ৰণ্ জেউতি
প্ৰকাশক :
বিচিত্ৰনাৰায়ণ দত্তবৰুৱা, বি-এল
লয়াৰ্চ বুক ষ্টল
গুৱাহাটী, অসম।
মূল্য—ডেৰ টকা
মুদ্ৰাকৰ :
শ্ৰীকালীচৰণ পাল
নবজীৱন প্ৰেছ
৬৬। গ্ৰে ষ্ট্ৰীট, কলিকতা-৬
[ পাতনি ]
পাতনি
এই পুথিখনি কোন্ধোৱা আজি ভালেমান দিন হল। বিষয় বস্তুও জাতে পুৰণি। ৰচনাৰ ধৰণ-কাৰণ আৰু ছন্দ-অলঙ্কাৰ আদিও সেই তাহানিৰেই বুলিলেও বঢ়াই কোৱা নহয়। তথাপি ইয়াক প্ৰাচীন ধৰণৰ কাব্যৰ আভাস বুলিবলৈকো সাহ নহয়; কিয়নো, প্ৰাচীন কাব্যৰ সমালোচক সকলৰ বিচক্ষণ বিচাৰত ই যে দোষৰ পৰা অব্যাহতি পাব তেনে আশা মোৰ এধানিও নাই। আমাৰ কাব্যৰ ধাৰালৈ মাজতে অমিত্ৰাক্ষৰ ছন্দৰ পচিমীয়া বান এটি আহিল। সি অতকালে বৈ থকা অসমীয়াৰ একাৱলী গজগতি আদি ছন্দৰ জানজুৰিবিলাক বুৰাই হোলাবোৰেৰে একে-কটি কৰি পেলালে। বান শুকাই এতিয়াও পলস পৰা নাই। চামে চামে নতুন নমুনা আহিবই লাগিছে। বান আহে, বান যায়। কোনোকালেই সি খিলঞ্জীয়া নহয়। তাৰ ভিৰ ভাগিলে ঠায়ে ঠায়ে জান-জুৰি ওলাই পৰে। হয়তো তাৰ সীমা মুৰিয়লি , লৰচৰ হয়, পানীবোৰো কেচেমা কেচেম গোন্ধায়,—তথাপি তাৰ লোপ নহয়, শৰতৰ দৰে আকৌ একোটি যুগ আহি পানী তাৰ নিকা কৰিব, অন্তৰৰ উৎস বোৱাই আনি স্বভাৱৰ ধাৰেদি লৈ যাব। তালৈ এতিয়াও দিন আছে যেন লাগে। [ পাতনি ]
বৰ্ত্তমান যি না-নতুন না-পুৰণিৰ বোল—সেয়ে চকুত পৰিব মোৰ এই পুথিখনিত। নতুন বুলিলেই যে অনাদৃত হব, পুৰণি বুলিয়েই যে আদৰ পাব, এনে কোনো কথা সন্তৰ সমাজত চলিব নোৱাৰে, নচলে। এই সমস্য়া আজিৰ নহয়, ডেৰ হাজাৰ বছৰৰো আগতে কবি কালিদাসেও কৈ যাবলগীয়া হৈছিল,— “পুৰাণমিত্যেব ন সাধু সৰ্ব্বং ন চাপি কাব্যং নবমিত্যবদ্যম। সন্তঃ পৰীক্ষ্যান্যতৰদ্ভজন্তে, মুঢ়ঃ পৰপ্ৰত্যয়নেয় বুদ্ধিঃ॥”—আজিকালিৰ যি নতুনত্ব তাৰ সৰহ ভাগেই বিদেশৰ আমদানী, চকুৰ আগৰটি এৰি আঁতৰৰ উপমাৰে বিজতৰীয়া। তেতিয়াৰ দিনৰ নতুনত্ব উদ্ভৱ হৈছিল দেশৰ স্বাভাবিক ধাৰাত আপোনা আপুনি। এয়ে যি প্ৰভেদ। প্ৰভেদ যিমানে বিয়াপক হৈছে, সিমানেই নতুনৰ সমস্যাই চকুত ধৰিছে। আমাৰ ভাগ্য ভাল,— দেশত সন্তসকলৰ অন্ত হোৱা নাই৷ পুৰণিৰ বুকুত নতুন ৰচনাৰ ধাউতি এটি চকুত পৰাত দেখাক দেখি পুৰণি গাটোত নতুন সাজপাৰ পিন্ধি ওলাই আহিবৰ সাহ হৈছে। ওলাই আহিছোঁ। সন্তসকলে নিজগুণে পৰীক্ষা কৰি যেনে মন যায় তাকে যেন কৰে।
পুথিখনিৰ সূত্ৰডালি মূল মহাভাৰতৰ। তাকে ঠায়ে ঠায়ে বোলাই নিজৰ অভিৰুচিৰে অলঙ্কাৰ-পাতি খুৱাই সময়োপযোগী কৰিবৰ চেষ্টা কৰা হৈছে। লগে লগে আশঙ্কাও জাগিছে,— জানোচা অযথা ঠাইত অলঙ্কাৰৰ অপপ্ৰয়োগ কৰি হাস্যাস্পদ হোৱা যায়। তেওবুলি সান্তনাৰ ঠাই আছে,—কাহিনীটিত [ পাতনি ] মোৰ কপোলকম্পিত বেচি একো নাই, ত্ৰিকালজ্ঞ বেদব্যাসকে প্ৰতিপদতে সামান্য বিদ্যা-বুদ্ধিৰে যতদূৰ অনুসৰণ কৰিব পাৰি তাকে মাথোন কৰা হৈছে। বীৰ ঘটৎকচৰ জন্ম হিড়িম্বাপুৰত, যাক আমি আমাৰ ডিমাপুৰ বুলিয়েই বিশ্বাস কৰোঁ। নৰকাসুৰক অসুৰ বোলাৰ দৰে হিড়িম্বকো সেইকালৰ লোকে হয়তো ৰাক্ষস বুলিছিল। ই হল তেতিয়াৰ দিনৰ আৰ্য্য আৰু আৰ্য্যেতৰৰ মনোভাব। তেহেলৈ যেই হওক, ঘটোৎকচে হিড়িম্বাৰ গৰ্ভত জন্ম ধাৰণ কৰিও নিজৰ শৌৰ্য্য-বীৰ্য্যেৰে অৱহেলিত ৰাক্ষসকূল কিমান ওপৰলৈ তুলিলে, কেনেকৈয়ে বা নিজপ্ৰাণ আহুতি দি মহাভাৰতৰ মহাযুদ্ধ প্ৰকাৰান্তৰে জয় কৰি দি গল, তাৰ আদ্যোপান্ত কথা ব্যাসদেৱৰ শ্ৰীমুখৰ শ্লোকাৱলীৰ পৰা শুনিবলৈ পালে বুকু নাচি উঠে। এনে এজন অসমবাসী নাই, ভাৰতবাসী নাই, যি জানি-শুনি এই মহত্ত্ব, এই বীৰত্বলৈ চাই গৌৰব নকৰিব। হিড়িম্বাপুৰৰ লোকসকল আদিতে মহাভাৰতত উল্লিখিত কিৰাতসকলৰ এটা ঠেঙ্গুলি আছিল বুলি সিবিলাকৰ বংশধৰ সকলে বিশ্বাস কৰে। অৰ্জ্জুনৰ আৰাধনাত সন্তুষ্ট হৈ কিৰাত ৰূপেৰে হৰ-পাৰ্ব্বতীয়ে তেওঁক অস্ত্ৰদান কৰাৰ কথা মূল মহাভাৰততে আছে। সিবিলাকে হৰ-পাৰ্ব্বতীক আজিও অন্য নামেৰে পূজা কৰে। কামাখ্যাক “কামৰূ” বুলি আৰাধনা কৰাৰ কথা সিবিলাকৰ শিক্ষিত জনদিয়েকে স্বীকাৰ কৰে। কামাখ্যা কিমান পুৰণি কোৱাটি টান। মহাভাৰতৰ যুদ্ধতকৈ যে ই পুৰণি এই কথা বিশ্বাস কৰিবলৈ যথেষ্ট কাৰণ আছে। ৰণলৈ ওলায়েই [ পাতনি ] মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জ্জুনৰ হতুৱাই যি দুৰ্গাৰ স্তৱ কৰোৱাইছিল, কামাখ্যা সেই দুৰ্গাদেবীৰে নামান্তৰ, তেৱেঁই—“ব্ৰজে কাত্যায়নীপৰা”, “কামাখ্যা নীলপৰ্ব্বতে”। অৱশ্যে সবিশেষ বৈজ্ঞানিক অনুসন্ধানৰ আলোকত ইয়াৰ ঐতিহাসিক সিদ্ধান্ত সম্ভৱপৰ হৈ উঠা নাই। তেও বুলি সম্প্ৰতি পুৰুষানুক্ৰমে চলি অহা বিশ্বাস আৰু প্ৰবাদৰ ওপৰত নিৰ্ভৰ নকৰি যে নোৱাৰি। আমাৰ মণিপুৰ, আমাৰ ভীষ্মকৰ কুণ্ডিল, আমাৰ শোনিতপুৰ, বোলে মহাভাৰতৰ সেই সেই ঠাইবোৰ নহয়; —এনে উভঁহা উলিওৱা ঐতিহাসিকৰ দুই চাৰিজন যে নাই তাকে নো কোৱা যায় কেনেকৈ? ইয়াৰ উত্তৰত কবলৈ একো নাই। প্ৰসিদ্ধ ঐতিহাসিকসকল বিচক্ষণ পণ্ডিত,— তাত সন্দেহ নাই; কিন্তু সেই বুলি সিবিলাক ঋষি নহয়। বৈদিক যুগৰ পৰাই ভাৰতে ঋষিৰ আপ্তবচনেই প্ৰমাণ বুলি মানি আহিছে। গতিকে পুথিখনিৰ বিষয়-বস্তুত ভাৰতবাসীলৈ অকনো সন্দেহৰ স্থল থাকিব নোৱাৰে। সি গঙ্গাজলৰ দৰে সত্য আৰু পবিত্ৰ।
গঙ্গাজল ৰাইজৰ আগলৈ দিওঁতে কোনোৱে দিয়ে সোণৰ বান বাটিত, কোনোৱে দিয়ে ভুৰুকাত। পাত্ৰ লৈহে উখনা- উখনি হব পাৰে আৰু হয়ো; জল লৈ নহয়। মোৰ দৰে দীন দুখীয়াই সোণৰ বাটি পায় ক’ত? ভুৰুকাটিকে আওখালি মচি-কাছি ব্যৱহাৰ নকৰি সি কৰে কি?
ভাবৰ পাত্ৰ বা বাহন স্বৰূপে যি ছন্দৰ আশ্ৰয় লোৱা হৈছে সিও মোৰ নিজৰ উদ্ভাৱন নহয়। আমাৰে ছন্দবিলাকত যোগ [ পাতনি ] বিয়োগ কৰি একো একোটি নতুন ৰূপৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে। শব্দবিলাকো হেমকোষৰেই, তাত নোহোৱা একোটিহঁতহে চন্দ্ৰকান্ত অভিধানৰ। মাজে মাজে খাজে-খোজে খাই পৰা অসমীয়া মাত একোটি প্ৰতিশব্দলৈ বিচাৰি নেপাই মহাভাৰতৰ শব্দকে গোটে গোটে দিবলৈ বাধ্য হৈছোঁ। এতিয়া এনে ছন্দ, এনে শব্দৰ সঙ্গতিয়ে পাঠক-পাঠিকা সকলক সন্তোষ দি গন্তব্য স্থানলৈ নিব পাৰে নে নোৱাৰে সেয়ে হল কথা। নিব পাৰক বুলিয়েই এই চেষ্টা কৰা হ'ল। সিমানতো নোৱাৰিলে—মোৰেই দুৰ্কপাল।
ইতিমধ্যে দুই চাৰিখনি পুথি লিখি বেচ এটি নাম কৰা হৈছে,—মোৰ পুথিখিনি বোলে দুৰ্বোধ্য! উপায় নাই। নিজৰ ৰচনাৰ টিকা কৰি বুজাবলৈ দেখোন কেনেবা লাগে। তথাপি বুজাৰ সুবিধালৈ চাই এইবাৰ আচহুৱাৰ গন্ধ থকা শব্দ একোটিৰ টোকা একোটিকে দি চাইছোঁ। টান পোৱাসকলে সন্তোষ পালেই কৃতকৃত্য হলোঁ বুলি ভাবিম।
আমাৰ ভাষাত কাব্য পুথিৰ নাটনিৰ কথা কৈ কেবা-গৰাকীও অধ্যাপক বন্ধুৱে ঘনে ঘনে মোক উচটাব লাগিছে। প্ৰকাশ্যে সিবিলাকৰ গুণ লবৰ বৰ মন গৈছিল। ভয় লাগিল, নোৱাৰিলোঁ। মুখেৰে নুফুটাই অন্তৰেৰেই লৈছোঁ। মোৰ বিশ্বাস, সিবিলাকে অন্তৰেৰে বেচ বুজিব।
পুথিখনি ততাতৈয়াকৈ ছপা কৰাই মনমোহাকৈ প্ৰকাশ কৰোৱা বাবে “লয়াৰ্চ বুক ষ্টলৰ” গৰাকী—শ্ৰীবিচিত্ৰনাৰায়ণ [ পাতনি ] দত্তবৰুৱা বাপাদেওক প্ৰাণ খুলি আশীৰ্ব্বাদ কৰিছোঁ—ভগবানে যেন তেওঁৰ মঙ্গল বিধান কৰে, আৰু সহায়-সাৰথিহীন লিখক সকলক এই দৰেই উপায় একোটি দিবলৈ তেওঁৰ বাহুত যেন বল দিয়ে, অন্তৰত যেন শক্তি দিয়ে।
কিমধিকমিতি।
মহানবমী—–১৮৭৭ শক। |
ইন্দ্ৰ |
[ ১ ]
ৰণ্ জেউতি
প্ৰথম সৰ্গ
দেবী নে মানবী তুমি? দেখিলোঁ দূৰত
কুঁৱলীৰ গিলিপেৰে ছট-পোহৰত
অগাধ অটব্য হাবি অতি বিতোপন,
কাষ পাই দেখোঁ ইকি দিব্য তপোবন!
প্ৰাচ্যৰ প্ৰতিমাখনি কোন কাহানিৰ
মূৰ্ত্তিমতী নীলাচল বেশ কুমাৰীৰ ১
বহি আছে শিলটিত, ৰিবি ৰিবি বাই
ডালি ডালি চুলি দিয়ে ৰদত মেলাই;
গম্ভীৰ মু’খনি কেনে চেনেহে অতুল,
সজল নয়ন যুৰি তৃষ্ণাত আকুল;
নীলিমাত মিলে সউ সুনীল পাহাৰ,
ওপৰেদি তিৰবিৰ নীলা চন্দোৱাৰ;
পদতলে বই যায় লাটিপুটিকই
মাতৃঘাতী পৰশুৰ পাপহৰা নই!—২
জননীৰো জনমতী—এয়ে যে সাক্ষাত!
অকৃতী সন্তান,—আই!―লোৱাঁ প্ৰণিপাত।
‘শ্বহীদ’ৰ দিন আজি। গৌৰব অতীত—
উচুপি উঠিছে ঘনে কৰুণ ধ্বনিত।
গোচৰত জলে যেয়ে তাৰে গুণ কই
স্মৃতিৰ তৰ্পণ দিলে আজি দিনলই।
কত ফুল মৰহিল এই ফুলনিৰ,
কত বীৰ উপজিল বীৰপ্ৰসূতিৰ!
ৰূপে গুণে হীন যিটি তাৰো যে কথাটি
জননীৰ অন্তৰত বাজে দিনে ৰাতি,
উজাৰিল শোক আজি এটি এটিকই;
লগৰে ল’ৰাটি বুলি সোধে লাহেকই,—
কৰুণ কঁপনি তুলি প্ৰাণৰ বীণত
মাতৃৰ মুখৰ মউ পশিল কাণত,—
“শুনিলি নে, সোণ অই, ক’তো কোনো দিনে
কণাকণি কোনোবাই কৰা কোনো পিনে?—
দুটি মোৰ সিংহ-শিশু ৰিপুকুলজিনা
গুচি গল দলে বলে এইয়া সিদিনা।
কি যে সেই পয়োভৰ হাজাৰ হাতীৰ
খোজে খোজে কঁপিছিল লুইতৰ তীৰ,
পিতৃশত্ৰু পাত কৰা ৰণ জেউতিৰে ৩
ছাড়িছিল সিংহনাদ দুয়ো দুই তীৰে;
গল অই, চাই চাই মোৰ মুখলই
ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰ তাৰ যুঁজলই!
ভাটীলই যোৱা বেলি কতনো ফিৰিল,
দুটিকই পোনা মোৰ আজিও নাহিল!”—
কঁপি গল ওঁঠ দুটি নুফুটিল মাত,
খন্তেক বাটলে চালে, নপৰিল শাঁত।
জালি দিয়া হুতাহেৰে সুধিলে দুনাই,—
“নেভাঁৰিবি বাছা অই, আছে নে জীয়াই?”—
উস্, কিনো আকুলতা মাতৃ-হৃদয়ৰ!—
বুকুত বাজিল শেল। কি দিওঁ উত্তৰ?
— জীয়াই? জীয়ায়ে আছে শুনা মোৰ আই,
চিৰজীৱী ব্যাসদেৱে ৰাখিছে জীয়াই, ৪
সিদ্ধিদাতা হেড়ম্বৰ দিব্য লেখনীত
হিড়িম্বানন্দন সেই আজিও জীৱিত;
আজিও জীৱিত আই ভগদত্ত বীৰ
ভয়ঙ্কৰ পৰাক্ৰম ত্ৰাস অৰাতিৰ—
“জীয়াই? জীয়ায়ে আছে পোনা দুটি মোৰ?”—
ৰ’লাগি চকুযুৰি বই গল লোৰ।
পাতলিল পলকতে মেঘৰ আন্ধাৰ,
মুকলি মনেৰে যেন কলে ঘূৰিবাৰ,—
“সেই যে পোনাটি মোৰ দখিণপৰীয়া
নেদেখি মু’খনি যাৰ জ্বলে আজি হিয়া,
শিৰত নাছিল তাৰ সাধাৰণ চুলি
পালে সি কেনেবা নাম ঘটোৎকচ বুলি। ৫
সেই নামে ঢাকোঁ ময়ো মণি আঁচলৰ,
জানোচা নামতে মুখ লাগে খেতৰৰ।৬
এয়েই বহুত মোৰ আছে যে জীয়াই;
পিতাকে কোলাত ললে, নেদেখিলোঁ নাই।
তেওঁচোঁ নেমানে মনে,—এনে টান তাৰ!—
থাকি থাকি আই বুলি মাতেনে এবাৰ?
