পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমৰ বুৰঞ্জী

 কায়স্থ— ইবিলাক উত্তম শ্ৰেণীৰ শূদ্ৰ। কায়স্থসকলে নিজে নাঙ্গল ধৰি কৃষি ব্যৱসায় নকৰে। ইবিলাক আদিতে ব্ৰাহ্মণৰ লগে লগেই অসমলৈ আহে। কিন্তু, কেইঘৰমান কায়স্থ পৃথকেও আহিছিল। স্বৰ্গদেৱ গদাধৰসিংহ আৰু স্বৰ্গদেৱ ৰূদ্ৰসিংহৰ দিনতো কেইঘৰমান কায়স্থ অসমলৈ আহিছিল।

 গণক বা দৈৱজ্ঞ— এই জাতিৰ মানুহ বহুকালৰ আগৰেপৰা অসমত আছে। এইবিলাক বামুণৰ সদৃশ উপবীতধাৰী। বামুণৰ দৰেই ইবিলাকে সন্ধ্যা-পূজা আদি কৰে। জ্যোতিষ গণনাই গণক আৰু দৈৱসকলৰ ঘাই বৃত্তি।

 কলিতা— ইবিলাক অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী। অসমত কলিতাৰ ৰজা আছিল , নৰকাসুৰ, ভগদত্ত, বজ্ৰদত্ত প্ৰভৃতি ৰজাসকলক কলিতা ৰজাৰ আদি পুৰুষ বুলি ধৰা হৈছে। পিচত, ক্ষত্ৰিয় কুলৰপৰা নমাৰ কাৰণে, ইবিলাকক কলিতা(কুলকুপ্ত) বোলা হয়। বৰকলিতা আৰু সৰুকলিতা বুলি এইজাতৰ খেল আছে ,দুয়ো খেলৰ মানুহে নাঙ্গল ধৰি কৃষি কৰে।

 কেওঁট— এই জাতি মানুহ অসমত আদিৰেপৰা আছে। ভাটীৰ ফালে কেওঁটক কৈৱৰ্ত্ত নামে জনা যায়। তাত হালোৱা কৈৱৰ্ত্ত আৰু জালোৱা কৈৱৰ্ত্ত নামে এই জাতি দুখেল। হালোৱা খেলৰ ব্যৱসায় কৃষি আৰু জালোৱা খেলৰ মাছ ধৰা আৰু মাছ-বেচা বৃত্তি , অসমত শেহৰ খেলক নদীয়াল বা কৈৱৰ্ত্ত বোলা হয়। কেওঁট জাতি কলিতাৰ শাৰীৰপৰা অলপ নামনাচত গণনীয়।

 কোঁচ— ইবিলাক কামৰূপ জিলাৰ আদিবাসী ৰাজবংশী মানুহ। মেছ বা কছাৰীৰপৰা হিন্দু সংসৰ্গত এই জাতিৰ উৎপত্তি। ইবিলাক আজিকালি ভাল শূদিৰৰ লেখত উঠিছে,আৰু কেওঁট-কলিতাৰ নামনাচত গণনীয় হৈছে। সৰুকোঁচ আৰু বৰকোঁচ নামে এই জাতিৰ দুখেল আছে।

 চুটিয়া— ইবিলাক উজনি অসমৰ ৰাজবংশী মানুহ আৰু সৌমাৰৰ এজাতি আদি-বাসী। হিন্দুধৰ্ম গ্ৰহণ কৰাৰপৰা ইবিলাক কোচ-কেওঁটৰ অলপ নামত গণনীয় হৈছে। হিন্দু-চুটিয়া, আহোম-চুটিয়া আৰু মিৰি-চুটিয়া নামে এইজাত মানুহৰ তিনি খেল আছে। মিৰি-চুটিয়াবিলাকৰ সৰহভাগ এতিয়াও পৰ্ব্বতীয়া জাতিৰ আচাৰ-ব্যৱহাৰতে আছে।

 মুছলমান বা মৰীয়া— খ্ৰীঃ ১২০৪ চনত গৌৰদেশৰপৰা মহম্মদ ঘোৰীৰ ৰণুৱা হৈ ইবিলাক অসমলৈ আহে। ইবিলাক ইছলাম ধৰমী মানুহ। আকৌ, খ্ৰী: ১৫৩২ চনত মুছলমানে অসম আক্ৰমণ কৰোতে কিছুমান সৈন্য ইয়াত বন্দী হৈ ৰৈ যায়। সিবিলাকে পাচলৈ কাহ-পিতলৰ সজুলি গঢ়ি তাকে সলাই জীৱিকা আৰ্জ্জিবলৈ ধৰিলে। সিবিলাকেই মৰীয়া নামে অভিহিত হয়। সিবিলাকৰ আচাৰ-ব্যৱহাৰ আৰু ধৰ্ম মুছলমান সদৃশ।

 এইবিলাকত বাজেও মট, নাপিত, পটীয়া, কমাৰ, কুমাৰ, ধোবা, সুত, যুগী, শালৈ,কাটনী, কৈৱৰ্ত্ত, নদীয়াল,বৃত্তিয়াল, হাৰি,শুঁৰী, চঁড়াল প্ৰভৃতি জাতৰ মানুহৰ অসমত বসতি আছে। সিবিলাকৰ নিজ বৃত্তি অনুসৰি জাতৰ নাম হৈছে; কিন্তু আচাৰ-ব্যৱহাৰত সিবিলাকৰ কোনো কোনো জাতি ওপৰ খাপৰ শূদিৰ জাতিৰ লগত চামিল হৈছে। ইয়াৰ উপৰিও লালুং, কছাৰী, বৰাহী, মটক, খাম্‌তি, মিৰি, মিকিৰ, খাচী, গাৰো,অঁকা, ডফলা, নগা প্ৰভৃত্তি পৰ্ব্বতীয়া আদিজাতি অসমত পূৰ্ব্বৰে পৰা বাস কৰি আছে।