ওভতনি যাত্ৰা আৰু অন্যান্য/অক্টোপাছ
[ ৬৮ ]
অক্টোপাছ
আমাৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকে দহ মিনিটৰ কাৰণে বিলাসিতা কৰা কথাটোও ঈশ্বৰ নামৰ প্ৰতিপত্তিশালী গৰাকীজনে সহ্য নকৰে। আমি কিবা হোটেল তাজ ইণ্টাৰকণ্টিনেণ্টেলত বহি সপৰিয়ালে এসাঁজ খোৱাৰ কথা চিন্তা কৰোঁনে? ‘পিটাৰ ইংলেণ্ড’ নতুবা 'ভ’ন হ’ছেন’ কোম্পানিৰ চোলা এটা পিন্ধাৰ কথা ভাবিব পাৰোঁনে? হংকং, ছিংগাপুৰ, পাট্টায়ালৈ পেকেজ টুৰৰ কথাতো বাদেই, আমাৰ গুৱাহাটীৰ বিমান বন্দৰৰ চৌহদতেই মই কাহানিও সোমাই পোৱা নাই।
বহুত ওপৰেৰে উৰাজাহাজ উৰি যোৱা দেখোঁ। সেইবোৰত যিসকল উঠে তেওঁলোক আমাৰ কোনো নহয়; সকলো অচিনাকি। নেহৰু ষ্টেডিয়ামত লতা মংগেশকাৰৰ এটা সংগীত সন্ধিয়া উপভোগ কৰিবলৈ যিসকলে পাঁচ হাজাৰটকীয়া টিকেট কিনে তেওঁলোক আমাৰ কোনো নহয়; সকলো অচিনাকি। সেইবুলি আমি কিবা দুখ কৰি থাকোঁনে?
বেংকৰপৰা ওলাই সচৰাচৰ মই বিপিনৰ দোকানত দুটা ফিল্টাৰ ছিগাৰেট কিনো। তাৰে এটা আথেবেথে জেপত সুমুৱাই আনটোত সুখটান মাৰোঁ। কটন কলেজৰ কেমিষ্ট্ৰি বিল্ডিংটো পাৰ হৈ বাওঁফালে ঘূৰি, মেঘদূত ভৱনৰ সমুখেৰে গৈ কাছাৰীৰ বাছষ্টেণ্ডত থিয় হ'লে প্ৰতি তিনি মিনিটত এখনকৈ উজানবজাৰলৈ যোৱা বাছ পোৱা যায়। কিন্তু বাছত উঠিলে নিজস্ব একো নাথাকে। সেয়েহে অফিছ ছুটীৰ পাছত মই কৰোঁ কি,—কটন কলেজৰ মেইন বিল্ডিংটো পাৰ হৈ, জজফিল্ডৰ মাজৰ শ্বৰ্টকাটটো ব্যৱহাৰ কৰি, হাইক'ৰ্টৰ কিনাৰেদি যোৱা ৰাস্তাটোৰে খোজকাঢ়ি যাওঁ। বেংকৰ ডেইলি একাউণ্টছ মিলাই আহোঁতে যিহেতু প্ৰায়েই পলম হয়, জজফিল্ডৰ মাজৰ আন্ধাৰ আৰু নীৰৱতাখিনি সেই সময়ছোৱাত মই বৰ পছন্দ কৰোঁ। মোৰ অলস মুহূৰ্তৰ চিন্তা আৰু অসংলগ্ন ভাবৰ কিবাকিবিবোৰ ছিগাৰেটৰ ধোঁৱাৰ সৈতে কুণ্ডলী পকাই উৰি যায়। দীঘলীপুখুৰীত প্ৰতিবিম্বিত হৈ স্নিগ্ধ জোনাকৰ এক মায়াময় কমনীয়তাই মোৰ ওঁঠ দুটাক প্ৰৰোচিত কৰে আৰু মই যেন অৱধাৰিতভাৱে গুণগুণাবলৈ আৰম্ভ কৰোঁ।
কিন্তু জজফিল্ড জানো সদায় মোৰ নিজস্ব জজফিল্ড হৈ থাকে? গ্ৰন্থমেলা, উত্তৰ- পূৰ্বাঞ্চল বাণিজ্যমেলা মোৰ সেইকণ বিলাসিতাৰো প্ৰতিদ্বন্দ্বী হৈ উঠে। সেইকেইটা দিনৰ
