ৰাজেন্দ্ৰলাল মিত্ৰ

’চনেট’

ওঠৰ শ ষাঠি চন ভাদৰ শেহহ পথ|
তিনিখন জাহাজ লাগিল কলিকতাৰ ঘাটত||
তিনিওখন খুন্দখোৱা বিলাতী বিদ্যাৰ|
কিলাকিলি মৰামৰি লাগিল কিনোতাৰ||
পাইকাৰি খুচুৰা খৰিদ বস্তাই বস্তাই মাল|
ৰাজা ইন্দ্ৰ লালে দেখে ঘটিল জঞ্জাল||
পালৰ পো কৃষ্ণদাস, লালবিহাৰী দে|
সৈতে বিমৰিষি কিনে তিনিওখনকে||
পুথি-খলিহা খৰিদ্দৰ বিফল মনোৰথে|
ঘৰাঘৰি গুচি গ’ল নিজ নিজ পথে||
এনুৱা ৰাজেন্দ্ৰলাল বঙ্গালীৰ বিঢ়া|
প্ৰত্নতত্বৰ খোলাত ভজা জহা ধানৰ চিৰা||
বাহ্‌ বা বাহ্‌ বা মিত্ৰি মশাই! কৃপা নিগদতি|
কি খাই ফুকালে জগে এনুৱা সন্ততি?