দন্দুৱা দ্ৰোহ/ষোড়শ অধ্যায়

[ ৮২ ]

ষোড়শ অধ্যায়
প্ৰণয়।
 ফুলনিত সেই দিন পদুমীয়ে সৈতে কথা ইয়াৰ পৰা মহীৰাম সদায় বিৰস মনেৰে আছিল। অনেক ভাবি চিন্তি মহীৰামে স্থিৰ কৰিলে যে তেওঁ চেগ চাই, সুবিধা চাই [ ৮৩ ]

পদুমক লগ ধৰি নিজৰ মনৰ ভাবটো খোল-খুলিকৈ কব আৰু পদুমৰো আচল ভাবটো কি জানিব। যদি পদুমে দৰাচলতে। তেওঁক ভাল নাপায়, তেন্তে তেওঁৰ পক্ষে হৰদত্তৰ গৃহ এৰি নিজ গাঁৱলৈকে যোৱাটোৱে উচিত হব। পৰৰ তোলনীয়া চপনীয়া হই থকাতো উচিত নহব। ইয়াকে মনত সাৰোগত কৰি লই মহীৰামে পদুমীক আকোঁ এবাৰ অকলে লগ ধৰিবলৈ সুযোগ বিচাৰি আছিল। হৰদত চৌধাৰী মদন কামদেবত থকাৰ সময়তে আৰু ইফালে এদিন বীৰদত্ত গধূলিতে গাৱঁলৈ কিবা সকাম উপলক্ষে যোৱা চেগ পাই মহীৰামে পিছফালে ফুলনিত সোমাই ফুৰাৰ ছলেৰে পদুমক লগ ধৰি কলে:— “পদুম! মই তোমাক কথা কেইটামান সুধিব খোজোঁ—তুমি মোক তাৰ উত্তৰ অকপট চিত্তে দিবা নে?
 পদুমী—(তললৈ মূৰ কৰি) কি কথা সুধিব খুজিছা সোধা। মই অকপট চিত্তেৰে উত্তৰ দিম।
 মহীৰাম—পদুম! তুমি অৱশ্যে জানা। মই সৰুতে মোৰ নিজা আই-বোপাই ঢুকুৱাত তোমালোকৰ ঘৰতে ডাঙ্গৰ হৈছে॥ মই ধনিৰাম চৌধাৰীৰ ঘৰৰ লৰা।
 পদুমী—এৰা! এদিন মায়ে আৰু পিতিয়ে তোমাৰ বিষয়ে কোৱা মেলা কৰাত মই টোপনিৰ ভাও যুৰি তোমাৰ আতি-গুৰি সকলো শুনিছিলোঁ। পিছত এতিয়া তুমিনো মোক কি কব খুজিছা কোঁৱা।

[ ৮৪ ]

 মহীৰাম – বাৰু পদুমি! তুমিয়েই কোৱাচোঁ মোৰ নো তোমালোকৰ ঘৰত সদায় নিষ্কৰ্ম্মা হই পেট পুহি থকাটো জানো উচিত।
 পদুমী—কিয়? আমাৰ ঘৰতনো তুমি নিষ্কৰ্মা হইহে আছা নে? তুমি দেখোন খুড়াৰ লগত, পিতিৰ লগত। খেতি-খামাৰৰ কামত, ঘৰ-দুৱাৰৰ কামত সহায কৰা। আমাৰ ঘৰেই জানো তোমাৰ ঘৰ নহয়!
 মহীৰাম—-অৱশ্যে পদুম! তুমি সঁচাকৈ কইছা; কিন্তু তথাপি মোৰ মনে দেখোন কয় যে মই এতিয়া ডাঙ্গৰ হৈছো। এতিয়া মোৰ পক্ষে নিজে এখান সংসাৰ পাতি ঘৰ গিৰস্থি কৰা উচিত; নহয় জানো?
 পদুমী—অৱশ্যে উচিত হয়। কিন্তু সেই বুলিয়েই জানো তুমি আমাৰ ঘৰ এৰি যাব লাগে? আমাৰ মায়ে দেখোন পিতিক মাজে মাজে কই থাকে—আমাৰ যেতিয়া নিজৰ লৰা নাই তেতিয়া আমি এটা মেল পাতি যজ্ঞ পাতি মহীৰামকে পো বুলি লোৱা উচিত”।
 মহীৰাম —তোমাৰ পিতিয়ে কি কয়?
 পদুম—পিতিয়ে “সদ্যহতে মই একো থিৰ কৰা নাই “এইধাৰ কই মনে মনে থাকে”।
 মহীৰাম—“বাৰু পদুম! মই কথা এটা শুনিছোঁ; সেইটো সঁচানা? ”

