[ ৯৫ ]

দশম অধ্যায়।

  পূৰ্ব্বত সপ্তমাদি অধ্যায়ত সঙ্ক্ষেপে বিভূতিসব কহিলা। সবাতে ঈশ্বৰ দৃষ্টিৰ অৰ্থে দশম অধ্যায় তাকে বিস্তাৰ কৰি কহিবা। এমনে সপ্তমাদি অধ্যায়ত ভজনীয় পৰমেশ্বৰৰূপ নিৰূপিলা। তান বিভৃতিসবো সপ্তম অষ্টম নবম অধ্যায়ত সঙ্ক্ষেপে কহিছা। ইদানীক সেই বিভূতিক প্ৰপঞ্চিতে আপুনাৰ ভক্তিকো অবশ্যে কৰণীয় বৰ্ণাইতে শ্ৰীভগৱন্তে বোলন্ত । হে অৰ্জ্জুন ! যুদ্ধাদি স্বধৰ্ম্ম অনুষ্ঠানত মোৰ পৰিচৰ্য্যাতো তোমাৰ বাহুযুগল কুশল দেখি। এতেকে পুনু পৰমাৰ্থ নিষ্ঠবচন শুনা। যাতে মোৰ বাক্যামৃত শুনি প্ৰীতি পাৱা, এতেকে তুমাৰ হিতক ইছায়ে কঞো। উক্ত অৰ্থক পুনু কথনত দুৰ্জ্ঞেয় কহন্ত। মঞি জন্মৰহিত হুয়ো নানা বিভূতিয়ে আবিৰ্ভাব হঞু, তাক দেবগণো ঋষিগণো নজানন্ত।যাতে দেবৰ ঋষিৰ উৎপাদক পদে প্ৰবৰ্ত্তক পদেও মঞি কাৰণ। এতেকে মোৰ কৃপা বিনে মোক কেঞো নজানে। যি মোক অজ অনাদি লোক মহেশ্বৰ কৰি জানে সি মনুষ্য মধ্যত মোহৰহিত হুয়া সকল পাপে মুক্ত হয়।

 লোক মহেশ্বৰক প্ৰকট কৰি কহন্ত। সাৰসাৰ বিবেক, আত্ম-বিষয়জ্ঞান, মোহৰ অভাব, সহন স্বভাব, যথাৰ্থ ভাষণ, ৰাহ্যেন্দ্ৰিয় সংযম, মন নিৰোধ, অনুকূল প্ৰতিকূল জ্ঞান, উদ্ভব অনুদ্ভৱ, ভয় অভয়, অহিংসা, ৰাগ দ্বেষ নিবৃত্তি, সন্তোষ, শাৰীৰ, বাচনিক মানস [ ৯৬ ] তপ দান যশ অযশ অবিবেকাদিয়ো প্ৰাণীসবৰ মোত হন্তে হয়। ভৃণ্ড আদি সপ্তঋষি, সনকাদি চাৰি সিদ্ধ, স্বায়ম্ভূবাদি চতুৰ্দ্দশ মনু, এসব ব্ৰহ্মৰূপ মোত হন্তে জাত হুয়াছে। এতেকে সবাতে মোৰ প্ৰভাব আছে। যাৰাৰ লোকত পুত্ৰ পৌত্ৰাদি শিষ্য প্ৰশিষ্যাদিৰূপ প্ৰজাসৰ হুয়াছে, মোৰ এই বিভূতি ঐশ্বৰ্য্যক যি জানে, সি সম্যক জ্ঞানে যুক্ত হয়, আত সংশয় নকৰিবা।

