ওভতনি যাত্ৰা আৰু অন্যান্য/শেষ চিঠি
[ ৭৫ ]
শেষ চিঠি
এক
কুকি আহিবৰ হৈছে। আজি সি ভূচিত্ৰাৱলীখন আনিব। মই কালিয়েই তাক কৈ থৈছিলো মানচিত্ৰ থকা কিতাপ এখন আনিবলৈ। সি সুধিছিল,—“কিহৰ মানচিত্ৰ?”
মই কৈছিলো,—“পৃথিৱীৰ।”
আজি তাক মই বাবন থকা দেশখন দেখুউৱাৰ কথা। সিনো কিটো বুজিব,—আচলতে মোৰহে এবাৰ বাবনক চুই চোৱাৰ হেঁপাহ। পিছে মানচিত্ৰত থকা ইমান সৰু সৰু আখৰবোৰ মই জানো চকুৰে মনিব পাৰিম? নোৱাৰিম হ’বলা! পিছে আঙুলিৰে চুই চাবতো পাৰিম! এনেকৈ কিমানযে নদ- নদী, সাগৰ-বন্দৰ নিমিষতে অতিক্ৰম কৰিব পৰা যায়! কিমান সহজেই যে হাতৰ তলুৱাত বন্দী কৰিব পৰা যায় এখন বিশাল পৃথিৱীক!
পৃথিৱীখন হেনো নিচেই ক্ষুদ্ৰ গাঁও এখনৰ দৰে হৈ পৰিছে অকস্মাৎ। যোগাযোগৰ ব্যৱস্থা আচম্বিতে ইমান ক্ষিপ্ৰ আৰু উন্নত হৈ পৰিছে যে দূৰত্ব বোলা কথাটো এতিয়া হেনো কোনো সমস্যাই নহয়। টুঁট টুঁটকৈ দুটামান বুটাম টিপিলেই হ’ল,—যেন সমগ্ৰ পৃথিৱীখনেই আচাৰ খাই পৰিবহি আপোনাৰ শোৱনি কোঠাত।
অথচ মোৰ অৱস্থাটো এতিয়া এনেকুৱা যে সাধ্যৰ ভিতৰত কিছু ধন-বিত খৰচ কৰিও মই পৃথিৱীৰ সিটো প্ৰান্তত থকা বাবনৰ মাত এষাৰ শুনিবলৈ এটা উপায় উলিয়াব পৰা নাই। আঠ বছৰ এনেকৈ অতিবাহিত হৈ গৈছে। সভ্য দেশৰ মানুহে এই কথা বিশ্বাস কৰিবলৈ টান পাব যে এই ইলেকট্ৰনিক যুগতো পৃথিৱীৰ ক’ৰবাত এহাল মাক-পুতেকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম—চিঠি। এখন সৰু নগৰৰ ৰূপ ল'ব খোজা এই পিছপৰা ঠাইডোখৰত এইপৰ্যন্ত টেলিফোনৰ ব্যৱস্থা হোৱাগৈ নাই।
এই বয়সত ছানি পৰা দুটা চকু আৰু বাত বিষত জৰ্জৰিত ভৰি দুখন লৈ মোৰ দৰে এগৰাকী আদহীয়া মহিলাৰ পক্ষে দূৰৰ নগৰখনলৈ গৈ টেলিফোন বুথ এটাত খেপ দি থকাটো সম্ভৱনে? তদুপৰি, বাবন থকা দেশখনৰ স্থানীয় সময়টো মিলাই, সি চাকৰি কৰা কোম্পানীৰ সময়-তালিকাখন অনুমান কৰি, সেইমতে ঘৰৰ সকলো জঞ্জাল সামৰি মই বাৰু এটা টেলিফোনৰ বাবে নগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিব পাৰোঁনে? এই প্ৰশ্নটো যদি মোৰ অসুখীয়া শৰীৰটোলৈ চাই কৰা হয় তেন্তে তাৰ উত্তৰটো বৰ সন্তোষজনক [ ৭৬ ] নহয়। অথচ মাতৃৰ মমতা বুলিও যে কথা এষাৰ আছে সেই কথাটোৱে মাজে মাজে মোক কৰি তোলে ভীষণ আৱেগিক।
গৃহস্থ ঢুকোৱাৰ পাছত, যদি আমাৰ সৰুপুত্ৰ চন্দনৰ প্ৰশ্নটো জড়িত হৈ নাথাকিলহেঁতেন তেন্তে মই কিজানি এই ঘৰ এৰি, এই আওহতীয়া ঠাইডোখৰ এৰি গুচি গ'লোহেঁতেন বাবন থকা সেই অদ্ভুত, মায়াৱী দেশখনলৈ, য’ত হয়তো সি অৰ্জন কৰিছে কিছু প্ৰতিপত্তি আৰু সন্মান।
দুই
বাহিৰত ঘটংকৈ এটা শব্দ হৈছে। এযোৰ হাৱাই ছেণ্ডেল আগবাঢ়ি আহিছে— উচ্ছৃংখল আৰু বিক্ষিপ্ত। দুৱাৰত টোকৰ মৰাৰ প্ৰশ্ন নাই, ভিতৰলৈ সোমাবলৈ অনুমতি লোৱাৰ প্ৰয়োজন বোধ নাই। কোন?
