পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এজন মহান অভিনেতাৰ মৃত্যুৰ বাতৰিৰে…
প্ৰণৱ বৰুৱা

তচদ্দুক ইউছুফৰ মৃত্যুৰ বাতৰি পালোঁ পাঠশালাত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিব ওলোৱা ‘ক্লিওপেট্ৰা’ৰ ক’লা-নিৰ্দেশনাৰ ব্যস্ততাৰ মাজত। ব্যথিত মনেৰে অলপ সময় কামৰপৰা বিৰতি লৈ সেই দিনবোৰলৈ উভতি গলোঁ। তচদ্দুকদাক ওচৰৰ পৰা ভালদৰে নাজানিলেও অভিনেতা, পৰিচালক হিচাপে তেখেতক মই নিচেই ওচৰতে পাইছিলোঁ। তেখেতে ‘হোল ট্ৰুথ’ৰ মঞ্চসজ্জাৰ ভাৰ মোৰ ওপৰত দিয়াত মই অবাক হৈছিলোঁ, কাৰণ সেই ক্ষেত্ৰত মই তেতিয়া অনভিজ্ঞ; নিম্নতম প্ৰয়োজনীয় খিনিৰে মই একমাত্ৰ ছেটটো সম্পূৰ্ণ কৰাত তেখেতে মোক প্ৰশংসা কৰিছিল। মই উৎসাহ পাইছিলোঁ। অভিনয়ৰ সম্পূৰ্ণ প্ৰস্তুতি লৈহে তেখেতে ৰিহাৰ্ছেললৈ আহিছিল। দুৰ্বল পৰিচালকৰ সঘনে হোৱা চিন্তাৰ বিজুতিত অভিনেতা-অভিনেত্ৰীসকলে হেৰোৱা আত্মবিশ্বাসক তেখেতে পুনৰ জন্ম দিছিল। একেবাৰে অভিনয় নজনা মানুহকো অভিনেতা পৰ্য্যায়লৈ অনাৰ দক্ষতা তচদ্দুকৰ আছিল। ই সম্ভৱ কেৱল সুস্থ