চঃ–কি শিকনি?
বুঃ—কথা ক’বলৈ। ঘঁৰিয়াল ঠুঁটীয়া ধৰুৱাবোৰে মোক ছিৰাছিব কৰিব লাগিছে।
চঃ–কেনেকৈ ধাৰ লগালি?
বুঃ—ঘোঁৰা-দানহে মোক খালে। তোমাৰ পোন-বেঁকা দুটি বিদ্যাৰ বেঁকা বিদ্যাটো মোক শিকাব লাগে, যিটো শিকিলে ধৰুৱাক টকা ওভতাই দিব নালাগে। যি বানচ লাগে তাকেই দিম, দেৱতাৰ নামে শপথ লৈছো।
চঃ—আমাৰ ইয়াত দেৱ-দেৱতাৰ চলতি নাই। দেৱতা জানিব খোজা যদি ডাৱৰ দেৱতাক জানিবি। আমি ডাৱৰ উপাসক, বুজিলি?
বুঃ—বুজিলো।
চক্ৰেটিছ ওলমি থকা পাচিৰপৰা নামিল। বুঢ়াক আসন এখনত বহুৱাই মূৰত মালা এধাৰি আৰু গাত আতাগুৰি ছটিয়াই দিলে। বুঢ়াৰ সংশয় উপজিল। বলিৰ পশুবোৰকো এইদৰে আতাগুৰি ছটিয়াই মালা পিন্ধোৱা হয়। কিন্তু বুঢ়াক কোৱা হ’ল, সংশয়ৰ কাৰণ নাই, এইটো শৰণ প্ৰথাহে। এবাৰ শৰণীয়া হ’লে আৰু ভয় নাই, বেঁকাক পোন আৰু পোনক বেঁকা কৰা বিদ্যা তেওঁৰ জিভাৰ আগত নাচিব আৰু মূৰৰ মালাধাৰিয়ে এইটোহে সূচাইছে যে তেওঁ উকীল সম্প্ৰদায়ৰ চূড়ামণি হ’ব।
গভীৰ উদাত্তস্বৰে চক্ৰেটিছে নীল নদী সমুদ্ভুত অলিম্পাচ পৰ্বত বিহাৰী ডাৱৰ দেৱতাৰ উদ্দেশ্যে স্ত্ৰোত্ৰ এটি পাঠ কৰিলে আৰু ডাৱৰ দেৱতায়ো বজ্ৰধ্বনিৰে নিজৰ আগমন ঘোষণা কৰি তিৰোতাৰ আকৃতি ধাৰণ কৰি গুৰু-শিষ্যৰ আগত আহি উপস্থিত হ’লহি।
বুঃ—কোৱাচোন, গভীৰ মন্ত্ৰধ্বনিৰে সেইবোৰ কি আহিছে?
চঃ—সেইবোৰ আকাশৰ ডাৱৰ।
বুঃ—ক’তা, ক’তা?
চঃ—পৰ্বত-ভৈয়াম জুৰি সৌবোৰ।