কুকি। সেই আঠবছৰীয়া ল'ৰাটোৰ বাহিৰে এই ঘৰখনলৈ যেতিয়াই-তেতিয়াই সোমাই আহিবলৈ আৰু আছেইবা কোন!
কুকি আৰু মই। দুপৰীয়াৰ এই সময়কণ আমি দুয়ো বৰ ওচৰা-উচৰিকৈ কটাওঁ। অথচ আমাৰ দুয়োৰে দুখন নিজা পৃথিৱী আছে। তাৰ অকণমানি চকুদুটাত আছে ভৱিষ্যতৰ অলেখ সপোন আৰু মোৰ ভাগৰুৱা মনটোত থিতাপি লৈ আছে অতীতৰ অনেক ডুখৰীয়া স্মৃতি। মোৰ এই অকলশৰীয়া অৱস্থাটোৰ কোনো তাৎক্ষণিক সমাধান নাই। আনহাতে কুকিৰ নিঃসংগতা সাময়িক। দূৰৰ স্কুল এখনত চাকৰি কৰা এহাল মানুহ তেওঁলোকৰ কৰ্মক্ষেত্ৰৰ পৰা উভতি নহা পৰ্যন্ত সি ইয়াতেই থাকিব। তাৰ স্কুল সোনকালে ছুটী হয়,- - সেইকাৰণে এই ব্যৱস্থা। ভালেই হৈছে। চুবুৰীয়া মানুহ এঘৰক উপকাৰ কৰাৰ নামত মোৰহে যেন সময় কটোৱাৰ এটা উপায় ওলাল।
এতিয়া সি এসোপা লাংখা-লিংখি উলিয়াই ল’ব। আমাৰ ঘৰতেই কোনোবা এচুকত তাৰ প্ৰয়োজনীয় ক্ৰীড়া-সামগ্ৰী সযতনে লুকুৱাই থোৱা আছে। অৱশ্যে নগৰত বাস কৰা স্কুলীয়া ল’ৰাবোৰৰ দৰে চালে চকুৰোৱা খেলৰ সৰঞ্জাম তাৰ নাই। এটা পুৰণা, ভগা ৰেডিঅ’ৰ ভিতৰৰ লাম-লাকটু, এডোখৰ চুম্বক, সময়ৰ সৈতে কোনোদিনেই সম্পৰ্ক নৰখা এটা ৰংচঙীয়া প্লাষ্টিকৰ ঘড়ী,— সম্পত্তিৰ নমুনা হিচাপে এইকেইবিধ বস্তুৰ নাম উল্লেখ কৰিব পৰা যায়। বাবন, চন্দনহঁতৰ কেনেবাকৈ থাকি যোৱা দুই-এপদ সামগ্ৰীও উত্তাৰাধিকাৰী সূত্ৰে যেন তাৰ।
বাবনে লিখা শেষ চিঠিখনৰ খামৰ পৰা যোৱা সপ্তাহত ডাক টিকট দুখনমান এৰুৱাই
দি কৈছিলো,—“এইকেইখন বাবন মামা থকা দেশৰ টিকট।”
[ ৭৭ ]
“এইবোৰত কি লিখা আছে আইতা?” কুকিয়ে সোধে।
“জানো! মই আখৰ পঢ়িব নোৱাৰো নহয়!”—মই কওঁ।
“কিয়? তুমি মোৰ নিচিনাকৈ স্কুলত পঢ়া নাছিলা?”—সি পুনৰ সোধে।
“নহয় অ’চকুৰে মনিবহে নোৱাৰো।”—মই অসহায়ভাৱে কওঁ। অৱশ্যে মোৰ সকলো উত্তৰ শুনি থাকিবলৈ তাৰ সিমান ধৈৰ্য নাই। মোৰ অসহায় অৱস্থাটো বুজিবলৈ তাৰ বোধশক্তিও হোৱা নাই। মই মনে মনে ভাবো, —এই বোধশক্তি নোহোৱালৈকেইতো সুখ! অথচ আমাৰ যে কত বিড়ম্বনা!
