জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
।।গুৰু –ভটিমা।।
জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
জাকেৰি নাহিকে উপাম |
তোহাৰি চৰণে ৰেণু শত কৌটি
বাৰেক কৰোহোঁ প্ৰণাম ||
দৰশিত সুন্দৰ গৌৰ কলেবৰ
...যৈসন সূৰ পৰকাশ |
সকল-সভাসদ ৰঞ্জন জাকেৰি
দৰশনে পাপ বিনাশ ||
বিনে অঙ্গ ভূষণ পেখি সুশোভন
গহন গম্ভীৰ ধীৰমতি |
আয়ত কমল নয়ন বৰ সুন্দৰ
বয়ন চান্দকহো জ্যোতি ||
লীলা-গজপতি গমন-বিলোকন
বাণী মেঘ-গম্ভীৰ |
পাষণ্ড-মৰ্দ্দন কলিকো কালে
জাকু সম নাহি ধীৰ ||
জোহি নাৰায়ণ মায়া বিস্তাৰি
কৰু ত্ৰিজগত নিৰমাণ |
সনক সনাতন যোগী জাকেৰি
মহিমা কবহু নজান ||
সকল চৰচৰ পালনকাৰী
যো হৰি দেৱক দেৱা |
চতুৰ বয়ন শিৱ সুৰপতি জাকেৰি
কৰো নিত চৰণহি সেৱা ||
চাৰি বেদ শিৰোমণি মাজে
জাকেৰি চৰণ বিকাশ |
সেহি দেৱক কয়লি কলিকো
শংকৰদেৱ পৰকাশ ||
কি কহবো শংকৰ দেৱক মহিমা
জানি অন্ত নপাই |
জাকেৰি চৰণক ৰেণু শিৰে পৰশি
মুকুতি-সুখ সুখে পাই ||
মাধৱ দীন মূৰুখমতি কহয়
বাণী শুন সৱ লই |
বিনে গুৰু-চৰণ ভকতি –ৰকতি
মুকুতি কৱহুন হোই ||
ওহি পৰম তত্ত্ব বেদকো বাণী
জানি নৰ নকৰ বিৰাম |
ধৰমক কৰমক গৰৱক জোৰি
ডাকি বোলহু ৰাম ৰাম ||