পখিলা/মাছ অৱতাৰ
[ ৩৪ ]
মাছ অৱতাৰ
প্ৰায় ছয় হেজাৰ বছৰ আগেয়ে য়ুফ্ৰেটীছ নদীৰ পাৰত বেবিলন নামেৰে নগৰ এখন আছিল। সেই নগৰখন তেতিয়াৰ দিনত সভ্যতাৰ ওখ খাপত উঠিছিল। পণ্ডিতসকলে কয়, তাতেই হেনো পোন-পহিলে সভ্যতাৰ উদয় হয়।
সেই দেশৰ পুৰাণ শাস্ত্ৰত আছে, তাত হেনো পোন-প্ৰথমে ইয়া-হান (ইয়া=মাছ) বুলি মাছ-দেৱতা এটিয়ে মানুহৰ মাজত জ্ঞান, বিজ্ঞান আদিৰ লাগতিয়াল তত্ত্ব-কথা প্ৰচাৰ কৰে। বেবিলনৰ পুৰাণত আছে যে এদিনাখন পুৱা পাৰস্য সাগৰৰপৰা এটি অদ্ভুত জন্তু পাৰলৈ উঠি আহে। তাৰ গাটো মাছৰ দৰে। কিন্তু, মাছৰ মূৰৰ লগত মানুহৰ দৰে মূৰ এটিও আছে। হাত-ভৰি মানুহৰ দৰে, কিন্তু পাছফালে ফিচা এখনো আছে। সি মানুহৰ দৰে কথা ক’ব পাৰে।
সি নিতৌ পুৱাই সাগৰৰপৰা উঠি আহি, গোটেই দিনটো লঘোনে থাকি মানুহৰ লগত মিলি সিহঁতক লাগতিয়াল কথাবোৰ শিকায়—কেনেকৈ ঘৰ বান্ধিব লাগে, কেনেকৈ ধান ব’ব লাগে, কেনেকৈ মাটি জুখিব লাগে ইত্যাদি। লগে লগে লিখা-পঢ়া, জ্ঞান-বিজ্ঞান, শিল্প আদিৰ কথাও কয়। বেলি মাৰ যোৱাৰ লগে লগে মাছ দেৱতাই সাগৰলৈ উভতি গৈ, তাত বুৰ মাৰি থাকি ওৰে ৰাতিটো কটায়। আৰু পিছদিনাখন পুৱাই ওলাই আহে। এইদৰে মাছ-দেৱতাৰ কৃপাত বেবিলন নগৰত সভ্যতাৰ প্ৰচাৰ হয়।
সেই সময়ত বেলিনৰ ওচৰচুবুৰীয়া দেশবোৰত মাছ-দেৱতাৰ [ ৩৫ ] পূজা চলিছিল। এছিৰিয়া ৰাজ্যতে৷ মাছ-দেৱতাক বৰকৈ মানিছিল। এছিৰিয়াৰ নাৱৰীয়াহঁতে মাছ-দেৱতা নাম লৈহে নাও মেলি দিছিল আৰু মাছ-দেৱতাৰ মূৰ্তি একোখন লৈ ফুৰিছিল। সেই কালত লোহিত সাগৰৰ পাৰত ফিলিষ্টিয়া বুলি দেশ এখন আছিল। তাৰ মানুহবোৰক ফিলিষ্টাইন বোলা হৈছিল বাবে আজিকালি দেশখনৰ নাম হৈছে পেলেষ্টাইন। পুৰণি ফিলিষ্টাইনবিলাকেও ডেগন নামেৰে মাছ-দেৱতাৰ পূজা কৰিছিল। (ডেগন—মাছ)
হিন্দুৰ পুৰাণ শাস্ত্ৰতো ঈশ্বৰৰ মৎস্য-অৱতাৰৰ কথা আছে। মহাপুৰুষে “কীৰ্তন”ত লিখিছে—
মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত।
উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত।
তোমালোকে পখিলাৰ মুখৰপৰা প্ৰজাপতি ব্ৰহ্মাৰ কথা শুনিছাহঁক। ব্ৰহ্মা যিমানখিনি পৰ সাৰে থাকে, তিমানখিনি পৰ হে বিশ্ব-সংসাৰখন চলি থাকে। ব্ৰহ্মাই টোপনিত পৰিলে সংসাৰত মহাপ্ৰলয় হয়। আকৌ সাৰ পালে সংসাৰ ৰচনা কৰে। আমাৰ পৃথিৱীৰ ২১৬ কোটি বছৰতহে ব্ৰহ্মাৰ এদিন পূৰ হয়। সেই দেখি, সোনকালে প্ৰলয় হ’ব বুলি ভয় নাখাবা।
এদিনাখন গধূলি ব্ৰহ্মাই টোপনি যাওঁ বুলি যোজা কৰিছে। চকুযুৰি মুদ খাইছে মাথোন, এনেতে হয়গ্ৰীৱ নামে (হয় = ঘোঁৰা; গ্ৰীৱ=গল) ঘোঁৰা গলীয়া অসুৰ এটিয়ে হিন্দুৰ পবিত্ৰ শাস্ত্ৰ বেদ চাৰিখন লৈ পলাল। অসুৰৰ অতপালি দেখি বিষ্ণু দেৱতাই ততালিকে ছেলেকনি মাছ এটি হৈ সাগৰত পৰিল।
সাগৰৰ পাৰত সত্যব্ৰত নামে ৰজা এজনে ধ্যান কৰি আছিল। ধ্যানৰ অন্তত তৰ্পণ কৰিবলৈ তেওঁ পানী এচলু হাতত ল’লে। তেওঁ দেখিলে, পানীৰ লগত অকণমানি মাছ এটিও আহিছে। মাছ দেখি ৰজাই পানী চলু আকৌ সাগৰত পেলাই দিলে। এনেতে মাছটোৱে মাত লগাই ক’লে, “মোকনো কেলৈ পানীত এৰি দিলে, [ ৩৬ ] ডাঙৰ মাছে মোক ধৰি খাব নহয়? মোক নি কলহৰ পানীত জীয়াই ৰাখক।” ৰজাই তাকে কৰিলে। ৰাতিৰ ভিতৰতে মাছটো বাঢ়ি শকত হৈ কলহত নধৰা হৈ আছে। পুৱা মাছটোৱে ৰজাক ক’লে, “মোক এটি খালত থৈ দিয়ক।” খালত পেলোৱা মাত্ৰকে মাছটো তিনিহাত বাঢ়িল আৰু তাতো তাক নধৰা হ’ল। খালৰপৰা তুলি নি তাক পুখুৰীত থোৱা হ’ল। তাতো নধৰে। তাৰপৰা ডাঙৰ বিললৈ নিয়া হ’ল। বিলতো নধৰা হ’ল। বিবুধি হৈ ৰজাই নি শেষত মাছটে৷ সাগৰত মেলি দিলে। আকৌ মাছটোৱে মাত দি ক’লে, “মোকনো কেলৈ এৰি দিব লাগিছে, সাগৰৰ জন্তুৱে মোক খাই পেলাব নহয়?”