চিঠি এখনৰ বাবে ৰৈ থাকোঁ। মাত এষাৰ শুনিবলৈ ৰৈ থাকোঁ দিনৰ পিছত দিন। খং উঠে। অভিমান হয়। সেই অনুভৱ, সেই বেথা ভাগ কৰি ল’বলৈ এই পৃথিৱীত এতিয়া মোৰ মানুহটো নাই। এনেকুৱা সময়ত মোৰ বিছনাখন থকা এই দহফুট বাই বাৰফুট কোঠালিটোকেই মই অতিক্ৰম নোৱৰা এখন বিশাল পৃথিৱী যেন লাগে।
তিনি
আমেৰিকা।
সেই দেশখনে হেনো কোটি কোটি মাইল দূৰৰ গ্ৰহ-উপগ্ৰহলৈ মহাকাশযান পঠিয়ায়। কোনো মানুহ-দুনুহ নথকা, আনকি উশাহ ল’বলৈ বায়ু অকণ নথকা মহাশূন্যলৈ মানুহ পঠিয়াই গৌৰৱ কৰে। তেওঁলোকে বাৰু ল'ৰা এটাক দুনিশাৰ বাবে তাৰ মাকজনীৰ ওচৰলৈ পঠিয়াব নোৱাৰেনে?
গৰম পানীৰ বেগটোৰে সোঁভৰিৰ আঁঠুৰ ওপৰৰ এডোখৰ সেকি সেকি মই কেতিয়াবা চন্দনক সোধোঁ,—“বাবনৰ শেষ চিঠিখন কেতিয়া আহিছিল অ’?”
“জানো! মনত নাই। দুই-তিনিমাহ হ’ল চাগৈ”— সিটো কোঠাৰ পৰা উত্তৰ আহে।
“ওহোঁ”— মই মনে মনে এটা হিচাপ কৰি কওঁ,— “ছমাহৰ কম নহ'ব।”
কিছুদিনৰ আগলৈকে ঠিকা-ঠুকলিৰ কামত চন্দন যেতিয়া বাহিৰলৈ ওলাই যায় আৰু ঘৰখনত কৰিবলৈ বিশেষ কাম-বন নাথাকে, তেনেকুৱা একোটা নিজঞ্জাল দুপৰীয়া, একো ভাল নলগা মুহূৰ্তত মই সযতনে সাঁচি থোৱা চিঠিৰ জাপ এটা উলিয়াই লৈছিলো। কোনোবা এখন চিঠিত হয়তো উত্তৰ এৰিজোনা প্ৰদেশৰ মোহনীয় বৰ্ণনা, কোনোবা এখনত আৰ্কানছাছ নদীৰ ৰূপ। মই কোনোপধ্যেই বুজি নোপোৱা বহুজাতিক কোম্পানিৰ কথা।
চিঠিবোৰ এখন এখনকৈ পঢ়ি বহুত সময়লৈ মই আপোন-পাহৰা হৈ থাকিছিলো। কিন্তু তাৰ মাজতেই অভিমানৰ একো একোটা নিয়ৰ টোপালে মোৰ চকু দুটা আৰ্দ্ৰ কৰিব খুজিছিল। মই কেতিয়াবা,—আনকি এতিয়াও ভাবোঁ,—অন্ততঃ দেউতাকৰ শেষ [ ৭৮ ] দিনকেইটাত সি তেওঁৰ কাষত থাকিব লগিছিল। এগৰাকী বিদেশিনীৰ সৈতে তাৰ বিবাহ সম্পৰ্কে দেউতাকৰ স্থিতি যিয়েই নহওক, মানুহটোৰ মৃত্যুৰ সময়লৈ কথাটো সি ধৰি থাকিব নালাগিছিল। অথচ ঘটনাবোৰ এটাৰ পাছত এটাকৈ এনেদৰে ঘটিবলৈ লয়। যে ওৰেনিশা বিছনাখনত পৰি ভাবি ভাবি সময় অতিবাহিত কৰাৰ বাহিৰে কৰিবলগীয়া যেন একোৱেই নাথাকে।