বাবে মই আন এক সুখৰ সন্ধান কৰিবলগীয়াত পৰোঁ।[ ৬৯ ] আজি প্ৰথমটো ছিগাৰেট মোৰ প্ৰাক্তন গৃহশিক্ষক চৌধুৰী ছাৰক দেখি হাতৰপৰা পেলাই দিলো। তাৰ পাছত নেহৰু পাৰ্কত গধূলিৰ সময়কণ কটাবলৈ অহা কেইহালমান ঘনিষ্ঠ ডেকা -গাভৰু আৰু বেচিজিল কেইটামান শিশুৰ সৰু-সুৰা এটা ভিৰৰ মাজেৰে অলসভাৱে দ্বিতীয়টো ছিগাৰেটৰ ধোঁৱা এৰি-এৰি জজফিল্ডৰ চুকটো পাইছোঁহি, এনেতে চিপাহী এজনে বাধা দি ক'লে,— এইফালে আজি যাব নোৱাৰিব।
চৌপাশে চিপাহী-চন্তৰী; ছাৰ্চলাইটৰ উদ্ভাসিত পোহৰ। কোনোবা এজন ডাঙৰ মন্ত্ৰী নিশ্চয় ভাষণ দিবলৈ আহিব। অৱশ্যে সেই সম্পৰ্কে মোৰ কোনো কৌতূহলো নাই। মোৰ যে শ্বৰ্টকাটটো বন্ধ হ’ল,—সেইটোহে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কথা।
এতিয়া মোৰ হাতত বিকল্প দুটা। বাওঁফালে ঘূৰি, জজফিল্ডক সোঁহাতে ৰাখি মই গণেশ মন্দিৰ আৰু ব্ৰহ্মপুত্ৰ অশোক নামৰ অভিজাত হোটেলখনৰ সমুখেৰে আগবাঢ়িব পাৰোঁ, নতুবা ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ সমুখেৰে গৈ হাইক’ৰ্ট আৰু দীঘলীপুখুৰীৰ মাজৰ ৰাস্তাটো ল’ব পাৰোঁ। এই দুটাৰ ভিতৰত নিঃসন্দেহে দ্বিতীয়টোৱেই গ্ৰহণযোগ্য।
আৰু সেইমতে কেইখোজমান আগবাঢ়ি মই যেতিয়া কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ প্ৰতিমূৰ্তিটোৰ ওচৰ পাইছোঁ আৰু বাওঁহাতে পাকটো ল’বলৈ গৈ মূৰ তুলি এবাৰ চাইছোঁ তেনেকুৱাতে হঠাৎ মোৰ এনে লাগিল যেন দীঘলীপুখুৰীৰ পাৰৰ পদপথেৰে ধীৰ খোজেৰে আহি থকা এজন মানুহে মোলৈ চাই হাঁহি এটা মাৰিছে। ষ্ট্ৰিটলাইটৰ উজ্জ্বল পোহৰত মোৰ ভাব হ’ল যেন মানুহজনৰ সেই হাঁহিটোত আছে এটা পৰিচিত ব্যৱসায়িক গোন্ধ। কিন্তু তাতোকৈ ডাঙৰ কথাটো হ’ল,— তেওঁ পাতল সেউজীয়া ৰঙৰ চোলা এটা পিন্ধি আহিছে। আৰু আজি মই কোনোপধ্যেই এজন সেউজীয়া ৰঙৰ চোলা পিন্ধা মানুহৰ মুখামুখি হ’ব নোখোজোঁ।
এনেকুৱা পৰিস্থিতিত মোৰ কৰিবলগীয়া কামটো হ’ল সময়ৰ অপব্যয় নকৰি বিপৰীত দিশেৰে যিমান পাৰি সিমান বেগেৰে পলোৱা। কিন্তু এই বয়সত বেগাই খোজকঢ়াৰো এটা সীমা থাকে। হঠাতে অহা এজাক দোপালপিটা বৰষুণত বহুত মানুহৰ মাজত তিতি- বুৰি জুৰুলি-জুপুৰি হোৱাটো একো দোষণীয় কথা নহয়। কিন্তু সকলো শুকান, ক’তো বৰষুণৰ টোপাল এটাকে পৰা নাই, এনেকুৱা অৱস্থাত আপোনাৰ পেণ্ট আৰু চোলা তিতি থকাটো সিমান গ্ৰহণযোগ্য নহ'ব। ই মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰিবই। এখন ভদ্ৰ সমাজত আমি কিমান বেগেৰে খোজকাঢ়িম, কিমান হাঁহিম, হাঁহোতে কোৱাৰি দুটা কিমানলৈ মেলিম, — এই সমস্ত আচৰণবিধি ক'ৰবাত যেন লিখি থোৱা আছে!
