ওভতনি যাত্ৰা আৰু অন্যান্য/বিশ্বাসৰ এদিন
[ ৫৮ ]
বিশ্বাসৰ এদিন
বাৰাণ্ডাৰ খুঁটা এটাত ওলমাই থোৱা এখন আৰ্চী, কাষৰ ওখ টুল এখনত এমগ কুহুমীয়া পানী, এপাট ৰেজৰ আৰু ফেনেৰে ওফন্দি থকা ব্ৰাছ এটাৰে মই যিখন মুখৰ পৰিচৰ্যা কৰিবলৈ লৈছোঁ, সেইখনৰ গৰাকী যে ময়েই সেইকথা এক মুহূৰ্তৰ কাৰণে যেন বিশ্বাস কৰিবলৈ টান লাগিছে। আৰ্চীখনত যেন এজন ফাঁকিবাজ অথচ ধৰা পৰি যাব পৰা অসহায় মুখৰ প্ৰতিবিম্ব দেখা গৈছে।
তথাপি এযোৰ সপ্ৰতিভ চকু আৰু অ’ল্ড স্পাইছৰ ফেনিল ৰাজত্বক ভ্ৰূক্ষেপ নকৰা মোৰ বিশ্বস্ত গোঁফকোছাৰ মাজত মই মোৰ হেৰাই যাবলৈ ধৰা ব্যক্তিত্ব উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি-কৰি ভাবিছোঁ,— শৰ্বৰীৰ কথাই সঁচা,—মানুহ সদায় নতুন হৈ থাকিব লাগে; আগনিশাৰ ঘামৰ গোন্ধে আমনি কৰিব নোৱৰাকৈ গা-পা ধুই, উপলক্ষ্য আৰু বতৰ অনুসৰি এসাজ কাপোৰ পিন্ধি ৰাতিপুৱাটো আৰম্ভ কৰিব লাগে। এনেকুৱা কৰিলে গা-মন ভালে থাকে। নতুন কিবা এটা কৰিবলৈ মনলৈ এটা উদ্যম আহে। একধৰণৰ শক্তি ক'ৰবাৰপৰা আহি যেন শৰীৰটোত থূপ খায়।
মাথোন পোন্ধৰটা দিনৰ আগলৈকে মই অলপ জধলা হৈ থাকিবলৈ ভাল পাইছিলো। পেণ্টৰ বেল্টডাল দেখা নোযোৱাকৈ মোৰ চোলাৰ তলৰ অংশ ওলমি থাকিছিল। কোট এটা পিন্ধাৰ কথাতো বাদেই, পোছাকৰ ইস্ত্ৰি আৰু জোতাৰ পলিছ সম্পৰ্কেও মই আছিলো তেনেই উদাসীন। সেইবুলি মই যে দাঢ়িয়ে-চুলিয়ে ভোবোকাৰ আৰু সংসাৰৰ মায়া-মোহৰ প্ৰতি নিজকে সম্পূৰ্ণ নিস্পৃহ বুলি ধাৰণা দিব খুজিছিলো, তেনেকুৱাও নহয়। বস্তুতঃ মোৰ কোম্পানিৰ চাকৰিটোৱে মোক সিমান স্বাধীনতা নিদিয়েই।
আন নহ'লেও মোৰ ভৰিৰ গোৰোহাৰ ফটা অংশত বহুদিন গ্লিচাৰিন ঘহিছোঁ; কোনোবা এটা দেওবাৰে চুলিত ৰং সানিছোঁ আৰু অনেক নিমন্ত্ৰণী অনুষ্ঠানত নিজকে এজন ভদ্ৰলোক বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছোঁ। সদায় নহ'লেও সপ্তাহত দুদিন মোৰ গাল দুখনত ব্লেডৰ সংস্পৰ্শ ঘটিছে, আফটাৰ শ্বেভ ল’শ্যনৰ ছিটিকনি পৰিছে। কিন্তু সপ্তাহটোৰ বাকী দিনকেইটাত মই যেন অলপ ৰুক্ষ, [ ৫৯ ] নিস্তেজ আৰু নিৰুত্তাপ হৈ পৰোঁ।
