ওভতনি যাত্ৰা আৰু অন্যান্য/স্থায়ী আৰু অন্তৰা

[ ৬৪ ]


স্থায়ী আৰু অন্তৰা

 নানান ৰকমৰ মানসিক যন্ত্ৰণা, পুত্ৰ-কন্যাৰ অদ্ভুত আচৰণ আৰু পাঠ্যপুথিৰ প্ৰতি সিহঁতৰ অমনোযোগিতা, গৃহকন্দল, ঈৰ্ষা, হতাশা, প্ৰেম আদি অলেখ সমস্যাৰ সমাধান, নাইবা কমপক্ষেও একোটা পৰামৰ্শ দিবলৈ আকুলহঁতৰ সাপ্তাহিক কাকতখনত এটা শিতান আছে। সি নিজেই সেই শিতানটো পৰিচালনা কৰিবলৈ লৈছে। এই কামটো কৰিবলৈ আকুলৰ আছে এটা সহানুভূতিশীল মন, নিৰপেক্ষ বিচাৰ-ক্ষমতা আৰু কৌশলেৰে সমস্যা একোটাৰ সন্মুখীন হোৱাৰ ঈৰ্ষণীয় দক্ষতা।

 কিন্তু কেতিয়াবা সপ্তাহটোৰ কাৰণে কোনকেইখন চিঠি সি নিৰ্বাচন কৰিব সেই কথাটোৱেই তাৰ কাৰণে সমস্যা হৈ পৰে।

 তিনিচুকীয়াৰ কোনোবা পৰশুৰাম শইকীয়াই তেওঁৰ আৰ্থিক সমস্যাৰ বিষয়ে সবিশেষ জনাই চিঠি লিখে। সকাহ পাবলৈ তেওঁ যৌথ পৰিয়ালটিৰ পৰা বিচ্ছিন্ন হ’ব খোজে। উচিত হ’বনে?

 নলবাৰীৰ সানেকুছিৰ অক্ষয় তালুকদাৰ, বয়স বিয়াল্লিছ, দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত শয্যাশায়ী। নিজকে কেতিয়াবা শেষ কৰি দিবলৈ মন যায়। অথচ জীৱনৰ প্ৰতি গভীৰ মমতাবোধো জাগি উঠে তেওঁৰ। এটা উপায় লাগে।

 এইখন চিঠি লিখিছে চাপৰমুখৰ পৰিণীতাই। বয়সৰ উল্লেখ নাই, কিন্তু তেওঁতকৈ কম বয়সৰ যুৱক এজনৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ হৈ অহাৰ কথা উল্লেখ আছে। আগবাঢ়িব পৰা যাবনে?

 অকস্মাৎ এখন গোট গোট আখৰেৰে লিখা চিঠিয়ে আকুলৰ দৃষ্টি আকৰ্ষণ কৰে। “মোৰ দেউতাই সদায় ৰাতি মদ খাই আহি মাক গোৰ মাৰে। মা আৰু মই ৰাতি সদায় কান্দো। ৰাতিপুৱা দেউতাই আমাক মৰমো কৰে। মামা, আপুনি আমাক এটা উপায় দিবনে?”—ইতি বুমন, ষষ্ঠ শ্ৰেণী, মিলনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়।

 আকুলৰ চকুহাল অলপ সেমেকি উঠে। ইমান যান্ত্ৰিকতাৰ মাজতো, কেতিয়াও নেদেখা অনাত্মীয় এটি শিশুৰ কাৰণে দুটোপাল চকুপানীয়ে তাৰ চকু দুটাৰ ক'ৰবাত ঠাই উলিয়াই লয়। চিঠিখনৰ বাওঁফালে আকুলে স্কেচ্ছপেনেৰে এটা টিকমাৰ্ক দিয়ে। তাৰপাছত সি আন এখন চিঠিৰ সমস্যাৰ অভ্যন্তৰত সোমাই যায়।

[ ৬৫ ]  কাকতখনত কেইবাটাও শিতান; সেই অনুপাতে ষ্টাফ কম। চাৰিদিনৰ ভিতৰত লে’- আউট হৈ যাব লাগে। পঞ্চমদিনালৈ ফাইনেল প্ৰুফৰিডিং সম্পূৰ্ণ হৈ ষষ্ঠদিনা বিতৰণৰ বাবে কাকত সাজু হৈ উঠে। কোনোধৰণৰ কাৰিকৰী বিজুতি নঘটিলে বুধবৰীয়া কাকত মঙলবাৰেই দোকানবোৰলৈ গৈ পায়।