মই মানুহজনক অকণো সুযোগ নিদিয়াকৈ সাউৎকৈ ঘূৰি দিলো আৰু সম্পূৰ্ণ বিপৰীত দিশত, সন্দিকৈ ছোৱালী কলেজৰ সন্মুখৰ ৰাস্তাটোৰে যথাসম্ভৱ বেগাই খোজ দিলো। এইটো বাটেৰে গ’লেও ডিষ্ট্ৰিক্ট লাইব্ৰেৰি আৰু ৰবীন্দ্ৰ ভৱনৰ আগেৰে খোজকাঢ়ি, [ ৭০ ] অনৰ্থক দীঘলীয়া হ'লেও মই মোৰ উজানবজাৰৰ ঘৰটো উলিয়াব পাৰিম। নাইবা গৌৰী সদনৰ কাষেৰে যোৱা ঠেক ৰাস্তাটোৰে পোনাম।
ছোৱালী কলেজখনৰ সন্মুখডোখৰ পাওঁতে মোৰ প্ৰায় একে সময়তে দুটা উপলব্ধি হ’ল। প্ৰথম, মোৰ ছিগাৰেটটো লৰালৰিতে ক'ৰবাত পৰিল। দ্বিতীয়, কোনোবাই, হয়তো সেই মানুহজনেই মোৰ পিছ লৈছে।
মানুহজনৰ সৈতে ব্যৱধানটো বঢ়াবলৈ লওঁতেই মই এটা উজুটি খালো। সেইবুলি মই কিন্তু পৰি নগ'লো। নিজকে চম্ভালি ল’বলৈ চেষ্টা কৰোঁতে মোৰ বৰং এটা লাভেই হ’ল। মই পিছফালে চোৱাৰ এটা ভদ্ৰজনোচিত সুযোগ পালো আৰু নিশ্চিত হৈ ল'লো যে মোৰ অনুসৰণকাৰীজন সেইজনেই।
কলেজ খোলা থকা সময়ছোৱাত ছোৱালী কলেজৰ সন্মুখত এজন তেত্ৰিছ বছৰ বয়সৰ ডেকা মানুহে উজুটি খোৱাৰ অন্য অৰ্থ হয়। পঁচিছ-ত্ৰিছজনী ছোৱালীৰ খিলখিল হাঁহিৰ শব্দৰ মাজত নিজকে চম্ভালোঁতে এক ভয়ংকৰ অভিজ্ঞতা হয়। এই মুহূৰ্তত সময় আৰু পৰিস্থিতিটো অলপ সুকীয়া। সদ্যহতে মই সেউজীয়া চোলা পিন্ধা এজন অনুসৰণকাৰীৰ পৰা পলাবলৈ যত্ন কৰিছোঁ ।
বেংকত, দুই আৰু আঢ়ৈ বজাৰ মাজৰ সময়ছোৱাত, আমি যেতিয়া কেণ্টিনত চাহ খাবলৈ গৈছিলো, তেতিয়াই হেনো সেউজীয়া চোলা পিন্ধ৷ মানুহ এজনে মোক বিচাৰি মোৰ টেবুলৰ ওচৰলৈ আহিছিল। মই শৰ্মাক সুধিছিলো,—“মানুহজন আচলতে ঠিক কেনেকুৱা?” শৰ্মাই ক’লে,—“মই ঠিক বুজাব নোৱাৰিম।”
মই পুনৰ সুধিলো,—“তেওঁৰ মাতটো বাৰু অলপ ৰুক্ষ, শুকান ধৰণৰনে কি? কথা কওঁতে মানুহজনৰ মাতটো বাৰু ক'ৰবাত লাগি ধৰেনে কি? তেওঁ যে মোৰ বিষয়ে সুধিছিল, প্ৰকৃততে কি বুলি সুধিছিল? মানে চব মিলাই আপোনাৰ কি অনুমান হৈছিল, তেওঁ মোৰ চিনাকি নে অচিনাকি?”