কই যা, কই যা বাছা, কি শুনিলি তই,
হওক হিয়াৰ দাহ যদি শাঁত হয়।”—
কিয় কোৱাঁ আই মোৰ কেৱোঁ শক্তি নাই,
জনাজনে আহি যদি নিজে নোকোৱায়।
জয়তু বিশালবুদ্ধি আয়ত নেত্ৰৰ
মহামুনি বেদৱ্যাস, কবি ভাৰতৰ—
সুধাভাণ্ড কাৰ্ষ্ণ বেদ নাই যাৰ পাৰ, ৭
জগতৰ সত্য যত জলে পৰিষ্কাৰ,
জ্বলালা তেনেটি দীপ যুগযুগলই।
ইমান জেউতি তাৰ!—
দুৰদৃষ্ট মই,
নমনো দিনতে আই দেখোঁ ছঁয়াময়া,
নাতৰে মনৰ নিশা নকৰিলে দয়া।
হে কবি, হে ঋষি,—উদাৰ মহান!
দয়া কৰাঁ অবোধক, দিয়াঁ চক্ষুদান।
স্মৃতিৰ অঞ্জলি ঢালোঁ মন্ত্ৰেৰে তোমাৰ,
জননী জনমভূমি হক জাতিষ্কাৰ।
অতি ভাগ্যবান আই তোমাৰ পোনাটি,
কুৰুক্ষেত্ৰ সমৰত ৰাখিলে যি খ্যাতি
বিক্ৰমেৰে পূৰ্ণ কৰি পিতৃ-মনোৰথ
মোলান পৰিল তাতে যত অতিৰথ।
যিদিনা ওলায় বীৰ মুখে হস্তিনাৰ,
কত ৰথ কত অশ্ব পদাতি সেনাৰ—
বীৰ-পদ-ঘাৱে ধৰা ধূলিয়ৰি কৰি
হুহুঙ্কাৰ সিংহনাদে উঠিল গুজৰি!—
প্ৰলয়ৰ খণ্ড মেঘ পৃথিবী কঁপাই
হিলদ’ল ভাঙ্গি যেন তীৰবেগে ধায়।
কৃষ্ণদ্বেষী কৌৰবৰ আমন্ত্ৰিত ৰথী, ৮
হাজাৰ হাতীৰে যোৰা সমদল গঠি
যুদ্ধযাত্ৰা কৰিছিল ভগদত্ত বীৰে।
অতিক্ৰম কৰি তাকো অশ্বৰ গতিৰে
উৰি গল কাষৰেদি ধুমুহাৰ নাতি। ৯
—চকু-মুখে নেপেলালে উৰা ধূলিছাটি।
দুয়ো পক্ষে দুই বীৰ লগালগি হল,
তথাপিতো কুৰুক্ষেত্ৰ লাগি যে নগল!
আচৰিত কথা আই, এই পৃথিবীৰ
বৰ বৰ সমাজত সুসভ্য জাতিৰ
বাঘে ঘোঙে লগে চৰে, এৰে কাক কোনে?
শত্ৰুৰ নিষ্কৃতি আশা নাই কোনো পোনে।
দূৰৰ বিৰোধী ঢউ কাষলই মাতি
ঘৰে পৰে শত্ৰু শালি ফুৰে দিনে ৰাতি।—
এয়েহে, এয়েহে যদি সভ্যতাৰ চিন,
নিবিচাৰোঁ সুসভ্যতা, য’ক মোৰ দিন।
বোলক ৰাক্ষস মোক, বোলক অসুৰ,৭
ভায়ে ভায়ে মিলি যাম যাওঁ যতদূৰ।
হাঁহিও নহঁহা সেই চিকোণ দৃষ্টিৰে
কথা শুনি আয়ে মোৰ কলে ধীৰে ধীৰে,
“জানানে নেজানা জানো গুৰি-গছ খুলি?—
দুপাততে দেখুৱালে সি যে বৰপুলি।
ৰাক্ষস অসুৰ সিও বীৰ্য্য বিধাতাৰ।
একে সেই মহাশক্তি বিৰোধ বিকাৰ।
নিয়োজি ক্ষত্ৰিয় তেজ ৰণ জেউতিৰ
অলক্ষিতে নিজ কাৰ্য্য চলিছে সৃষ্টিৰ।
ৰাক্ষসৰো নীতি আছে, আছে ক্ষত্ৰিয়ৰ,
একে সি নদীৰ নীতি ভিন্ন প্ৰকাৰৰ।
পঠালে অসুৰ স্ৰজি মোৰ কোঁচলই,
সিহঁতৰো আছে স্নেহ আইভাইলই।”—
শুনিছোঁ শুনিছোঁ আই, নীতি অসুৰৰ,
ৰণৰ বেলিকা ৰণ,—নীতি সি ভীষ্মৰ। —
যমকাল পিতামহ ৰণৰ ক্ষেত্ৰত,
বুকুত বিপক্ষ দল লয়হি ঘৰত। ১০
—“আদিৰে ক্ষত্ৰিয় তেজ নহয় কেৱল
সিদিনাৰ তেজো মিলি হল সমুজ্জ্বল।
শুনিবা নে বাছা মোৰ, শুনা কই যাওঁ।
—পোনাটিৰ কথা কই পাৰকে নেপাওঁ।”
নিজ নয়নৰ স্মৃতি মৰমত গঁথা
শুনোৱাঁ পোনাৰ আই, জনমৰ কথা।
শুনি শুনি বীণাধ্বনি অতীত স্মৃতিৰ
উতলি উঠক তেজ মোৰো ধমনীৰ।
⸻
দ্বিতীয় সৰ্গ
তাহানি এদিনা এনে বেলি গল লহিয়াই,
সাজ কৰা ৰতোৱাল তেতিয়াও তোলা নাই।
অদূৰত নগাগিৰি, বিমোহন শালনিত ১১
শূৰ্পনখা মোহিনীৰ মন যেনে কুৎসিত
তাদৃশ ৰাক্ষস এক জালি পাতি জোপ লই
খপিছে সি নিজা ৰং ডালেৰে লিপিতকই।
শেন যেন চকুযোৰে কিবা যেন ফুট পাই
চোঁচা ললে ঘৰলই ৰাটি মুখত নাই।
পদূলিত বাট চোৱা গাভৰুটি লগ ধৰি
কলে কথা উলাহত গা তিনিখন কৰি,
পিৰিকিত হাঁহি ফুটে ঘনে চাই পাচলই—
—“পালোঁ পালোঁ পালোঁ অই অতদিনে ৰই ৰই
মনৰ মানুহ সউ পালোঁ আজি অজান্তিৰ
ধৰিব আজিহে ফল মনে পতা কথাটিৰ।
যা তই বেগেতাই মাৰ কুমাৰণী বাণ, ১২
ছলে হ’ক, বলে হ’ক, বলাই ঘৰলে’ আন।—
বহল বুকুৰ ফেৰ কেনে লহপহ কৰে
নাকৰ আগেদি যেন টোপা টোপে তেজ সৰে!
যাওঁ মই, খৰ কৰ, দেওশাল পাতোঁগই;
কেঁচা তেজ ঢালি তাৰ দেও ডাকি পূজা কই ১৩
সুখেৰে প্ৰসাদ পাম। আৰু মোক কোনে পায়?
বেলিয়ে লুকাব চাবি। ৰই আছ কিটো চাই?”—
কথাৰ পাখিৰে উৰি ৰাক্ষস নমনা হল,
গাভৰুৰো হিয়াখনি বিমোৰত বুৰি গল।—
স্বভাৱতে নাৰী-হিয়া হত্যা শুনি হটি যায়,
ভাল পাই বধ কৰা বিদা তাই শিকা নাই।
থমকিল গতিমতি কেনেকে’নো কিটো কৰে,
একেটি মুহূৰ্ত্ত তাতে স্বপ্ন কত উঠে পৰে।
—এক চক্ৰা ৰাজ্যতাৰ বকাসুৰ দুহিতাৰ ১৪
জানোচা আবৰী মন বৰী হয় এইবাৰ।—
দেও যদি লাগি যায় নবৰি নোৱাৰে তাই।
—দদাৰ মৰমখিনি নিয়ে জানো চমু চাই!
—হিয়াৰ এচুকে ঠাই নিদিবনে ভনী বুলি?
—আৰু মোৰ আছে কোন, কোনে মোক লয় তুলি?
চাওঁতে পৰিল চকু শালনিৰ কাষৰেদি
লীলাগতি চলি যায় হাতীৰ পোৱালি এটি।
আগবাঢ়ি দেখে গই—টিলা সিযে পাহাৰৰ!—
পিঠিত ইমান জাঁজ; কৰে দেখোঁ লৰচৰ!—
নহয় নহয় সউ, তেজগোঁৰা হাতভৰি!
পাতে ঢকা কাক’চুঙা বোজাৰে শুকান খৰি;—
তেজ শুহি ম’হটোক পিঠিত পেলাই লই
যায় যেনে বৰ বাঘ, গই আছে তেনেকই!
—হোলোকনি খোৱা পানী পৰে দেখোঁ বাটে বাটে;—
—মাতেনে নেমাতে তাই? আগেয়ে কেনেকে মাতে?
আগত থমকে শিল শাল জোপা লাগি ধৰি,
কাষেদি নিজৰা গল সুৰ সুৰ কৰে জৰি।
আগ বাঢ়ি ফিৰি চায় চকুৰে কেৰাহিকই,
কোনোবা জনমে যেন আনি দিলে মনলই;—
মিলি গল চাৰি চকু লাগি গল ফুলবাণ,
ভেদি নিলে মৰমেদি, কঁপিল দুখান প্ৰাণ।
চকুৱে চকুৱে কথা, মুখে গম দিয়া নাই,
চকুতে চিনিলে হিয়া নিজে নিজা ছবি চাই।
পতাৰে ওৰণি টানি লাজুকীৰ চকুযোৰ
আধা মুদি আধা মেলে অলস লাসেৰে ভোৰ।
ফুল বছা আগুৰাণ লীলাৰে ফুলত ধৰি
নখৰ পাহিৰে বাছে কিবা ভাবি কিবা কৰি।
লাগে যেন বাঘমোৰ, মূৰ দেহি ঘূৰি গল,
ঘূৰিল মনৰো মুখ নোলটা-নাগুৱা হল।—
হেপাহো যে নপলায় পথভুলা পথিকৰ!
চাই চাই ছবিখনি চকু দুটি দিলে ঠৰ;
বিশ্বজিনা মোহিনীৰ অবাক কটাক্ষ বাণ—
সি কি দৃষ্টি নহুষৰ— শুহি নিয়ে মন প্ৰাণ।*
ওলাল কুমলি কথা, কয় থোকাথুকিকই,—
“কোন তুমি? আছা কাৰ আশাৰ পথত ৰই?”
মাত শুনি দিলে মাত লাজুকীয়ে মুখ চাই,—
“এয়ে মোৰ আশা পথ, অন্য পথ আৰু নাই।”
ইঙ্গিততে বুজি বীৰে কলে বাক্য প্ৰতিকূল,—
“ফিৰি যোৱাঁ ফিৰি যোৱাঁ, নকৰিবা মহাভুল।
এই পথ যায় নানা সউ বৰগছলই,
চাৰি ভাই য’ত মোৰ আছে চাই বাটলই,
তৃষ্ণাত কাতৰ মাতৃ তৃষাতুৰ নয়নেৰে
আছে চাগে চাই চাই কেনিনো সি হাবি লৰে।”—
মনত পৰিয়ে বীৰ গুচি গল থিতাদহে।—
কায়া গল ছাঁয়াটিয়ে নগৈ কেনেকে সহে?—
মমৰ পুতলি তই, অৰে অৰে অ’ আজলী,
নুমাবলে’ গলি জুই নিজে দেখোঁ গলি গলি!—
বৰৰ ছাঁয়াত বীৰে পালেগই ততালিকে
নিজাত জুৰোৱা জালা আই ভাই সবাটিকে।
নিজৰ ধিক্কাৰ ছাড়ি কাঢ়ে কি যে হুমুনিয়া;
ঘূৰি দেখে গাভৰুক, এৰা তাই নাই দিয়া।
মাটি ফুটি তীব্ৰ তাপ উঠে কিনো মুৰলই;
অন্তৰত তোলপাৰ, পাৰ পায় কেনেকই!
খন্তেকতে ঠেলি ৰাগ জাগে জ্ঞান হিতাহিত,—
আচিন অতিথি নাৰী গৰ্জ্জি খেদা অনুচিত।
কলে বীৰে কোমলাই,— জানো নিদ্ৰা ভাগি যায়,—
“ফিৰি যোৱাঁ এতিয়াও, ৰক্ষা পোৱা আশা নাই।”
কথা শুনি গাভৰুৱে কয় কথা হিয়া খুলি,—
“প্ৰাণ মোৰ এৰি দিও আহিছোঁ ৰাখিম বুলি।
আই ভাই সকলোটি লোৱাঁ তুলি বেগেতাই,
ৰক্ষাপোৱা আশা য’ত নিওঁ তালে উৰুৱাই।
হিড়িম্ব নামৰ ৰজা হিড়িম্বাপুৰৰ এই
কালান্তক যম তেওঁ আহি নউ পাওঁতেই।
পঠিয়ালে দূতী মোক নিবলে’ তোমাক ছলি।
নেজানা নেজানা প্ৰিয়, দদা মোৰ ব-ৰ বলী।
“বৰ বলি হব চাবা”, মিচিকি হাঁহিলে বীৰে,—১৫
“হিড়িম্বৰ ভগ্নী তুমি, পাৰিবা নে চাব থিৰে?
নোৱাৰা যদিহে নাৰী, অবিলম্বে যোৱাঁ গুচি
গুহাত লুকুৱা গই আতঙ্কত কুঁচি-মুচি।
সউ যে দেখিছা মোৰ লেখৰ চাৰিটি ভাই
দহোটা ৰজায়ো এটি জোৰোৱাৰ আশা নাই।
শুনিছা নে কেতিয়াবা পাণ্ডৱৰ পাঁচ নাম?
পিঠিত মাতৃক লই তেজি নিজে নিজধাম
পশিছেহি অৰণ্যত, —বিধি সিযে বিধাতাৰ,—
জানাতো সিংহক তুমি, পাঁচপাত অস্ত্ৰ তাৰ,
যেনি যায় জিনি যায়, সাধ্য কাৰ ৰোধে গতি।
ক্ষমা কিন্তু কৰাঁ নাৰী, নুবুজোঁ যে তিৰীমতি,—
চকুৰ একেটি টিপ তাতে তুমি যোৱা টলি,
হিয়াভৰা ভ্ৰাতৃ-প্ৰেম দিবা তাকো জলাঞ্জলি?
ইও যে ছলনা জাল কোনে জানে পতা নাই,
নিজ স্বাৰ্থ সিদ্ধিলই নিব খোজা উৰুৱাই।”
কঁপি গল নাৰী দেহি, কয় কথা আঠু পাৰি,—
—“কিবা বুলি কিবা কওঁ, গৰকি নোচোৱা নাৰী।
নেজানো কি লগনত দেখিছিলোঁ চকুযুৰি।
আন্ধি লগা নয়নেৰে নমনিলোঁ কাকো ঘূৰি।
নাই নাই, মন মোৰ আহি আছে অহালই,
নুঘূৰাবা নাগচিবা, বাট দিয়াঁ দয়াকই।”
—শালনিৰ গৰভত ইকি শব্দ, উঠে কাৰ?—
পতাল গাজনি যেন ভয়ঙ্কৰ হুহুঙ্কাৰ!
চঁকি উঠে গাভৰুটি, কয় কঁপি থৰথৰ,—
“দদাৰ হুঙ্কাৰ সেই শুনা শুনা বীৰবৰ,
এতিয়াও আছে কাল, বলা বলা তুলি লই
আই ভাই সকলোটি যাওঁ সউ দূৰলই।
নহলে নেজানো আজি ঘটে কি যে হাহাকাৰ,
দাঁতেৰে নখেৰে ছিড়ি কৰে জানো একাকাৰ।
কেনেকে কি চিতে চায় এই মোৰ চকুযোৰে?”
—তিয়ালে দুখনি গাল ধাৰাষাৰ চকুলোৰে;
চৰণত ধৰি কৰে বাৰে বাৰে অনুনয়।
হাঁহিলে মাথোন ভীমে, নুবুজিলে কিনো কয়।
দেখে কি, দেখে কি সউ মূৰ্ত্তি ঘোৰ কদাকাৰ!
মুঠিৰ যাঠীৰে উৰি বিকট শব্দেৰে তাৰ
পৰিলেহি হুৰুসাই! চিঞৰি উঠিল নাৰী,—
“কোনে আজি ৰাখে মোক, নিলেহি, নিলেহি মাৰি।”
গৰজি উঠিল ভীম, —“ৰাখিম ৰাখিম মই।
সাৰ পাব চিঞৰত। নিচিঞৰাঁ। নাই ভয়।
পাচলে’, পাচলে’ আহাঁ, নেৰিছোঁ তোমাৰে তাক।”
গৰ্জ্জি দেখোঁ হিড়িম্বই খেদি যায় হিড়িম্বাক,—
“হেৰ হেৰ ঘৰভাঙ্গী! ঘূৰি গলি ঘৰ পাই,—
চেলেকিছ চিকাৰক। অকণো সঁজাত নাই।
কিয়, কিয় আৰু তোক? যা তয়ো চিকাৰেৰে।”—
আঁজুৰি প্ৰকাণ্ড শিল মাৰে দলি আক্ৰোহেৰে;
গদাৰে নিবাৰি ভীমে টানি তাক দূৰলই
দিলেগে দাৰুণ খুন্দা সাঁফি তাৰ লৰাকই৷
বুজিলে দুয়োকো দুয়ে, খন্তেক টলকা লাগি
হাঁফোলা মাৰিব খুজি ঘূৰি দুয়ো দিলে বাগি।
কেৰেপীয়া মাল যুঁজ লাগি গল হতাহতি।
মুষ্টিৰ প্ৰহাৰ উহ! কোনো যে নপৰে হটি।
হয়তো পিছল দেহা তেজে ঘামে মিহলত।—
চঁক ধৰে সিংহ বাঘ চঁকি চঁকি আস্ফোটত।
যাঠীৰে গদাৰে যুঁজ চল নাই কাৰো মুঠে,
ঘনে ঘনে আঘাতত জুই ফিৰিঙ্গটি উঠে।
যুঁজে সেই ম’হে ম’হে, ম’হে বাঘে যুঁজে এই,
উচাটেৰে উফৰিছে গৰাহত পৰে যেই,—
দাঁতে দাঁতে কড় কড় খহে শিল গড় গড়
হুৰ-মুৰ ৰণচালি কঁপে হাবি থৰথৰ,
ডাকল ডাকিনী নিশা কৰে কিনো খাওঁ খাওঁ,
দূৰে দূৰে ফেৰুপাল কাঢ়িছে ভীষণ ৰাও!