 যেমনে বিভূতি ঐশ্বৰ্য্যক জানিলে সম্যক জ্ঞান পাৱে তাকে দেখাঞু। মঞিসকল জগতৰ ভৃগু আদি মনু আদিৰ দ্বাৰায়ে উৎপত্তিৰ কাৰণ। মোতহন্তে সবাৰে বুদ্ধিজ্ঞানাদি প্ৰবৰ্ত্তে, আক জনি বিবেকীসব প্ৰীতিযুক্ত হুয়া মোক ভজে। প্ৰীতিপূৰ্ব্বক ভজনকে দেখান্ত। মোত চিত্ত দিয়া মোত ইন্দ্ৰিয় অৰ্পি মোত জীবন ৰাখি সাধুসঙ্গত অন্যান্যে যুক্তি দিয়া মোক বুঝায়া মোক কীৰ্ত্তন কৰি পৰম সন্তোষ হয়, আনন্দো লভে। এমনে সদাই মোত চিত্ত দিয়া প্ৰীতিপূৰ্ব্বকে ভজন্তাসবক মঞি অপৰোক্ষ জ্ঞান দেঞু যি জ্ঞানে মোক পাৱে। তাৰাৰ অনুগ্ৰহাৰ্থে মঞি বুদ্ধিবৃত্তিত থাকি প্ৰকাশমান জ্ঞানদীপে সংসাৰ নাশ কৰোঁ৷ জ্ঞানদীপৰ ভক্তিপ্ৰসাদ ভৈল, সত্বগুণ আধাৰ ব্ৰহ্মচৰ্য্যাদি সাধনযুক্ত বুদ্ধি শলা, ভগৱন্তৰ ধ্যানে বৰ্দ্ধক, বিষয়নিবৃত্তচিত্তে ৰাগাদ্বেষাদি বায়ুনিবাৰক, নিৰন্তৰ ধ্যানজনিত জ্ঞান সাক্ষাৎকাৰে অগ্নিসংযোগ। এই শাঙ্কৰী টীকাৰ মত।

 সঙ্ক্ষেপে উক্ত বিভূতিক বাহুল্যমতে জানিষে ইছাই অৰ্জ্জুনে ভগৱন্তক স্তুতি কৰি পোছন্ত ৷ হে শ্ৰীকৃষ্ণ! তুমি পৰমব্ৰহ্ম [ ৯৭ ] পৰম আশ্ৰয় পৰম পবিত্ৰ নিত্য দিব্য স্বপ্ৰকাশ আদিদেব অজ ব্যাপক পুৰুষ কৰি ঋষিসবে কহে; দেবঋষি নাৰদ অসিভ দেবল ব্যাস তুমিও কহিছা। এতেকে মোৰ ইদানীক তোমাৰ ঐশ্বৰ্য্যত অসম্ভাবনা নিবৰ্ত্তিল৷ তুমি মোত যি কহা তাক সত্য কৰি মানিলো। তুমাৰ অভিব্যক্তিক আমাৰ অনুগ্ৰহাৰ্থে বুলি দেবগণে নজানে, আমাৰ নিগ্ৰহাৰ্থে হুয়াছে বুলি দানবসবে নজানে, কিন্তু আপুনাক আপুনি মাত্ৰ জানা আনে নজানে। অত্যন্ত সাদৰে বহুধা সম্বোধন কৰন্ত। হে পুৰুষোত্তম, হে ভূতভাবন, হে ভূতেশ, হে দেবদেব, হে জগতপতে, যি বিভূতিসবে তুমি ইহলোক ব্যাপি আছা, সেই দিব্য বিভূতিসব বিস্তৰে কহিবাক যোগ্য হৱা। কহিবাৰ প্ৰয়োজন দেখাই প্ৰাৰ্থনা কৰন্ত। হে ভগবন্ত! কুন বিভূতি ভেদে তুমাক সদাই চিন্তি মঞি জানি। কুন কুন পদাৰ্থত চিন্তনি হৱা। বহিৰ্মুখ চিত্ততো তুমি যেমনে চিন্তনি হৱা সেই সৰ্ব্বজ্ঞাদি যোগৈশ্বৰ্য্যক বিভূতিসবকো বিস্তাৰ কৰি কহা। তোমাৰ বচনামৃতক শুনন্তা মোৰ তৃপ্তি নহে। এই প্ৰাৰ্থনা শুনি ভগৱন্তে কহন্ত, হে অৰ্জ্জুন! তোমাৰ আগত মোৰ দিব্য বিভূতিক সঙ্ক্ষেপে কঞু, যাতো মোৰ বিভূতিভেদৰ অন্ত নাই। প্ৰথমে ঈশ্বৰ স্বৰূপ কহন্ত, হে গুড়াকেশ ! মঞি সকল ভূতৰ চিত্তত সৰ্ব্বজ্ঞাদি ৰূপে নিয়ন্তা হুয়া পৰমাত্মাৰূপে আছোঁ৷ সকল জগতৰ জন্ম স্থিতি সংহাৰৰ হেতু মোক জানিবা।