শৰ্মাই কাতৰভাৱে ক’লে,— “মই ঠিক বুজাব নোৱাৰিম বৰুৱা। আচলতে কথাটোত গুৰুত্ব দিবলগীয়া একোৱেই নাছিল। তেওঁ এটা সেউজীয়া চোলা পিন্ধিছিল। তাৰ বাহিৰে তেওঁৰ মাত, তেওঁৰ কথা কোৱাৰ পদ্ধতি—ওহোঁ বৰুৱা, মোৰ একো মনত নাই। বোধকৰোঁ মানুহজনৰ মন কৰিবলগীয়া একোৱেই নাছিল।”
হয়। কিছুমান মানুহৰ একো মন কৰিবলগীয়া নাথাকে। কোনো বিশেষত্ব নাথাকে। তেনেই সাধাৰণ উচ্চতা, ভাবলেশহীন মুখমণ্ডল। বৰ অসুবিধা এনেকুৱা মানুহক লৈ। এনে বৈশিষ্ট্যহীন, সাধাৰণ মানুহৰ অনুসন্ধান কৰোঁতে স্কটলেণ্ড য়াৰ্ডে কি কৌশল প্ৰয়োগ কৰে সেয়া যেন এক সীমাহীন কৌতূহলৰ বিষয়!
কালি গধূলি মই বজাৰলৈ যাওঁতে দুবাৰ আৰু আজি পুৱা আঠ বজাত মই গা ধুবলৈ [ ৭১ ] বাথৰুমত সোমাওঁতে এবাৰ কোনোবা অচিনাকি মানুহৰ ফোন আহিছিল। তিনিওবাৰেই ৰিছিভাৰ তুলিছিল মায়াই।
“মানুহজনে যে মোক বিচাৰিছিল, তেওঁৰ নামটো কি বুলি কৈছিল?”
“সেই প্ৰথমবাৰতেই কৈছিল, কিবা ৰজত নে ৰঞ্জিত দত্ত।”
“ৰজত দত্ত নে ৰঞ্জিত দত্ত?”
“তুমি কোনজনক চিনি পোৱা?”
“মই কোনো দত্তকেই চিনি নাপাওঁ।”
“তেনেহ'লে সেইবোৰ সোধা কিয়?”
