পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৩০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
সামৰণি।

অবোধ মানৱ, হায়!
 কান্দিছো বিনাই!
মায়াত বিভোল আমি
 কাণ্ডজ্ঞান নাই॥
প্ৰভু মোক ক্ষমা কৰাঁ,
অজ্ঞান এন্ধাৰ হৰাঁ
অন্তৰত দিয়া জ্ঞান
 পবিত্ৰ নিৰ্ম্মল,
 মানৱ জনম মোৰ
 নকৰা বিফল॥


কমতাপুৰ ধ্বংস কাব্য (page 301 crop)
কমতাপুৰ ধ্বংস কাব্য (page 301 crop)