পৃষ্ঠা:Chalachitra.pdf/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এতিয়া অভিনয় কৰিব পৰা হিৰোৰ বৰ অভাব—— এই বাবেই নানাই ‘ফিল্মফেয়াৰ’ আৰু ‘স্ক্ৰিন পেনাছনিক এৱাৰ্ড’ পোৱা বুলি অনুমান কৰিছিল। এইবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰেও বোম্বাইৰ এই নতুন হিৰোৰ গাত মৰ্যদা আৰোপ কৰিব বিচৰা যেনেই লাগে।

 সহ-অভিনেতাৰ বঁটা বিজয়ী আশীষ বিদ্যাৰ্থীও ছবিজগতত নতুন। এওঁ বঁটা পাইছে গোবিন্দ নিহলানীৰ ‘দ্ৰোহকাল’ ছবিত কৰা অনিভয়নৰ বাবে। ইণ্ডিয়ান পেন’ৰামাত ‘দ্ৰোহকাল’ প্ৰদৰ্শন হওঁতে বহুতেই আশীষ বিদ্যাৰ্থীৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল। গোবিন্দ নিহলানীয়ে প্ৰায় প্ৰতিখন ছবিৰেই একোজন প্ৰতিভাবান অভিনেতাক দৰ্শকৰ সন্মুখত স্পষ্ট ৰূপত থিয় কৰাই দিছে। তেনেকুৱা কেইজনমান হ’ল— ওম পুৰী (আক্ৰোশ), সদাশিব আস্ৰপুৰকাৰ (অৰ্ধসত্য), গোপী (আঘাত) ইত্যাদি। শাৰীৰিক অসুস্থতাৰ বাবে ছবিজগতৰ পৰা আঁতৰি থকা গোপীৰ বাহিৰে আন দুজন এতিয়া সুপ্ৰতিষ্ঠিত। আশীশ বিদ্যাৰ্থীয়ে নো ভৱিষ্যতে কি ফল দেখুৱায় তাক চোৱাৰ বাবে চিত্ৰৰসিকসকলে আগ্ৰহেৰে অপেক্ষা কৰি ৰ’ব।

 ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুখন চলচ্চিত্ৰৰ দশাই চিত্ৰৰসিকসকলৰ মনত কিছু প্ৰশ্নৰ উদয় কৰিছে। এখন হ’ল শ্যাম বেনেগালৰ ‘মাম্মো’ আৰু আনখন হ’ল চাজী এন কৰুণৰ ‘স্বহম’। প্ৰথম ছবি ‘পিৰাভি’ৰে দেশ আৰু বিদেশৰ পৰা একুৰি চাৰিটা বঁটা কঢ়িয়াই অনা চাজীৰ দ্বিতীয় ছবি ‘স্বহম’ কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ উপৰিও ‘স্বহম’ প্ৰদৰ্শিত হৈছে মিউনিক, লোকাৰ্নো, নণ্ট, লণ্ডন আৰু নিউয়ৰ্ক চলচ্চিত্ৰ মাহোৎসৱত। অকল অংশগ্ৰহণেই নহয়, সুনামো অৰ্জন কৰিছে। এই ছবিখনে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সাধাৰণ বঁটাৰে সন্তুষ্ট হৈ থাকিবলগীয়া হোৱাটোও চিত্ৰৰসিকৰ বাবে এটা উত্তৰহীন প্ৰশ্ন।

 পুৰস্কাৰৰ তালিকাখনত চকু ফুৰালে আৰু এটা কথা স্পষ্ট হয় যে জুৰীব’ৰ্ডে যেন এইবাৰ নতুন প্ৰতিভাৰ প্ৰতি অধিক মনোনিবেশ

কৰিছে। আগতে বহু ৰাষ্ট্ৰীয় বঁটা বিজয়ীসকলে এইবাৰ প্ৰথম শাৰীৰ

১০২