৰত জুই লগাই দিলে। চেলা এজনে কুঠাৰৰ ঘা শুনি মাত লগালে, “কোনে কি কৰে অ’?” “আমি মাৰলিৰে সৈতে যুক্তি কটাকটি কৰিছো।” “সেইটো আৰু কোন?” আন এজনে মাতিলে, “যাৰ জোতা, চোলা চুৰি কৰিছিলি।” “তোক কি লাগে?”—চক্ৰেটিছে সুধিলে। “মই বায়ু-মণ্ডলত বিচৰণ কৰো, সূৰ্যমণ্ডলত বিহাৰ কৰো।” বুঢ়াই ইতিকিং কৰিলে। চক্ৰেটিছে চিঞৰিব ধৰিলে, “ধোঁৱাত উশাহ নাপাওঁ, মৰিলো ঔ।” কেৰেফনে চিঞৰিলে, “জীয়ততে মৰিলো ঔ।” এনেতে ডাৱৰ দেৱতা আবিৰ্ভাৱ হৈ বুঢ়াক উছটাই ক’লে, “নেৰিবি ভালকৈ এসেক দে, তোৰ ইহঁতক মাৰিবৰ যথেষ্ট কাৰণ আছে, কিন্তু সকলোতকৈ ডাঙৰ কাৰণ হৈছে—ইহঁত দেৱ-দেৱী নমনা পাষণ্ড।”

 কোৱা আছে ৰঙ্গমঞ্চত যেতিয়া “ডাৱৰ” নাট অভিনীত হয়, জ্ঞানী চক্ৰেটিছে হেনো ৰংঘৰৰ এচুকত বহি নিৰ্বিকাৰ চিত্তে অভিনয় দেখিছিল।