“এনেয়ে, নিতান্তই কৌতূহল।”
মায়াৰ মতে, মই যে মাজে মাজে কেতিয়াবা এটা ইংৰাজী গানৰ কেছেট বজাওঁ, - এভৰিথিং আই ডু, আই ডু ইট ফৰ ইউ—(তাৰমানে ব্ৰায়ান আডামছ?)—মানুহজনৰ মাতটো ঠিক তেনেকুৱা। মোৰ ললিত বৰুৱা নামটো কওঁতে তেওঁ হেনো কেউবাৰেই খোনাইছিল।
ভয়ৰ কথাটো হ’ল এই যে মানুহজনে কালিৰপৰা আজিলৈকে তিনিবাৰ ফোন কৰিছে। দিন-কাল যেনেকুৱা হৈছে, মানুহে মানুহৰ ঘৰলৈ এনেয়ে, কেৱল ফুৰিবলৈ যাবলৈ এৰিছে। কোনো স্বাৰ্থ নোহোৱাকৈ এজন মানুহৰ সৈতে কথা পাতি সময় কটোৱাৰ অৱকাশ যেন নোহোৱা হৈ পৰিছে। আনকি টেলিফোনটো কৰোঁতে যে টকা দুটা খৰচ হ’ল তাৰ বিনিময়ত চাৰি টকাৰ জোখৰ লাভ নোহোৱা পৰ্যন্ত মনত যেন শান্তি নাই।
সেইকাৰণে কোনোবাই মোক বিচাৰি আহিছে বুলি শুনিলে মই ষড়যন্ত্ৰৰ গোন্ধ পাওঁ। দুবাৰ-তিনিবাৰকৈ ফোন কৰিছিল বুলি শুনিলে আতংকিত হৈ উঠো।
আমি, মানে মায়া আৰু মই, বহুতে ভবাৰ দৰে বহুত টকা উপাৰ্জন নকৰোঁ। বেংকত মোৰ তেনেই সাধাৰণ এটা কেৰাণী চাকৰি আৰু মায়াৰ অনিশ্চয়তাৰে ভৰা শিক্ষকতাৰ দৰমহা। উপাৰ্জনৰ মুঠ তেৰ হেজাৰ টকাৰ তিনি হাজাৰ টকা ভাৰাঘৰ আৰু প্ৰায় সাতশ টকা টেলিফোনটোৰ বাবদ খৰচ কৰাৰ পাছত প্ৰকৃততে গুৱাহাটীৰ আকাশত বৰ বেছি মুকলিকৈ উশাহ ল’ব পৰা নাযায়। নিতান্তই অপৰিহাৰ্য খবৰ কাগজ আৰু ইলেকট্ৰিছিটিৰ বিল, বাছ যাতায়াতৰ খৰচ, আৰু অগণন বিবাহ, জন্মদিন আৰু বিবাহ-বাৰ্ষিকীৰ নিমন্ত্ৰণ নিষ্ঠাৰে ৰক্ষা কৰাৰ পাছত প্ৰকৃততে নিজৰ একাউণ্টত পইচা জমা থোৱাৰ কথা চিন্তা কৰিব নোৱাৰি। তথাপি মানুহক আমাৰ প্ৰতিটো পইচাৰ হিচাপ লাগে। চান্দা দিওঁতে আমি যে হেঁহো-নেহোঁ কৰোঁ তাৰ কৈফিয়ৎ লাগে।
টেলিফোনটো চকুত পৰে; কিন্তু মই পিন্ধা গেঞ্জিবোৰ যে ফটা, মায়াই যে সেইবোৰ একো-একোদিন ঘৰৰ মজিয়া মচিবলৈ কাঢ়ি নিয়ে আৰু মই যে তেওঁক সৈমান কৰাই [ ৭২ ] পুনৰ পিন্ধিবলৈ আৰম্ভ কৰোঁ, — সেইবোৰ সকলোৰে অলক্ষিতে থাকি যায়। চাকৰি যে দুটা, সেইটোৱেই হিচাপ; উপাৰ্জন আৰু খৰচ কিমান, সেইটোৰ আৰু হিচাপ নহয়।
মোক অনুসৰণ কৰা মানুহজনে এটা সেউজীয়া চোলা পিন্ধিছে। গতিকে বেংকত মোক বিচাৰি অহা মানুহজন এইজনেই হ’ব লাগে। চাওঁ-নাচাওঁকৈ মই এবাৰ উভতি চাইছোঁ। মই যেতিয়া মিউজিয়ামৰ সমুখৰ তিনিআলিটো পাইছোঁ তেওঁ তেতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰিৰ প্ৰথম গে’টখন অতিক্ৰম কৰিছে। চকুৱে চকুৱে পৰোঁতে মোৰ উপাধিটোৰে তেওঁ এবাৰ চিঞৰি মোক মতা যেন লাগিছে।