প্ৰহাৰত হিড়ম্বই সোমালেগে’ শালবন,
দুনাই ভুমুকি মাৰি লগালেহি ঘোৰ ৰণ।—
এই জলি ধনজুই এইচোঁ নুমাই যায়,
কিবা সি আসুৰী মায়া এই আছে এই নাই!
পৰে ভীম বিবুধিত, খাপ পাতি খাপ লয়।
বহুপৰ হল যুঁজ, নাই কাৰো পৰাজয়।
ইফালে হিড়িম্বা দেহি, মনে মানে চাই থাকি
বুকুত বানিছে ধান আঁচলেৰে চকু ঢাকি;
মচি মচি চকু লোৰ গল তিতি আগুৰাণ,
কাণে শুনে মৰা-জীয়া হুতাহৰ তীব্ৰ টান।
হঠাত তেনেতে কোনে শুনাকে আটাহ পাৰে?
উচাপত উঠি বহে য’তে যি নাছিল সাৰে।
আন্ধাৰত কুন্তী আই কথা কিনো নমনিলে,
সেহাই সেহাই কয়,—“ভীম জানো উলটিলে!”
ততালিকে হিড়িম্বাই পানী দিলে যতনাই,
তৃপ্ত হল পান কৰি মাতৃ সমে চাৰি ভাই।
ললে তেতিয়াহে সুধি কোনে সেই পানী দিয়ে,
কঁপি জপি চমুকই বিবৰিলে যুৱতীয়ে।
নহল সকলো শেষ, ঘাই কথা ৰল পৰি,—
এনেতে কি অকস্মাত আকাশ ৰাঙ্গলী কৰি
ছুটে কি যে বনজুই ধুমধাম শবদেৰে,
থোৰতে বুজিলে কথা ভীমে যুঁজে দদাকেৰে।
মাতৃক প্ৰণাম কৰি ধৰ্ম্মৰ আদেশ লই
লৰি গল তিনি ভাই সেই ৰণথলীলই,
থমকি থমকি গল কুন্তী সতে যুধিষ্ঠিৰ
লগে লগে চলি যায় ৰোৱা কথা যুৱতীৰ।
লৰি গই তিনি ভায়ে দেখেগই অদূৰত,—
শুনে মাথোঁ ফোঁপাউৰি ফণা মেলা আন্ধাৰত!
নকুল, নকুল, ক’ত ৰণৰ চালনা তাৰ!
সলালে দৃষ্টিৰ কোণ পাতলিল অন্ধকাৰ,—
দেখে কি প্ৰকাণ্ড গজ ফেৰ পাতি আছে ৰই
সিংহ এটি পাঁজৰত বাগি দিয়ে খাপ লই।
সেয়ে সিংহ পাণ্ডৱৰ উমানতে চিনি পাই
কয় কথা পাৰ্থবীৰে শুনাকই চল চাই,—
“শ্ৰান্ত যদি দাদা তুমি দিয়াচোঁ মোলই এৰি,
আছে কত তেজ তাৰ ময়ো তাক চাওঁ পেৰি।
বনজুই সৃষ্টি কৰি ঠেলি ঠুলি হুৰোৱাই
পুৰি সি মাৰিব খোজে আৰণ্য পশুটি প্ৰায়।
পুৱালে বাঢ়ে যে বল যদি সি হে নিশাচৰ,
নুমুৱাঁ তুৰন্তে তাক এয়ে তাৰ অৱসৰ।”—
হাঁহে বীৰ বৃকোদৰে,—“কূট পাশ খেলে মোৰে,
খন্তেক আঁতৰি চোৱাঁ আৰু সি কি ভাও জোৰে।
হাতৰ মুঠিত মোৰ সাঙ্গী এই ভালুকৰ
গৰকি মাৰিম তাক নেলাগিব বহুপৰ”—
সিটিয়ে গহৰি কৰে ৰাতিটি পুৱাই যক,
খৰধৰ ইজনৰ ৰাতিটিতে শেষ হক।
টুকিটাকি শেষ শক্তি ভমকি উঠিল জলি
লাগে ঘূৰি হাহাকাৰ জুৰি সেই ৰণথলী
বিজুলী ছটকে ভীমে দিয়েকি অজলাপাক
বজ্ৰবেগে গদাঘাত কৰিলে কুমতে তাক,
—কৰীকুম্ভ ভাগি গল মৃগেন্দ্ৰৰ আঘাতত!
খহনীয়া বৰগছ লুইতৰ গৰভত
বহি যায় যেনেকই, বহি গল, বুৰি গল,
উৰি গল প্ৰাণশক্তি—কাললে’ নোহোৱা হল!
পুৱালে আকুল ৰাতি। হিড়িম্বৰ নয়নত
নুপুৱালে আকুল ৰাতি আৰু এই জনমত।
ডঁৰিকীয়ে ঘাই পাতি ধৰে দেও ডঁৰিকক,
মৰিল আজিহে ব্যাধ,—বাঘ সি যে কালান্তক!—১৬
জয়ী বীৰ বৃকোদৰ, ছাড়ে ঘনে সিংহনাদ,
চঁকি চঁকি শালনিয়ে তোলে তাৰ প্ৰতিনাদ,
মাতৃ সমে চাৰি ভাই কুতূহলে আহে লৰি
হিয়াৰে উহনি স্নেহ জনালে সাৱটি ধৰি।
হিড়িম্বা! নিৰ্ব্বাক তাই, চায়ো যেন দেখা নাই,
হঠাৎ চিঞৰি উঠে সকলোকে চমকাই,
‘দদা অই’ বুলি লৰি দদাকৰ দুভৰিত
থুকচি বাউলী শিৰ ঢলি পৰে ধৰণীত!
চাওঁতে উফৰি আহি ভীমলই আঠু পাৰি
বিনালে হুৰাও ৰাৱে কপালত হাত মাৰি,
“এনেনো এনেনো ক্ৰুৰ হব পাৰে এই সাজে!—
নাহৰ ফুটুকী ইয়ে ফুটুকা বনৰ মাজে!
পক্ষীৰাজ দদা মোৰ ডেউকা তলত তাৰ
পালিছিল অতদিনে;—কৰি দিলে ছাৰখাৰ!—
কি কৰিলা, নিঠুৰ ঐ, দদাক কলই নিলা?
অতকই সাধিছিলোঁ, তেও তুমি নেমানিলা।
কাতৰি কৰিলোঁ কত চৰণ দুখনি ছুই,
কিয় তুমি দিলা মোৰ বিনোৱা বুকুত জুই?”—
অশ্ৰু টুকি কুন্তী আয়ে হাত ধৰি হিড়িম্বাৰ
অঁতৰাই লই গই মচি দিলে অশ্ৰুধাৰ।
কয় কথা ধৰ্ম্মসুতে ভীমৰ মুখলৈ চাই,
“শুনিলোঁ, দেখিলোঁ কথা, আৰু একো বাকী নাই।
কৰ্ম্মেৰে ৰাক্ষস জানা এইযে হিড়িম্ব বীৰ,
ধৰ্ম্মেৰে উদাৰ হিয়া পাপ নাই যুৱতীৰ।
সেৱা ত্যাগ একাধাৰে এই প্ৰেয় সৰলতা
বীৰৰে হে উপভোগ্যা এনে নাৰী অনুগতা।
আশ্ৰয় ভাঙ্গিলা চোৱাঁ, নিমিত্ত কাৰণ তুমি।
আছেকে আশ্ৰয় দিয়া নোচোৱা এবাৰো জুমি?
লাগে যদি দিব্য বৰ, দিয়াঁ দিব পৰা বৰ,
আশ্ৰিতাক ৰক্ষা কৰা ধৰ্ম্ম ই যে ক্ষত্ৰিয়ৰ।
এয়ে মোৰ শেষ কথা, ইচ্ছা এয়ে জননীৰ,
হিড়িম্বাৰে জয়মাল্য বুকুত পিন্ধাহি বীৰ।”
আহিল এনেতে কুন্তী দৈয়কীৰ দৰে ধীৰে ১৭
ধৰি আনে আঁচলত অশ্ৰু মচা ওৰণিৰে
সোণ যেন হিডিম্বাক, সকলোৱে আছে চাই।
মাতৃৰ ভৰিত ধৰি কান্দি কলে হিড়িম্বাই,—
“কলই আনিছে আই? কি গতি কৰিলে মোৰ?”—
নোৱাৰিলে আৰু কব বই যায় চকুলোৰ!—
মেঘৰ আশীষ ধাৰা বয় যেনে ধৰালই,
কুন্তীৰো অন্তৰখনি বই গল জোল হই;
সকৰুণ ছবিটিৰ শিৰত বুলালে হাত,
হৃদয়ৰ পাৰ ভাঙ্গি জৰি পৰে মউ-মাত,—
“নহয় ৰাক্ষস আই, ভীম মোৰ লৰা ভাল।
গতি ভাঙ্গি গতি দিয়ে নাই তাৰ আহুকাল।
তুমিও নোহোৱা কিবা, এনেখনি হিয়া যাৰ।
গুচালে আশ্ৰয় যদি ফুলঁতী ই লতিকাৰ
আশ্ৰয় অৱশ্যে দিব, লব তুলি বুকুলই।
মোৰ ই কোঁচৰ পৰা দিলোঁ নিয়া লবলই।”
আবেগেৰে কুন্তী আই ৰল ইমানেকে কই,
সেমেকা চকুৰে চালে দুয়োখনি মুখলই।
গজেন্দ্ৰ গতিৰে আহি কলে দাদা যুধিষ্ঠিৰে,—
“আয়ে দিছে লবলই, যোৱাঁ ভাই যুৱতীৰে;
দিনৰ দিনটো ফুৰি গধূলি বেলিকা আহি
ফিৰাই দিয়াহি যেন গধূলি-গোপাল পাহি;
সেয়ে হলে সৰসিত যথাবিধি কৰি স্নান
ব্ৰতেৰে থাকাগে দুয়ো আজি এই দিনমান;
কালি পুৱা শিৰ পাতি মাতৃৰ আশীষ লই
আনন্দেৰে থাকা যেন যেনি ইচ্ছা তেনি গই।”
ৰক্ত স্বেদে ভৰা ক্লেদ ধুলেগই ভিনে ভিনে,
শুচি হই কোনোজনে চোৱা নাই কাৰোপিনে।
প্ৰত্যুষতে পিচদিনা আহ্নিক সমাপ্ত কৰি
মান ধৰি আশীৰ্ব্বাদ ললে দুয়ো প্ৰাণ ভৰি।
উৰি গল দুয়োটিয়ে সৰসিৰ তীৰলই,
শিমলু তুলাৰ হিয়া, হাহোঁনে নেহাহোঁকই।
ফুলাম পাৰিত পৰি দেখে তাৰ সলিলত,
আকাশে মুখনি চায় নীল স্বচ্ছ দাপোণত।
কাষত লাজেৰে বহি—এয়ে যে প্ৰথমবাৰ—
বুকুৱে বুকুৱে দেখি চিনে ছবি আপোনাৰ।
হিয়াৰে হিড়িম্বা নাৰী,—দেহি এনেনো লাজুকী,
চকুত পৰিলে চকু লাজে খেলে লুকালুকি,
চকুৰ কোণেদি চাই যতখিনি দেখা পায়
দেখে কি নতুন ৰূপ! ৰ লাগি ৰল চাই,—
বজ্ৰতো দাৰুণ কি যে, কুসুম কোমল কিনো,
পুৰুষ ৰতন এনে দেখা নাই কোনো দিনো।
এনে এটি ৰতনকে হিয়াই হিয়াই আঁৰি
মৰমতে মৰি যাব খোজে আজি যত নাৰী।
ভীমেও এনেটি ৰূপ আগে ক’তো নাই দেখা,
নেজানে আছিলো যদি কেনিবাদি চিত্ৰলেখা। ১৮
অনিমেষ নয়নেৰে চায়ে আছে একেঠৰে
হেঁপাহ—হেঁপাহ যেন চায়ে ৰব এনেদৰে,
চায়ে আছে,—শুচি সেই পুণ্যৰ প্ৰতিমাখনি
মাতৃৰ আশীষ পৰি চৰে স্নিগ্ধ জিলিকনি,
হৰিদ্ৰা ৰাগেৰে ৰঞ্জা ৰূপটিৰে লখিমীৰ ১৯
গীতে গন্ধে ভৰি যেন কৰি আছে তিৰবিৰ।
নাই কোনো অনুলেপ, নাই তেনে আভৰণ,
স্বভাৱ-সুন্দৰ নাৰী এনেয়ে সি বিতোপন।
সোণ যেন বৰণেৰে কেতেকীৰ ফুলপাহি,
মউজোলে ভৰা ওঁঠ, তাতে কি মিচিকি হাঁহি,
অঙ্গৰ লাৱনি কিনো লেখনীয়ে সাধি লেখা,
সজালে যৌৱনে তাতে ঠায়ে ঠায়ে তিল ৰেখা;
নাৰী মূৰ্ত্তি অন্তৰৰ বিৰিঙ্গি পৰিছে তাত,
সুৱাগ চৰিছে ফুটি মুখৰ সুৰীয়া মাত
চঞ্চলা বিজুলী যেনে ৰূপত নিদিয়ে ধৰা,
হিড়িম্বা চঞ্চলা তেনে লীলাতে আঁতৰি পৰা।
এই গল টিলালই জুৰিটিৰ তীৰে তীৰে,
সেই যায় শিলনিত পাহাৰৰ সিৰে সিৰে,
উৰি উৰি ফুৰে যেন নাচে গায় কুতূহলে,—
গীতৰ লয়েৰে ভীম মৃদঙ্গৰ দৰে চলে।
অন্ত নাই ৰহস্যৰ যত লাহ বিলাসৰ,
অন্ত নাই তৃপিতিৰ হিয়াভৰা হেঁপাহৰ।
—কলা কি নেজানে তাক, শিকিছে কলাই চাই—
পাহি মেলা ফুল তাই গুঞ্জনেৰে নাচি যায়!
ৰতিশ্ৰান্ত বৃকোদৰ, ৰঙা মুখ চালে ৰই
সিফালেদি ৰঙা বেলি এই যেন যায়গই।
শোধাই দিলেহি ভীম লতালগা মনটোৰে
ৰাতিলে আঁতৰি কান্দে চাকৈ-চকোৱাযোৰে।
এনেকৈয়ে এনেদৰে কাতি বিহু আহি গল
ফুলৰি লতিকাডালি ফলিবৰ পৰ হল।
এদিনাচোঁ দেখা গল—কোঁচত কেচুৱা লই
মন মাৰে হিড়িম্বাই ভীম নাহে লবলই।
—“সেয়ে যে সেয়ে যে ভীম, বুকুলই লোৱাঁ তুলি,”—
পাচেদি মাতিলে ভীমে,— পৰিল মুখনি ফুলি;—
ঠানুৱাকে শিশুটিৰ পাতল চুলিৰে শিৰ
চুম৷ এটি থলে তাতে—মহাসুখ প্ৰসূতিৰ!
ঘনে চায়ো ভীমলই নুবুজিলে হিড়িম্বাই,—
এহাতৰ মহাসুখ ইটি হাতে এই যায়।
মউ আনি দিয়ে ভীমে নিয়তীৰ কটু বাণী,
শুনি শুনি হিড়িম্বাৰ শুকাল মুখৰ পানী।—
“সন্তান আশ্ৰয় জানা অনাশ্ৰিতা তিৰোতাৰ।
পালা তুমি আজি তাকে, চলি যাব ৰাজ্যভাৰ।
দ্বিতীয় আতমা মোৰ তুলি তালি সযতনে
লগাবা স্বামীত তুমি, মানিলে তোমাৰ মনে।
আগৰ সংকল্প মোৰ এটিবাৰ ভাবি চাই
ক্ষমা কৰাঁ দেবী মোক, বিদা-য় বিদা-য়।”—
তধা লাগে হিড়িম্বাই মেলা চকু চায়ে আছে,
হিয়া চোঁচা হুমুনিয়া এৰে কত পাচে পাচে!
ইপিনেদি গুচি গল মাতৃ সমে পাঁচো ভাই
মনসুখে ৰলগই একচক্ৰা ৰাজ্য পাই।
গুচি গল, থই গল জননীৰ লোতকত
দুপাততে জলি উঠা আশা মিটি ভবিষ্যত।
এয়ে মোৰ ঘটোৎকচ, মোৰ—হিড়িম্বা—নন্দন।
মনত জাগিছে তাৰ সিদিনাৰ জন্মক্ষণ,
—অলক্ষিতে বাজিছিল দেৱবাদ্য মন্দিৰত,
উঠিছিল জয়ধ্বনি ৰিণি ৰিণি আকাশত,—
নুশুনিলে কোনোৱেই, অকল শুনিলোঁ মই।
দেখিছিল আৰু হেনো কুন্তী আয়ে বগাকই
হাতীৰ পোৱালি এটি সপোনত পুৱতিৰ ২০
এখুজি দুখুজিকই দুৱাৰত দিয়ে থিৰ;
মৰমতে গলি যেই হাত বুলাবলৈ চায়,
বাছাৰ জনম শুনি হাঁহি দিলে সাৰ পাই।
কলাকলে বাঢ়ি যায় হিড়িম্বাৰ প্ৰাণধন।
সৰুটিতে ঘটালে সি কত কি যে অঘটন,—
মাৰিলে প্ৰকাণ্ড বাঘ যাঠীৰেই বুকু ভেদি,
আততায়ী মত্তগজ জোঁৰ লই দিয়ে খেদি।
এদিনা যে লাগিছিল সিংহে গজে মহাযুঁজ,
কঁপা দেখি হাবিয়নি চিঞৰত পালে বুজ,
লৰি গল মাজলই; মামাকৰ মহাশূল
চলালে কিকই জানো ভাঙ্গি দিলে হুলস্থুল
উচাপত ওফৰাই! কয় তাকে শুনিছিলোঁ,
কিনো কথা কিনো কাণ্ড একোটিকে নুবুজিলোঁ।—
সেই হে তালৈ মোৰ মনে পোৰে ঘনেকই।
ক অই, ক অই বাছা, গল সিনো কেনেকই?”
