পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য

মৃত্যু বোলে। মৃত্যুৰ শীতত তপত শৰীৰ ঠেৰেঙা হয়, চলন্ত শৰীৰ অচল হয়। পৃথিবীৰ শীতত মানুহে লৰচৰ কৰিব নোৱাৰে, কিন্তু শৰীৰৰ শীত ঋতু ইমান টান, যে তেতিয়া মানুহৰ লৰ-চৰ কৰিবৰ ক্ষমতা একেবাৰে লয় পায়। এই ঋতুতে কোনোৱে ভেকুলীৰ নিচিনা মাটিৰ তলত ঠাই লয়; কোনোৱে বা অগ্নিকুণ্ডত প্ৰবেশ কৰে। কিন্তু শীতৰ প্ৰতিকাৰ কোনো ঠাইত নাপায়; যেনে শীত তেনেই থাকে। শৰীৰৰ শীত ঋতুৰ প্ৰতিকাৰ আজিলৈকে কোনেও আবিষ্কাৰ কৰিব পৰা নাই। অনন্ত কাল মাটিৰ হেঁচাত থাকিও বা জুইত সমূলঞ্চে দগ্ধ হৈও চেঁচা শৰীৰ তপত হব নোৱাৰে। পৃথিবীত শীত গৈ ঘূৰি আকৌ বসন্ত পৰে। কিন্তু শৰীৰৰ শীত গৈ আকৌ বৰ্ষা নপৰে। কোনো কোনো লোকে পৰে বুলি কয়, কিন্তু প্ৰমাণৰ অভাৱত তাক আমি শপত খাই সচা বুলিব নোৱাৰোঁ।