সেই সময়তে মোৰ ভাব হ’ল যে মানুহজনে মোক লগ পাবলৈ আৰু বেছি সময় নালাগিব। এইবাৰ মই এটা বুদ্ধি কৰিলো। ঘৰলৈ যোৱাৰ পৰিকল্পনাটো মই সাময়িকভাৱে স্থগিত ৰাখিলো। চিকাৰীৰ গুলী খাই আহত হোৱা হৰিণৰ ট্ৰেজিক গল্প এটা সৰুতে পঢ়িছিলো। গুলীবিদ্ধ হৈ প্ৰথমতে হৰিণটোৱে ঘৰলৈ বুলি, দৌৰি পাছত যে তাৰ গতিপথ সলনি কৰিছিল, জানোচা তাৰ ক্ষতস্থানৰপৰা নিগৰি পৰা তেজৰ দাগ অনুসৰণ কৰি চিকাৰীহঁতে তাৰ লগৰীজনকো মাৰি পেলায়।
মই আমবাৰীৰ মেইন ৰ’ডেৰে গৈ ষ্টেডিয়ামৰ ওচৰৰ অ'ভাৰব্ৰিজখনত উঠাৰ কথা চিন্তা কৰিলো। অথচ মোৰ ভাগৰ লাগি আহিছে। ভৰি দুখন ক্ৰমে অৱশ হৈ আহিছে।
এতিয়া ৰাস্তাৰ কাষৰ দোকান এখনত সোমাই মই যদি কেইটামান মানুহ গোটাব পাৰোঁ, তেনেহ'লে সমস্যাটোৰ এটা তাৎক্ষণিক সমাধান হয়। তাৰিণী চৌধুৰী বালিকা বিদ্যালয়ৰ নিচেই ওচৰৰ ট্ৰেফিক পইণ্টটোত এজন দুৰ্দান্ত চেহেৰাৰ ট্ৰেফিক পুলিছক হুইছেল বজাই থকা দেখোঁ। তেওঁক সবিশেষ জনালেও ঘটনাটোৰ এটা চৰম পৰিণতি আশা কৰিব পাৰি। কিন্তু পুলিছ আৰু ঈশ্বৰে মানুহৰ সমস্যা উপলব্ধি কৰিব পাৰেনে?
আৰ্টফেড নামৰ ডিপাৰ্টমেণ্টেল দোকানখনৰ কাষৰ টেলিফোন বুথটো দেখি মনত পৰিল-ঘৰত মায়া অকলে আছে। ওভতোঁতে পলম হ’ব বুলি অন্ততঃ এটা খবৰ দিয়াটো প্ৰয়োজনীয় আছিল। অথচ টেলিফোন বুথত সোমাৱা মানেই অনুসৰণকাৰীৰ ওচৰত অত্মসমৰ্পণ কৰা। তিনি মিনিট ক'ৰবাত থিয় হোৱাৰ অৱকাশ থাকিলে মই এটা ছিগাৰেটেই জ্বলালোহেঁতেন।
ছিগাৰেটৰ কথা মনত পৰোঁতে মোৰ মনটো দুৰ্বল হৈ পৰিল। “যি হয় হৈ থাকিব ধৰণৰ এটা বেপৰোৱা ভাবো মোৰ মনলৈ আহিল আৰু স্বয়ংক্ৰিয়ভাৱে এখন সৰু পাণ- তামোলৰ দোকানৰ সমুখত মই ৰৈ গ'লো।
কেইটামান মুহূৰ্তহে পাৰ হৈছে, দোকানখনৰ ভিতৰৰ মানুহজনে ছিগাৰেটৰ ব্ৰেণ্ডটোৰ কথা সুধিছে, অলপ দূৰত ৰৈ থকা গাড়ী এখনে হঠাৎ গৰ্জন কৰিবলৈ আৰম্ভ কৰিছে, ত্ৰিভুৱন কঁপাই মহানগৰীৰ জীৱনযাত্ৰাত ই চামিল হ’বলৈ আয়োজন কৰিছে, ওচৰৰ [ ৭৩ ] নিৰ্মীয়মাণ অট্টালিকাৰ লেখীয়া ঘৰ এটাৰপৰা ভাহি অহা কিছুমান ধাতৱ শব্দই অঞ্চলটোক গ্ৰাস কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, তেনেকুৱাতে মোৰ অনুসৰণকাৰীজন আহি মোৰ নিচেই কাষতে ৰৈ গ'ল।
আৰু এই সমগ্ৰ পৰিস্থিতিটোত এটা নতুন মাত্ৰা যোগ কৰিবলৈকে যেন কাঠ হাঁহি এটা মাৰি তেওঁ সুধিলে,— ‘আপুনি বাৰু মোক পকেটমাৰ বা ডকাইত বুলি ভাবিছেনে কি?”