অথচ ধোবাই ধুই ইস্ত্ৰি কৰি দিয়া পোছাক সদায় পিন্ধিবলৈ, কাষলতিত ডিঅ’ডৰেণ্ট আৰু গলধনত ৰেভলন সানিবলৈ আৰু এযোৰ ৰিগেলিয়া কোম্পানিৰ কোট-পেণ্ট পিন্ধিবলৈ যিমান টকা লাগে, মোৰ উপাৰ্জন তাতকৈ সৰহ। কিন্তু সেই টকাৰে মই শ্বিলঙৰ অ’কলেণ্ডত দুটা সন্ধিয়া কটাই আহিবলৈ ভাল পাওঁ। বিজুলী চাকিৰে নক্ষত্ৰপুঞ্জ যেন হৈ থকা ৰাতিৰ আইজল নগৰত এবাৰ হেৰাই যাবলৈ ভাল পাওঁ। মোৰ পৰিবাৰ নিৰ্মিতা, –যাক সুখ আৰু আনন্দত ৰাখিবলৈ যোৱা সাতোটা বছৰে মই বহু সময়, শক্তি আৰু ধন খৰচ কৰিছোঁ, তেওঁ যেন হুইস্কিৰ বটলৰপৰা সযতনে এপেগ গিলাচত বাকি দি ক’বহি,— আজিলৈ হ’বনে!
হ’ব। অতিথিশালাৰ কোনো এটা উমাল কোঠাত এদিন এসন্ধ্যা খন্তেকৰ বাবে মই গোলাপী নিচাত আচ্ছন্ন হ’ম। ইয়াতকৈ বনৰীয়া, ইয়াতকৈ দুৰ্দান্ত সপোন মোৰ আৰু কি আছে? ইয়াতকৈ সাংঘাতিক উচ্চাকাংক্ষা মোৰনো আৰু কি আছে?
কিন্তু অ’কলেণ্ডৰ বতাহ খুৱাই, জাকাৰাণ্ডা আৰু লাইলাক ফুলৰ অপূৰ্ব দৃশ্যাৱলী পান কৰাই, পুলিছবজাৰৰ ছেণ্টাৰ পইণ্ট ৰেস্তোৰাঁত বহি এদিন যেতিয়া মোৰ পৰিবাৰক সুধিছোঁ,—“কোৱা নিৰ্মিতা, কেনে পালা”, তেওঁ অকণো আড়ষ্ট নোহোৱাকৈ কফিৰ কাপত শোহা এটা মাৰি ক'লে, – “ভালেই, কিন্তু ফুৰিবলৈ অহাৰ চল কৰি তুমি মোক ভাল ঠগিলা। মই ইমানদিনে খুজি থকা পাৰ্ল ছেট এটা তুমি নিদিয়াকৈ থাকিলা।”
যি যাদুকৰী শক্তি আৰু প্ৰতিভাৰ বলত আপোনালোক একোজন সুদক্ষ গৃহস্থ হ’বগৈ পাৰিছে, সি মোৰ বাবে পৰম বিস্ময় আৰু কৌতূহলৰ বিষয়। কোনো সদাশয় ব্যক্তিয়ে যদি পাৰিবাৰিক সুখ সম্পৰ্কীয় এটা প্ৰশিক্ষণ শিবিৰৰ বাবে সময় আৰু শ্ৰমদান কৰিবলৈ ৰাজী হয়, মই সাধ্যানুসাৰে ধন-বিত ভাঙিবলৈ সাজু আছোঁ।
কিন্তু হায়, ধন-বিতেৰে যে একোৱেই নহয়, সেইকথা জানো মই বুজি নাপাওঁ!