 ইদানীক বিভূতি কহন্ত। দ্বাদশ আদিত্যৰ মধ্যে বামন মঞি, প্ৰকাশৰ মধ্যত সূৰ্য্য, বায়ুৰ মধ্যত মৰীচি নাম বায়ু, নক্ষত্ৰ [ ৯৮ ] মধ্যে চন্দ্ৰ, বামনাদি অৰতাৰকো প্ৰভাবৰ অতিশয় মাত্ৰ কহিতে বিভূতি বুলি কহিলা। বেদৰ মধ্যত সাম বেদ, দেবৰ মধ্যত ইন্দ্ৰ, ভূতৰ সম্বন্ধি জ্ঞানশক্তি, ইন্দ্ৰিয়ৰ মধ্যত মন, ৰুদ্ৰৰ মধ্যত শঙ্কৰ, যক্ষ ৰাক্ষসৰ মধ্যত কুবেৰ, অষ্টবসুৰ মধ্যত অগ্নি, উচ্চ পৰ্ব্বতৰ মধ্যত মেৰু, পুৰোহিতৰ মধ্যত বৃহস্পতি, সেনাপতিৰ মধ্যে কাৰ্ত্তিকেয়, সৰোবৰ মধ্যে সমুদ্ৰ, মহৰ্ষিৰ মধ্যে ভৃগু, বচন মধ্যে প্ৰণব, দেবৰ্ষিৰ মধ্য নাৰদ, সিদ্ধমধ্যে কপিল, অশ্বমধ্যে উচ্চৈঃশ্ৰবা গজেন্দ্ৰ মধ্য ঐৰাবত, মনুষ্য মধ্যে ৰাজা, আয়ুধমধ্যে বজ্ৰ, ধেনুমধ্যে কামধেনু, পুত্ৰোৎপত্তিহেতু কাম, সৰ্পমধ্যে বাসুকি, নাগমধ্যে অনন্ত, জলজন্তুৰাজা বৰুণ, পিতৃৰ ৰাজা অৰ্য্যমা, নিয়ম কৰন্তাৰ মধ্যে যম, দৈত্যমধ্যে প্ৰহ্লাদ, বশ্যকৰন্তাৰ মধ্যে কাল, মৃগমধ্যে সিংহ, পক্ষীমধ্যে গৰুড়, বেগবন্তৰ মধ্যে বায়ু, শস্ত্ৰধাৰী মধ্যে শ্ৰীৰাম, মৎস্য মধ্যে মকৰ, নদীমধ্যে গঙ্গা, আকাশাদি পঞ্চ মহাভূতৰ আদি অন্ত মধ্য, বিদ্যাৰ মধ্যে আত্মবিদ্যা, জল্পবাদবিতণ্ডা মধ্যে বাদ৷ যাত দুয়ো বাদীয়ে আপুনাৰ পক্ষ ৰাখে, পৰপক্ষক যুক্তি দিয়া খণ্ডে তাক জল্প বুলি। যাত দুয়োজনে আত্মপক্ষ ৰক্ষা নকৰে, আন পক্ষক দূষণ কৰে তাক বিতণ্ডা বুলি। যাত দুয়োজনে আগ্ৰহ এড়ি তত্ত্বনিৰূপণ কৰে তাক বাদ কহি। অক্ষৰমধ্যে অকাৰ, সমাসমধ্যে দ্বন্দ্বসমাস, প্ৰবাহৰূপে অক্ষয় কাল, কৰ্ম্মফল বিধায়ক মধ্যে সৰ্ব্বকৰ্ম্মবিধাতা মঞি। সংহাৰক মধ্যে সৰ্ব্বসংহৰ্ত্তা মৃত্যু, ভাবি কল্যাণৰ মধ্যে অভ্যুদয়, স্ত্ৰীৰ মধ্যে শ্ৰী, কীৰ্ত্তি, সৰস্বতী, ধৃতি, মেধা, স্মৃতি ক্ষমাৰূপ সপ্ত দেবতা মঞি। সামবেদ মধ্যে বৃহৎসাম, ছন্দ[ ৯৯ ] মধ্যে গায়ত্ৰী ছন্দ, মাসমধ্যে মাৰ্গশীৰ্ষ, ঋতুমধ্যে বসন্ত, বঞ্চকৰ সম্বন্ধি দূতা, তেজস্বীৰ প্ৰভাব, জেতাসবৰ জয়, ব্যবসায়ীসবৰ উদ্যম, সাত্বিকৰ সত্ব, বৃষ্ণিবংশৰ যি মঞি তুমাক উপদেশ দেঞ সেই বাসুদেব।

