পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শেষ চিঠি

এক

 কুকি আহিবৰ হৈছে। আজি সি ভূচিত্ৰাৱলীখন আনিব। মই কালিয়েই তাক কৈ থৈছিলো মানচিত্ৰ থকা কিতাপ এখন আনিবলৈ। সি সুধিছিল,—“কিহৰ মানচিত্ৰ?”

 মই কৈছিলো,—“পৃথিৱীৰ।”

 আজি তাক মই বাবন থকা দেশখন দেখুউৱাৰ কথা। সিনো কিটো বুজিব,—আচলতে মোৰহে এবাৰ বাবনক চুই চোৱাৰ হেঁপাহ। পিছে মানচিত্ৰত থকা ইমান সৰু সৰু আখৰবোৰ মই জানো চকুৰে মনিব পাৰিম? নোৱাৰিম হ’বলা! পিছে আঙুলিৰে চুই চাবতো পাৰিম! এনেকৈ কিমানযে নদ- নদী, সাগৰ-বন্দৰ নিমিষতে অতিক্ৰম কৰিব পৰা যায়! কিমান সহজেই যে হাতৰ তলুৱাত বন্দী কৰিব পৰা যায় এখন বিশাল পৃথিৱীক!

 পৃথিৱীখন হেনো নিচেই ক্ষুদ্ৰ গাঁও এখনৰ দৰে হৈ পৰিছে অকস্মাৎ। যোগাযোগৰ ব্যৱস্থা আচম্বিতে ইমান ক্ষিপ্ৰ আৰু উন্নত হৈ পৰিছে যে দূৰত্ব বোলা কথাটো এতিয়া হেনো কোনো সমস্যাই নহয়। টুঁট টুঁটকৈ দুটামান বুটাম টিপিলেই হ’ল,—যেন সমগ্ৰ পৃথিৱীখনেই আচাৰ খাই পৰিবহি আপোনাৰ শোৱনি কোঠাত।

 অথচ মোৰ অৱস্থাটো এতিয়া এনেকুৱা যে সাধ্যৰ ভিতৰত কিছু ধন-বিত খৰচ কৰিও মই পৃথিৱীৰ সিটো প্ৰান্তত থকা বাবনৰ মাত এষাৰ শুনিবলৈ এটা উপায় উলিয়াব পৰা নাই। আঠ বছৰ এনেকৈ অতিবাহিত হৈ গৈছে। সভ্য দেশৰ মানুহে এই কথা বিশ্বাস কৰিবলৈ টান পাব যে এই ইলেকট্ৰনিক যুগতো পৃথিৱীৰ ক’ৰবাত এহাল মাক-পুতেকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম—চিঠি। এখন সৰু নগৰৰ ৰূপ ল'ব খোজা এই পিছপৰা ঠাইডোখৰত এইপৰ্যন্ত টেলিফোনৰ ব্যৱস্থা হোৱাগৈ নাই।

 এই বয়সত ছানি পৰা দুটা চকু আৰু বাত বিষত জৰ্জৰিত ভৰি দুখন লৈ মোৰ দৰে এগৰাকী আদহীয়া মহিলাৰ পক্ষে দূৰৰ নগৰখনলৈ গৈ টেলিফোন বুথ এটাত খেপ দি থকাটো সম্ভৱনে? তদুপৰি, বাবন থকা দেশখনৰ স্থানীয় সময়টো মিলাই, সি চাকৰি কৰা কোম্পানীৰ সময়-তালিকাখন অনুমান কৰি, সেইমতে ঘৰৰ সকলো জঞ্জাল সামৰি মই বাৰু এটা টেলিফোনৰ বাবে নগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিব পাৰোঁনে? এই প্ৰশ্নটো যদি মোৰ অসুখীয়া শৰীৰটোলৈ চাই কৰা হয় তেন্তে তাৰ উত্তৰটো বৰ সন্তোষজনক