হেৰহু মাই, মধুৰ ৰঙ্গ বনাই
।। ৰাগঃ বেলোৱাৰ।। তালঃ ৰূপক।।
ধ্ৰুং।। হেৰহু মাই, মধুৰ ৰঙ্গ বনাই।
যমুনা পুলিন বনে সুৰভি চৰায়।।
পদ।। মদন-মদন মনো মোহন মাধৱ
শ্যাম ৰুচিৰ তনু শোহে।
শশধৰ কোটি কান্তি ৰুচিৰানন
পেখি ভুৱন মন মোহে।।
ত্ৰিৱলিত অঙ্গ ভঙ্গ ভ্ৰূৱ সুবলিত
নয়ন কমল দল গঞ্জে।
কহতু দীন মূৰুখ মতিমাধৱ
ওহি ভকত-ভয় ভঞ্জে।।