পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিচালকৰ বাবেহে। মঞ্চ-কলা সম্বন্ধে তেখেতৰ জ্ঞান আছিল অতুলনীয়। ‘নাট্যকাৰ সন্ধানত ছটি চৰিত্ৰ’ নাটকত এই স্বাক্ষৰ বহন কৰিছে। এটি বলিষ্ঠ কণ্ঠৰ ৰোধ হ’ল সঁচা, কিন্তু তাৰ প্ৰতিধ্বনি দৰ্শক হৃদয়ে হৃদয়ে প্ৰতিধ্বনিত হৈ ৰ’ব। অসমৰ নাট্য-জগতলৈ নব-জাগৰণ অনাসকলৰ ভিতৰত ইউছুফ চাহাব অন্যতম। গতানুগতিকাৰ বিৰুদ্ধে কৰা প্ৰতিবাদত তেখেতে সঁহাৰি পাইছিল। বক্তব্যৰ ফালপৰা নহলেও কলাগত গুণৰ বাবে তেখেতৰ নাটসমূহে এটা উচ্চ পৰ্য্যায় লাভ কৰিছিল।

মনত পৰে, তেখেতৰ লগত প্ৰথম চিনাকী হোৱা দিনটোৰ কথা। মই তেতিয়া কলেজৰ প্ৰথম বাৰ্ষিকত। চফল ডেকা। ধীৰে-সুস্থিৰে জোখা-জোখা খোজেৰে তচদ্দুকদাক ৰাষ্টাৰে গৈ থকা দেখি মাতিবলৈ মন গ’ল। মোৰ সম্ভাষণৰ প্ৰত্যুত্তৰ দি তেখেতে দুই-এটা কথা কৈ কৈ মোক ঘৰলৈ লৈ গ’ল। সুৰুচিসম্পন্ন ব্যক্তিৰ প্ৰতিফলন ঘৰখনতো দেখিলোঁ। মই চিত্ৰশিল্পী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলত ঘৰ বাহিৰে তেখেতেই উৎসাহ দিয়াত মনতে প্ৰফুল্লিত হৈছিলোঁ। তেখেতৰ মতে শিল্পী বহুমুখী হ’ব লাগে। মই যেন আশীৰ্বাদ পালোঁ। ছবি অঁকাৰ উপৰিও শিল্পসন্মত কঠিন কামত হাত
৩২