ঈশ্বৰ কৃষ্ণৰ মনুষ্যৰূপক কহিছাঁ বুলি ভাস্কৰী টীকাত কহিছা। পাণ্ডৱমধ্যে তুমি অৰ্জ্জুন, মুনিৰ মধ্যত ব্যাস, জ্ঞানীৰ মধ্যত শুক্ৰ, দমন কৰন্তাৰ সম্বন্ধি দণ্ড, যি দণ্ডে অসংযতো সংযত হয়। জনিবে ইচ্ছা কৰন্তাৰ জয়, গুহ্যৰ সম্বন্ধি মৌনবচন, যাতে মৌনে বহিলে অভিপ্ৰায় নুবুঝি, জ্ঞানৱন্তৰ জ্ঞান, সকলভূতৰে উৎপত্তিহেতু বীজ, যাতে মঞি বিনে যি জন্ম হৈবে সি চৰাচৰ প্ৰাণী কিছো নাই। উপসংহৰি কহন্ত। অনন্তপদে বিভূতিসব নিঃশেষে কহিবে শক্য নহে। এই বিস্তৰ বিভূতিক সঙ্ক্ষেপে কহিলোঁ। পুনু অৰ্জ্জুনৰ আকাঙ্ক্ষা দেখি কিছো বিস্তৰে কহন্ত। যাক যাক ঐশ্বৰ্য্যৱন্ত শ্ৰীমন্ত, ধনৱন্ত, প্ৰভাবৱন্ত, গুণৱন্ত প্ৰাণী দেখা, তাক মোৰ বিভূতি বুলি জানিবা। বিস্তৰ পৃথক জ্ঞানত তুমাৰ কি কাৰ্য্য৷ সকল জগতকে মঞি একে অংশে প্ৰবেশ হুয়া ধৰিছোঁ। মোত ব্যতিৰেকে কিছো প্ৰাণী নাই। এতেকে সবাতে মোক দেখা৷ ইন্দ্ৰিয়ৰ দ্বাৰায় চিত্ত বিষয়ক যাইতেও ঈশ্বৰ দৃষ্টি বিধাৰণৰ অৰ্থে দশম অধ্যায় বিভূতি কহিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং বিভূতিযোগোহনাম দশমোহধ্যায়ঃ॥ ১০॥

 হে সাধুসব দেখ, প্ৰাণীত অবজ্ঞা উপেক্ষা দ্বেষ নিন্দা যাৱে থাকে [ ১০০ ] ভাৱত ভক্তি কৰিতেও হৰি তুষ্ট নহন্ত। এতেকে প্ৰাণীত ঈশ্বৰদৃষ্টি কৰিবো লাগি ভগৱন্তে কহিলা। আকে জানি সাবধানে আচৰি সদাই হৰি বোল হৰি।

দ্বেষাদিচতুৰোলদাযান্ পৰিহায় হৰেঃ পদম্।
ভজতামাগুযস্তষ্যেৎ স কৃষ্ণঃ শৰণং মম॥