মোৰ হাতত থাকিলে বেছিকৈ খৰচ হয় বুলি মোৰ দৰমহাৰ মুঠ চৈধ্য হাজাৰ দুশ পয়ষষ্ঠি টকাৰ সমুদায় এদিন পৰিবাৰৰ হাতত তুলি দি কৈছোঁ, “হোঁৱা, এইখিনি হিচাপ কৰি ৰাখি থোৱা। বেংকত কিমান থ’ব লাগিব হিচাপ কৰি দিবা।”
চকু-মুখত অকণো উৎসাহ নেদেখুৱাই তেওঁ টকাকেইটা নি আলমাৰিৰ চুক এটাত থ’লে। তাৰ পাছত, জেপত ছিগাৰেট লুকুৱাই ৰখা স্কুলৰ ওপৰ শ্ৰেণীৰ ছাত্ৰক হেডমাষ্টৰে ধৰাৰ নিচিনাকৈ দুচকুত সন্দেহ আৰু শাসনৰ মিশ্ৰণ ঘটাই তেওঁ ক'লে,— “এইবাৰ তুমি হ’বলা এৰিয়াৰৰ টকাও পাইছা।”
মোৰ মনটোৱে হাহাকাৰ কৰি উঠিছে। ক্ষোভ আৰু হতাশাই মোক অবৰ্ণনীয় [ ৬০ ] পীড়া দিছে। তথাপি নিজকে সংযত কৰি, বিনয়ী হৈ তেওঁক কৈছোঁ,— “নাই নিৰ্মিতা, মোৰ হাতত বেলেগে আৰু এটাও পইচা নাই।'
কোম্পানিৰ কামত এদিন কলকাতালৈ গৈছোঁ। সময় উলিয়াই কলেজ ষ্ট্ৰিটৰ শাৰী শাৰী কিতাপৰ দোকানৰ মাজে মাজে কিতাপ চাই ফুৰিছোঁ। বোডলেয়াৰৰ কবিতা, আস, কিমান দিন যে কবিতা পঢ়া নাই! হুইটমেন, শংখ ঘোষ, নিকানোৰ পাৰ্ৰা! সেই কলেজীয়া দিনতে পঢ়া জীবনানন্দৰ কবিতা, - হাজাৰ বছৰ ধৰে আমি পথ হাটিতেছি পৃথিৱীৰ পথে, সিংহল সমুদ্ৰ খেকে নিশীথেৰ অন্ধকাৰে মালয় সাগৰে—।
মোৰ হঠাৎ সাগৰ চাবলৈ মন গ'ল। দীঘাৰ সাগৰ। টেক্সি এখন ৰখাবলৈ মোৰ সোঁহাতখন স্বয়ংক্ৰিয়ভাৱে ওপৰলৈ উঠিছে আৰু পাছ মুহূৰ্ততে টেক্সিখন মোৰ গা ছোওঁ-নোছোওঁকৈ ৰখাই পাঞ্জাবী টেক্সিচালকজনে সুধিছে,—“বোলিয়ে চাহাব, কাহাঁ জানা হায়?”
কিন্তু নিৰ্মিতা কাষত নাথাকিলে মই দীঘাত কি কৰিম? মোৰ বুকুৰ ভিতৰত যি তৰংগ উঠিব, সেই তৰংগৰ শব্দ মই কাক শুনাম?
পাঞ্জাবী টেক্সিচালকজনৰ ওচৰত অমায়িকভাৱে দুখ প্ৰকাশ কৰি কৈছোঁ,— ওহোঁ, মোৰ ভুল হৈছে; মই ক'লৈকো নাযাওঁ।
মই জানো, এইকণ আবেগৰ কোনো মূল্য নাই। তথাপি নিৰ্মিতাৰ কাৰণে কোনেও নজনাকৈ, আনকি তাইৰো অলক্ষিতে মই এৰি থৈ আহিছোঁ ডায়মণ্ড হাৰ্বাৰ আৰু দীঘাৰ প্ৰলোভন। তাৰ সলনি নিৰ্মিতাৰ কাৰণে গড়িয়াহাটৰপৰা দুখন বালুচৰী শাৰী কিনি আনিছোঁ। কিন্তু সেই সন্দেহী আত্মাই সিমানতো সন্তুষ্ট হ’ব পৰা নাই। শাৰীৰ পেকেট দুটা লিৰিকি-বিদাৰি, মোৰ চকুলৈ চাই তেওঁ লাহেকৈ সুধিছে, “এয়াৰপ'ৰ্টৰপৰা তুমি পোনে পোনে আহিছা নে জালুকবাৰীত পেহীহঁতৰ ঘৰত সোমাই আহিছা? তুমিতো দুঘণ্টা আগতেই পাবহি লাগিছিল? নে পলিহঁতৰ কাৰণেও এসোপামান টকা খৰচ কৰিছা?”
