কেন্দ্ৰীয় আলোচনা কেন্দ্ৰীয় আলোচনা (সহায়)
[[Special:MyLanguage/Meta:Shortcut|]]:
WS:S/H
WS:H
WS:RFA
কেন্দ্ৰীয় আলোচনা ৱিকিউৎসৰ মূল আলোচনা পৃষ্ঠা। অভিজ্ঞ ৱিকিমিডিয়ানৰ সহায় ল'বলৈ এই পৃষ্ঠাটো ৰখা হৈছে। ইয়াত মুকলিভাৱে আপোনাৰ প্ৰশ্ন সুধিব পাৰে বা মন্তব্য লিখিব পাৰে। আপুনি যিকোনো সক্ৰিয় আলোচনাত অংশ ল'ব পাৰে বা এটা নতুন আলোচনা আৰম্ভ কৰিব পাৰে। ইং ৱিকিউৎসৰ স্বেচ্ছাসেৱকসকলক #wikisource IRC চেনেলত পাব (এক ৱেব ক্লায়েণ্ট উপলব্ধ)।

অসমীয়া ৱিকিপিডিয়া সম্বন্ধে সম্পাদনা কৰক

মই অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আকৃষ্ট আৰু সেয়ে মই ইয়াৰ সম্পাদনাৰ লগত জড়িত বিভিন্ন ধৰনৰ কাম কাজত সহযোগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। গতিকে কোনোধৰণৰ পৃষ্ঠা সম্পাদনা কৰিব লগীয়া থাকিলে মোক জনাব পাৰে। আৰু মই এজন অসমীয়া সাহিত্যকৰ কিছুমান লিখনি ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰকাশ কৰিব খোজো।এই ক্ষেত্ৰত মোক পৰামৰ্শ দিব পাৰে। "2409:4065:E91:E521:E828:10AB:A285:69D5 ২০:০৬, ২২ ছেপ্টেম্বৰ ২০১৯ (IST)".উত্তৰ দিয়ক

এইখন মুক্ত পুথিভঁৰাল অসমীয়া ৱিকিউৎসহে। অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ (বিশ্বকোষীয়) লিখিব বা সম্পাদনা কৰিব খুজিলে https://as.wikipedia.org ঠিকনালৈ যাওক। ৱিকিউৎসত কপিৰাইটযুক্ত লেখা প্ৰকাশ কৰিব বিচাৰিলে কিছুমান নীতি-নিয়ম আছে। "সহায়:আপল'ড#কপিৰাইটযুক্ত সৃষ্টিৰ আপল'ড"ত এবাৰ চকু ফুৰাওক। কপিৰাইট উকলিলে সহজে সেয়া ৱিকিউৎসত অন্তৰ্ভুক্ত কৰিব পাৰি। Gitartha.bordoloi (talk) ২১:১৪, ২২ ছেপ্টেম্বৰ ২০১৯ (IST)উত্তৰ দিয়ক

১৯৩৮ চনৰ অসমীয়া কবিতাপুথি সম্পাদনা কৰক

মোৰ হাতত এখন ১৯৩৮ চনত প্ৰকাশ কৰা সৰু অসমীয়া কবিতাপুথি এখন আছে। মই এইখন মোৰ আইতাৰ পুৰণি কাঠৰ বাকচত পাইছিলোঁ। কিতাপৰ লিখক ভাৰত স্বাধীন হোৱাৰ সময়তে ঢুকাইছিল। আইতাহঁতো কেতিয়াবাই ঢুকাল। এইখন সংৰক্ষণ কৰাৰ উপযোগী বুলি মই ভাৱোঁ। ৱিকিউৎত দিবলৈ কি কৰিব লাগে জনালে সদয় হম। মই পৃষ্টাবোৰৰ পিডিএফ নকল বনাব পাৰোঁ। কিন্তু ৱিকিউৎত কেনেকে ভৰ্ত্তি কৰিব লাগে নাজানোঁ। মই ইয়াত অতি নতুন। আপোনালোকৰ সহায় বিচাৰিলোঁ।