সাহিত্য - সপ্তম ভাগ/মহাস্বপ্ন
মহাস্বপ্ন।
সেইদিনা টোপনিত দেখিলোঁ সপোন;—
এখনি পৃথিবী তাৰ চাৰিও পিনেদি
বেঢ়ি আছে কত তৰা অনন্ত স্বৰ্গত,—-
এটি সূৰ্য্য এটি চন্দ্ৰ ভ্ৰমিছে মাজেদি।
দেখিলোঁ নিজকে মই, নৰৰূপ ধৰি
ল'ৰা, ডেকা, বুঢ়া হই তাৰে ওপৰত
ফুৰিছোঁ, কৰিছোঁ যুদ্ধ খন্তেকো নৰই
‘যোগ্য’ হ’বলই বুলি নৰ-জীৱনত।
আৰু এটি আচৰিত দেখিলোঁ ইযাত,—
চৰি যায় মানে দেখোঁ পৰিয়েহে যায়,
তথাপি সিহঁতে ভাবে ‘ডাঙৰ হইছোঁ’—
ধৰ্ম্মৰ প্ৰশ্নৰ একো ওৰ পোৱা নাই।
কিছুমান তেনেকুৱা মানুহ-জীৱকে
আপোন আপোন বুলি কৰিছোঁ মৰম,—
কাকো হ’লে পৰ বুলি থওঁ নিলগাই,
নিজৰ সুবিধা বুলি সাধিছোঁ ধৰম।
কাৰোবা আগত মই ধন দেখুৱাই
খুজিছোঁ সন্মান নিজে নিজকে পাহৰি,
কাকোবা অজ্ঞানী বুলি কৰোঁ চেই চেই,
কাকোবা কৰিছোঁ শাস্তি বাহুবলে ধৰি।
মোৰ থকা ঘৰ ওখ তিনিখলপীয়া,
আছোঁ শুই পালেঙৰ কোমল তুলীত,
ওপৰত কোনোবাই বিচনী মাৰিছে,
টোপনি মাতিছোঁ শুনি মনমোহা গীত।
দিনে দিনে কত ধন আহিব লাগিছে,
লেখি বুজি সুমুৱাই থওঁ আদৰেৰে,
পিন্ধা-উৰা সাজ-পাৰ চালে চকুৰোৱা,
তেনেকুৱা আৰু তাত নাই যাৰে তাৰে।
চোৱা নাই চকু মেলি আকাশৰ পিনে,
ভবা নাই কি অনন্ত ব্ৰহ্মাণ্ডখনি নো,—
তৰা, হাতী-পটি তাত আছে নো কিমান,
তুলনাত মই তাৰ কেনুৱা জীৱ নো!
গমা নাই কিয় এনে গতি সংসাৰৰ
কিয়বা মৰণ হয়, কিয়বা নো দুখ,—
যাক ভাবি ৰাজ্য এৰি ৰজাৰ ল’ৰায়ো
বিসৰ্জ্জন দিলে যত জীৱনৰ সুখ।