ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

’চনেট’


ঈশ্বৰচন্দ্ৰ নামে বাপু বাপেকৰ ল’ৰা|
সাহ পিত তেজ যেন চিপাহীৰ ঘোৰা||
খোপ-কটা মূৰত বাপুৰ টিংটিঙীয়া খং|
কেটেৰা গালিৰে দুষ্টৰ দূৰ কৰে ৰং||
বাহিৰে কঠাল কাঁইট ভিতৰত কোঁহ|
সাগৰ সঙ্কাশ দয়া, ভৰা মায়া মোহ||
বিদ্যাৰ সাগৰ, বাৰী দুখুনীৰ বান্ধ|
বিদ্যা আৰু বাৰী হৈ লৰে যেন ষাণ্ড||
সদাই হাতনি-পেৰা দুখীৰ অৰ্থে মেলা|
স্বদেশৰ বিপত্তিত নিজ বুকু গেলা||
ভৰিত ”তাল্‌তলী জোতা, ককালত মাৰ্কিন|
হাতত কিতাপ, গাত চেলেং নি:কিন||
বঙ্গাল দেশত বাপু চত-মহীয়া বেলি|
”ক্যাবাত্‌” যশস্যা-পাল দিয়া দেউ মেলি||