[  ]

ছয় ঋতু।

 বছৰত ছটা ঋতু। বহাগৰপৰা চ’তলৈকে বছৰৰ বাৰ মাহক সমানে ছয় ভাগ কৰি এক এক ভাগক একোটা ঋতু বোলে। বহাগ জেঠ গ্ৰীষ্ম; আহাৰ-শাওণ বৰ্ষা; ভাদ-আহিন শৰৎ ইত্যাদি ক্ৰমে দুই দুই মাহে এক এক ঋতু। ক্ৰম অনুসাৰে গ্ৰীষ্ম ঋতু সকলোৰে প্ৰথম, তাৰ পাচত বৰ্ষা, তাৰ পাচত শৰৎ, তাৰ পাচত হেমন্ত, তাৰ পাচত শীত, আৰু সকলোৰে শেষত বসন্ত ঋতু পৰে। ঋতুবোৰৰ নাম যেনে ভিন্ ভিন্, লক্ষণো তেনে ভিন্ ভিন্। গ্ৰীষ্ম ঋতুত জহ আৰু বৰ্ষাত বৰষুণ হয়। শৰৎ ঋতুত নদীৰ পানী, গছৰ পাত শুকাই যায়। হেমন্তত হিম পৰে আৰু গছ-লতা, হাবি-বন সকলো বাঢ়িবলৈ এৰি মুজুৰা পৰি থাকে। শীতত সকলো চেঁচা পৰি ঠেৰেঙা হয়। বসন্তত সকলো বস্তুৱেই ঠন ধৰে, গছে ফুল মেলে আৰু পাত ধৰে; এই ঋতুত প্ৰকৃতি ফল-ফুলেৰে একেবাৰেই জাতিষ্কাৰ হৈ পৰে।

 কালৰ যেনে ঋতু আছে, শৰীৰৰো তেনে ঋতু আছে। কিন্তু শাৰীৰিক ঋতুৰ ক্ৰম বেলেগ। শৰীৰত সৰ্ব্ব প্ৰথম বৰ্ষা ঋতুৰ আগমন হয়। বৰ্ষাত যেনে বৰষুণৰ পানীয়ে সকলো ঠাই বোকা কৰি ঘিণ লগা আৰু লেতেৰা কৰে, সেইদৰে কেচুৱা কালত মানুহেও দিনটোৰ ভিতৰত এক-কম-একুৰি বাৰ ক্ষুদ্ৰ শৌচ আৰু বৰ শৌচ কৰি লেতেৰা হৈ থাকে। বৰ্ষাত মেঘৰ ঢেৰেকনি আছে, সেইদৰে কেচুৱাৰ চেৰেপা কাণত তাল-লগা [  ] কান্দোন আছে। বৰ্ষাত নেৰা-নেপেৰা কেন-কেনীয়া বৰষুণ হয়, কেচুৱায়ো শাওণ-বৰষুণৰ নিচিনা সৰু-সূতা কটা যেন কুন কুন ঘুন ধুন কৰি কান্দি থাকে। পৃথিবীত বৰ্ষাৰ অধিকাৰ দুমাহ মাথোন, কিন্তু শৰীৰত অনেক দিন।

 বৰ্ষা উকলি গলে শৰীৰত গ্ৰীষ্ম পৰে— অৰ্থাৎ লৰাই ফুকলীয়া অৱস্থা এৰাই চেমনীয়া হলে তাৰ তেতিয়া গ্ৰীষ্ম কাল হয়। গ্ৰীষ্ম কালৰ জহত মানুহে যেনে ছটফটাই থাকে, চেমনীয়া লৰাও সেইদৰে ছটফটাই থাকে; এক্ষন্তক শাঁত গৈ থাকিব নোৱাৰে; পোক-লগা গৰুৰ নিচিনা ধৰফৰাই ফুৰে। চিঞৰি, চেকুৰি, জপিয়াই নিজে নিজে সি হাৰাশাস্তি হয়। গ্ৰীষ্ম ঋতুত ৰ’দ চোকা হয়, আৰু ছাতা বা জাপি লগত নোলোৱাকৈ ক’লৈকো যাব নোৱাৰি। চেমনীয়া লৰাকো লগৰীয়া-ৰূপী জাপি লগত নিদিয়াকৈ ক’লৈকো এৰি দিব নোৱাৰি।

