ৰে মন সেৱহু হৰিকহু চৰণা
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। ৰে মন সেবহু হৰিকহু চৰণা
নিকটে দেখহু নিজ মৰণা।
দেখত হৰিকহু চৰণ শৰণ বিনে
নাহি ভৱভয় তৰণা।।
পদ।। চাৰি বেদ পুৰাণ যত ভাৰত
গীতা ভাগৱত চাই।
ওহি সাৰ বিচাৰ কয় ভাষত
হৰি বিনে তাৰক নাই।।
সনক সনাতন মুনি শুক নাৰদ
চতুৰ-বয়ন শূলপাণি।
সহস্ৰ-বয়ন আদি গাৱত হৰিগুণ
সকল নিগম তত্ত্ব জানি।।
কৃষ্ণ নাম-যশ পৰম অমিয়া ৰস
গাৱত মুকুত নিঃশেষ।
পৰম মূৰুখমতি কহয় মাধৱ দীন
শঙ্কৰ গুৰু উপদেশ।।