যি নহওক, এটা দুখজনক পৰিস্থিতিৰ বাবে কাৰোবাক জগৰীয়া কৰাৰ সময়ছোৱা যেনিবা পাৰ হ'ল। মোৰ গৃহস্থ ঢুকোৱাৰ শোকৰ মাজতো মই এই ভাবি আশান্বিত হৈ উঠিলো যে বাবন এইবাৰ ঘৰলৈ আহিব। খং-অভিমান, অসন্তোষ কৰিবলৈ এতিয়াতো আৰু কোনো নাই!
মই চন্দনক কাতৰভাৱে সোধোঁ,—“তই নগৰলৈ গৈ ফোন এটা কৰিব নোৱাৰনে?”
“কৈছোঁ দেখোন, তাৰ আগৰ চাকৰিটো সলোৱাৰ পাছত নতুন নম্বৰ সি দিয়াই নাই”—চন্দনে ফেপেৰি পাতি ধৰে।
কুকিয়ে যেতিয়া মজিয়াত প্লাষ্টিক নতুবা কাপোৰেৰে বনোৱা পুতলাবোৰ লৈ অকলে - অকলে উমলি থাকে মোৰ তেতিয়া বাবনলৈ মনত পৰে। চাইকেলৰ চকাৰ ৰিম এটাক মাৰি এডালেৰে কোবাই-কোবাই সিযে কেতিয়াবা কোনোবাখিনি পাইছিলগৈ, সেইটো চলাই থাকোঁতে মুখেৰেও সি যে গাড়ী চলোৱাৰ দৰে এটা অদ্ভুত শব্দ উলিয়াইছিল! এদিন যে সি হঠাৎ নোহোৱা হৈছিল আৰু অনেক বিচাৰ-খোচাৰৰ অন্তত নৈৰ মথাউৰিত পাই দেউতাকে তাক দুছাট লগাই চোঁচোৰাই আনিছিল, আৰু কৈছিল,—“আগলৈ আমাক নোসোধাকৈ ক'লৈকো নাযাবি”,—সেই কথাবোৰ মনত পৰে।
পঢ়া-শুনা সামৰি এদিন সি নৈৰ মথাউৰি পাৰ হৈ, আমাৰ এই আওহতীয়া ঠাইডোখৰ এৰি, আনকি দেশখনৰ সীমাও অতিক্ৰম কৰি গুচি গ'ল বহুত দূৰৰ দেশ এখনলৈ। জীৱন আৰু জীৱিকাৰ তাড়নাই মানুহক যে ক'লৈ নিয়ে! মোৰ মনটোৱে হাহাকাৰ কৰি উঠিছিল। ৰান্ধনিঘৰত মই লুকাই কান্দিছিলো। ৰাতি বিছনাত পৰি বহু সময়লৈ টোপনি যাব পৰা নাছিলো। তেখেতে,—মানে বাবনৰ দেউতাকে কৈছিল,—“সুযোগটো পাইছে যেতিয়া যাওক দিয়া।”
সেইখিনিলৈকে যেনিবা ঠিকেই আছিল। আমাৰ সৰু পুত্ৰ চন্দনৰ মুখলৈ চাই বাবন দূৰলৈ যোৱাৰ শোকটো পাতলাব পাৰিছিলো। প্ৰতিবেশীৰ সমুখত গৰ্বও কৰিব পাৰিছিলো। পাছপ'ৰ্ট, ভিছা, বিদেশী কোম্পানি, ডলাৰ, — এইবোৰৰ একো আও-ভাও নোপোৱা, নগৰৰ পৰা দূৰৈৰ এডোখৰ তেনেই আওহতীয়া ঠাইত বাস কৰি থকা এটা সাধাৰণ পৰিয়ালৰ পৰা ওলাই ইমান দূৰলৈ যাব পৰাটো কম কথাতো নহয়!