“নাই ভবা। পকেটমাৰ হোৱা হ'লে মোৰ পিছ নলৈ আপুনি বাছৰ ভিতৰৰ ঠেলা- হেঁচাৰ সুবিধা এটাহে ল'লেহেঁতেন। আৰু ডকাইতে গুৱাহাটীৰ মেইন ৰ’ড এটাৰে খোজকাঢ়ি গধূলি,— অন্ততঃ এনেকুৱা সময়ত অফিছৰপৰা অহা মানুহক সচৰাচৰ অনুসৰণ নকৰে।”
“তেনেহ'লে?”
“তেনেহ'লে শুনক। দীঘলীপুখুৰীৰ পাৰত আপোনাৰ হাঁহিটো দেখি মোৰ ভাব হৈছিল আপুনি কোনোবা এটা বীমা কোম্পানিৰ এজেণ্ট। আৰু বিশ্বাস কৰক, যোৱা তিনি-চাৰিটা বছৰত মই আটাইতকৈ ভয় কৰি চলা প্ৰাণীবিধ হৈছে এনেকুৱা একো একোজন বীমা কোম্পানিৰ এজেণ্ট। আপোনালোকৰ অনেকেই চাকৰি কৰা মানুহৰ তালিকা তৈয়াৰ কৰে, ফোন নম্বৰ সংগ্ৰহ কৰে, কাৰোবাৰ কেঁচুৱা হ'বলগীয়া থাকিলে নাৰ্ছিংহোমত পৰ দিয়ে আৰু যদিও সকলো এজেণ্ট একে ধৰণৰ নহয়, তথাপি, তথাপি মোৰ মনত এটা ভয় সোমাই গৈছে।”
“কিন্তু মইতো এটা ঋণ সম্পৰ্কীয় লেঠাত পৰিহে আপোনাক বিচাৰি আছোঁ। আপোনাৰ বাল্যকালৰ বন্ধু মলয় শৰ্মাই আপোনাক লগ ধৰিবলৈ মোক কৈছিল, কি কৰিলে ভাল হ’ব তাকে সুধিবলৈহে আপোনাক বিচাৰি বেংকলৈ গৈছিলো।”
খন্তেকৰ বাবে মই যেন সকাহ পালো। মলয়ে আগতেও মোক আমনি কৰি থৈছে। সেই কথাটো ভাবি টিঙিচকৈ খং উঠিল। তথাপি সংযত হৈ মই মানুহজনক ক'লো,— “চাওক, বেংকৰ ঋণ সম্পৰ্কীয় কথাবোৰ মই ডিল নকৰোঁ। আপুনি আমাৰ ফিল্ড অফিছাৰ নাইবা পোনে-পোনে ব্ৰাঞ্চ মেনেজাৰক কথাটো সুধিবগৈ।”
এইবাৰ মানুহজনে আৰু সময়ৰ অপচয় নকৰিলে। সেই ব্যৱসায়িক হাঁহিটো মাৰি আঁতৰি গ'ল।
মোৰো পলম হৈছে। মই এতিয়া ঘৰলৈ যাব খোজোঁ। ইয়াৰপৰা গুৱাহাটী ক্লাবলৈকে খোজকাঢ়ি, তাৰপৰা ছেণ্ট মেৰিজ স্কুলৰ সমুখেৰে যাবলৈ এখন ৰিক্সা ল’ব পাৰোঁ। কিন্তু ৰিক্সাৱালাক জানো সি যাবলৈ মন নকৰা ঠাইলৈ নিব পাৰি?