  ইয়াৰ মাজতেই অৰ্থনৈতিক সমীক্ষাটোৰ পৰা আৰম্ভ কৰি ‘ব্যক্তি আৰু ব্যক্তিত্ব’ শিতানটোলৈকে কেইবাটাও পৃষ্ঠাৰ কাম আকুলে অকলেই কৰিবলগীয়া হয়। বৰঠাকুৰ ছাৰৰ অসুবিধা হ’লে কেতিয়াবা সম্পাদকীয়টোও লিখি দিবলগীয়া হয়। ওপৰঞ্চি দায়িত্বই আকুলক নিষ্ঠাবান কৰে ঠিকেই, কিন্তু সময় ক’ত! চিন্তা কৰিবলৈকোতো মানুহক অকণ নিজঞ্জাল সময় লাগে!

 ঘৰলৈ ওভাতোঁতে নিশা তাৰ পলম হয়। প্ৰথমৰ ফালে মামুৱে ভীষণ আপত্তি কৰিছিল। এইটো চাকৰি এৰি দিনতেই সামৰিব পৰা চাকৰি এটা বিচাৰি ল’বলৈ তাই তাক খাটনি ধৰিছিল। এতিয়া হয়তো তাই বুজি উঠিছে। পৰিস্থিতিটো তাই হয়তো চম্ভালি ল’বলৈ শিকিছে।

 খুব ভাল নালাগিলেও কাকতখনৰ পৰা অব্যাহতি লোৱাৰ উপায় আকুলৰ নোহোৱা হৈ পৰিছে। বৰঠাকুৰ ছাৰে শিকাই-বুজাই আকুলক কৰি তুলিছে এজন পেছাদাৰী সাংবাদিক। এতিয়া সি প্ৰথম পৃষ্ঠাৰ উপযোগীকৈ লিখিব পাৰে, পঢ়ুৱৈৰ প্ৰশ্নৰ উত্তৰ আৰু পৰামৰ্শ দিব পাৰে আৰু নিজৰ ইচ্ছাৰ বিৰুদ্ধে হ'লেও ৰাশিফলৰ শিতানটোতো কলম চলাব পাৰে।

 ৰাশিফল লিখিবলৈ প্ৰথমৰ ফালে আকুলৰ বেয়া লাগিছিল। মনটোৰ ক'ৰবাত যেন এটা মোচোকা খাইছিল। এতিয়া পঢ়ুৱৈৰ চাহিদালৈ লক্ষ্য ৰাখি, কাকতখনৰ প্ৰচাৰ সংখ্যাৰ হিচাপটো মনত ৰাখি আৰু বৰঠাকুৰ ছাৰৰ পৰামৰ্শ শিৰোধাৰ্য কৰি সি লিখি উলিয়ায়, কুম্ভঃ ব্যৱসায়ত মধ্যম, বিদ্যাৰ্থীৰ শুভাশুভ, পুৰণি ৰোগৰ সামান্য উপশমৰ সম্ভাৱনা, প্ৰেমত বাধা, কেতুৰ কোপদৃষ্টি, কিন্তু বৃহস্পতিৰ শুভযোগ, সোমে-শুক্ৰই পশ্চিমে যাত্ৰা পৰিহাৰ্য।

 কথাবোৰ নিমিলিবও পাৰে বুলি আশংকা কৰাৰ থল আছেনে? নাই, কোনো সুৰুঙাই নাই। সকলো যেন অৱলীলাক্ৰমে মিলি যায়। সকলো মিলি যোৱা যেন লাগে। নাই মিলা বুলি আজিলৈকে কোনেও ক’তো অভিযোগ কৰা নাই।

 মানুহবোৰলৈ আকুলৰ পুতৌ ওপজে।

 অৱশ্যে আজিৰ কামটো বেলেগ। আজি সি তাৰ ফাইলটোত সোমাই থকা অজস্ৰ চিঠি-পত্ৰৰ মাজৰ পৰা তিনি-চাৰিখন চিঠি নিৰ্বাচন আৰু সেইবোৰৰ সমাধানত ব্যস্ত হৈ

পৰিছে।

[ ৬৬ ]  এই এখন চিঠি ভুলতে আকুলৰ ফাইলত সোমাই আছিল। গোলাঘাটৰ পৰা কোনোবা ডেইজী বৰাই লিখিছে,— চুলি শুষ্ক, ভীষণ উফিৰ সমস্যা। সপ্তাহত দুবাৰকৈ তেওঁ এণ্টি ডেনড্ৰাফ শ্বেম্পু ব্যৱহাৰ কৰে; তথাপি কোনো সুফল পোৱা নাই। এতিয়া তেওঁ কি কৰিব? চুলিত তেলেতীয়া ভাবটো আনিবলৈ কি কৰা উচিত হ’ব?