—ভৈৰবীৰ গীত এটি এই যেন থমকিল!—
কওঁ কি কওঁ কি বুলি মনো মোৰ পিছলিল।
শুৱলা গীতিৰ পাচে ভগা মাতে দিলে ভাও,
শুনি জানো শুনোতাই তোলেহি হাঁহিৰ ৰাও।
ভগা-মাতে মাতে যদি বেথা লাগে জননীৰ।
শুনা তেনে কওঁ আই, কথা সেই পোনাটিৰ।
⸻
তৃতীয় সৰ্গ
ভালেটি ভালেটি আই তোমাৰ জীয়ন পাই
দেৱতাৰ নাতি সিটি ৰূপে গুণে উঠিলে,
ভাৰতৰ গগনত তৰা হই ফুলিলে।
প্ৰকৃতিয়ে কোলা লই শিকালে মৰমকই
চকুৰ আগতে ধৰি যত চাল-চালনা,
কত জ্ঞান কত নীতি সাধাৰণে নজনা।
গুৰিকে পৰুৱাটিয়ে দিনে ৰাতি শিক্ষা দিয়ে
কামত খটাই তাৰ শিংচৰা শকতি,
সমজ্যাৰ মঙ্গলত কেনে অনুৰকতি।
সন্ধি আৰু বিগ্ৰহত, নিজকাৰ্য্য উদ্ধাৰত
মানুহক লাজ দিয়া সেই তৎপৰতা,
মাউখে যে উটি যায় কেনে সিনো একতা।
পশুৰাজ সিংহে পাই দিলে আহি দেখুৱাই
কেনেকই ৰজা নাম নাৱে গাঁৱে ৰজালে,
বৰ বৰ জন্তুবোৰো ছলে বলে দমালে।
অথচ কি উচ্চমনা নামত কলঙ্ক সনা
নাদৰে সি নীচ কথা দুৰ্দ্দিনত পৰিও,
নে-আৰ্জ্জি নাখায় একো অনাহাৰে মৰিও।
আত্মৰক্ষা, আক্ৰমণ, জ্ঞান চৰ্চ্চা, আচৰণ—
চাৰিমুঠি জীয়ে যেন চাৰিখনি মুখেৰে
চানেকিত সধোৱালে, সাধি ললে জোখেৰে।
দেৱতাৰ বীৰ্য্যবল, অসুৰৰ নানা ছল
সোণত সুৱগা যেন একেটিতে মিলিলে,
তাতেহে অতনা ৰাজ হেলাৰঙ্গে জিনিলে।
জিনি নিজ বাহুবলে ভাৰ্য্যাৰ ৰূপেৰে ললে ২১
কামাখ্যাৰ প্ৰিয় দাসী ৰক্ষৰাজ নন্দিনী,—
ধাতুৱে ধাতুৱে মিলা জীৱনৰ সঙ্গিনী।
ৰাজলক্ষ্মী দৃপ্ত যেনে, গৃহলক্ষ্মী তৃপ্ত তেনে
দুয়ো কাষে জিলিকিছে দুয়ো যিহে সতিনী,
—মিলে কিনো সাগৰত দুয়ো কূলে তটিনী।
পো-ৰে বোৱাৰী পাই আনন্দৰ পাৰ নাই,
বিৰহিনী হিড়িম্বাৰ দুখ বহু কমিলে,
পিতাকৰ ছবি যেন পুতেকতে দেখিলে।
এনেতে এদিনাখন জ্বালামুখী উদ্গীৰণ
ফুটি গল সুদূৰত দেশখনি খলকি!
—কত মুখে কত কিযে ক'ই ফুৰে বলকি।
হস্তিনাত ঘৰজুই লাগিছে আকাশ ছুই ২২
কতনো কুকুহা তাৰ চউদিশে উৰিছে,
হুৰাহুৰি কৰি বীৰ জুইলই ছুটিছে।
নুছুটাৰ কপালত নিজ নিজ চোতালত
ছাই পৰি হাতে মুখে ক’লা ম’লা আঁকিছে,
নাতি-পুতি কাললই অপযশ ৰাখিছে।
উৰে যি বাতৰি বেগ ঘোঁৰাই কি লব ছেগ?
সঠিক বাতৰি এই এতিয়াহে আহিছে,—
দলে বলে পুতেকক ভীমসেনে মাতিছে।
জাকি মাৰি উঠি বীৰ ললে কাষ জননীৰ,—
“পিতাৰ সেৱাৰ যোগ এইমাত্ৰ আহিলে,
ভাৰতৰ যজ্ঞ ভাগ কপালত ফলিলে।
দিয়াঁ আই, দিয়াঁ তাতে তোমাৰ স্বৰ্গীয় হাতে
জয়ৰ তিলক এটি যাওঁ যেন উজলি।”
—শুনি কথা হিড়িম্বাৰ হিয়া গল কুমলি।
চাওঁতেই ছাট কৰে কথা সি মনত পৰে,
স্বামীৰ যি শেষ কথা, পুহি ৰখা বাসনা—
লাগক স্বামীত মোৰ,—সেয়ে মোৰো কামনা।
গধূলিৰ বেলি পাহি পতিৰ কাষলে আহি
চকু তিতা নিয়ৰেৰে সজালে কি ৰণুৱা,
আটি দিলে কঁকালত কাঁকলী যে মৰুৱা।—
স্মৰণ মাত্ৰকে মন যোৱা হল বহুক্ষণ
লৰে দেহা কাটিকূটি বিদায়ৰ বেলাটি,
চকু চায়ে সামৰিলে কব লগা কথাটি।
চকু হল চল্ চল্, গুচি গল দলবল,
খোজে খোজে ঠাইখন উঠিছিল জিকাৰি,
হুৰি মাৰি ললে পথ হাবি-বন বিদাৰি।
হিড়িম্বা বধূৰ সতে ৰই গল নিলগতে,
ঠৰ দিলে চকুযোৰে এৰি থৰযুগুতি,
—কিবা যেন কিবা দেখে, — নুবুজিলে একোটি।
গুচি গল অসমীৰ অতনা বুকুৰ বীৰ,
তুমুল বাদ্যৰ ৰোল জিম পৰে আঁতৰি;
—ধূলিৰ ডাৱৰে নিলে ধূলিকণা আবৰি।—
সৰসীৰ কূলে কূলে ফুলঁতী আজাৰ ফুলে
নীলাকই ওৰণিৰে জুমাজুমি কৰিছে,
সোণাৰুৰ সোণফুল শিৰে শিৰে সিচিছে।
শেষ অশ্ৰু বাৰিষাৰ তেতিয়াও আছে তাৰ,
ৰই ফুল বৰষিছে কিণ কিণ কৰি কি,—
উচুপি যে কণিয়ায় নুবুজিলোঁ ভাবি কি।
পালে যেই নীলাচল থমকিল দলবল,
“কামৰূ” নামেৰে য'ত বিৰাজিছে বৰদা।
প্ৰণমি আশীষ ললে ৰণৰঙ্গী মৰ্য্যাদা। ২৩
ৰলগই এইবাৰ গিৰিনদী হই পাৰ
দক্ষিণ বাহিনী সেই লুইতৰ পাৰতে,
—হাতীৰ বেজালি য’ত চলিছিল আগতে। ২৪
হল পুনু অগ্ৰসৰ নাচোনেৰে ময়ূৰৰ
কত শাল খদিৰৰ অৰণ্যৰ মাজেদি
চম্পাগন্ধী হিমজুৰ গোন্ধ লৈ নাকেদি। ২৫
কৰতোয়া পাৰ হই আৰু কত পালেগই
পৌণ্ড্ৰকৰ মাজেদি সি বিদৰ্ভৰ নগৰী,—
সীতাৰ কৰুণ গান পৰে য’ত নিগৰি।
জনপদ-জনতাই তধা লাগে চাই চাই, –
আটোপেৰে কি যে যায় হয়-হস্তী-পদাতি
সুধিবলে’ লাগে ভয়,—নুবুজিলে কথাটি।
ধুমুহাৰ দৰে শুনি কয় কেঁৱে ভাবি গুণি,—
“মাৰিছিল আগতে যে ধূলি উৰা পচোৱা,
তাৰেহে ই ওভতনি ঘৰ ভঙ্গা কুৰুৱা।”
কেঁৱে কয়,—‘শুনা নাই, আহিছিল ৰঘুৰায়,—
খুজিছিল চতুৰঙ্গে পূবদেশ মৈয়াব!
তাৰেহে ই প্ৰতিশোধ ডালে মূলে ঘৈয়াব।’
কেঁৱে তাতে টানি কয়,— ‘কেলে’ হব, হয় হয়!
বন্দী হোৱা অনিৰুদ্ধ নিয়ে কৰি মুকলি,—
সেইয়া সেইয়া শুনা যাদৱৰ মুৰলী।’
ধৰে কেঁৱে মুখ পাতি চৰাকে’ সুৰেৰে মাতি,—
‘সউৱা সেই ৰুক্মবীৰ খেদা ধৰে পাচতে,
দেখা নাই হাতীটোত? চিনো আক’ মাততে!’
ইফালেদি হুজ গল, চক্ৰৱাল পাৰ হল,
ৰলগই মগধেদি সৰযুৰ তীৰতে;
উৰিল ওৰেটি ৰাতি ৰামায়ণী গীততে।
খোজ ললে খৰকই হস্তিনালৈ পোনকই,
কেবা দিনো গই গই চমু যেন চাপিলে,
উলাহত ৰণুৱাৰ মনোবল বাঢ়িলে।
এদিনা আবেলি বেলা দেখেগে’ সেনাৰ মেলা
অদূৰত সিংহদ্বাৰ ৰিণি ৰিণি ৰিণিকে,
—বগলি-নিচান উৰি চিকিমিকি জিলিকে।
লৰি গল অগ্ৰদূত আছে য’ত কুন্তীসুত
যথাৰীতি শিষ্টাচাৰে নিবেদন কৰিলে,
শিবিৰত প্ৰবেশৰ অনুমতি খুজিলে।
সহদেৱে শঙ্কা কৰি কলেগে ভীমক লৰি,—
“আহাঁ দাদা বেগেতাই ধৰোঁ লগ আগতে,
জানোচা ৰুক্মৰ দৰে ঘূৰি পৰে পাকতে।” ২৬
ভায়েকক ধৰি লই ভীম আহে কই কই,—
“ঘটোৎকচ আত্মা মোৰ, নিজানৰ সাধনা,
নকৰাঁ ৰুক্মক ভাই তাৰে সতে তুলনা।
কাতিকে’ কৃষ্ণলে’ চাই কলে যিহে কেটেৰাই,
নেদেখিলা ৰুক্ম তাৰ অভিমানী মনটো,—-
অকলে দিব সি জিনি এই মহা ৰণটো।
শুই থক বীৰবাহ, আমি তেনে কাটোঁ ঘাঁহ
কোনেনো গণিতা কৰে পূবে মৰা গাজনি,
খেদি তাক ধনঞ্জয়ে দিলে বেচ মাননি।
কুৰুক্ষেত্ৰ যুদ্ধলই আহিছে সম্ভাৰ লই
বাছা মোৰ, আশা মোৰ, হিয়া-ভৰা ভকতি,
বল মোৰ, বীৰ্য্য মোৰ, বাহু চাই শকতি।”—
এনেতে আগবাঢ়ি ঘটোৎকচে আঠু কাঢ়ি
পিতাকৰ চৰণত প্ৰণিপাত কৰিলে,
দুয়ো হাতে ধৰি ভীমে বুকুলই তুলিলে।
খুৰাকৰ পদধূলি শিৰলই ললে তুলি,
আঁকোলি ধৰিলে দেখোঁ মৰমেৰে খুৰাকে,
—পৰশত মনোদুখ নেথাকিল নুৰাকে।
পুত্ৰক মাজত লই তিনি বীৰ গলগই,
—ত্ৰিকূটেৰে নীলাচল দেখা যেন লাগিলে, ২৭
বীৰত্বৰ বেলিকাও জোখে মাখে খাটিলে।
আছে য’ত যাজ্ঞসেনী লই গল ভীমে তেনি,
যাজ্ঞিকে ভক্তিৰ ধাৰ চৰণত ঢালিলে,
মাতৃৰ কাষত পুত্ৰ দোৱাবাৰ চাপিলে।
জননীৰ হিয়াখনি উঠে তাৰ জিলিকনি
চল্ চল্ চকুযুৰি চায় তাৰে হেঁপাহে;
দেখি তাক ভীমসেনে হাঁহি কলে উলাহে,—
“মনত পৰিছে চাগে— আজি কত দিন আগে
যেতিয়া মূৰ্চ্ছিত তুমি শিলনিত বাগৰি,
উভয় সঙ্কট মোৰ বুধি গল ভাগৰি।
হিংস্ৰ জন্তু সমাকুল অৰণ্যৰ নাই কূল,
সবান্ধৱে চাৰি ভাই কেনেকই উতাৰোঁ,
তোমাকো বা কেনেকই বিপদত উধাৰোঁ।
ইফালে সিফালে চাওঁ, কেনি ক’ত কিটো পাওঁ,
চূড়া গন্ধমাদনৰ নিৰাপদ ঠাই যে,
এনে থিয় গৰা তাৰ শক্তি কাৰ যায় যে।
আকুলি বিকুলি কৰি এনেতে মনত পৰি
ঘটোৎকচ পুত্ৰলই সুৱৰিলোঁ কাতৰি;
—পৰ্ব্বত বগোৱা কাজু,—দিয়ে কোনে বাতৰি?
বুজিলোঁ সিদিনাখন দুয়োটিৰে একেমন,
এমূৰেদি দিলে টান ইমূৰত জিকাৰে;
হঠাতে দিলেহি দেখা বাছা মোৰ বিকাৰে।
তোমাক পিঠিত লই নিলে আলফুলকই,
কোনে নিয়ে কেনেকই মোকে বুলি ভাবিলা,
নাই মই, মোৰ তেজ, পাচে পৰে জানিলা।
পালাগে চূড়াত ঠাই চকু মেলি জ্ঞান পাই,
পুত্ৰ বুলি চুমা এটি যাচিছিলা শিৰতে;
সেই বাছা ঘটোৎকচ পালা আজি কাষতে।
তাৰ যে জননী তুমি তুলি ললা শিৰ চুমি;
ৰাখিব মাতৃৰ মনে, হ’ক আৰু হয় কি।
আহি গল বীৰপুত্ৰ, আৰু দেবী ভয় কি?”—
কথা কৈয়ে এনেকই গল নিজা কাৰ্য্যলই।
পুত্ৰ আৰু জননীৰ চাৰি চকু তিতিলে,
অময়া সুখত দেহি আজি দুয়ো উটিলে।
স্নেহে যত্নে দ্ৰৌপদীৰ পথশ্ৰান্তি সবাটিৰ
উৰি গল ততালিকে জিলিকিল তেজেৰে,
শিবিৰো উজলি গল হাঁহি ভৰা মুখেৰে।
গুৰুজন জনে জনে সেৱা কৰি কায়মনে,
পিতাকৰ লগ লই যায় বাছা বেগেৰে
কৃষ্ণ আৰু যুধিষ্ঠিৰ আছে যত লগেৰে।
সুবিস্তীৰ্ণ শিবিৰৰ বিতোপন তামিঘৰ ২৮
চন্দ্ৰবংশী চন্দ্ৰধ্বজ আকাশত উৰিছে,
—তুলসী তলত কিনো মৃগ পহু চৰিছে!
দুৱাৰত প্ৰহৰীৰ সাজ দেখি চকু থিৰ,
ভেঁটাভেঁটি হেঁচা ঠেলা ইঙ্গিতত থমকে,
সাধি দিছে যত কাম নিদিয়ে যে গমকে।
বাহিৰেদি অসম্ভৱ— কত কি যে কলৰৱ,
ভিতৰি যি মন্দিৰত গম্ভীৰতা বাজিছে
নিফুট বাঁহীটি তাত ৰাতি দিনে বাজিছে।
আগৰুৰ ধুম তাত পৃথিবীৰ পাৰিজাত
কৰণ্ডিকা ভৰা তাৰ মৃদু মধু সুবাসে
নন্দনৰ গন্ধ যেন কল্পনাত বিকাশে।
পিতাকৰ কথা লই ঘটোৎকচে দেখেগই
আছে বহি যুধিষ্টিৰ হৃষীকেশ সহিতে,
—ধৰ্ম্ম আৰু জয় যেন একে এটি থুপিতে;
দুয়োৰো চৰণ ধৰি ভক্তিৰে প্ৰণাম কৰি
কৰযোৰে থিয় দিয়ে আদেশৰ খাতিৰে।
দেখে কি হৰিৰ জ্যোতি বিজুলীৰ ছাটিৰে,—
কিবা শান্ত সৌম্য ধীৰ, সি কি দৃষ্টি সুগভীৰ,
জগতৰ অতি-শক্তি বুকু জুৰি খেলিছে,
শৰণৰ ত্ৰাণ যেন বাহু দুটি মেলিছে।
অসীম—অসীম কি যে, সসীমৰ মাজে নিজে,
মুখৰ হাঁহিটি তাতে বিশ্ব উঠে উজলি,—
নয়ন জুৰাই যায় প্ৰাণ পৰে শীতলি।
যাদৱক যুধিষ্ঠিৰে চিনোৱালে হাঁহিটিৰে –
“এয়ে সেই ঘটোৎকচ, মাৰুতিৰ মুখেৰে,
মিলিছেহি বাছা আজি পথে দিয়া দুখেৰে।”
মধুৰ হাঁহিটি মাৰি কয় ধীৰে দুঃখহাৰী,—
“স্বাগত স্বাগত বীৰ, ভাল পালোঁ আহিলা,
পিতৃ পক্ষে যুদ্ধলই শ্ৰদ্ধাঞ্জলি আনিলা।
বৰ দুখ বাছা মোৰ —ভায়ে ভায়ে যুদ্ধ ঘোৰ।
বিচ্ছিন্ন শকতি সি যে কোনে তাক মিলাব?
কেৱল সামেৰে শান্তি নোৱাৰিলোঁ বিলাব। ২৯
যুদ্ধ ই যে অনিবাৰ্য্য, লোৱাঁ বুজি কাৰ্য্যাকাৰ্য্য,
কৰি যোৱাঁ কাৰ্য্য যিটি হৃদয়ৰ বলেৰে,
চলিবা কামেৰে বাছা, নচলিবা ফলেৰে।
বাহুবল অসুৰৰ, তেজ তুমি ক্ষত্ৰিয়ৰ,
আগবাঢ়া সাহসেৰে নিয়ে তেজে যিপিনে;
সেয়ে পথ—সেয়ে ধৰ্ম্ম,—আৰু নাই ইপিনে!
