বুঃ—মই দেখা নাই।
চঃ—এতিয়া দেখিব পাৱ, বাহুলিৰ দৰে কণা নহয় যদি।
বুঃ—দেখিছো, সিহঁত সকলো ফালে বিয়পি আছে।
চঃ—সিহঁত দেৱী বুলি জনা নাছিলিনে?
বুঃ—নাছিলো। মই জনাত ডাৱৰ ধুৱলি-কুঁৱলিহে। কোৱাচোন, সিহঁত যদি ডাৱৰ হয়, সিহঁতক তিৰোতা যেন দেখা যায় কিয়? আচল ডাৱৰতো তেনেকুৱা নহয়।
চঃ–কেনে?
বুঃ— ডাৱৰ উৰি ফুৰা তুলাৰ দৰে, তিৰোতাৰ দৰে কেতিয়াও নহয়।
চঃ—মোৰ কথাৰ সমিধান দে। তই কেতিয়াও আকাশত বাঘ, ভালুক বা বলধৰ আকৃতিৰ ডাৱৰ দেখা নাইনে?
বুঃ—দেখিলো কি হ’ল?
চঃ— সিহঁত কামৰূপী। সিহঁতে যেতিয়া আখৰ গোঁঠা কোনোবা টিলিকা কবিক ঘাৰৰ ওপৰত মেল খোৱা দীঘলীয়া চুলি ৰখা দেখে, তেতিয়া হয়গ্ৰীৱ মূৰ্তি ধৰি টিলিকা কবিক নিজৰ নিজৰ স্বৰূপ দেখুৱায়। দেখিলা বান্ধ, ডাৱৰহে আচল দেৱতা, আন সকলো বলিয়াৰ সপোন।
বুঃ—অলিম্পাচৰ জ্যুচ তেনেহ’লে দেৱতা নহয়?
চঃ—কোন জ্যুচ্? বলিয়ালি নকৰিবি, জ্যুচ বোলা কোনো দেৱতা নাই।
বুঃ—কি? বৰষুণ দিয়ে কোনে তেন্তে?
চঃ—কেলৈ, এইবোৰে। ডাৱৰ নোহোৱাকৈ বৰষুণ পৰা দেখিছ জানো? জ্যুচে বৰষুণ দিয়াহেঁতেন ফটফটীয়া আকাশৰ পৰা বৰষুণ নামিব লাগিছিল।
বুঃ—বাৰু, তেন্তে গাজনি মাৰে কোনে?
চঃ—এইবোৰে, সিহঁত বাগৰি গ’লেই শব্দ ওলায়, সিহঁত পানীৰে ভৰপূৰ হৈ থাকে আৰু খুন্দা খালেই ভৰা কলহৰ দৰে শব্দ কৰে।