ৰজাৰ মনত আশঙ্কা হ’ল। এই অতিকায় মাছটোকনো কিহে খাব? ই মাছ নহয়, কোনোবা দেৱতাই ভেশছনকৈ তেওঁক ছলনা কৰিছে। ৰজাই তুতি-মিনতি কৰিবলৈ ধৰিলে। তুতিত প্ৰসন্ন হৈ মাছে ক’বলৈ ধৰিলে, “আজিৰপৰা সাত দিনৰ দিনাখন প্ৰলয় বানে পাহাৰ-পৰ্বত একো নেদেখাকৈ পৃথিৱীখন ছাটি পেলাব। ইয়াৰ ভিতৰতে তুমি ডাঙৰ নাও এখন সজাই থোৱা। বান-পানী দেখা দিওঁতেই সকলো গছ-গছনি আদিৰ গুটি আৰু জীৱ-জন্তু আদি নাৱত ভৰাই তুমিও উঠিবা। মোৰ মূৰৰ পৰা দীঘল শিং এটি ফুটি ওলাব। নাগ-জৰিৰে নাওখন কটকটীয়াকৈ মোৰ শিঙত বান্ধিবা। ব্ৰহ্মাই সাৰ নাপায় মানে নাওঘন শিঙত বন্ধাই লৈ মই পানীত সাঁতুৰি ফুৰিম।
সাত দিনৰ দিনা সাগৰত ঢৌ উঠি পাৰ ভাঙি নগৰৰফালে বাগৰিব ধৰিলে। আকাশত মেঘৰ গাজনিত প্ৰলয়ৰ ঢাক-ঢোল বাজি উঠিল। পানীৰ খলকনি, মেঘৰ গুৰগুৰণিত তমোময় লাগিল। সত্যব্ৰত ৰজাই মাছ-দেৱতাৰ আজ্ঞা পালি নাৱত উঠিল। বতাহৰ কোবত নাও অনাই বনাই ফুৰিব ধৰিলে। এনেতে পৰ্বতৰ টিঙৰ দৰে শিং এটি উলিয়াই মাছ-দেৱতা নাৱৰ ওচৰ চাপিল। আগৰ কথা মতে [ ৩৭ ] নাওখন শিঙত বন্ধা হ’ল। মাছে নাওখন ইফালে-সিফালে টানি লৈ সাঁতুৰি ফুৰিব ধৰিলে।
প্ৰলয়ৰ বিৰাট মূৰ্তি দেখি ৰজাই আকৌ মাছ-দেৱতাক তুতি কৰিব ধৰিলে। সন্তুষ্ট হৈ মাছে ৰজাক সকলো জ্ঞান, বিজ্ঞান, প্ৰজ্ঞান আদিৰ গূঢ় তত্ত্ব শিকালে। ব্ৰহ্মাৰ টোপনি নাভাগিল কাৰণে মাছৰূপী বিষ্ণু দেৱতাই নাওখন টানি লৈ ফুৰিলে।
ব্ৰহ্মাৰ টোপনি ভাগিল। নাৱত সাঁচি থোৱা গছ-গছনিৰ গুটি আৰু জীৱ-জন্তুৰ সঁচেৰে আকৌ ব্ৰহ্মাই সৃষ্টি ৰচনা কৰিলে। বিষ্ণুৱে হয়গ্ৰীৱ অসুৰক বধি বেদ চাৰিখন উদ্ধাৰ কৰিলে। বিষ্ণুৰ কৃপাত সত্যব্ৰত ৰজা এই বৰ্তমান যুগৰ বাবে বৈবম্বত মনু অৰ্থাৎ দুৱলীয়া সৃষ্টিকৰ্তা হৈ থাকিল।
বেবিলন দেশৰ পুৰাণতো এই প্ৰলয়ৰ কথা আছে। আৰু তাতো ইয়া (মাছ) দেৱতাৰ কৃপাত সৃষ্টিৰ কণ নমৰাৰ কথা বৰ্ণোৱা আছে।