অৱশ্যে সাধাৰণ পৰিয়াল বুলিনো কেনেকৈ কওঁ? দেশীয় চৰকাৰখনে মোৰ শহুৰ [ ৭৯ ] দেউতাক জানো মুক্তিযুঁজাৰু বুলি স্বীকৃতি দিয়া নাই? আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে আমাক জানো সম্ভ্ৰমৰ দৃষ্টিৰে চোৱা নাই? টকা-পইচা আৰু মৰ্যাদা নামৰ সম্পদ দুবিধৰ ক্ষেত্ৰত ঈশ্বৰে আমাৰ সৈতে এই পৰ্যন্ত ধেমালি-ধুমুলা কৰা নাই। মোৰ শাৰীৰিক অৱস্থাটো অলপ আহুকলীয়া হ'লেও কাৰো প্ৰতি মোৰ ভীষণ অভিযোগ নাই।
চাৰি
এতিয়া মই চিঠিৰ আখৰ পঢ়িব নোৱৰা হৈছোঁ। দুপৰীয়া পিয়নজনে চিঠিখন দি গ'লেও চন্দন অহালৈ বাট চাই থাকোঁ। সি আজৰি হৈ চিঠিখন হাতত নোলোৱালৈকে মই অস্থিৰ হৈ থাকোঁ। অজান আশংকাত কেতিয়াবা মোৰ হাত-ভৰি কঁপে। কিন্তু সেইখন পঢ়িবলৈ সি জানো আগ্ৰহ দেখুৱায়? মোৰ এই এটা অসুবিধা। কিমানদিন ভাবোঁ, আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিম। পৰাপক্ষত লোকক আমনি নকৰাকৈ থাকিম। অথচ ইমান স্বাধীনতা মোক মোৰ শৰীৰে নিদিয়ে। শেষপৰ্যন্ত কাৰোবাৰ ওচৰত শৰণাপন্ন হ’বলগীয়া হ’বই। ইয়াৰ বাবে মইনো কাক জগৰীয়া কৰিব পাৰোঁ? নগৰলৈ গৈ চকুৰ ছানি কটোৱাৰ কথাটো চন্দনে দুদিনমান উলিয়াইছিল। পিছে মইহে হেলা কৰি থাকিলো। চলিয়েইতো আছোঁ! অইন কামততো অসুবিধা হোৱা নাই!
খুব দৰকাৰত পৰিলে মই আমাৰ চুবুৰীয়া হৰনাথৰ পুতেক ভেলুক মতাই আনো। সি মাজে মাজে ইটো-সিটো আনি দিয়ে। এপোৱা চেনি, একলিটাৰ কেৰাছিন, মমবাতি দুডাল,—এনেকুৱা হঠাতে অনাবলগীয়া সামগ্ৰীৰ ক্ষেত্ৰত মোৰ ভাৰসা ভেলু। অৱশ্যে সিও স্কুলৰ ওপৰ শ্ৰেণী পাইছে, হৰনাথে তাৰ পঢ়া-শুনাৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে,—গতিকে এতিয়া ভেলুক আমনি কৰিবলৈ ভাল নালাগে।
এনেকুৱা সময়তেই চন্দনৰ ওপৰত খং উঠে। ঘৰখন কেনেকৈ চলিছে,—সি বাৰু তাৰ খবৰ ৰাখিব নালাগেনে? অথচ সি ব্ৰহ্মাণ্ডৰ খবৰ জানে। হয়, — প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবলৈ, চাকৰিৰ ইণ্টাৰভিউ দিবলৈ সি জীৱনত কোনো কালেই প্ৰয়োজন নোহোৱা কিছুমান অদ্ভুত প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি থৈছিল। চাকৰিৰ চিন্তাটো এতিয়া তাৰ মূৰৰ পৰা সমূলি ওলাই গ'ল। এতিয়া ঠিকা-ঠুকলিৰ নামত দিনৰ দিনটো সি বাহিৰত থকা কৰিছে। কোনো কাম-বন নোহোৱাকৈ, উপাৰ্জন নোহোৱাকৈ এটা ডেকা মানুহে কেনেকৈ বাৰু টলৌ টলৌকৈ ঘূৰি ফুৰিব পাৰে? কেনেকৈ বাৰু নিশ্চিন্তে টোপনি যাব পাৰে?