আছে নে সন্দেহ কিবা? কেৱোঁ নুবুজিলা যিবা।”
কৰযোৰে নতশিৰে ঘটোৎকচে জনালে,—
“নাই বাকী বুজিবৰ প্ৰভুৱে যি বুজালে।
একোকে নেজানো মই, কৰোঁ যিটি মনে কয়,
পিতা মোৰ বৃকোদৰ প্ৰাণ দিলে যিজনে
তেওঁতে শোধাম প্ৰাণ জীৱনে কি মৰণে।
সেয়ে ইচ্ছা জননীৰ, ইচ্ছা মোৰো গৃহিণীৰ,
পিতৃকাৰ্য্য সাধি যেন ফিৰি যাওঁ কামেৰে,
নভৰে ৰাক্ষসী পেট মিছামিছি নামেৰে।
ধৰম কি অধৰম, কিবা ভয় কি চৰম,
লোৱা তুমি বুজি বাজি, নুবুজোঁ যে অকনো;
দিয়াঁ মোক কাম প্ৰভো, আৰু একো নমনো।”
“এয়েতো এয়েতো বীৰ যোগ্য পুত্ৰ মাৰুতিৰ!”
কলে উঠি যদুবীৰে চল্ চল্ চকুৰে,
মিলালে পদুমী হাত বাছাটিৰ বুকুৰে।
ধৰ্ম্মৰ লোতক জৰি দুয়ো গালে গল সৰি
শিৰ সুঙ্গি পুতেকৰ চুমা এটি দিলেহি,
হাত ধৰি ফাল্গুনিয়ে বুকুলই নিলেহি।
হিয়াৰ তলীত গঁথা কলে সহদেৱে কথা,—
“ইমান মহান ইয়ে অৰণ্যত জনমি!
নহলোঁ সমান তাৰ বনে বনে ভৰমি।
কালি যি শুনিলোঁ কাণে আজিহে মানিছে প্ৰাণে।
দান ধৰ্ম্ম সদাচাৰ পথে পথে আচৰি
আহিছে তীৰ্থলে’ বাছা কত পুণ্য আহৰি।
যুদ্ধযাত্ৰী ৰক্ষীবোৰে দেশ যে উপান্ত কৰে,৩০
ঢাহি-মুহি কাঢ়ি খায় যিকেদিন বাচিব;
দেশৰ প্ৰেমিক বুলি লোকে তাকে মানিব।
পিতৃকাৰ্য্য মহাব্ৰত আঁৰি লই সমুখত
দেশৰ আচল প্ৰেমে দুয়োকূল তাৰিলে,
দেৱতাৰ হৃদয়েৰে ৰক্ষকূল তুলিলে।
ভিতৰি দেৱতা হল, ছাল সি ছালতে ৰল,
—সাপ বুলি ইন্দ্ৰজিৎ চকু তালে নিদিব,
হাঁয় ৰে, সংসাৰ তোক কোনে পাৰে চিনিব!
আহাঁ আহাঁ পুত্ৰ অই, আহাঁ মোৰ বুকুলই,
সৰুকই খুৰাটিক ধৰা আহি সাবটি,
দেৱতাৰ পৰশত হয় যেন সুগতি।”
বহে ভীম আঁতৰত ৰোমাঞ্চিত পুলকত,
দুধাৰা চকুৰ পানী বই যায় দুগালে;
দেখে বুলি লোকে তাক হাতে মচি শুকালে।
কিবা গুণি অকস্মাত্ দিহা-দিয়া সমস্যাত
হাঁহিটিৰে যদুৰায় উঠে সেই ক্ষণতে,
দিহাদিহি সকলোটি উঠি গল লগতে।
হাঁহি সেই হাঁহিটিৰে জননীয়ে কলে ধীৰে,—
“অজলা পোনাটি মোৰ, সিও বোলে দেৱতা!
সচাঁ হ’ক যুগে যুগে তোৰ অই বাৰতা।”
⸻
চতুৰ্থ সৰ্গ
পাণ্ডৱ শিবিৰ — জুৰি হিৰণ্বতী তাৰ, ৩১
কতনা কেতনে তাত কৰে তিৰবিৰ।
নদীৰ বুকুত তাৰ ছাঁয়া মহামহিমাৰ
জলমল গৌৰবেৰে জিলিকে দুদিন, –
কালৰ সোঁততে উটি নেথাকিব চিন!
চলে যন্ত্ৰ শিবিৰৰ নিভৃত স্থানত,
মগ্ন ৰথী মহাৰথী গভীৰ ধ্যানত,
তেনেতে সি অতিকূট উলুক নামেৰে দূত
পালে আজ্ঞা প্ৰবেশৰ, — চাল শকুনিৰ, —
আনিছে বাতৰি হেনো হস্তিনাপতিৰ।
“অসংকোচে কোৱাঁ দূত,” কলে যুধিষ্ঠিৰে,
“কৰাঁ আহাঁ আপ্যায়িত ৰাজ বাতৰিৰে।
মিঠামুখে দূত কয়,— “ধন্য হলোঁ আজি মই,
দূতৰ অভিজ্ঞ গুণে ইমান উদাৰ।
নধৰিব দায় তেনে দিওঁ সমাচাৰ,—
‘মহামানী দুৰ্য্যোধন—ভাগ্যৰ বিধাতা—
যুধিষ্ঠিৰ প্ৰভৃতিক দিয়ে ই বাৰতা,—
পাণ্ডবেৰে যুধিষ্ঠিৰ কৃপাপাত্ৰ দ্ৰৌপদীৰ
বিৰাটৰ দাসাঙ্কন কপালত যাৰ,
বঁজা-তিল,—পুৰুষালি আছে জানো তাৰ? ৩২
থাকিলে এধানি তেজ হ’ক অগ্ৰসৰ,
শেষ আশা ফলাবৰ এয়ে অৱসৰ।
সূপকাৰ বৃকোদৰ বীৰ মুঠে ভোজনৰ,—
ধুমুহাৰ তাড়ণত দক্ষিণ-মেঘৰ
গৰ্জ্জনেহে সাৰ তাৰ, বৃথা আড়ম্বৰ।
তথাপিতো গদাযুদ্ধ হলে অভিলাষ,
আহক গদাৰে লৰি, বুজক আভাস।
ব্ৰাহ্মণৰ বেশ ধৰি যাজ্ঞসেনী লাভ কৰি
ভাবিছে সি বিদুৰৰ ধৰ্ম্মে দিব কাম;—
ভিক্ষাৰ নামেৰে লব পাঁচখনি গ্ৰাম।
দাতাৰ নহল ইচ্ছা। আৰু কথা নাই।
দুৰ্ব্বলৰ যুক্তি কিয় ধৰ্ম্মৰ দোহাই?
নোৱাৰি কোনোটি ফালে ইন্দ্ৰজাল তৰঙ্গালে
নোহোৱাতে হোৱা কৰি ধূৰ্ত্ত কলীয়াই,
ৰক্ষা পালে বন্ধনত ফাঁকি দি পলাই। ৩৩
প্ৰকাশ্যে আহক কৃষ্ণ ভেঁড়া পাণ্ডবেৰে,
নিয়ক সিংহৰ ভাগ সিংহ-বিক্ৰমেৰে।
ধৰ্ম্মৰাজ নাম লই গুৰু জ্ঞাতিবধী হই
আচৰক ধৰ্ম্ম তাৰ যেনে অভিমত,
—প্ৰচ্ছন্ন পাপেৰে ই যে বিড়ালৰ ব্ৰত।৩৪
ভীষ্ম দ্ৰোণ সমন্বিতে কালি পুৱালই
আহিব অজস্ৰ সেনা কুৰুক্ষেত্ৰলই,
সেনা দেখি চক্ষুস্থিৰ নোহোৱা কোনোবা বীৰ
আছে যদি পাণ্ডবৰ,—দিছে আমন্ত্ৰণ।
—কৌৰব দূতৰ মাত্ৰ এয়ে নিবেদন।’
আৰু কত কটু কথা কলে জনে জনে,
জ্বালি দিলে হিয়া যত সুতীব্ৰ দাহনে;
এনেয়ে সি তীক্ষ্ণ শৰ তাতে বিষ বিদ্ৰূপৰ
জৰ্জ্জৰিত কৰি তোলে ভীষণ ক্ৰোধত,
—অগ্নিৰ স্ফুলিঙ্গ যেন ফুটে নয়নত।
গুৰুজন সমুখত, নিজ প্ৰকৃতিৰে
যথাযোগ্য সমিচাৰ দিলে বীৰে ধীৰে;
কথা শুনি হৈড়িম্বই কব খুজি গমি ৰয়,
—আৰ্য্যৰ কমল-মুখ দুৰ্গন্ধ ইমান,
ৰাক্ষসে নেজানে এনে বাক্যৰ বিধান।
অশ্ৰু টোকে ঘঁৰিয়ালে আহাৰ চোবাই,
মুখত কুন্ধচ এনে শব্দ তাৰ নাই।—
তেনেতে দ্বাৰিকেশ্বৰে কলে কি গম্ভীৰ স্বৰে,—
“কুৰুজ্যেষ্ঠ নৃপতিক দিবা সমিচাৰ,
প্ৰত্যাশা নকৰোঁ আৰু ভাল ব্যৱহাৰ।
হৈয়ে আছে পাণ্ডবৰ প্ৰতিজ্ঞা পালন,
বিতত হবৰ একো নেদেখোঁ কাৰণ;
যৱনিকা-নিশা ঠেলি কালি দিনে চকু মেলি,
দেখিব দুয়োটি দল মুখামুখিকই,
—যাৰ যেনে কৰ্ম্মফল ভোগা তেনেকই।”
“দিবা গই দূত তুমি”, কলে ধৰ্ম্মৰাজে,
“যাবতীয় সমাচাৰ কুৰুসভা মাজে।
আগত পূজ্যক লই আহে কিয় যুদ্ধলই?
নাইনে বাহুত শক্তি আৰু সেনাবল,
—গুৰু জ্ঞাতি হত্যা কৰা কাৰ এই ছল?
আস্ফোটক আস্ফোটেৰে দিয়ে সমিধান, ৩৫
ক্ষত্ৰিয় বীৰৰ সেয়ে ৰণৰ নিদান।
নাই বাক্য বেচিকই, তথাপি ক্ষত্ৰিয় হই
আমন্ত্ৰণ ৰণলই কৰিলোঁ গ্ৰহণ।
যথাশক্তি মনোবাঞ্ছা কৰিম পূৰণ।
যোৱাঁ থাকাঁ, দূত তুমি, যেনে অভিপ্ৰায়।
তোমাৰ মঙ্গল হ’ক। আৰু কথা নাই।”
অগ্নিৰ গ্ৰাসত পাই গৰু যেনে সৰুৱায়
সৰুৱালে দূত সিটি কৌৰবৰ ভাই।—
পালেকি নেপালে বুজ, বুজা যে নেযায়।
সেনাৰ সংগ্ৰহ চেষ্টা হল সমাপতি,
নিৰ্ব্বাচিত ধৃষ্টদ্যুম্ন সৰ্ব্ব-সেনাপতি।
যাদৱৰ আদেশত পাণ্ডবৰ শিবিৰত
চলি গল নিয়াৰিৰে যাত্ৰা আৰম্ভন,—
মিলালে বিধিয়ে নিধি আশাৰ স্বপন।
সেইদিনা আকাশত সপ্ত জ্যোতিস্কৰ
অদ্ভুত সঞ্চাৰ ঘটে উগ্ৰ হুতাহৰ!
কি যে যুগান্তকাৰী ভয়ঙ্কৰ মহামাৰী,
হুঙ্কাৰিছে বিনাশব্দে ঘটনা দাৰুণ,
—ভৌতিকত অধ্যাত্মৰ ক্ৰিয়া নিকৰুণ!—
ত্ৰিকালজ্ঞ বেদব্যাসে ব্ৰাহ্ম মুহূৰ্ত্ততে
চাই গল কুৰুক্ষেত্ৰ আপোন মনতে,
পূব মুখে যুধিষ্ঠিৰ, পশ্চিমলে কুৰুবীৰ
ধৰ্ম্মময় মন্যুময় মহাদ্ৰুম দুই ৩৬
ঘটালে ঘৰ্ষণ ঘোৰ, উঠি গল জুই।
ক’লা পৰি আহে ছগা পাখি গজি তাৰ,
— ভায়ে ভায়ে ভাৰতত ই-কি হাহাকাৰ!
গুচি গল ধীৰে ধীৰে, তিতি নয়নৰ নীৰে
জাগে য’ত অন্ধৰাজ ছাড়ি দীৰ্ঘশ্বাস,
এই আশা, এই জলে—এই সৰ্ব্বনাশ!
পিতৃৰ হিয়াৰে দেখি দশা আতুৰৰ
অযাচিতে দিলে যাচি সান্ত্বনা দৈবৰ;
চাবলই দৃষ্টি পাই তাকো যে নললে নাই,
কিনো সতে চায় সেই উৎখাত সংহাৰ,—
জানোচা আগতে হিয়া হয় চূৰমাৰ।
বৈতালিক চাৰণৰ উঠে কণ্ঠস্বৰ,
সমন্ত পঞ্চক তীৰ পুৱাতে মুখৰ। ৩৭
স্নান দান আহুতিৰে উভয় পক্ষৰ বীৰে
তুলিছে আকাশ ভেদি মন্ত্ৰৰ কল্লোল,—
দুৰ্দ্দৈবত উঠে সি কি হৰিধ্বনি ৰোল।
পূবে সাজে ভীষ্মদেৱে, পশ্চিমেদি ভীম,
ছাড়ে দুয়ো সিংহনাদ উৎসাহ অসীম।
সাজু হল অশ্বগজ, জিলিকিল কপিধ্বজ, ৩৮
নাচি উঠে কোষমুক্ত খড়্গ ভয়ঙ্কৰ,—
অঘৰী জঁপাৰ যেন তীব্ৰ বিষধৰ।
দেৱৰো দুৰ্জ্জয় নিজে ইচ্ছামৃত্যু বীৰ
ৰচিছে প্ৰকাণ্ড বেহু—দুৰ্গম গভীৰ।
শুক্ৰৰ সমান চাল, ৰণজয়ী চিৰকাল, ৩৯
অবাক মানিছে দেখি পক্ষে পাণ্ডবৰ,—
একাদশ অক্ষৌহিনী সেনাৰ সাগৰ!
মাত্ৰ সাত অক্ষৌহিনী সৈন্যবল লই
কি সাধ্যে পাণ্ডবে তাক আগুৰিব গই?
বুদ্ধিবলী যুধিষ্ঠিৰে চিন্তে পাৰ্থ সাৰথিৰে,
সূচিমুখ বেহু ৰচি বৃহস্পতি মতে ৪০
সূচ্যগ্ৰ মেদিনী কাঢ়োঁ পোন প্ৰথমতে।
সজ্জীভূত ঘটোৎকচ, চকুলই চাই
কলে কৃষ্ণ কৰ্ণাধাৰে,—“যোৱাঁ দুয়ো ভাই,
অভিমন্যু আৰু তুমি, দেখিছাতো ৰণভূমি,
থাকাঁগই স্থান বুজি বেহুৰ পাচত,
প্ৰধান দায়িত্ব দিলোঁ দুয়োৰো হাতত।
জাপ দিব ভীমাৰ্জ্জুন ৰণ তৰঙ্গত,
লক্ষ্য হব দুয়ো বীৰ আজিৰ ৰণত।
নেযায় চকুৰে মনা, শত্ৰুৰথী কত জনা
অতৰ্কিতে ফণা তুলি চাৰি দিশে ঘেৰি
মৰাজীয়া জুমুৰিত দিয়ে কাক এৰি।
গৰুড়-দৃষ্টিৰে জাগি ৰবা দুয়োজন,
উৰা মাৰি উৰুৱাবা অতি-আক্ৰমণ।
সউ যে তাৰাৰে ৰথ আগুৰি ৰাখিবা পথ, — ৪১
ৰণতো ভীষণ ভীষ্ম—অব্যৰ্থ সন্ধান,
পথত পৰিলে জানা নাই কাৰো ত্ৰাণ।”
শিৰত আদেশ গুঁজি নিজ স্থান লই
গল দুটি বীৰ পুত্ৰ গলাগলি কই,
ভীমলে কৃষ্ণই চাই কলে বেহু দেখুৱাই,-
“প্ৰস্তুত সকলো আমি, হল আয়োজন,
জয়ে জয়ে কৰাঁ দাদা, তুমি আক্ৰমণ।”
দূৰত পাণ্ডব সেনা প্ৰফুল্লিত মনে,
ৰথধ্বজ দেখি মাথোঁ ক্ৰুৰ দুৰ্য্যোধনে
দেখাত তাকৰ পাই নিজৰ সাগৰ চাই
তাচ্ছিল্যৰ হাঁহি এটি হাঁহে মনে মনে,
—নিৰ্ধনৰ আয়োজন দেখে ধনীজনে।
তেনেতে উঠিলে যেন ব্ৰহ্মাণ্ড শিহৰি,
পাঞ্চজন্য শঙ্খনাদ কৰিলে শ্ৰীহৰি! ৪২
দেবদত্ত শঙ্খধ্বনি উঠে তাৰ প্ৰতিধ্বনি!
—বুকুত বজ্ৰৰ ধ্বনি শুনে দুৰ্য্যোধনে,
অন্ধকাৰ দেখি গল অন্তৰ নয়নে!
—শুনি ধ্বনি যুধিষ্ঠিৰে আকাশলে চায়,
নিমাতে নয়ন মুদি প্ৰণতি জনায়।
— থিৰ হল শান্তনৱ, অন্তৰেৰে কৰে স্তৱ, ৪৩
“আহিলা আহিলা তুমি, সুদৰ্শনধাৰী!”—
নয়নেদি বই গল চকুলো দুধাৰি।
—কাৰ্ত্তিকী পূৰ্ণিমা সেই পৰি কি মনত ৪৪
কান্দিছে বিদুৰে, আজি তেনেটি দিনত
মুৰলীটি নবজাই কৰিছা কি যদুৰায়?
বাউলী গোপিনী লৰি আহে কেনেকই,
কেনেকে বা ফিৰি যায় কৃষ্ণ লই লই?
দিয়া যদি বৰিষণ কিয় বজ্ৰপাত?
নিয়া যদি কোলালই কিয় কৰাঘাত?
ভয়ঙ্কৰ ইযে ধ্বনি ভায়ে ভায়ে হনাহনি!
মৃত্যুৰে আবৰি ধৰি কাক কেনি নিলা,
নুবুজিলোঁ, হে কৃষ্ণ! কিনো এই লীলা।
খন্তেক তবধ মাৰি কঁপে ৰণথলী,
ভেৰী শঙ্খ পটহৰ উঠে খলখলি।
বাদ্যৰো লাগিল ৰণ, ফাটিল আকাশখন;
হাতী ঘোঁৰা চিঞৰেৰে ছাড়ে সিংহনাদ,—
প্ৰলয় মেঘৰ সি কি ভীষণ নিনাদ!
ৰথত উঠিয়ে কৃষ্ণে কলে ফাল্গুনিক,—
“দেখিছানে আকাশত ৰণ-ৰঙ্গিনীক?
কংসৰ আছাৰ এৰি জিলিকিছে কেনে কৰি ৪৫
যাচিছে অভয় বাণী, কিনো মউমাত!
