[  ]
 

সাহিত্য

 

সপ্তম ভাগ

 

স্তুতি।

তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত ব্যতিৰেক॥
তুমি কাৰ্য্য-কাৰণ সমস্ত চৰাচৰ।
সুবৰ্ণে কুণ্ডলে যেন নাহিক অন্তৰ॥
তুমি পশু-পক্ষী সুৰাসুৰ তৰু-তৃণ।
অজ্ঞানত মুঢ়জনে দেখে ভিন ভিন॥
তোমাৰে সে মায়ায়ে মোহিত সৰ্ব্বক্ষণে।
তুমি আত্মা তোমাক নাজানে একোজনে॥

[  ]

সমস্ত ভূতৰ তুমি আছা হৃদয়ত।
তত্ত্ব নাপাই তোমাক বিচাৰে বাহিৰত॥
তুমিসে কেৱল সত্য মিছা সবে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান॥
নমাগোহোঁ সুখ-ভোগ নালাগে মুকুতি।
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি॥
মুখে লক নাম মোৰ কৰ্ণে তব কথা।
হৃদয়ত পাদপদ্ম থাকোক সৰ্ব্বথা॥
সজ্জনৰ সঙ্গ নুগুচক সৰ্ব্বক্ষণে।
এতেক প্ৰসাদ মাগো তোমাৰ চৰণে॥