 পদুম—কি কথা?
 মহীৰাম—মই শুনিছোঁ। এই বেলি বহাগৰ বিহুত হেনো

[ ৮৫ ]

দুজন দৈবজ্ঞই আহি তোমাৰ হাত কপাল চাৰু সোঁৱৰণী চাই কইছিল তুমি হেনো ৰাজৰাণী হবা।
 পদুম— হয়! সিহঁতে তেনেকৈ কইছিল।
 মহীৰাম— তেন্তে পদুম! মই তোমাৰ পিতিৰ পোষ্য হোৱাটো বা লৰাৰ চামিল হোৱাটো দূৰৰ কথা হল। তোমাৰ পিতিৰ যত্ন হৈছে গুৱাহাটীৰ বৰফুকনে সৈতে ৰণ কৰি আহোমাক আমাৰ কামৰূপৰ পৰা একেবাৰে উচ্ছেদ কৰা! তেওঁ হয়তো এই ৰণত সহায় পাবৰ কাৰণে হলেও তোমাক কোনোবা ৰজাৰ লগত বিয়া দিব। ৰজাৰ লৰাত বিয়া দিলে পিতাৰাৰ সমস্ত বিসয় সম্পত্তি মাটি-বাৰি সেই ৰজাৰ লৰায়ে পাব। এনে স্থলত মইনো তোমালোকৰ ইয়াত থকাৰ সকাম কি?
 পদুম- অৱশ্যে তুমি যি কৈছা সচা। পিছত, আগলৈ কিটো হব সেইটোকে ভাবি তুমি লৰালৰিকৈ আমাৰ ঘৰ এৰি পলাব খুজিছা হবলা! ধৈৰ্য্য ধৰা, পিতিয়ে এটা নকৰে মানে বা তোমাক যাবলৈ নকয় মানে আমাৰ ঘৰ এৰি নাযাবা। তুমি গলে মোৰ মনটো সুদা সুদা লাগিব”।
 মহীৰাম— পদুম! কোৱাচোন কেলেইনো তোমাৰ মন সুদা সুদা লাগিব।
 পদুমী-মই তাকে আকৌ কব লাগে নে কি?
 মহীৰাম— এৰা কব লাগে।
 পদুমী—তুমি দেখোন সৰুৰে পৰা মোৰ খেলৰ

[ ৮৬ ]

লগৰীয়া। খেলৰ লগৰীয়া এজনে এৰি গলে জানো বেয়া নালাগে।
 মহীৰাম—-পদুম! মই যদি তোমাৰ খেলেৰে লগৰীয়া, তেনেহলেনো তুমি আজি কালি মোৰ লগত কেলেই নেখেলা। মোৰ আগত দেখোন আজি কালি ভালকৈ নোলোৱাই, কথাও নোকোৱা।
 পদুমী—তাৰ কাৰণ আছে।
 মহীৰাম—কি কাৰণ মই জানিব পাৰো নে?
 পদুমী—(তললৈ মুৰ কৰে। )
 মহীৰাম- কোৱা পদুম মোৰে শপত, তুমি মোককোৱা। নকলে মই বেয়া পাম।
 পদুমী-(তললৈ মূৰ কৰি) মায়ে কৈছে মই হেনো দিনক দিনে ডাঙ্গৰ হৈছে॥ মোক হেনো বিয়া দিবৰ সময় হল। সেই দেখি মই হেনো আবুৰত থাকিব লাগে।
 মহীৰাম— অ! সেইটোহে কাৰণ। বাৰু তোমাৰ নিজৰ মনে নো কিদৰে থাকিবলৈ কয়।
 পদুমী—মোৰ নিজৰ মনে কয়— মই যেন সদায় আগৰ দৰেই মুকুলি হৈয়ে ফুৰিম। কিন্তু মনে কলেও মোৰ হাক বচন তো পেলাব নোৱাৰো।
 মহীৰাম—তুমি যথাৰ্থ কৈছা পদুম। মই তোমাক ধইন দিছে॥ তেনেহলে মোক বেয়া পাই বা ঘিণ কৰি এইদৰে আচৰণ কৰা নাই।