 আকুলৰ খং উঠে। এনেধৰণৰ কথা কাকত-আলোচনীত ওলায়েই থাকে। এনেকুৱাধৰণৰ কিয়,— এইটো প্ৰশ্নই অসংখ্য কাকত-আলোচনীত মাহেকে পষেকে ছপা হৈ থাকে। পুৰণি আলোচনী এখনৰ পাত লুটিয়ালেই এসোপা তেল, টনিক আৰু হাৰ্বেলৰ নাম পঢ়িবলৈ পোৱা যায়। তথাপি এইবিধ চিঠিৰ সোঁত কিয় বন্ধ নহয়— আকুলে নুবুজে।

 বহুত সমস্যা মানুহৰ। তালুত চুলি নথকাটোৱো সমস্যা, থুঁতৰিত কেইডালমান চুলি অবাধ্য আৰু অসংযত হৈ গজি থকাটোও সমস্যা। মুখখন যেনিবা কোমল, বগা, উজ্বল; কিন্তু শালমইনা ওলায়। সমস্যা! ভ্ৰূযুগল ডাঠ আৰু সুন্দৰেই, কিন্তু ধেনুভিৰীয়া নহয়। ইয়ো একধৰণৰ সমস্যা। উপায় লাগে। পিঠি আৰু গলধনৰ অংশবিশেষ ক’লা পৰিছে। ঘৰত থকা সময়খিনি দৈ, ময়দা আৰু কণীৰ প্ৰলেপ সানিও সুফল পোৱা নাই। উপায় লাগে। বাহুত সৰুতে লোৱা বেজীৰ দুটা স্পষ্ট বৃত্তাকাৰ দাগ, হাত নথকা ব্লাউজ পিন্ধিলে বেয়া দেখি। উপায় লাগে।

 সৌন্দৰ্য-সচেতনতাৰ এই নানানটা সমস্যাৰ উপৰি চলি আছে মানুহৰ কফ পিত্ত - অম্ল, জ্বৰশুং, এলাৰ্জি আৰু কোষ্ঠকাঠিন্যৰ চিৰন্তন দৌৰাত্ম্য। এই সকলো অনাচাৰ আৰু নৈৰাজ্যৰ বিৰুদ্ধে পঢ়ুৱৈ সমাজক সুস্থ আৰু সুন্দৰ কৰিবলৈ একপ্ৰকাৰ অংগীকাৰবদ্ধ হৈ অফিছৰ এচুকত বহি শ্ৰুতিমালা বৰুৱাই চাৰি-পাঁচখন বিদেশী আলোচনী আৰু হেল্থ গাইড জাতীয় হাত পুথি এখন লৈ কিবাকিবি লিখি থাকে।

 প্ৰায় একেই প্ৰশ্ন। সামান্য ইফাল-সিফাল। শ্ৰুতিমালাৰ বিশেষ কষ্ট নহয়।

 এতিয়া ডেইজী বৰাৰ চিঠিখনৰ কি হ'ব? প্ৰথমতে সেইখন আকুলৰ আৱৰ্জনা পেলোৱা খৰাহিটোত পেলাবলৈ মন গ'ল। তাৰপাছত সি ভাবিলে—থাকক। এইটো শিতানৰ কাম তাৰ ভাগত নপৰে। চিঠিখন লৈ সি শ্ৰুতিমালাৰ টেবুললৈ উঠি গ'ল। তাৰপাছত নিজৰ ডেস্কলৈ উভতি আহি সি এনেয়ে এবাৰ ঘড়ীটোলৈ চালে।

 ন বাজি গৈছে। আনকালে ন বজালৈকে সি ইমান নিশ্চিন্ত হৈ অফিছত থাকিব নোৱাৰে। ঘৰত কেঁচুৱাটিক লৈ মামুৰ আলৈ-আথানি হয়। এফালে সন্ধিয়াৰ আলহী, আনফালে কেঁচুৱাৰ পেঁ-পেঁ। ইয়াৰ মাজতে অসংখ্যবাৰ টেলিফোন বাজে, কলিংবেল বাজে, চান্দা তুলিবলৈ অহা এজাক দুৰ্দান্ত প্ৰকৃতিৰ ল’ৰা বাৰাণ্ডাত থিয় হয়। এনেই নিত্যনৈমিত্তিক লোডশ্বেডিঙৰ বিড়ম্বনা—কোনো কাৰণ নোহোৱাকৈ বিজুলীচাকি হঠাৎ জ্বলি উঠে, হঠাৎ নুমায় আৰু সেই অস্বস্তিকৰ অন্ধকাৰত জুইশলা বাহটো খেপিয়াই থাকোঁতে গেছ [ ৬৭ ] ষ্টোভৰ ওপৰত প্ৰেছাৰ কুকাৰটোৱে অকস্মাৎ আৰ্তনাদ কৰি উঠে। মামুৰ কেতিয়াবা কান্দোন ওলাই আহে।