নাই, মোক ল’ৰাহঁতৰ উপাৰ্জনৰ ধন নালাগে। মোৰ জীৱনটোৰ জোখাৰে চলিব পৰাকৈ এটা পেঞ্চন আৰু পিতৃ-পুৰুষৰ কিছু সাঁচতীয়া টকা আছে। কিন্তু চন্দনে কি
কৰিব? এই কথাষাৰ মনলৈ আহিলেই মোৰ বুকুৰ ধপধপনিৰ শব্দটো বেছি হয়।[ ৮০ ] অনিশ্চয়তাৰ এটা ভয়ে মোৰ হাত-ভৰিবোৰ চেঁচা কৰি আনে। অৱশ্যে তালৈ মোৰ পুতৌও ওপজে। কিয়নো মোৰ শহুৰ দেউতাৰ ত্যাগৰ বিনিময়ত দেশীয় চৰকাৰে আসন সংৰক্ষণৰ যি সুবিধা আগবঢ়াইছে, সেইটো লাভ কৰিছে বাবনে, চন্দনৰ বেলিকা সেই সুযোগ নাই।
পাঁচ
কুকিয়ে ভূচিত্ৰাৱলীখন আনিছে। আখৰবোৰ মই চকুৰে মনিব পৰা নাই। অনুমান কৰি গুলপীয়া ৰঙৰ ভূখণ্ড এটা দেখুৱাই কৈছোঁ,—“ভালকৈ চাচোন কি লিখা আছে?”
বিচিত্ৰ ৰং আৰু বিভিন্ন আকৃতিৰ আখৰৰ হেঁচাত সি হয়তো অলপ বিভ্ৰান্ত হৈছে। মই পুনৰ ক’বলৈ ধৰিছোঁ,—“এইখনেই হ’ব লাগে বুজিছ, এইখনেই আমেৰিকা, ইয়াতেই ক’ৰবাত এৰিজোনা নামৰ এখন ঠাই—, ভালকৈ চাচোন কুকি, পাইছনে?”
