আলো মইৰ কি কহবো দুখ
।।ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। আলো মঞি কি কহবো দুখ।
পৰাণ নিগৰে নাদেখিয়া চান্দ-মুখ।।
পদ।। কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম।
বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।।
শ্যামকানু বিনে মোৰ নৰহে জীৱন।
হা শ্যাম বুলিতে অকুল কৰে মন।।
দিবস নযাই সুখে নযাই ৰজনী।
চান্দ চন্দন মন্দ-পবন বৈৰিণী।।
কোথা যাওঁ কোথা থাকোঁ কিবা কৰে মন।
কানাইৰ নেওছনি দেও সব বন্ধুজন।।
শ্যাম বন্ধু বিনে জীৱনৰ কিবা কাজ।
বিৰহ অনল জ্বলে হৃদয়ৰ মাজ।।
নাজানো দাৰুণ বিধি কি কৰে বিপত্তি।
কহয় মাধৱ ৰঙ্গা পদে মোৰ গতি।।