প্ৰাণ ভৰি সখা তুমি, কৰাঁ প্ৰণিপাত।”
দ্বাদশ সূৰ্য্যৰ তেজে জিনি নভস্থল,
পদতলে জল্মল্ ৰক্ত শতদল,
ই কি দীপ্ত অৱতাৰ, ৰণ প্ৰিয়া চামুণ্ডাৰ!
ৰুধিৰাক্ত মহা খড়্গ নাচে ভয়ঙ্কৰ,
নিশ্বাসত পৃথ্বী যেন টলে থৰ থৰ।
মুখত ফুটিছে কিনো হাঁহি জননীৰ,
হাতত অভয়-মুদ্ৰা—শান্তি সন্ততিৰ।
অশ্ৰু নেত্ৰে পাৰ্থবীৰ দোঁৱায় ভক্তিৰে শিৰ,
কণ্ঠত ভাৰতী জাগি কৰে স্তুতিবাদ, ৪৬
প্ৰাণেৰে মিনতি ঢালি মাগে আশীৰ্ব্বাদ।
চিকোণ হাঁহিটি মাৰি ৰণ জেউতিয়ে
বিজয়ী হবলে’ বুলি গল বৰ দিয়ে।
সিদ্ধি হল মনোৰথ, চলিল পাৰ্থৰ ৰথ,
থমকিল দুয়ো পক্ষ সেনাৰ মাজত।
—লাগে চোন তোল্পাৰ পাৰ্থ-হৃদয়ত
দেখে—ইকি বুকু পাতে গুৰু পিতামহে!
কি সতে হানে নো শৰ, প্ৰাণে যে নসহে।
চকিল হিয়াৰ তাঁৰ নয়নত অন্ধকাৰ,
দুবাহু শিথিল হল, গাণ্ডীব সৰিল,
বিজয়ৰ যত আশা নিগমে হৰিল।
স্বজনত কঁপি যায় অস্ত্ৰ-উপচাৰ,
মুখ ভৰি তোলে পাৰ্থে যুক্তি বিতণ্ডাৰ।
শুনি কিনো হাঁহিটিৰে সাৰথিয়ে ধীৰে ধীৰে
গালে এনে বিশ্বজিনা আতমাৰ গান,৪৭
ধন্য হল জগতেৰে গাণ্ডীবীৰ প্ৰাণ।
দেখুৱালে বিশ্বৰূপ পূৰ্ণ ভগৱানে,
পৰিস্কাৰ হল পথ, দেখা দিলে জ্ঞানে;
কৰি আত্ম-সমৰ্পণ সাৰ্থক পাৰ্থৰ মন,
বজ্ৰৰ মুষ্টিৰে ধৰি নিজ শৰাসন
বীৰদৰ্পে টঙ্কাৰিলে,—স্তম্ভিত ভুবন।
এনেটি ৰূপকে দেখি মানী দুৰ্য্যোধনে
খুজিছিল বান্ধি থব দম্ভেৰে যতনে।
অতি-মান কৌৰবৰ পদে পদে অথন্তৰ,
ভালেটি সুধিলে ভীষ্মে কৰি আয়োজন,—
“মহাবল পৰাক্ৰান্ত হিড়িম্বা-নন্দন;—
আছে জানো এই পক্ষে এনে কোনো বীৰ
ছন্ন যি কৰিব পাৰে বীৰ্য্য মায়াবীৰ?”
আগ বাঢ়ি দুৰ্য্যোধনে কলেহি নিৰ্ভয় মনে,—
“আছে তিনি মহাবীৰ ৰাক্ষস প্ৰধান
নহব সি ঘটোৎকচ এটিৰো সমান।
পিতৃহত্যা প্ৰতিশোধ লবৰ কাৰণে
গুজৰি গুমৰি আছে অতি সংগোপনে।
মায়াবীত কিবা ভয়? ভীমে দেখোঁ কৰে জয়?
কণ্টকে কণ্টক কঢ়া মামা যে আমাৰ,
যেনেকি মায়াবী হ’ক চিন্তা নাই তাৰ।”
কথা শুনি হাঁহি কয় গঙ্গাৰ নন্দনে,—
“অৱজ্ঞা নকৰি কাকো যুঁজা কায়মনে।
ভীমে যদি কৰে জয়, তোমাৰে যে পৰাজয়,
নহয় কদাপি যাতে যাবা তাকে চাই।—
দেৱতাৰো বুদ্ধি হৰে আসুৰী মায়াই।
নিজ নিজ বুদ্ধিবৃত্তি চলিছিল জানি
হৈহয় হাতত নিতে পৰাজয় মানি, ৪৮
একে বুদ্ধি এক মত হল যেই অনুগত,
ব্ৰাহ্মণে জিনিলে ৰণ ক্ষত্ৰিয় ঘাটিল।
—অতীত আদৰ্শ ই যে কাললে থাকিল।
বাহুবল, ধনবল, বোলা মন্ত্ৰবল,
অধ্যাত্মৰ শক্তি বিনে নফলে সুফল।
সত্য দয়া ধৰ্ম্মবল, জিনে এয়ে ভূমণ্ডল,
এয়ে যে ব্ৰহ্মাৰে বাণী সৃষ্টি পাতনিৰ,
দৃঢ়বুদ্ধি-অঙ্কুশেৰে কৰাঁ মনস্থিৰ?
নহবা কৰ্ণৰ দৰে, নোৱাৰি শুনিব—
জীৱিত থাকিলে মই অস্ত্ৰ নধৰিব;
বৃদ্ধৰ কথা হে লয়, অতিবৃদ্ধ বোলে মই;—
হাজাৰ ৰথীৰে দিনে অযুত যোদ্ধাৰ—
প্ৰতিজ্ঞা কৰিলোঁ— প্ৰাণ কৰিম সংহাৰ;
ভূমিকম্প উল্কাপাত, বৃষ্টি কৰ্দ্দমৰ
ঘটক যিমানে ঘটে উৎপাত দৈবৰ।
ভীষ্মৰ পুৰুষকাৰ জলি যাব শেষবাৰ
ৰাখিব প্ৰতিজ্ঞা তাৰ, যোৱাঁ দুৰ্য্যোধন।
—ভাৰতৰ ভ্ৰাতৃ-হত্যা হ’ক আৰম্ভন!”
ছাড়ে কি যে সিংহনাদ উঠিয়ে ৰথত,
দুনাই গগন ফালে শঙ্খ নিনাদত!
গল ভীম আগ বাঢ়ি আস্ফোটেৰে নাদ কাঢ়ি
—অস্ত্ৰ ছাড়ি নগ্ন পদে, ই কি যুধিষ্ঠিৰ!
অবাক মানিলে দেখি দুয়ো পক্ষে বীৰ।
পদব্ৰজে কৃষ্ণাৰ্জ্জুন পাচে পাচে চলে।
দুৰ্য্যোধন আদি কৰি কুৰুবীৰ দলে
নুবুজিলে অভিপ্ৰায়, নতশিৰে কিয় যায়?
অপৰ্যাপ্ত সেনা দেখি লাগে জানো ত্ৰাস,—
ইয়ে সিয়ে টিপিয়াই কৰে উপহাস।
কলে ধৰ্ম্মৰাজে ধৰি ভীষ্মৰ চৰণ,—
“নিৰুপায়, পিতামহ, কৰোঁ আমন্ত্ৰণ।
পিতৃহীন সন্তানৰ এয়ে স্থান আশ্ৰয়ৰ,
কেৱলে আশীষ ধাৰা কৰক বৰ্ষণ;
অনুমতি দিয়ে যেন জিনো এই ৰণ।
“জয় হ’ক বাছা তোৰ”—ভীষ্মৰ মুখত!—
পৰিল এটুপি অশ্ৰু ধৰ্ম্মৰ শিৰত;
দেৱৰ আশীষ বলি গোটেই আকাশ গলি
একে টুপি অশ্ৰু তাতে জিলিকি পৰিল,
পদধূলি শিৰে লই জয়েৰে ঘূৰিল।
জনালে প্ৰণাম কৰি শ্ৰীগুৰু চৰণ,
“ৰাজ্যহীন, গুৰুদেৱ,—কৰোঁ আমন্ত্ৰণ।
আশীষেৰে অনুমতি কৰক পুত্ৰৰ প্ৰতি
চৰণ ছাঁয়াত যেন জিনো মহাৰণ;
“জয় হ’ক,”—দিলে দ্ৰোণে আশীষ বচন।
অশ্বত্থামা, কৃপাচাৰ্য্য, শল্যক প্ৰণাম
কৰি ললে ধৰ্ম্মবীৰে জয়েৰে সুনাম।
ঈৰ্ষাৰ অগনি জলে; কয় বাকী কুৰুদলে—
“বেচ কৰে অভিনয় বিড়াল-ব্ৰতৰ।”
—ইফালে বাজিল শঙ্খ যুদ্ধ আৰম্ভৰ।
ধুমুহাৰ বেগে ভীম গাজে গৰ গৰ,
উৰি কি অযুত তীৰ ত্ৰস্ত বিপক্ষৰ
ক’লা কৰি ওন্দোলায়; গদাৰ ঘূৰণ বাই,
গাণ্ডীবৰ বিশ্বদাহী তীব্ৰ বিজুলীত
ৰক্তবৃষ্টি কৰা মেঘ কৰে সিচঁৰিত।
অৰ্দ্ধভগ্ন ৰথধ্বজ বনষ্পতি প্ৰায়
ডাল মূৰ ভাগি ভাগি ভূমিত লেটায়।
প্ৰথম হেঁচাতে এই কেবাটিও ভায়েকেই
গা-গছ ছিগি শোৱে চিৰদিনলই।
কান্দিলেগে দুৰ্যোধনে গাঙ্গেয়ক কই।
গৰজি আহিল ভীষ্ম ৰুদ্ৰ মূৰতিৰে
নোৱাৰে তিষ্ঠিব কোনো পাণ্ডবৰ বীৰে।
ধুমুহাত সেনা সৰে, অ’ৰ পাত ত’ত পৰে,
আহতৰ আৰ্ত্তনাদ হাতীৰ চিঞৰ,
থাকি থাকি সিংহনাদ উঠিছে ভীষ্মৰ।
সউফালে ইৰাৱান—ফাল্গুনি নন্দন,
নাগৰাজ নন্দিনীৰ আঁচলৰ ধন,
ঘোঁৰা উঠি মণিপুৰী তীৰ বেগে আহে উৰি
উশাহতে ধৰে ঘেৰি শকুনি মামাক;—
পাশাৰ গুটিৰ চাল কৰেচোঁ অবাক।
দুৰ্যোধনে দেখে মামা হাততে হেৰায়,
সসৈন্যে আহিল উৰি ধূলি উৰুৱাই।
কৰে সি কি ইৰাৱানে? যোদ্ধা যত স্তব্ধ মানে;
দুহাতে দুখনি অসি এনে ক্ষিপ্ৰতাৰে
ঘূৰে একেখনি যেন দেখি চক্ৰাকাৰে;
অসি নে পাখিৰে ঘোঁৰা? এই ওচৰত,
উফৰিছে শিৰে শিৰ সউৱা দূৰত।
বিকট মুখেৰে লৰি লক্ষ্য দিয়ে ব্যৰ্থ কৰি,
গজেৰে ৰোধিলে পথ দুৰ্য্যোধনে চাই,
— সৰুৱালে শকুনিক পাচ হোঁহকাই।
জাতবৈৰ মায়াবীক মাতি ইঙ্গিতেৰে
লগালেহি মায়া যদ্ধ এই মায়িকেৰে।
ঋষ্যশৃঙ্গ মহাবীৰ, দুৰ্গ সিয়ে অৰাতিৰ,
আঁৰে আঁৰে থাকি তাৰ ক্ৰূৰ দুৰ্য্যোধনে
নিক্ষেপিছে স্বৰ্ণপুঙ্খ বাণ ঘনে ঘনে।
হাতীৰ দুৰ্গেৰে ঘেৰি মায়া কৰি চুৰ
হুঙ্কাৰে সি মহাগজে দাঙি তাৰ শুঁৰ।
ঋষ্যশৃঙ্গে গড়াঁলত নাগ-মায়া দেখিলত,
গৰুড় মায়াৰে মাৰে ছিৰাছিৰ কৰি;—
ৰণক্ষেত্ৰ লৰি গল ইৰাৱান পৰি।
লক্ষ্য কৰে ঘটোৎকচে সুদূৰত থাকি,
গজবলে দুৰ্য্যোধনে ধৰিছেহি ঢাকি।
বিকট চিৎকাৰ কৰি ধুমুহা বেগেৰে লৰি
ভেদিলে দুৰ্জ্জয় দুৰ্গ প্ৰাস আঘাতেৰে,
হত্যা দেখি জালি গল ভীষণ ক্ৰোধেৰে;
অমোঘ দানবী শূল হানে লক্ষ্য কৰি,
শেষ হওক দুৰ্যোধন, থক সিও পৰি।
নিমিষতে হাতীটিৰে ৰোধি আৰ্য্যশৃঙ্গবীৰে,
পলালে সি পদব্ৰজে নেজানি কলই,—
ৰক্ষা পৰে দুৰ্য্যোধন সেই বাৰলই।
সিংহনাদ ঘটোৎকচে কৰে ঘনে ঘনে
নাদ শুনি গাজি যায় গাঙ্গেয়ৰ মনে,—
“যোৱাঁ দ্ৰোণ, জয়দ্ৰথ, অশ্বত্থামা মহাৰথ,
সমূলি বিপন্ন সউ ৰজা দুৰ্য্যোধন,
জলি উঠে ঘটোৎকচ, কৰাঁ নিবাৰণ।”
কৃপাচাৰ্য জয়দ্ৰথে আগুৰি আগতে;
ভয়ঙ্কৰ ধনুযুদ্ধ পাতে পলকতে;
মৰুতৰ বীৰ্য্য বলে ঘটোৎকচ কিযে জলে,
ঠৰে ঠৰে দুটি বীৰ ৰাখিলে দুকোষে;
ক্ষিপ্ৰহস্ত দেখি দুয়ো কঁপিল তৰাসে।
অশ্বত্থামা তীৰবেগে মিলিলে কাষত,
—ত্ৰিদোষ বিকাৰে যেন কৰিছে বিতত।
তথাপিতো নেঘাটিল, মায়াবল জিকাৰিল,
অবাক মানিছে দেখি অশ্বত্থামা বীৰে,
নেযায় নিৰোধ কৰা একোটি বুধিৰে।
ছাড়ে উগ্ৰ সিংহনাদ ভীমৰ নন্দনে;
শুনি ধীৰ যুধিষ্ঠিৰে ভাবে মনে মনে,—
পাঞ্চালক ৰক্ষা কৰি অবিশ্ৰান্ত ধনু ধৰি
যুঁজিছে ভীষ্মৰ সতে পাৰ্থে অদূৰত।
“খোৱাঁ ভীম, হৈড়িম্ব সি পৰিছে ঠেকত।”
গল বীৰ-বৃকোদৰ, উৰিল সংশয়,
লগে লগে অভিমন্যু দ্ৰৌপদীতনয়।
কেনি গল দুৰ্য্যোধন নকৰিলে কেঁৱে মন।
আহে মাত্ৰ দ্ৰোণাচাৰ্য্য সাহে আচাৰ্য্যৰ,
লাগি গল ঘোৰ যুদ্ধ ভীমেৰে দ্ৰোণৰ।
অস্ত্ৰে অস্ত্ৰে কটাকটি কৰি বহুক্ষণ।
ভয়ঙ্কৰ গদা ভীমে কৰিলে ক্ষেপণ;
আচাৰ্য্য অৱশ হল, আঘাতত মূৰ্চ্ছা গল,
ৰথে সতে সাৰথিয়ে নিলে আঁতৰাই;
—কৌৰবৰ সেনা যত বিভঙ্গে পলায়।
হতাশেৰে দুৰ্য্যোধনে দিলেগে বাতৰি,
ভীষ্মদেৱ, ধনঞ্জয় আহিল আঁতৰি,
ভীমে ভগদত্ত বীৰে, ভীষ্ম সহ যুধিষ্ঠিৰে
আৰম্ভিলে মহাযুদ্ধ এৰণ থলত,
অৰ্জ্জুনে যোগান দিয়ে খাণ্ডৱ-দাহত।
অভিমন্যু ঘটোৎকচ অগনি-কলাই,
ভমকি জলিল ঘূৰি মাৰিছে জলাই;
এই পৰে অশ্বগজ, সউ ভাঙ্গে ৰথধ্বজ,
বজ্ৰেৰে বিজুলী গাজে মাৰে চক্ৰবাণ,
অগ্নি অস্ত্ৰ গৰ্গৰায় স্তব্ধ কৰে কাণ!
প্ৰদীপ নুমায় এই উঠিছে জলকি,—
দিনান্তৰ যুদ্ধ তেনে উঠিল জমকি!
তেনেতে বাজিল ভেৰী। সন্ধ্যা হল, যুঁজ এৰি
দিহাদিহি শিবিৰলে’ এই গুচি গল।
– কৰুণ শ্মশানখনি মৰি পৰি ৰল!
কাঢ়ে কিনো হুমুনিয়া পচিমলে চাই
দুধাৰি চকুৰ লোৰে দুগাল তিয়াই!
আয়ে মোৰ ৰই ৰই কয় থোকাথুকিকই,—
“ইৰাৱান! সিও মোৰ থাকিলেতো পৰি,
আৰু নো কিমান অই?―নেপালোঁ বাতৰি।
⸻
পঞ্চম সৰ্গ
শিবিৰে শিবিৰে সুৱদি সন্ধ্যা
ফুলেকি প্ৰাণৰ ৰজনী-গন্ধা!—
ঘৰে পৰে মিলি আঁকোলা আঁকোলি,
মুখত হিয়াৰ হাঁহি,
কেনি বাজে অই, জোনোৱালী ৰাতি
নিমাতে মোহন বাঁহী!—
গন্ধ অনুলেপ, স্নান আহাৰেৰে
জনে জনে হাঁহি মুকলি মনেৰে,
দিয়ে ঢালি চিত গীত তৰঙ্গত
ঝঙ্কাৰে বীণাৰ তান;
নয়ন বাণেৰে জিনে নাচনীয়ে
বাণেৰে নিজিনা প্ৰাণ।
শ্ৰমেৰে অৰ্জ্জা সুখৰ নিদ্ৰাই
গ্লানি শৰীৰৰ নিয়েহি নিৰাই;
পুৱালে প্ৰস্তুত দিনৰ ৰণলে’,
লাগে ঘূৰি মহামাৰ;
আপোন পৰৰ এনেটি সপোন,
চিনো যে নৰয় তাৰ!
