তপ দান যশ অযশ অবিবেকাদিয়ো প্ৰাণীসবৰ মোত হন্তে হয়। ভৃণ্ড আদি সপ্তঋষি, সনকাদি চাৰি সিদ্ধ, স্বায়ম্ভূবাদি চতুৰ্দ্দশ মনু, এসব ব্ৰহ্মৰূপ মোত হন্তে জাত হুয়াছে। এতেকে সবাতে মোৰ প্ৰভাব আছে। যাৰাৰ লোকত পুত্ৰ পৌত্ৰাদি শিষ্য প্ৰশিষ্যাদিৰূপ প্ৰজাসৰ হুয়াছে, মোৰ এই বিভূতি ঐশ্বৰ্য্যক যি জানে, সি সম্যক জ্ঞানে যুক্ত হয়, আত সংশয় নকৰিবা।
যেমনে বিভূতি ঐশ্বৰ্য্যক জানিলে সম্যক জ্ঞান পাৱে তাকে দেখাঞু। মঞিসকল জগতৰ ভৃগু আদি মনু আদিৰ দ্বাৰায়ে উৎপত্তিৰ কাৰণ। মোতহন্তে সবাৰে বুদ্ধিজ্ঞানাদি প্ৰবৰ্ত্তে, আক জনি বিবেকীসব প্ৰীতিযুক্ত হুয়া মোক ভজে। প্ৰীতিপূৰ্ব্বক ভজনকে দেখান্ত। মোত চিত্ত দিয়া মোত ইন্দ্ৰিয় অৰ্পি মোত জীবন ৰাখি সাধুসঙ্গত অন্যান্যে যুক্তি দিয়া মোক বুঝায়া মোক কীৰ্ত্তন কৰি পৰম সন্তোষ হয়, আনন্দো লভে। এমনে সদাই মোত চিত্ত দিয়া প্ৰীতিপূৰ্ব্বকে ভজন্তাসবক মঞি অপৰোক্ষ জ্ঞান দেঞু যি জ্ঞানে মোক পাৱে। তাৰাৰ অনুগ্ৰহাৰ্থে মঞি বুদ্ধিবৃত্তিত থাকি প্ৰকাশমান জ্ঞানদীপে সংসাৰ নাশ কৰোঁ৷ জ্ঞানদীপৰ ভক্তিপ্ৰসাদ ভৈল, সত্বগুণ আধাৰ ব্ৰহ্মচৰ্য্যাদি সাধনযুক্ত বুদ্ধি শলা, ভগৱন্তৰ ধ্যানে বৰ্দ্ধক, বিষয়নিবৃত্তচিত্তে ৰাগাদ্বেষাদি বায়ুনিবাৰক, নিৰন্তৰ ধ্যানজনিত জ্ঞান সাক্ষাৎকাৰে অগ্নিসংযোগ। এই শাঙ্কৰী টীকাৰ মত।
সঙ্ক্ষেপে উক্ত বিভূতিক বাহুল্যমতে জানিষে ইছাই অৰ্জ্জুনে ভগৱন্তক স্তুতি কৰি পোছন্ত ৷ হে শ্ৰীকৃষ্ণ! তুমি পৰমব্ৰহ্ম