ৰে ৰে বিৰিন্দাবনে মোহন গোবিন্দ
।। ৰাগঃ গৌৰী।। তালঃ পৰি।।
ধ্ৰুং।। ৰে ৰে বিৰিন্দাবনে মনোমোহন গোৱিন্দ
বিজয় নন্দকু লালৰে।
শিঙ্গা শঙ্খ বেণু বায় ধায়া ধেনু
সঙ্গে ৰঙ্গে ব্ৰজ-বালৰে।।
পদ।। কনক কিঙ্কিণী ঝণকে বাজত
চৰণে মঞ্জীৰ ৰোলেৰে।
কোটি মনমথ মোহন মূৰুতি
হেৰয়ে সুৰ নৰ ভোলেৰে।।
অঙ্গ ভঙ্গি দুহোঁ চৰণ পল্লৱ
চলায়ে গোপিনী পিউৰে।
তাধিকা ধিঙ্গা থোগা মৃদহ্গ বাজত
নাচে জগ জীউৰে।।
চৌভিতি বালক বেঢ়ি জয় জয়
কৰত হৰি হৰি বোলৰে।
হৃদয়ে হেম হীৰ হাৰ গজমতি
মূৰুখ মাধৱ বোলৰে।।