 যৌৱন জীৱনৰ বসন্ত কাল; এই কালত পৃথিবী ফুলে-পাতে জাতিষ্কাৰ হয়, বসন্তত কাঁইটীয়া বাঁহনিও শুৱনি হয় আৰু তিনিশ-বাৰ-কুৰি খোৰোং থকা, ওঠৰ কুৰি টেমুনা ওলোৱা ধোন্দোল গছো ধুনীয়া হয়। সেইদৰে গাভৰু কালত কুঁজা-কুঁজী, ফেঁচা-ফেঁচী, অন্ধলা আন্ধলী, ধেন্দেলা-ধেন্দেলী, শেঙনটেপা শেঙনটেপী, পেটুৱা, পেটুলী, খৰে-খোৱা, ফাপৰে-ধৰা ইত্যাদি নৰনাৰী সকলোৱে ন ৰূপ ধৰি চিলচিলীয়া হয়; তেজৰ বেগ তীব্ৰ হয় আৰু নতুন বৰণ ধৰে। বসন্ত ঋতুত পৃথিবীৰ জীৱ-জন্তু সকলো আনন্দত উতলি উঠে। যৌৱনতো সেইদৰে মানুহ আনন্দ-বিভোল হয়।
[  ]  বসন্ত উকলি গলে জীৱনত হেমন্ত কাল পৰে। হেমন্ত ঋতুত পৃথিবীৰ তৰু, লতা, বন, পৰ্ব্বত সকলো হিমৰ তাপত নিশ্চল হয় আৰু বাঢ়ন এৰে। জীৱনৰ হেমন্তও ঠিক তেনেকুৱা। এই কালত মানুহৰ তেজ-শক্তিৰ বঢ়া টুটা নাই, সকলো ঠিৰ মাৰে। শৰীৰৰ হেমন্ত বৰ দীঘল। হেমন্ত কালেই মানুহৰ কাৰ্য্যৰ কাল, হেমন্ত কালেই জীৱনৰ প্ৰধান কাল, বসন্তৰ উদ্ধতালিৰ পাৰত হেমন্তৰ গহিনালি উপস্থিত হয়। এই কালত মানুহ উতনুৱা গুচি গম্ভীৰ হয়, খৰ গুচি ধীৰ হয় আৰু উগ্ৰ গুচি মৃদু হয়। পৃথিবীত যেনেকৈ হেমন্ত কালত ছেগা-চৰোকা ৰ’দ আৰু বৰষুণ হৈ বতৰ ঘনেপতি পৰিবৰ্ত্তন নহয়, শৰীৰৰো সেইদৰে হেমন্ত কালত কোনো ৰূপ পৰিবৰ্ত্তন নহয়। আজি টপটপীয়া, কালি লেৰেলা এনেকুৱা পৰিবৰ্ত্তন জীৱনৰ গ্ৰীষ্ম-বৰ্ষাত হে দেখা যায়।

 হেমন্তৰ অন্তত জীৱনৰ শৰৎ ঋতু পৰে। পৃথিবীৰ শৰৎ শুকনিৰ কাল। শৰীৰৰ শৰতো শুকনিৰ কাল। তেতিয়া শৰীৰৰ সকলোৱে শুকনি ধৰে। লোদোৰা হাত ভৰি শুকাই গৈ ঠাৰি যেন হয়, গাৰ মঙ্গহ শুকাই গৈ সোতৰা পৰে, চিকচিকীয়া দাঁত সৰি সোলা হয়, চুলি পকি বগা হয় আৰু নিপোটল গাল শুকাই গৈ মুখৰ কাষত দুটি পুখুৰী ওলায়। চকু কোটৰত সোমায় আৰু ললিত মাতৰ সুৰ ভাগি কঠুৱা হয়। পৃথিবীৰ শৰৎ ঋতুত নৈ-বিল পুখুৰী আদি শুকাই টটঙ্গা হয়; সেইদৰে শৰীৰৰো ৰস-তেজ শুকাই যায়।

 শৰতৰ অন্তত শৰীৰৰ শীত আৰম্ভ হয়। শৰীৰৰ এই ঋতুক [  ] মৃত্যু বোলে। মৃত্যুৰ শীতত তপত শৰীৰ ঠেৰেঙা হয়, চলন্ত শৰীৰ অচল হয়। পৃথিবীৰ শীতত মানুহে লৰচৰ কৰিব নোৱাৰে, কিন্তু শৰীৰৰ শীত ঋতু ইমান টান, যে তেতিয়া মানুহৰ লৰ-চৰ কৰিবৰ ক্ষমতা একেবাৰে লয় পায়। এই ঋতুতে কোনোৱে ভেকুলীৰ নিচিনা মাটিৰ তলত ঠাই লয়; কোনোৱে বা অগ্নিকুণ্ডত প্ৰবেশ কৰে। কিন্তু শীতৰ প্ৰতিকাৰ কোনো ঠাইত নাপায়; যেনে শীত তেনেই থাকে। শৰীৰৰ শীত ঋতুৰ প্ৰতিকাৰ আজিলৈকে কোনেও আবিষ্কাৰ কৰিব পৰা নাই। অনন্ত কাল মাটিৰ হেঁচাত থাকিও বা জুইত সমূলঞ্চে দগ্ধ হৈও চেঁচা শৰীৰ তপত হব নোৱাৰে। পৃথিবীত শীত গৈ ঘূৰি আকৌ বসন্ত পৰে। কিন্তু শৰীৰৰ শীত গৈ আকৌ বৰ্ষা নপৰে। কোনো কোনো লোকে পৰে বুলি কয়, কিন্তু প্ৰমাণৰ অভাৱত তাক আমি শপত খাই সচা বুলিব নোৱাৰোঁ।