এই অনুক্ৰমে যায় দহদিন,
যিদিনা জাহ্নবী হল পুত্ৰহীন,
শৰৰ শয্যাত পৰি পিতামহ
গণিছে শেষৰ দিন;
নধৰা কৃষ্ণক অস্ত্ৰ ধৰালে ৪৯
গল ভকতিত লীন।
আখৰে আখৰে প্ৰতিজ্ঞা দুষ্কৰ
শেষ নিশ্বাসেৰে ৰাখিলে নিজৰ,
শৰৰ অঞ্জলি ললে অৰ্জ্জুনৰ
বুকুত দিলে যে ঠাই,
তীৰৰ শয্যাত পৰি ৰ’ল বীৰ,
—দিবলে তুলনা নাই।
এনেটি বীৰৰো আতঙ্ক জগালে,
দিনে দিনে কি যে চমক লগালে,
নিজ বীৰ্য্য বলে বীৰ ঘটোৎকচ
ভাৰতত ধন্য হল;
আৰ্য্যৰ হিয়াত অনাৰ্য্যৰ নাম
কল্পান্ত কাললে ৰল।
শুনি হৈড়িম্বই ভীষ্মৰ নিপাত,
থমকি খন্তেক কৰে অশ্ৰুপাত,
“অতদিনে ধৰা বীৰশূণ্য হল,”
—ওলাল বুকুৰ পৰা,
“সাৰ্থক জনম এনেটি বীৰৰ
বিৰুদ্ধে যুদ্ধ কৰা।”
দশম দিনৰ হল অৱহাৰ,
ঘৰে পৰে মিলি কৰে হাহাকাৰ!
ভীষ্মৰ লগতে হিয়া দেৱতাৰ
নিজাৰ পৰিল,—গল!
ভিন ভিন পথ কুৰু পাণ্ডবৰ
অশ্ৰুৰে নেদেখা হল।
অৰ্দ্ধেকৰ বেচি উভয় পক্ষৰ
হল অতদিনে অতিথি যমৰ।
হতাশ যুঁজাৰু যুঁজত লগোৱা
কেনে সি কঠিন কাম,
সাধিলে সহজ দাতাকৰ্ণে তাক
জলালে বীৰৰ নাম।
আচাৰ্য্য দ্ৰোণক পাতি সেনাপতি
ওলাল যুদ্ধলে ক্ৰূৰ কুৰুপতি।
সেনাৰ আগত কৰ্ণ মহাবীৰ
আহিছে হুঙ্কাৰ ছাড়ি,
ভীষ্মৰ বিহনে লব প্ৰতিশোধ
আজি অৰ্জ্জুনক মাৰি।
কৌৰব সেনাৰ দ্ৰোণত বিশ্বাস,—
দিলে দ্ৰোণে বুজি সীমাৰে আশ্বাস,— ৫০
“ঘেৰি ধৰি আজি শ্ৰেষ্ঠ পাণ্ডবৰ
আনিম সিংহক বেৰি,
দেৱৰো দুৰ্দ্ধৰ্ষ অৰ্জ্জুনে যদিহে
দিয়ে অৱকাশ এৰি।”—
দ্ৰোণে ৰচে বেহু, শকুনিৰ চাল,
উঠিছে গুজৰি কৰ্ণ মহাকাল
একে দিনে যেন দিব জিকি ৰণ,
নাচে দুৰ্য্যোধনে চাই;
এনেতে গাজিলে শঙ্খ কেশৱৰ
কুৰুকুল চঁকি যায়।
হুৰাহুৰি লাগে দুয়োটি পক্ষৰ,
—পাখি আস্ফালন ক্ৰুদ্ধ গৰুড়ৰ!
যুঁজক সিফালে নাৰায়ণী সেনা
কৃষ্ণ অৰ্জ্জুনক ঘেৰি,
ভীম ভগদত্তে যুঁজক ইফালে
ধৰ্ম্মক মাজতে এৰি,
অলম্বুষ বীৰে ৰোধি হৈড়িম্বক
দিয়ক সুচল প্ৰমত্ত গজক,
ভগদত্তে যাতে আজিয়ে ভীমক
গচকি মাৰিব পাৰে।
চক্ৰাকাৰে বেহু ৰচে আচাৰ্য্যই
ক’ত অভিমন্যু সাৰে?
জমকি উঠিল যত কুৰুবীৰ
দেখি সুৰক্ষিত ধৰ্ম্ম যুধিষ্ঠিৰ।
কোনে যেন কয় আকাশ কোলত,
—“অৰে অ’ দুৰ্য্যোধন!
বীৰ অৰ্জ্জুনৰ ৰথৰ সাৰথি
আপুনি যে নাৰায়ণ।”
কৰি শঙ্খধ্বনি সেনা নাৰায়ণী
ঘেৰে চতুৰ্দ্দিশ কৃষ্ণকো নগণি,
যুঁজি প্ৰহৰেক বীৰ ফাল্গুনিয়ে
নেপায় কেনিও ত্ৰাণ,
উত্তাল তৰঙ্গ গৰ্জ্জে সমুখত
চমকি উঠিল প্ৰাণ।
হঠাৎ পাৰ্থৰ পৰিল মনত
তাষ্ট্ৰ নামে বাণ আছে যে তূণত, ৫১
হানে গাণ্ডীবেৰে মনৰ উল্লাসে
অব্যৰ্থ সন্ধান তাৰ,
নিৰ্মিষতে সি কি বিভ্ৰম ঘটালে
লাগি গল ধৰ-মাৰ।
পৰস্পৰ দেখে কৃষ্ণ-ধনঞ্জয়,
কটাকটি কৰি নিজে হল ক্ষয়!
এটি প্ৰহৰতে নাৰায়ণী সেনা
ভালেখিনি গল মৰি,
ফুলা মদাৰৰ অতনা গছনি
উভলি থাকিল পৰি।
উৰি গল ৰথ য’ত যুধিষ্ঠিৰ,
লাগে ঘূৰি ৰণ দ্ৰোণ ফাল্গুনিৰ।
ইফালে গজেৰে ভগদত্ত বীৰ
গৰজে ভীমক পাই,
উঠে কি জলক ৰণ জেউতিৰ
কাৰো পৰাজয় নাই।
সুপ্ৰতীক নামে প্ৰাগজ্যোতিষৰ
সুপ্ৰতীক সঁচা সমস্ত গজৰ,
এনে শিক্ষা তাৰ অদ্ভুত চালনা,
নশলাগি কোনে পাৰে?
এই—এই—ধৰি শুঁৰেৰে মেৰাই
ভীমক আফালে মাৰে!
পলকতে ভীমে বুদ্ধি প্ৰভাৱেৰে
বিদ্ধ কৰি শুঁৰ তীব্ৰ নাৰাচেৰে
বিজুলী বেগেৰে পৰিকি তলত
পেটত আঘাত কৰে;
ভীষণ চীৎকাৰ কৰি কৰীৰাজে
ত্ৰাসত আঁতৰি পৰে।
“মাৰিলে মাৰিলে, ভীমক মাৰিলে,”—
পলাতকে কান্দি গগন ফালিলে
চমকি অৰ্জ্জুন চঁকি যুধিষ্ঠিৰ
উধাতুৰে আহে লৰি,
ডেও দি উঠিছে বীৰ ঘটোৎকচ,
অলম্বুষে ৰাখে ধৰি।
আহিয়ে দেখেকি ভীমে গদা লই
আক্ৰমে গজক ঘৃতাহুতি হই,
আঁজুৰি গজে সি গদা কাঢ়ি লই
ভীমৰ মূৰলে মাৰে,
একে উচালতে বায়ুৰ বেগেৰে
বাগি দি মাৰুতি সাৰে।
ক্ৰোধত অৰ্জ্জুন জ্বলে ভয়ঙ্কৰ,
বৰষে ধেনুৰে অগণন শৰ;
শৰৰ জালেৰে আন্ধাৰ, আন্ধাৰ,
একোকে নমনা হল;
বায়ব অস্ত্ৰেৰে আন্ধাৰ উৰাই
ভগদত্ত থিৰে ৰল।
অস্ত্ৰই অস্ত্ৰই লাগে কটাকটি,
নেঘাটে কোনোটি হটি খোজো হাটি।
খঙ্গত ভমকি ভগদত্ত বীৰে
বৈষ্ণৱাস্ত্ৰ লয় জুৰি;
কঁপিলে আকাশ কঁপিল পৃথিৱী
—আহে কালান্তক উৰি!
হঠাতে কৃষ্ণই আবৰি পাৰ্থক
ধৰে বুকু পাতি অব্যৰ্থ অস্ত্ৰক,—
নৰকাসুৰৰ শৰ ভয়ঙ্কৰ
কৃষ্ণত বিলীন হল;
শেষৰ ভৰসা প্ৰাগ্জ্যোতিষৰ,
আজি সি কৃষ্ণলৈ’ গল।
কৰীকুম্ভ ভেদি সিংহ-নখাঘাত,
গাণ্ডীবীৰ সি কি শৰৰ সংঘাত,
পৰে সু প্ৰতীক আৰোহীৰ সতে,
লৰিল ৰণৰ থলী;
অৰ্দ্ধচন্দ্ৰ বাণ হানিলে বুকুত
গল ভগদত্ত হ’লি।
ছাড়ে সিংহনাদ পাণ্ডৱ সেনাই,
কৌৰব সেনাৰ আজি ধাতু নাই!
পূবলই চাই বীৰবৰে যেই
শেষৰ নিশ্বাস ললে,
এটুপি অশ্ৰুৰে এটি হুমুনিয়া
প্ৰাগ্জ্যোতিষৰ ব’লে।
শুনি সিংহনাদ আহি টলকতে
বীৰ ঘটোৎকচ অভিমন্যু সতে
সিংহৰ বিক্ৰমে দুয়ো দুই কাষে
জোৰে কি যে আক্ৰমণ,
মৃগযূথ যেন কৰে কুৰুদলে
নিৰুচ্ছ্বাসে পলায়ন।
তিতিকাৰি দিলে বাজি সান্ধ্য ভেৰী।
—আনন্দে পাণ্ডৱ গল যুদ্ধ এৰি।
কৰ্ণ দুৰ্য্যোধন, দ্ৰোণ দুঃশাসন,
শকুনি আনেকাদিনা,
মিলিল গোপনে চিন্তনি লাগিল
কেনেকই যায় জিনা।
এক অভিমন্যু, ঘটোৎকচ একে
যেনে প্ৰতাপেৰে জিনিছে প্ৰত্যেকে,
নিতে নিতে টুটি বিপুল বাহিনী
শেষত ৰয়গে কি?
অত আয়োজন উজাগৰে কৰা
বিফলে যায়নে কি?
ভাবি ভাৰদ্বাজে কয় ধীৰে ধীৰে,—৫২
“নোৱাৰিম আমি এই দুয়োটিৰে;
অভেদ্য কৱচ কৰি পৰিধান
যুঁজে অভিমন্যু বীৰ,—
কাৰ্ত্তিক সাক্ষাতে তাড়ক-যুদ্ধত ৫৩
অচল অটল থিৰ।
যাৱতে হাতত শৰাসন তাৰ
অজেয় ইন্দ্ৰৰ, ত্ৰাস দেৱতাৰ।
সংহত শক্তিৰে নিৰস্ত্ৰ নকৰি
অকলে আগুৰা টান;
বেহু চক্ৰাকাৰ কৰিছোঁ ৰচনা
কৰা তাৰে অভিযান।
কূটযোধী বীৰ হিড়িম্বা নন্দন—
মায়া সন্নাহেৰে উদণ্ড শমন,
মায়াক মায়াৰে নকৰিলে ক্ষীণ
তাকো যে জিনোতা নাই।
দৃঢ়চিত্তে মাৰোঁ সময়ৰ শৰ,
চলাঁ দুয়োকূল চাই।”
আলচি উপায় নিজানে নিজমে
গল যত বীৰ নতুন উদ্যমে।
ইফালে গাজিল শঙ্খ পাণ্ডৱৰ,
ভীমৰ আস্ফোট ধ্বনি
হৈ হৈ ৰৱে ৰণ সাগৰত
উঠি গল খলকনি।
কৰে কি, কৰে কি অভিমন্যু বীৰে?—
জয় উল্লাসত বিচিত্ৰ গতিৰে,
সোমাল অকলে অচিন বেহুত,
জিলিকে উন্নত শিৰ।
ৰুদ্ধ কৰি পথ সদৰ্পে দ্বাৰত
নিজে জয়দ্ৰথ বীৰ।
অত বিক্ৰমেৰে পাণ্ডৱৰ বীৰে
যুঁজি নোৱাৰিলে সিন্ধু নৃপতিৰে, ৫৪
অকলে নিৰ্ভয়ে সিংহ শিশুটিয়ে
বেহুৰ মাজলে গই
ৰথী মহাৰথী বিতত কৰিলে
এশ জালুকৰ হই।
—পাৰ্থৰ পুত্ৰয়ো কৰে পৰাজিত!
লাজে অপমানে হল জৰ্জ্জৰিত;
নিজৰ আগতে পুত্ৰ লক্ষণক
বধিলে যেতিয়া বীৰে,
নোৱাৰিলে আৰু ৰজা দুৰ্য্যোধনে
খন্তেকো থাকিব থিৰে।—
“লাগে প্ৰতিশোধ, লোৱাঁ ছলে বলে।
ৰাজপুত্ৰ মোৰ, অকলে অকলে
পঠাবানে আজি যমপুৰীলই
দিয়াঁ দিয়াঁ, লগ তাৰ।”
ঘৰ্ঘৰ ৰৱেৰে ঘেৰে সপ্তৰথী,
উঠে কি ঝণৎকাৰ!
অলক্ষিতে কোনে কৰে হাঁয় হাঁয়!
উচুপি উঠিছে ক’তে সুভদ্ৰাই! ৫৫
একেটি লক্ষ্যতে অস্ত্ৰ সাতপাত—
কাটিবৰো ঠাই নাই;
বীৰৰ পুলিটি সাত কুঠাৰেৰে
কাটে কি অকলে পাই!
বিনা অস্ত্ৰে হয় বীৰৰ মৰণ,
সিপুৰীত কিটো দিয়ে নিদৰ্শন?
সুদৰ্শন যেন ৰথৰ চক্ৰেৰে
শত্ৰুৰ আতঙ্ক হল,
দলি দলি বীৰে তাৰে অশ্বৰথ
ধীৰে ধীৰে পৰি গল!—
নিমাত নিস্তব্ধ, পৃথিৱী আকাশ,
ৰই ৰই কোনে ছাড়ে দীৰ্ঘশ্বাস!—
সিংহ নিপাতিত চায় বেৰি বেৰি,
শত্ৰুৰ শৱদ নাই;
অহা যেন দেখি পাণ্ডৱৰ দল
ভয়েৰে আঁতৰি যায়।
পুত্ৰ শোকাতুৰ পঞ্চ পাণ্ডৱৰ
দৰ্ দৰ্ ধাৰা বয় নয়নৰ;
গধুৰ হিয়াৰ কথা সি নুফুটে,
ওঁঠ কঁপি কঁপি যায়,
শোকৰ ধাৰত জলি গল ক্ৰোধ,
—বাড়ব অগনি প্ৰায়।
কৰচি উঠিছে কি যে ভীমসেন,
ঘটাব প্ৰলয় আজিয়েই যেন!
আটোপ টঙ্কাৰে কৰে ধনঞ্জয়ে
আজি কি প্ৰতিজ্ঞা ঘোৰ,
বধি জয়দ্ৰথ দ্বাৰ ৰক্ষকক
তুলিব পুত্ৰৰ হোৰ!
নিজ নিজ পণ পূৰাবৰ মনে
দাৰুণ হুতাহে লৰে জনে জনে;
ৰণ থলী জুৰি কি যে হুৰাহুৰি,
চিঞৰে হুৰাও ৰাৱে,
মত্ত বৃকোদৰ সংহাৰি ফুৰিছে
ভীষণ গদাৰ ঘাৱে;
কৰ্ণ মহাবীৰ আচাৰ্য্য দ্ৰোণেৰে
বুকু পাতি আহি যুঁজে পাণ্ডৱেৰে।
পৃথিৱী বিদাৰি ক’তে সি লুকাব
সুৰক্ষিত জয়জথ,
বজ্ৰৰ বেগেৰে ধূলি ডাৱৰত
উৰিল পাৰ্থৰ ৰথ।
পুত্ৰ ঘটোৎকচ পাচে পাচে ধায়।
ৰই সাৰথিয়ে কলে ফিৰি চাই,—
“নেদেখিছা তেজ ৰণ জেউতিৰ?
পৃথিৱী কৰিব ছাই।
খন্তেকো নেৰিবা জ্বলন্ত ভীমক,
কৰে কি অকলে পাই।
যুঁজা ফিৰি গই মায়াৰে মায়াই।
সখা অৰ্জ্জুনৰ—সাৰথি সহায়।
জলে ঘটোৎকচ আৰক্ত নয়ন,
কয় কৰি কৰ যোৰ—
“শুনা শুনা প্ৰভো, কৰিছে বিদ্ৰোহ
হিয়াৰ ৰাক্ষসে মোৰ!
জঘন্য ব্যাধৰ বীভচ আচাৰ
ঘিণায় ৰাক্ষসে এনে কদাচাৰ।
জালেৰে মেৰাই ব্যাঘ্ৰ শিশুটিক
সাতোটাকে ব্যাধে খোচে;
নেজানো কেনেকে আৰ্য্যৰ গৌৰৱে
এই কেলেঙ্কাৰ মচে—”
বুজি মনোভাব কয় যদুবীৰে,—
“আৰ্য্য চলে ক’ত আৰ্য্যৰ নীতিৰে?
ভীষ্মৰ লগতে নুমায় নুমায়—
আৰ্য্যনীতি ভাৰতৰ।
অনাৰ্য্যে পালক নীতি অনাৰ্য্যৰ
অন্ত হক দুস্কৃতৰ।”
প্ৰণমি ঘূৰিল ঘটোৎকচ ধীৰ,
ঘূৰিলে চাবুক পাৰ্থ সাৰথিৰ।
দেখে ঘটোৎকচে ৰণক্ষেত্ৰ জুৰি
মৰা হাতী অগণন;
শেনৰ দৃষ্টিৰে কাণ্ড পিতাকৰ,
কৰে যে কি নিৰীক্ষণ,—
আঁৰে আঁৰে সেই আঁৰ পৰ্ব্বতৰ
অলেখ-অলেখ সৈন্য ৰাক্ষসৰ,
জিলিকে শূন্যত যাঠী বাঘনেজী ৫৬
লক্ লক্ কৰে ৰই;
হঠাৎ দেখিলে মুণ্ড-ধ্বজী ৰথ,
—অলম্বুষ অস্ত্ৰ লই!