সন্দেহ আৰু প্ৰশ্নৰ আতিশয্যত কেতিয়াবা সঁচা কথাষাৰ কওঁতেও মোৰ আউল লাগি যায়। মাতটো থোকাথুকি হয়। মই কোনোদিনেই নকৰা সত্ত্বেও সেই মুহূৰ্তত মোৰ নিজকে ভুল কাম এটা কৰি উঠা অপৰাধী যেন লাগে।
অৱশ্যে যোৱা তিনিটা মাহত অৱস্থাৰ যথেষ্ট পৰিবৰ্তন ঘটিছে। মই স্বেচ্ছাই ভুল কৰিবলৈ আৰম্ভ কৰিছোঁ। কাষৰ ফ্লেটটোলৈ নতুনকৈ অহা শৰ্বৰী আচাৰ্যই জীৱনৰ অৰ্থ বুজিবলৈ মোক যেন নতুন অভিধান এখন দিছে। আৰু মোৰ এই আঠত্ৰিছ বছৰ বয়সত, মোৰ বৈবাহিক জীৱনৰ সাতোটা বছৰ পাছত মই সেই অভিধান [ ৬১ ] মেলি জীৱনৰ মাদকতা অনুভৱ কৰিবলৈ লৈছোঁ।
আৰু এপষেক আগৰ এদিন গধূলি যেতিয়া ইনফ'টেক এডুকেশ্যনেল ছেণ্টাৰৰ ওচৰত শৰ্বৰীৰ সৈতে মোৰ ভেটাভেটি হৈছে, প্ৰশ্ৰয়ৰ ভংগীৰে তেওঁ মোক কৈছে,— “আপুনিও যদি ঘৰলৈ গৈ আছে, তেন্তে ব’লক এইকণ বাট আমি একেলগে যাওঁ।”
ভয় আৰু দ্বিধাত মই এবাৰ ভিতৰি-ভিতৰি কঁপি উঠিছোঁ। এটা পৰিচিত অথচ নতুন তৰংগ তেওঁৰপৰা মোৰ শৰীৰলৈ বতাহৰ মাজেৰে বিয়পি আহিছে। মই প্ৰলোভিত হৈছোঁ, কিন্তু পাছমুহূৰ্ততে তেওঁক কৈছোঁ,—“নাই, আপুনি আগবাঢ়ক, মই এতিয়া ৰুবিজ কনফেকশ্যনাৰি নামৰ দোকানখনলৈ যাম।”
তেওঁ মিচিকিয়াই হাঁহিছে আৰু কৈছে, – “আপুনি ভয়াতুৰ মানুহ।”
মই ভয়াতুৰনে কি? মোৰ অন্তৰাত্মাই আপত্তি কৰি উঠিছে। পাছদিনা ইনফ’টেক এডুকেশ্যনেল ছেণ্টাৰৰ প্ৰথম মহলাত মই শৰ্বৰী আচাৰ্যক লগ ধৰি কৈছোঁ, “আজি আপোনাৰ অফিছ ছুটীৰ পাছত ঘৰলৈ একেলগে যাম।”
এইবাৰ তেওঁ সশব্দে হাঁহিছে আৰু সেই হাঁহিটোৱে তাচ্ছিল্যৰ ৰূপ পোৱাৰ আগতে নিজকে সংযত কৰি খুব আন্তৰিকভাৱে কৈছে, – “ভয়াতুৰ বাৰু নহয়, কিন্তু এটা কথা আপুনি মানিবই লাগিব যে আপুনি মানুহটো অলপ জধলা।”