 এই এমাহ অৱশ্যে আকুলৰ সেই বিষয়ে চিন্তা কৰিবলগীয়া হোৱা নাই। মামু তাইৰ মাকৰ ঘৰত আছেগৈ। সি নিজেই সিহঁতক থৈ আহিছে। গতিকে এঘাৰ বজালৈকে অফিছত কাম কৰিব পৰা যাব। মাজতে মাথোন ৰাতিৰ সাঁজটোৰ লেঠা। তাৰো ব্যৱস্থা আছে। ওচৰতে আছে ছেণ্ট্ৰেল টেলিগ্ৰাফ অফিছৰ বিভাগীয় কেণ্টিন। নিশা চাৰে ন বজাত সেইখনো বন্ধ হ’ব। তাৰ আগতে খোৱা কামটো সি সামৰি থোৱাৰ কথা ভাবিলে।

 আকুলে মন কৰিলে, আচলতে তাৰ ভোকেই লাগিছে। লৰালৰিকৈ সি আধা কিলোমিটাৰৰো কম দূৰত্বৰ কেণ্টিনখনলৈ বুলি ওলাল।

 কেণ্টিনত ভাতৰ কাঁহীত আৱিষ্কৃত এডাল চুলিক কেন্দ্ৰ কৰি ইতিমধ্যেই এখন সৰু সুৰা যুদ্ধ আৰম্ভ হৈছে। কেণ্টিনৰ পৰিচালক মহোদয়ে সেই চুলিৰ নৈতিক দায়িত্ব হয়তো স্বীকাৰ কৰা নাই। সিটোপক্ষই উত্তেজিত হৈ কাঁহীখন নিক্ষেপ কৰিছে শূন্যলৈ। কাউণ্টাৰত এখন আইনা ভাগিছে। চৌপাশে বিক্ষিপ্ত হৈ পৰিছে ভাত-দাইল আৰু চালাডৰ অৱশিষ্ট।

 ভাত খাই, সময়ৰ অপব্যয় নকৰি সি উভতি আহিল অফিছলৈ। চিঠিৰ ফাইলটো তেতিয়াও খোল খাই আছে। হয়তো সি জপাই থ’বলৈ পাহৰিছিল।

 কিমান যে বিচিত্ৰ চিঠি, কিমান ধৰণৰ যে হাতৰ আখৰ! বহুতেই নিজৰ ঠিকনাটো নিদিয়ে, আন কিছুমানে চুবুৰীয়াৰ নামত কিবাকিবি লিখি মনে মনে ৰং চায়। কিছুমান প্ৰশ্নকৰ্তা নাম প্ৰকাশত অনিচ্ছুক।

 তেনেকুৱা,— নাম আৰু ঠিকনাৰ উল্লেখ নথকা এখন চিঠিত হঠাতে আকুলৰ দৃষ্টি নিবদ্ধ হ’ল। তাত লিখা আছে,—মোৰ সাংবাদিক স্বামীয়ে মোক অকণো সময় দিব নোৱাৰে। আমাৰ একমাত্ৰ সন্তানটিৰ যত্ন মই অকলেই ল'বলগীয়াত পৰিছোঁ। মই অত্যন্ত মনোকষ্টত ভুগিছোঁ আৰু তেওঁৰ পৰা আঁতৰি অহাৰ কথা চিন্তা কৰিছো। আপুনি এটা সিদ্ধান্ত দিবনে?

 আকুলৰ এনে লাগিল যেন এই চিঠিখন মামুৰ। অৱশ্যে মামুৰ হাতৰ আখৰ আকুলৰ মনত নাই। ডাকঘৰৰ মোহৰটোত থকা আখৰকেইটা পঢ়ি চাবলৈ সি এবাৰ চেষ্টা কৰিলে। নাই, অস্পষ্ট।

 চিঠিখন মামুৰ হওক বা নহওক, এটা ভাল সিদ্ধান্ত এই মুহূৰ্তত তাকো লাগে। চিঠিখনৰ বাওঁফালে সি এটা টিকমাৰ্ক দিলে। তাৰপাছত চিঠিখনৰ তলত, য'ত প্ৰশ্নকৰ্তাৰ

নামটো থাকিব লাগে—স্কেচ্ছপেনটোৰে সি এটা নাম লিখিলে—মামু।


সাদিন বসন্ত সম্ভাৰ, ২০০১