কেইবাখনো দেশ আৰু ৰাজধানীৰ নাম সি ভুলকৈ আৰু অস্পষ্টকৈ পঢ়িছে। আৰু হঠাৎ এবাৰ সি আনন্দতে জঁপিয়াই উঠাৰ ভংগীত গাটো জোকাৰি কৈছে,—“আইতা, এয়া পাইছোঁ আমেৰিকা।”
“ইয়াতেই, বুজিছ কুকি, ইয়াতেই আমাৰ বাবন থাকে” — কথাষাৰ কওঁতে মই একপ্ৰকাৰ শিশুসুলভ আচৰণ কৰিলো। একধৰণৰ আনন্দৰ আতিশয্য প্ৰকাশ কৰি মই পুনৰ ক'বলৈ ধৰিলো,—“এইবাৰ পূজাৰ সময়তেই সি আহিব হ’বলা। সি আহিলে তাৰ লগতেই মই গুচি যামগৈ।”
“ক’লৈ?”— সি সুধিলে।
“আমেৰিকালৈ আকৌ!”— মই ক'লো।
“চন্দন মামা?”— সি পুনৰ সুধিলে। প্ৰশ্নটোত মোৰ উচ্ছ্বাস কিছু স্তিমিত হৈ পৰিল। পলকতে মই এখন কল্পনাৰ পৃথিৱীৰ পৰা এগৰাকী আদহীয়া মহিলাৰ বয়সলৈ প্ৰত্যাৱৰ্তন কৰিলো। মোৰ সাময়িক মৌনতাক কুকিয়ে ভ্ৰূক্ষেপ নকৰিলে। ভূচিত্ৰাৱলীখন এৰি অন্য কিছুমান সামগ্ৰীৰ সহযোগত সি তাৰ নিজৰ মনোজগতত ব্যস্ত হৈ পৰিল।
“টিকট দুখন কি কৰিলি?”— কথাটো মই তাক এনেয়ে এবাৰ সুধিলো।
“কি টিকট?”— সি ওভোতাই সুধিলে।
“সিদিনাযে দিছিলো আমেৰিকাৰ টিকট দুখন”—মই সোঁৱৰাই দিবলৈ চেষ্টা কৰিলো।
“সেই দুখন দেখোন আমাৰ দেশৰহে টিকট, আমেৰিকাৰ নহয়েই”— সি মোক এটা জোকাৰণি দিলে।
“আমেৰিকাৰ নহয়? কোনে ক’লে?”—মই অস্থিৰ হৈ উঠিলো।
“দেউতাই।”— সি নিৰ্বিকাৰভাৱে ক'লে।
[ ৮১ ] কথাখিনিত মোৰ অলপ খেলিমেলি লাগিল। সন্দেহৰ এছাটি বতাহে মোৰ গাৰ নোমবোৰ কঁপাই গ'ল। কিছুসময় তেনেকৈয়ে থাকি মই কুকিক ক’লো,—“ভেলুক অকণ মাতি আনিব পাৰিবি?”
একো উৱাদিহ নাপালেও কুকি বিদ্যুৎ-বেগেৰে দৌৰি গ'ল। আৰু কেইমিনিটমানৰ ভিতৰতে ভেলুক লৈ সি উভতিল। এজাপ চিঠি উলিয়াই মই ভেলুক ক’লো,- চিঠিবোৰৰ ছীল-মোহৰবোৰ ভালকৈ চাচোন ভেলু, ধৰিব পাৰিবিনে এইবোৰ ক'ৰ পৰা অহা?”
ৰহস্য গল্পৰ গোয়েন্দা এজনৰ নিষ্ঠা আৰু একাগ্ৰতাৰে ভেলুৱে চিঠিবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিলে আৰু কিছুসময়ৰ পাছত এটা সিদ্ধান্তত উপনীত হোৱাৰ দৰে মুখভংগী কৰি ক’লে,—“পুৰণি দুখনমান চিঠিহে আমেৰিকাৰ। পিছৰবোৰৰ আখৰ সেইদুখনৰ লগত নিমিলে৷ ভিতৰৰ কথাখিনি আন কোনোবাইহে লিখা।”
আন কোনোবাই মানে? কোনে?
মই চন্দনৰ টেবুলৰ পৰা তাৰ আখৰৰ নমুনা সংগ্ৰহ কৰিলো। এইবাৰ ভেলুৰ চকুদুটা জিলিকি উঠিল। “মিলি গৈছে”—সি ক’লে।
মই বুজি উঠিলো যে বাবনৰ শেষ চিঠিখন কেতিয়াবাই আহি গৈছে, য’ত সি লিখিছে যে ঘৰলৈ ওভতা তাৰ পক্ষে আৰু সম্ভৱ নহ'ব। মই ভাগি পৰোঁ বুলি, জীয়াই থকাৰ আশা হেৰুৱাই পেলাওঁ বুলি চন্দনে চিঠি লিখি লিখি ডাকত দিছিল। এজনী অসহায় মাকক আশ্বস্ত কৰিবলৈ জীৱনৰ আন ক’তো কামত লগাব নোৱৰা আৰ্কানছাছ নদী, উত্তৰ এৰিজোনাৰ বতৰৰ জ্ঞান সি কামত লগাইছিল।
দৈনিক জনসাধাৰণ, শৰৎ সংখ্যা, ২০০৩