তাৰ পাছৰপৰা এই দুটা সপ্তাহ মই মোৰ যত্ন ল’বলৈ অকণো ত্ৰুটি কৰা নাই। চছমাৰ পুৰণি ফ্ৰেমটো সলাইছোঁ, কোট আৰু চোলাৰ সৈতে মিলাকৈ কেইডালমান নেকটাই কিনিছোঁ, নিতৌ দাঢ়ি খুৰাই চিকুণটো হৈছোঁ, আৰু জোতাত মুখ চাব পৰাকৈ প্ৰাণপণে নিতৌ পলিছ ঘঁহিছো। এইবোৰৰ একো অৰ্থ উলিয়াব নোৱাৰি মাজে-মাজে নিৰ্মিতাই মোলৈ আঁৰ চকুৰে চাইছে। শ্লেষ আৰু বিদ্ৰূপেৰে কিবা এষাৰ ক’বলৈ তেওঁ ছেগ বিচাৰিছে। কিন্তু তাৰো সুযোগ নিদিয়াকৈ মই ভীষণ ব্যস্ত হৈ পৰিছোঁ। যেতিয়াই ধৰা পৰি যোৱাৰ ভয়টোৱে মোক উদ্বিগ্ন কৰিছে, তেতিয়াই মই ক্ষিপ্ৰতাৰে অফিছৰ ফাইল-পত্ৰ উলিয়াই লৈছোঁ। দুই-এদিনতে কোম্পানিৰ ৰিজিঅ’নেল মেনেজাৰ আহিব বুলি মিছা মাতিছোঁ।
প্ৰকৃততে এইকেইদিন অফিছৰ কামত মই গাফিলতিয়েই কৰিছোঁ। নানান অজুহাত দেখুৱাই নিৰ্ধাৰিত সময়তকৈ আগতেই অফিছ এৰিছোঁ; ২১ আৰু ৫৫ নম্বৰ বাছ ধৰিবলৈ উত্ৰাৱল হৈ উঠিছোঁ আৰু কালি আবেলি ফাঁচিবজাৰৰ শ্বপাৰ্ছ পয়ণ্টৰপৰা আঠশ পঞ্চাছ টকাৰে এখন নীলা চিফন শাৰী কিনি আনিছোঁ, পৰিবাৰ নিৰ্মিতাৰ কাৰণে নহয়, মোৰ প্ৰতিবেশী আৰু প্ৰেৰণাদায়িনী শৰ্বৰী আচাৰ্যৰ কাৰণে।
এই প্ৰথম মই এটা ভুল চাল খেলিবলৈ লৈছোঁ। কালি গধূলিৰপৰা অভাৱনীয়ভাৱে [ ৬২ ] মোৰ হৃস্পন্দন বৃদ্ধি পাইছে। নীলা শাৰীখন নিৰ্মিতাৰপৰা লুকুৱাবলৈ মই নানানটা আঁচনি পাঙিছোঁ আৰু শেষপৰ্যন্ত শাৰীখন ধোবাৰ ঘৰলৈ পঠিয়াবলগীয়া মোনা এখনৰ ভিতৰত, এসোপা মলিয়ন আৰু বিপৰ্যস্ত কাপোৰৰ মাজত সন্তৰ্পণে থৈ দিছোঁ।
যদিহে সকলো ঠিকে ঠিকে পাৰ হয়, আগতে বহুদিন নিয়াৰ দৰে অফিছলৈ যাওঁতে ধোবাৰ ওচৰলৈ বুলি মোনাখন লৈ যাম। ধোবাৰ ঘৰত সেই মোনাখনৰপৰা শাৰীৰ পেকেটটো উলিয়াই মই কোম্পানিৰ অফিছৰ সলনি ইনফ'টেক এডুকেশ্যনেল ছেণ্টাৰলৈ কোবাকুবিকৈ খোজ ল’ম আৰু শৰ্বৰীক ক’ম, –“আজি মোৰ অফিছ ছুটী।”
কি ক’ব তেতিয়া তেওঁ মোক? দুপৰীয়াৰ ব্ৰেকত এসাঁজ খাবলৈ তেওঁ মোৰ সৈতে ‘নোভা’লৈ যাবনে? মাথোন তিনিমাহৰ চিনাকি আৰু দুটা সপ্তাহৰ ঘনিষ্ঠতাৰে তেওঁ মই দিয়া এখন নীলা চিফনৰ শাৰী পিন্ধিবনে?
