পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অসমীয়া জাত-বিভাগ

 ব্ৰাহ্মণ বা বামুণ— অতি পুৰণি কালত আৰ্য জাতি কামৰূপলৈ অহাৰৰপৰা এই দেশত ব্ৰাহ্মণ বা বামুণৰ বসতি আছে। ভীষ্মক ৰজাৰ দিনত কুণ্ডিল নগৰ বা এতিয়াৰ শদিয়া অঞ্চলত ব্ৰাহ্মণৰ যাগ-যজ্ঞ, পূজা-সেৱা আদি চলাৰ চিন আছে। নৰকাসুৰৰ ৰাজত্ব কালত স্থাপিত বশিষ্ঠ মুনিৰ আশ্ৰমৰ চিন গুৱাহাটীত “বশিষ্ঠাশ্ৰম” এতিয়াও আছে। কমতেশ্বৰ দুৰ্ল্লভ নাৰায়ণৰ দিনত কান্যকুব্জৰপৰা দুঘৰ বামুণ আৰু বাৰঘৰ কায়স্থ কামৰূপলৈ অহাৰ তথ্য পোৱা যায়। পিচত, আহোম আৰু কোঁচ ৰজাৰ ৰাজত্বত বঙ্গ-দেশৰপৰাও কেইঘৰমান বামুণ অনোৱা হৈছিল। আৰু, কোঁচবংশী যুৱৰাজ চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰোতে, তেওঁৰে সৈতে বামুণ বেশেৰে ৰণ কৰা মানুহৰ ৮ আঁঠঘৰ সেই বেশেৰেই থাকি বামুণ হোৱাৰ বিবৃতি আছে (১)। সামবেদী ব্ৰাহ্মণৰ সংখ্যা অসমত নিচেই তাকৰ; ইয়াত কান্ব আৰু যজুৰ্বেদী ব্ৰাহ্মণৰ সংখ্যাহে সৰহ। যজন,যাজন, দান,অধ্যয়ন ইত্যাদিয়েই বামুণৰ ঘাই বৃত্তি।

 গোস্বামী বা গোঁসাই— যিবিলাক ধৰ্মপ্ৰচাৰকে দীক্ষা-মন্ত্ৰাদি দান কৰি শিষ্য প্ৰৱৰ্তায়, সিবিলাকক গোস্বামী বা গোসাঁই বোলা যায়। ইবিলাকৰ বৃত্তি অতি পুৰণি কালৰেপৰা অসমত চলি আহিছে। তথাপি, মহাৰজা ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনৰপৰা এইবিলাকৰ প্ৰতিপত্তি বাঢ়ি আহিল। অসমত ইবিলাকৰ সৰু-বৰ ভালেমান সত্ৰ আছে। সেই বিষয়ে পিচৰ একাধ্যাত বহলাই কোৱা হৈছে। গোঁসাই দুবিধ,কেৱলীয়া আৰু সংসাৰী।

 আহম বা আহোম— ইবিলাক অসমৰ ৰাজবংশী টাই জাতীয় মানুহ। আদিতে ইবিলাক ব্ৰহ্মদেশৰ অন্তৰ্গত ইৰাৱতী উপত্যকাৰ শ্যাম প্ৰদেশৰপৰা আহিছিল। তেতিয়া ইবিলাক ‘ফুৰালুং’ বা ‘মহাবিষ্ণু'পূজক বৈষ্ণৱধৰ্মী লোক আছিল। ইবিলাকৰ সবিশেষ বিৱৰণ যথাঠাইত বহলাই দিয়া হৈছে। জযধ্বজসিংহ স্বৰ্গদেৱৰ দিনত, ১৬৫৫ খ্ৰীষ্টাব্দৰৰপৰা আহোম ৰজাসকলে শাক্ত হিন্দুধৰ্ম গ্ৰহণ কৰে; আৰু মহাৰজা ৰূদ্ৰসিংহ স্বৰ্গদেৱৰ দিনৰপৰা আহোমসকলে বৈষ্ণৱ, শাক্ত আৰু শৈব্য তিনিও পন্থীয়া ধৰ্ম সংক্ৰান্ত বিষয়ত ভাগ-ভাগ হ’বলৈ ধৰে। উত্তম শ্ৰেণীৰ আহোমসকল অসমীয়া ক্ষত্ৰিয়ৰূপে গণনীয়।

 বৈশ্য— এই জাতি মানুহৰ বসতি অসমত আৰ্য্যবসতিৰ আৰম্ভণৰেপৰা আছে। উত্তৰ গুৱাহাটী আৰু বৰপেটাত এই জাতীয় অসমীয়া মানুহ অদ্যপি আছে। বৰ্তমান অৱস্থাৰ ফেৰত, সিবিলাকে আগৰ বাণিজ্য-ব্যৱসায় এৰি, এতিয়া খেতিপথাৰত ধৰিছে।

 মহন্ত অথবা মহাজন— মহাপুৰুষ ৺শঙ্কৰদেৱ আৰু ৺মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰাৰ লগে লগে অসমত কায়স্থ শূদিৰ সকলৰ ভিতৰতো এবিধ ধৰ্ম্মপ্ৰচাৰকৰ সৃষ্টি হয়। ইবিলাকক মহন্ত বা মহাজন বোলা যায়। এই মহন্তসকলৰ সত্ৰ আৰু শিষ্য অসমত বহুত আছে।


(১) ৺কাশীনাথ তামুলিফুকনৰ "অসম বুৰঞ্জী,২৫ আৰু ৩৩ পৃষ্ঠা।