পৃষ্ঠা:Chalachitra.pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰস্কাৰ একো আচৰিত নহয়। শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা বিজেতা কেৰালাৰ বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক এম টি বাসুদেবন নায়াৰে ইয়াৰ আগতে বহুবাৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ পুৰস্কাৰ অৰ্জন কৰিছে, ‘নিৰ্মালাম’ নামৰ ছবিৰে শ্ৰেষ্ঠ ছবিৰ বঁটা অৰ্জন কৰিছে, তেওঁৰ ‘কাডাভু' নামৰ ছবিখনে দেশ আৰু বিদেশৰ মহোৎসৱত প্ৰশংসা অৰ্জন কৰিছে।

 তিনিটা বঁটা অৰ্জন কৰা অসমীয়া ছবি ‘সাগৰলৈ বহু দূৰ’ৰ ক্ষেত্ৰতো কোনো বিতৰ্ক হোৱাৰ অৱকাশ নাই বুলিয়েই ভাব হয়। জাহ্নু বৰুৱাৰ কাৰিকৰী দক্ষতাত সন্দেহ নাই, ছবিৰ বিষয়বস্তুৰ গাম্ভীৰ্যৰ বিষয়তো কোনো প্ৰশ্ন উঠিব নোৱাৰে। একমাত্ৰ ‘পাপৰি’ৰ বাহিৰে জাহ্নু বৰুৱাই পৰিচালনা কৰা আটাইকেইখন ছবিয়েই ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰিছে। পৰিচালনাৰ দিনত জাহ্নু বৰুৱা ক্ৰমাৎ পৰিপক্ক হৈ আহিছে আৰু এই বিকাশৰ ফলস্বৰূপেই এইবাৰৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা জাহ্নু বৰুৱাই অৰ্জন কৰিছে। কিন্তু এইটো ঠিক যে পৰিচালক হিচাবে জাহ্নু বৰুৱাই আমাক এতিয়ালৈকে কোনো হৃদয় আলোড়ন কৰিব পৰা চিন্তাৰ মুখামুখি কৰাব পৰা নাই। ‘সাগৰলৈ বহু দূৰ’ চোৱাৰ সুবিধা পোৱা নাই, কিন্তু বিভিন্ন পত্ৰ-পত্ৰিকা প্ৰকাশিত লেখনিসমূহ পঢ়ি অনুমান কৰিব পাৰিছোঁ যে বিজ্ঞানৰ আগ্ৰগতিৰ লগে লগে হোৱা পৰিৱৰ্তনে এচাম মানুহক কেনেদৰে অসহায় কৰি তোলে তাকেই এই ছবিত ক’বলৈ বিচৰা হৈছে। সন্দেহ নাই, যথেষ্ট আবেদনপূৰ্ণ কাহিনী, কিন্তু একেই ভাবৰ কাহিনীৰ ছবি আমি পূৰ্বতেও দেখিবলৈ পাইছোঁ— জি. অৰবিন্দনৰ মালায়লম ছবি ‘অৰিডাথু’ আৰু হেমন্ত দাসৰ অসমীয়া ছবি তথাপিও নদী।’

 সৰ্বভাৰতীয় পেক্ষাপটত অসমীয়া চিত্ৰ পৰিচালকৰ স্থিতি যিমান স্পষ্ট, অইন কলা-কুশলে সিমানখিনি প্ৰতিভা প্ৰদৰ্শন কৰিব পৰা নাই। অভিনেতা-অভিনেত্ৰীৰ ক্ষেত্ৰত অকল অসম বুলিয়েই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৱস্থাই চকুত পৰা বিধৰ নহয়। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বাংলা ছবিয়ে এতিয়ালৈকে বহুবাৰ বহু পুৰস্কাৰ জয় কৰিছে। কিন্তু

পুৰস্কাৰ প্ৰাপ্ত অভিনেতা-অভিনেত্ৰীৰ সংখ্যা সীমিত। এনে পৰিবেশত

১০০