আলো মাই তোহাৰ তনয় যদুমণি
।।ৰাগ - ভাটিয়ালী।।
ধ্ৰুং || আলো মাই তোহাৰ তনয় যদুমণি |
বকাসুৰ বধি হৰি পৰম আনন্দ কৰি
আইসে শুনা বংশীৰ ধ্বনি ||
পদ || ভয়ঙ্কৰ বক গোট ব্ৰজৰ সমান ঠোঁট
চুম্পি ৰহি আছে সাৱধানে |
বায়ুবেগে আসি ধায় গিলিল কৃষ্ণক পায়
দেখি আমি মৰিলো পৰাণে ||
তালুত লাগিল হৰি পেলাইল বাহিৰ কৰি
সকল বালকে আছো চাই |
পুনু আসে গিলিবাক ঠোঁটত ধৰিয়া তাক
ছিৰিয়া মাৰিলা...