দিলে হৈড়িম্বই চকুৰে ইঙ্গিত,
জুৰি নিমেষতে শতাঘ্নী শাণিত
বিম্বা শবদেৰে ললে বৃকোদৰে
অসংখ্য সেনাৰ প্ৰাণ,
দেখি ঘটোৎকচ জিকাৰু মহিষ,—৫৭
অলম্বুষ ত্ৰস্তমান!
ৰথ লই এই হয় অন্তৰ্দ্ধান,
বেগে ঘটোৎকচ হল আগুৱান;
একে জাপে উঠি চলন্ত ৰথত
টানি আনি হুহুঙ্কাৰে
হাতীৰ দাঁতত, কুমত, নখত,
থেকেচি থেকেচি মাৰে।
ছাড়ে সিংহনাদ পিতা পুত্ৰ দুই,
ৰণ্ জেউতিৰ জলকিল জুই!
দলি কৰীদল প্ৰমত্ত কেশৰী
বীৰ বৃকোদৰ ধায়।
আগচে কৰ্ণই আস্ফোট প্ৰহাৰে
যুদ্ধৰ পথত পাই।
কৰ্ণ বৃকোদৰে যুঁজে ভয়ঙ্কৰ,
দেখি লাগে ত্ৰাস উভয় পক্ষৰ,
ক্ষিপ্ৰ প্ৰয়োগত উভয়ে সমান
কৰে অস্ত্ৰ খান খান,
নিমিটে হুতাহ জ্বলি উঠি ভীম
দিলে এৰি ধনুৰ্ব্বাণ।
ভীষণ গদাৰে খেদিলে কৰ্ণক,
মাৰে আঘাতত সাৰথি অশ্বক;
জাপ দি উঠিল আতুৰ কৰ্ণ ই
পুতেকৰ ৰথলই।
পলাই সাৰিল সেনা ৰাধেয়ৰ ৫৮
নায়ক নোহোৱা হই।
আগুৰি ধৰিলে ভীমক দুনাই
আচাৰ্য্য দ্ৰোণৰ আগলি সেনাই,
আহিল সাত্যকি, আহে ঘটোৎকচ,
লাগি গল মহাৰণ;
লঘুহস্ত দ্ৰোণ গৰজি উঠিছে
বিজুলীৰে ঘনে ঘন;
তথাপিতো তিনি বজ্ৰ মিলনত
মূৰছি পৰিল নিজৰ ৰথত;
অশ্বত্থামা বীৰে নিলে সৰুৱাই,
উঠে সিংহনাদ ঘনে,
এটি এটিকই ছয়োটি ৰথীয়ে
লুকায় হতাশ মনে।
আবেলি বেলিটি মাৰ যায় যায়,
কিৰীলি পাৰিছে কুৰুৰ সেনাই,
“জীলে জয়দ্ৰথ, মৰিল অৰ্জ্জুন,
প্ৰতিজ্ঞা বিফলে গল।”
শুনি পাণ্ডবৰ অন্তৰ কঁপিল
—আজি ই কি কথা হল!
উৰি কৃষ্ণ-মেঘ ওলাল বেলিটি,
ইকি জয়ধ্বনি খলকে উলটি!
“জয়দ্ৰথ বধ, বাচিল অৰ্জ্জুন,”—
হুঙ্কাৰিছে সিংহনাদ;
পুত্ৰৰ তৰ্পণ দিলে ধনঞ্জয়ে,
উঠে কি প্ৰশংসাবাদ।
ক্ৰোধান্ধ নয়নে দেখিছে আন্ধাৰ,
দুৰ্য্যোধনে ক’ত মানে অন্ধকাৰ?
তপতে তপতে লব প্ৰতিশোধ
এই এতিয়াই লাগে,
নৈশ-যুদ্ধ আজি কৰিব কৌৰবে
কলে কি ভীষণ ৰাগে,—
“নাই যদি কাৰো এনে অভিমত,
সুখেৰে বিশ্ৰাম লক শিবিৰত।
অকলে ওলালোঁ জীয়া জুই লই
মাৰক পাণ্ডবে মোক,
মাৰক মৰক, প্ৰাণৰ লগতে
যক অসহন শোক।”
দাৰুণ বচন শুনি নৃপতিৰ
কৰ্ণ, অশ্বত্থামা, দ্ৰোণাচাৰ্য্য বীৰ
জাপ দি পৰিল নিশা কণ্টকত—
শ্মশান দুৰ্গন্ধময়!—
ৰক্তেৰে পঙ্কিল উচ্ছ্ৰিত কঙ্কাল
নাই কাৰো পৰিচয়!
নৰমাংস খায় শিয়ালে কুক্কুৰে,
ছাঁয়া যেন প্ৰেত উৰি লৰি ফুৰে,
মিত্ৰ শত্ৰু কোন চিঞৰত বাজে
একোকে নিচিনা হল,
শব্দৰ লক্ষ্যেৰে অন্ধমুনি সুত ৫৯
কতনা নো মৰি গল!
হাতীৰ আগৰ নমনি যে ৰথ,
হাৰিলে নিচিনে পলাবৰ পথ!
গৰজি গৰজি ভীমে সাত্যকিয়ে
কৰ্ণেৰে দ্ৰোণেৰে যুঁজে,
অগণি অস্ত্ৰৰ চক চমকাত
ৰথধ্বজ দেখি বুজে।
এনেতে আহিল শিবিৰৰ পৰা
দীপৰ প্ৰবাহ গন্ধে তেলে ভৰা;
আঁউসী আকাশ ৰণলে’ নামিছে
উল্কা তাৰকা ভৰি;
—ঘৰজুয়ে যেন ৰেঙ্গনি তুলিছে
স্ফুলিঙ্গ উফৰি পৰি;
— লাখে লাখে যেন জোনাকী পৰুৱা,
কাল নিশাচৰে কৰে নিঠৰুৱা!
আহিছে শকুনি চিঁউ চিঁউ কৰি,
কলে দুৰ্য্যোধনে মাতি,
“পুত্ৰ, ভগ্নীপতি ৰাখিছিলোঁ পণ—
গুটি যে পেলালে কাটি।
পাশাৰে নচলে, লোৱাঁ কৰৱাল
প্ৰত্যক্ষ কৰাল, ই যে মহাকাল!
মাৰাঁগে কৃষ্ণক মাৰা পাণ্ডৱক
পুৱালে’ নথবা বাকী;
এই আন্ধাৰেই প্ৰেত পাণ্ডৱক
ৰাখক কাললে ঢাকি।”
লৰিল শকুনি মনৰ জোৰেৰে
দ্ৰৌণি ঘটোৎকচে যেনি যুদ্ধ কৰে,
তধা লাগি ৰয়, নচলেচোঁ ৰথ,
ইকি মূৰ্ত্তি ভয়ঙ্কৰ!
এনে ৰূপ আগে দেখাতো নাছিল
ঘটোৎকচ ৰাক্ষসৰ।
প্ৰহাৰি পট্টিশ অতি ভয়ানক
মূৰ্চ্ছিত কৰিলে দ্ৰোণৰ পুত্ৰক,
বিকট চিৎকাৰ শব্দত তাৰ
গজ-দুৰ্গ ফাটি যায়
দুঃশাসনে চায়ে উঠিল শিয়ৰি
জীয়া যম এনে নাই।
ঋক্ষৰ ছালেৰে অভেদ্য কৱচ,—
জাম্বৱন্ত হেন দেখি ঘটোৎকচ;
গৃধ্ৰৰ পাখিৰে উচ্চ শিৰস্ত্ৰাণ,
লোমেৰে মণ্ডিত প্ৰাস,
কাংস্যৰ ফলক হাড় অলঙ্কাৰে
দৈত্য দানৱৰ ত্ৰাস!
দুডাল দুকাষে আৰিয়া জলাত
সি কি ভয়ঙ্কৰ ভৈৰৱ সাক্ষাত!
দেখি দুৰ্য্যোধন অত্ৰাহি ভয়ত
ৰিঙ্গিয়ালে—“অলশ্বল,
পিতৃ হন্তা ভীম— এয়ে যে পুতেক
চূৰ্ণ কৰাঁ মায়া-বল।”
জিকাৰি উঠিল কি যে হুৰি মাৰি
সেনা দুয়ো দল পৰিঘ জোকাৰি;
টলবল কৰে লৰে ৰণস্থল
লাগে দুৰ্ব্বাদল ঘোৰ;
দূৰতে পলায় আৰ্য্যৰ যুঁজাৰু
নুমাই হাতৰ জোঁৰ।
গৰুড়-তক্ষক, গজ-শাৰ্দ্দুলৰ
কত মায়া যুঁজ, নজনা আৰ্য্যৰ,
কৰি বহুক্ষণ বীৰ ঘটোৎকচে
চিলনী-থাপ্টো মাৰি,
আঁজুৰি আনিলে যোৱা-অলশ্বল
গচকে মাটিত পাৰি।
ভীষণ হুঙ্কাৰে মূৰ ছিঙ্গি লই
দিলে দলি মাৰি দুৰ্য্যোধনলই,
“ল’ উপহাৰ, আৰু আছে ৰ।”
গল কৰ্ণলই খেদি
জুৰিলে ধেনুত ৰাক্ষসৰ বাণ
ৰথাশ্ব শালিলে ভেদি।
কৰ্ণ ৰথহীন, হৰিল উপায়,
দিব্য অস্ত্ৰ ধৰি হানে চমকাই
বাণেৰে বিন্ধাত ঘটোৎকচ বীৰ
হল শল্লকীৰ দৰে; ৬০
এহাতে উঘালি অস্ত্ৰ দেৱতাৰ,
ইটো হাতে অস্ত্ৰ ধৰে;
ললে মহাশনি অস্ত্ৰ ভয়ঙ্কৰ,
দেখি ৰণস্থলী ভয়ত কাতৰ,
মাৰে কৰ্ণলই প্ৰাণৰ হুতাহে,
জাপ দি কৰ্ণ ই ধৰি,
ঘূৰাই মাৰিলে ঘটোৎকচলই
নুমাল মাটিত পৰি।
দেখে—ঘটোৎকচে লক্ষ্যভ্ৰষ্ট কৰি
অশ্বেৰে কৰ্ণক ৰোধে বেৰি ধৰি,
“মাৰিলে কৰ্ণক,” উঠে হাহাকাৰ,
চঁকি গল দুৰ্য্যোধন!
শেষৰ সম্বল, বীৰ অলায়ূধ
লগালেহি তাৰে ৰণ।
হৰি হিড়িম্বাক নিৰাশ কৰোৱা, ৬১
ভ্ৰাতা বকাসুৰ যুঁজত মৰোৱা
বৃকোদৰ তাৰ পুত্ৰ হৈড়িম্বক
খেদে সি হুঙ্কাৰ ছাড়ি;
পকায় দুচকু, পেলাবহে যেন
চকুৰে মুচৰি মাৰি।
পিঠিৰ ফালেদি পৰি জপিয়াই
আগৰ কৰ্ণক দিলে সৰুৱাই
দুয়ো মায়াবীৰ মায়া ইন্দ্ৰজাল,
এই নাই, এই আছে!
ৰণ মাদলত ভমকি ভমকি
ৰণৰ জেউতি নাচে!
জ্বলি ৰবিসুত ৰথেৰে নতুন
দোৱচিছে ৰণ জুৰি ধনুৰ্গুণ,
ৰোধিলেহি ভীমে প্ৰলয় মন্দ্ৰেৰে
শিলাবৃষ্টি কৰে শৰ,
এৰি হৈড়িম্বক ঘূৰি অলায়ূধে
ভীমলই দিলে লৰ।
লাগিল হৈড়িম্ব সেনাৰে কৰ্ণৰ;
জুই উঠি যায়,—কি যে ধনুৰ্দ্ধৰ!
এৰি ধনুৰ্ব্বাণ গদাৰে আগত
ভীমে যুঁজে ৰাক্ষসেৰে;
বজ্ৰাঘাত ঘোৰ, ভাঙ্গি যায় গদা,
কেঁৱে কোনোটিকে নেৰে।
ঢিমোৱা পিতাক আজৰাওঁ বুলি
টানে ঘটোৎকচে ৰাক্ষসৰ চুলি।
কামৰূপী দুয়ো লাগি হতাহতি
মালবন্ধে লাগি গল;
ঘটোৎকচে চাই মাৰিলে আফাল
অলায়ুধ চিৎ হল।
আঠু দি বুকুত মূৰ ছিঙ্গি লই
ফৰ্ম্মুটি মাৰিলে দুৰ্য্যোধনলই
“ল উপহাৰ, আৰু এটা এই।”
কৈয়েকি কৰ্ণলে লৰে,
আগুৰি কৰ্ণক পাঞ্চাল সেনাই
নিশুম্ভৰ ৰণ কৰে। ৬২
ব্যস্ত ভীমাৰ্জ্জুন, ব্যস্ত যুধিষ্ঠিৰ,
ধৃষ্টদ্যুম্ন লৈয়ে যুদ্ধে দিয়ে ভিৰ;
মূৰ্ত্তি কালান্তক ধুৰ্জ্জটিৰ দৰে
ত্ৰিপুৰ দহিছে দ্ৰোণে,
অস্ত্ৰ চালনাত জীৱন্ত মৃত্যুক
আজি হৰুৱাই কোনে!
জৰাজীৰ্ণ দেহা নগণে যে ক্লেশ,
আজিয়ে কৰে কি কুৰুক্ষেত্ৰ শেষ!
লৰে কৰ্ণ বীৰ পূৰ্ণাহুতি লই
নাচিছে তেজৰ ধাৰে;
পূৱাতে সূৰ্য্যক তেজেৰে পাৰ্থৰ
যাতে অৰ্ঘ্য দিব পাৰে।
কৰ্ণক আগচি ৰোধে হৈড়িম্বই
হাবি-হুবা ভাঙ্গি খেদে গছলই;
কাঠে কাঠে পৰি উগাৰিছে জুই
জলকি জলকি জলে;
শব্দ কি উৎকট! ঘোৰ ঢেৰেকনি!
ধ্বনিত ধৰিত্ৰী টলে!
দেৱৰ অস্ত্ৰেৰে কৰ্ণ শক্তিমান
জোৰে কাৰ্ম্মুকত বাছি দিব্য বাণ
চকু পচাৰতে বীৰ ঘটোৎকচে
আৰম্ভিলে মায়া ৰণ;
ঘনে উল্কাপাত ঘনে বজ্ৰাঘাত
ঘনে শিলা বৰিষণ;
লৰে ভৰিতল, লৰিল আকাশ,
লৰে জাকে জাকে—কি যে মহাত্ৰাস!
পলাব নোৱাৰি ভৰিত কান্দিছে,
তথাপিতো ৰক্ষা নাই।
কৰাল মুখেৰে গৰজিছে যম
কোনে অব্যাহতি পায়?
সি কূলেদি নাশ, ইকূলেও যায়,
লৰি দুৰ্য্যোধনে দেখে কি বিলাই;
নিজান শ্মশান হল ৰণথলী,
অকলে কৰ্ণক পাই
অশ্ব সাৰথিক কাটি ঘটোৎকচে
মাৰে—মাৰে, এই যায়।
চকুৰে আন্ধাৰ দেখি দুৰ্য্যোধনে
কয় আৰ্ত্তস্বৰে কৰুণ নয়নে—
“মৰোঁ মৰোঁ সখা, শক্তি বাসৱৰ,৬৩
আৰু যে চাবলে নাই;
অত হেঁপাহৰ কুৰুক্ষেত্ৰ মোৰ
এই—এই আজি যায়;
আগুৰি ধৰিছোঁ ক’তে সি পলায়,
হানা ততালিকে, হানা বুকু চাই।”—
কৃতান্ত আগত!– আতুৰ কৰ্ণ ই
ভবিষ্য নেদেখা হল।
দিলে মাৰি সেই শাক্ত বাসৱৰ
জগত চমকি গল।
ভেদে বজ্ৰ বুকু— গৰজি ভীষণ
উফৰি পৰিল হিড়িম্বা-নন্দন :
আহত ব্যাঘ্ৰই মাৰি, মৰি গল
ৰজাৰ ৰক্ষক দল;—
শেষ নিশ্বাসেৰে শালিলে শত্ৰুক
সকলো অবাক হল।৬৪
সোণোৱালী সাজ দেহা ৰক্ষকৰ
তাৰে তলিচাত শুলে বীৰবৰ,
নুমাল প্ৰদীপ ৰণ জেউতিৰ,
হাহাকাৰ নিজমিল।
জয়ধ্বনি লই মাত একেষাৰি
কেনি ক’তো নুফুটিল!
কালৰাত্ৰি শেষ, হল অৱহাৰ,
—ক’তেনো পৰিল মণি হিড়িম্বাৰ?
সসৈন্যে পাণ্ডৱে কান্দি কি কৰুণ
বোৱালে অশ্ৰুৰ নই,
আৰু কোনে কান্দে উচুপি উচুপি
লুইতৰ তীৰতে ৰই!
হাঁহিলে কেৱলে মূলত কৃষ্ণই
প্ৰসন্ন চিতেৰে ধীৰে ধীৰে কই,—
“উঠাঁ উঠাঁ দাদা মচি চকু পানী
শুনা সখা ধনঞ্জয়,
এই মৰণেৰে জীয়ালে তোমাক
—আজি কুৰুক্ষেত্ৰ জয়!৬৫
অজেয় সহজ কৱচ কুণ্ডল
ছিঙ্গি বৈকৰ্ত্তনে—ভক্তি শতদল,৬৬
দান দি ইন্দ্ৰক ললে সলনিত
শক্তি কি যে তেজীয়ান,
ব্যৰ্থ কৰি যাক নোৱাৰে বিধিয়ে
বচাব পাৰ্থৰ প্ৰাণ।
পাৰ্থ-মৰণৰ সেই যে সঁজাতী
পুত্ৰ ঘটোৎকচে ললে বুকু পাতি!
আজি যে কৰ্ণৰ ঘোৰ পৰাজয়,
কান্দিছে শক্তি সি নাই!
গুচি গল বাছা কেনে হাঁহি মুখে,
জগতে কান্দক চাই।”
—“হেৰাল মণিটি তুলসী বনত!” ৬৭
থাকি থাকি ফুটে এই যি মুখত,—
আৰু যে নোৱাৰে কব জননীয়ে
দুগালেদি যায় বই
কোন অতীতৰ সুৱণশিৰি সি
স্মৃতিকণা লই লই!
দেখি জননীৰ চকুলো দুধাৰি,
দীন হৃদয়ৰ মাত একেষাৰি
নেজানো কিজানি আজি অকস্মাত
অতৰ্কিতে যায় জৰি!
ধন্য হ’ক আই, পুণ্য হ’ক সেয়ে
দুটি চৰণত পৰি।
“শান্তিঃ শান্তিঃ শান্তিঃ”
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )