পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদুমক লগ ধৰি নিজৰ মনৰ ভাবটো খোল-খুলিকৈ কব আৰু পদুমৰো আচল ভাবটো কি জানিব। যদি পদুমে দৰাচলতে। তেওঁক ভাল নাপায়, তেন্তে তেওঁৰ পক্ষে হৰদত্তৰ গৃহ এৰি নিজ গাঁৱলৈকে যোৱাটোৱে উচিত হব। পৰৰ তোলনীয়া চপনীয়া হই থকাতো উচিত নহব। ইয়াকে মনত সাৰোগত কৰি লই মহীৰামে পদুমীক আকোঁ এবাৰ অকলে লগ ধৰিবলৈ সুযোগ বিচাৰি আছিল। হৰদত চৌধাৰী মদন কামদেবত থকাৰ সময়তে আৰু ইফালে এদিন বীৰদত্ত গধূলিতে গাৱঁলৈ কিবা সকাম উপলক্ষে যোৱা চেগ পাই মহীৰামে পিছফালে ফুলনিত সোমাই ফুৰাৰ ছলেৰে পদুমক লগ ধৰি কলে:— “পদুম! মই তোমাক কথা কেইটামান সুধিব খোজোঁ—তুমি মোক তাৰ উত্তৰ অকপট চিত্তে দিবা নে?
 পদুমী—(তললৈ মূৰ কৰি) কি কথা সুধিব খুজিছা সোধা। মই অকপট চিত্তেৰে উত্তৰ দিম।
 মহীৰাম—পদুম! তুমি অৱশ্যে জানা। মই সৰুতে মোৰ নিজা আই-বোপাই ঢুকুৱাত তোমালোকৰ ঘৰতে ডাঙ্গৰ হৈছে॥ মই ধনিৰাম চৌধাৰীৰ ঘৰৰ লৰা।
 পদুমী—এৰা! এদিন মায়ে আৰু পিতিয়ে তোমাৰ বিষয়ে কোৱা মেলা কৰাত মই টোপনিৰ ভাও যুৰি তোমাৰ আতি-গুৰি সকলো শুনিছিলোঁ। পিছত এতিয়া তুমিনো মোক কি কব খুজিছা কোঁৱা।