আজি ৰাতিপুৱাৰপৰা মই ইমান উদ্বিগ্নতাত ভুগিছোঁ যে মোৰ মুখখন কিজানি বিবৰ্ণ হৈ পৰিছে। ব্ৰাছটোৰে দুগালত চাবোনৰ ফেন সানি সানি আৰ্চীখনত লক্ষ্য কৰিছোঁ, — মোৰ প্ৰতিবিম্বটো যেন অসহায় হৈ পৰিছে। একমুহূৰ্তৰ বাবে এনেকুৱা লাগিছে যেন আৰ্চীত প্ৰতিবিম্বিত হোৱা মুখখন মোৰ নহয়।
তথাপি মই এটা সিদ্ধান্তত উপনীত হৈছোঁ। কাষৰ ফ্লেট এটাৰপৰা কোনো এক নিজান বাটেৰে মোলৈ অকণ মৰম আহিছে, সেই মৰমক মই নেওচা নিদিওঁ। পাৰফিউম আৰু আফটাৰ শ্বেভ ল’শ্যনৰ মাজেৰে জীৱনে মোলৈ চাই মিচিকিয়াই হাঁহিছে, মই তাক বিমুখ নকৰোঁ এই দুটা সপ্তাহ পৃথিৱীখন মোৰ ভীষণ ভাল লাগি গৈছে। মনলৈ উদ্যম আহিছে। শৰীৰটোৰ ক'ৰবাত যেন অফুৰন্ত শক্তি আহি গোট খাইছেহি। গতিকে পিছফালে উভতি চোৱাৰ প্ৰয়োজন কি,— মই নিজকে কৈছোঁ,— সাজু হোৱা।
আৰু হঠাৎ, মোৰ জীৱনৰ এই নিৰ্ণায়ক মুহূৰ্তত বাৰাণ্ডাৰ গাতে লাগি থকা কোঠালি এটাত কাপোৰৰ মোনাখন খৰমৰাই উঠিছে। মই ত্ৰস্ত হৈ উঠিছোঁ আৰু পাছমুহূৰ্ততে নিৰ্মিতাই চিঞৰি উঠিছে,— “এইটো কিহৰ পেকেট?”
কেইটামান মিনিটৰ বাবে মোৰ যেন নাড়ীৰ স্পন্দন স্তব্ধ হৈ গৈছে। মোৰ সোঁ গালখনৰ ওপৰেৰে কৌণিক গতিৰে চলি থকা ৰেজৰপাট যন্ত্ৰবৎ ৰৈ গৈছে। আৰু মই অসহায়ভাৱে এটা বিৰাট ধুমুহাৰ বাবে অপেক্ষা কৰিছোঁ।
আৰু সেই চিৰসন্দেহী আত্মাই বিস্ময়ত অভিভূত কৰি পিছফালৰপৰা দুবাহুৰে মোক সাবটি ধৰিছে আৰু এখন্তেক ৰৈ গভীৰ প্ৰত্যয়ৰ সুৰেৰে কৈছে,— “হয়, আজি [ ৬৩ ] মই মানি লৈছোঁ, তুমি মোৰ ৰুচি আৰু পছন্দৰ খবৰ ৰাখা। কিমান দিনৰপৰা যে তোমাক ক’ম-ক’ম বুলি ভাবি আছিলো এখন নীলা চিফন শাৰীৰ কথা! আস, তোমাক কেনেকৈ ধন্যবাদ জনাম!”
“তুমি সুখী হৈছা?” – থোকাথুকিকৈ মোৰ মাতটো ওলাইছে।
“অঁ, খুব সুখী।”
"নতুন শাৰীখনৰ কেইটামান ভাঁজ খুলি বুকুৰ ওপৰেদি আঁচলখন পেলাই ড্ৰেছিং আইনাখনৰ সমুখত তেওঁ এবাৰ থিয় হ’ল আৰু আবদাৰৰ সুৰত ক'লে,—“তথাপি এটা কথা তুমি কিন্তু মানিবই লাগিব,— তুমি মানুহটো অলপ অদ্ভুত ধৰণৰ। নহ’লেনো এই নতুন শাৰীৰ পেকেটটো এই লেতেৰা কাপোৰবোৰৰ মাজত থোৱানে?”
প্ৰান্তিক, ১ ছেপ্টেম্বৰ, ২০০১