অগত্যা গুৱাহাটী ক্লাবৰ বাছষ্টপত ৰৈছোঁ। অসংখ্য অচিনাকি মানুহ আহিছে, গৈছে। [ ৭৪ ] আৰু হঠাৎ এখন পুৰণি,—পুৰণি হ'লেও চাকচিক্য অটুট থকা এখন মাৰুতি এইট হানড্ৰেড মোৰ গা চোওঁ-চোওঁকৈ ৰৈ গ'ল। আৰু ভিতৰৰপৰা কোনোবাই চিঞৰি মাতিছে—
“আব্বে ললিত।”
“আৰে চাংকু দেখোন! কিমান দিনৰ মূৰত যে দেখা পালো।”
“আবে দিন নহয়, বছৰ বুলি ক, বছৰ বুলি ক।”
“কিন্তু তই ক’ৰপৰা ওলালিহি?”
“আগেয়ে উঠ। তইতো উজানবজাৰতে থাক?”
“অঁ।”
বহুদিন মই এনেকুৱা গাড়ীত উঠা নাই। মায়াক লৈ কেতিয়াবা এনেকৈ উঠি দূৰৰ ক’ৰবালৈ যাবলৈ মন যায়। আমাৰ দৰে নিম্ন মধ্যবিত্ত লোকৰ আৰুনো কিমান ডাঙৰ সপোন থাকিব পাৰে?
মোৰ কল্পনাৰ তৰংগত এটা মৃদু আলোড়নৰ সৃষ্টি কৰি চাংকুৱে সুধিলে, – “মায়া ভালে আছে?”
“আছে। আজি কিন্তু তই সোমাই যাব লাগিব।”
“ওহোঁ, আজি নহয়, আজি আন এফালে কাম আছে।”
“অন্ততঃ একাপ চাহ?”
“নাই নাই, আজি নহয়। মই আহিম বুজিছ, মিছেছক লৈ আহিম। লুচি ভাজি থ’বি। ফুলকবি ভাজি এখন কৰি থ’বলৈ ক’বি। কিন্তু কোনদিনা আহিম সেইটো ফোনত জনাম।”
“হ’ব দে।”
উজানবজাৰ চাৰিআলিত গাড়ীখন ৰৈ গ'ল। চাংকুৱে গাড়ীৰ দুৱাৰখন খুলি মোক তাৰপৰা ওলাবলৈ সুবিধা কৰি দিলে। আৰু মই কৃতজ্ঞতাৰ ভাব এটা প্ৰকাশ কৰিবলৈ যো-জা চলাওঁতে চাংকুৱে বাধা দি ক’লে,—“গধূলি সাত বজাৰ পাছততো ঘৰতেই থাক? আহিম বুজিছ, এদিন ফোন কৰি আহিম। আৰু শুন, আমাৰ এওঁক এটা এজেঞ্চি লোৱাই দিছোঁ। তহঁতৰ দুয়োৰে নামত পলিছি দুখন কৰাই ল’ম।”
এখন্তেক ৰৈ মই লক্ষ্য কৰিলো, এটা জবৰদস্ত ট্ৰেফিকজামৰ মাজৰপৰা কৌশলেৰে মুক্ত হৈ চাংকুৰ গাড়ীখন ক্ষিপ্ৰবেগেৰে গতি কৰিছে। তাৰ পিছে-পিছে হৰ্ণ বজাই-বজাই আৰু এখন, আৰু এখন, আৰু এখন।
প্ৰান্তিক, অক্টোবৰ, ২০০২