[ ৮৭ ]

 পদুমী—তোমাকনো কেলেই বেয়া পাম বা ঘিণ কৰিম! সৰুৰে পৰা একলগে উমলিছোঁ। একলগে ডাঙ্গৰ হৈছোঁ, এতিয়ানো কেলেই বেয়া পাম।
 মহীৰাম—তেন্তে পদুম! তুমি মোক ভাল পোৱা। নিছলা বুলি নিঘিণোৱা!
 পদুমী – ভাল পাওঁ তো।
 মহীৰাম—কিন্তু পদুম! তোমাক আনলৈ বিয়া দিলে তেতিয়াতো মোক ভাল নাপাবা।
 (পদুমী নিৰুত্তৰ) কোৱা পদুম! কোৱা, তেতিয়াও মোক ভাল পাবা নে? ( পদুমী নিৰুত্তৰ ) বাৰু পদুম! মই আৰু এটা কথা সোধো। তুমি যে মোক লগৰ লগৰীয়া বুলি ভাল পোৱা তাত বাজে আৰু মোক দোছোৰা প্ৰকাৰৰ কিবা ভাল পোৱা নে?
 মহীৰামৰ এই কথাত পদুমীয়ে মহীৰামৰ মুখলৈ একেথৰে কিছু বেলি চাই তাৰ পিছত কলে:— তুমি কি কইছা মই একো বুজিব পাৰা নাই।
 মহীৰাম—-বাৰু পদুম; মই তেন্তে তোমাক খুলি কওঁ, তুমি বেয়া নাপাবা। মই যদি তোমাক বিয়া কৰাই চিৰকাললৈ লগৰীয়া থাকিব খোজো তেন্তে তাত তুমি সন্মত হবা নে?” মহীৰামৰ এই কথাত পদুমীৰ গাল দুখন টুক টুকীয়াকৈ ৰঙা পৰিল। পদুমী নিৰুত্তৰ হৈ যাবলৈ ওলাল —এনেতে মহীৰামে থাপ্‌ মাৰি পদুমীৰ

[ ৮৮ ] কোমল হাতখনত ধৰি আকৌ কলে? —“কোৱা পদুম! তোমাৰ কথাৰ ওপৰত মোৰ ভবিষ্যত নিৰ্ভৰ কৰিছে”। পদুমীয়ে খঙ নেদেখুৱাই হাতখান টানি নিনি লাহেকৈ কলে—“মায়ে আৰু পিতিয়ে দিলে মই অমান্তি নহওঁ”। এই কথা কইয়েই পদুমী সাউত্‌‌‌‌ কৰি গুচি গল গই। . মহীৰামে আশাৰ অতীত উত্তৰ পাই তেতিয়াই মাটিতে আঠু লই হাতযুৰি ভগৱন্ত পুৰুষক প্ৰাণ-ভৰি জনালে –“প্ৰভু! তুমি যেন এই দুৰ্ভগীয়াক কৃপা কৰা। যেন দুৰ্ভগীয়াৰ আশা পূৰ্ণ কৰি এই পদুম পাহি দুৰ্ভগীয়াক দান কৰা”। এইদৰে ঈশ্বৰত প্ৰাৰ্থনা জনাই নতুন আনন্দেৰে, নতুন উলাহেৰে ঘৰলৈ গল।