সাধু কথাৰ জোলোঙা/গাধ কিলাই মানুহ কৰা।
[ ৭ ]
সাধু কথাৰ জোলোঙা।
প্ৰথম খণ্ড।
গাধা কিলাই মানুহ কৰা।
এজন ইস্কুলীয়া পণ্ডিতে এদিনাখন “লেছন'’ নোৱাৰা
বাবে ছাতৰ লৰা এটীক পাৰেমানে কোবাইছিল। আৰু
কোবাবৰ বেলিকা খঙত বকিবকি ঘনে ঘনে কইছিল
—“কত গাধা কিলাই মানুহ কৰি পেলালোঁ, তই নো
এটা কি?”
পণ্ডিত মহাশয়ৰ কিল খাই সঁচাকৈয়ে কোনো গাধা কেতিয়াবা মানুহ হইছিল নে নাই হোৱা আমি কৰ নোৱাৰোঁ। কিন্তু পণ্ডিত মহাশয়ে হলে ওপৰত কোৱাদৰে “হইছে” বুলি কোৱাটো সঁচা। পণ্ডিত মহাশয়ে চাগৈ ভাবিছিল “মোৰ অতীত গৌৰৱৰ বিষয়ে এনে কথা কই শুনালে, ছাতৰবিলাকে নিজৰ পিঠিত মোৰ কোবোৱা [ ৮ ] শক্তিৰ পৰীক্ষা নকৰাকৈ 'বিনাৰণে পৰিহাৰ মাগি’ আগলৈ সদাই “লেছন” শিকি আহিব।” সেই বাবেহে তেওঁ ওপৰত কোৱা কথাষাৰ ঘনে ঘনে চিঞঁৰি চিঞঁৰি ক’ই আছিল হব পায়।
সি যি কি নহক পণ্ডিতে যি সময়ত স্কুলৰ ভিতৰত এই দৰে তৰ্জ্জন গৰ্জ্জন কৰি আছিল, ঠিক সেই সময়তে ধোবা এটায় তাৰ গাধ এটা ফাটেকৰ পৰা মোকোলাই লই সেইটো বাটেদি আহি স্কুলৰ ওচৰ পাইছিলহি। তাৰ কেবাটাও গাধ আছিল কিন্তু ঈশ্বৰে তাৰ পৰিয়ালটোত মানুহৰ সংখ্যা সৰহকৈ দিয়া নাছিল। অকলসৰিয়া সি কেনি কি কৰিব? কাজেই চম্ভালোঁতা মানুহৰ অভাৱত তাৰ গাধ বোৰৰ এটা নহয় এটায় লোকৰ জগৰ লগাই প্ৰায় দিনে ফাটেক পৰেগৈ। সি ধন ভৰি ভৰি হায়ৰাণ! বিশেষতঃ এই গাধটো যে ফাটেক পৰাত এটাইত্কৈ সাৰ!
ধোবাটো অলপ অজলমুৱা মানুহ আছিল। সি ডাঠকৈ বিশ্বাস কৰিছিল যে, পণ্ডিত মানুহৰ মুখেদি সঁচাৰ বাহিৰে মিছা কেতিয়াও নোলায়। বিশেষতঃ গাধা ৰখোঁতা মানুহ এটাৰ অভাৱ তাৰ মনত সেই সময়ত বৰকৈ খেলাই আছিল।
সি অলিবাটৰ পৰা হঠাৎ পণ্ডিতৰ মুখত গাধা কিলাই মানুহ কৰিব পৰাৰ কথা শুনি জানিবা আকাশ খনহে ঢুকি [ ৯ ] পালে। একে সোহাতে গাধায় সৈতে পণ্ডিতৰ ওচৰ পালেগৈ আৰু হাত জোৰকৈ কলে “দেউতা, মানুহৰ অভাৱত বন্দি নিগমে মৰিলোঁ। দেউতায় গাধ কিলাই মানুহ কৰিব পাৰে বুলি কইছে, অনুগ্ৰহকৈ মোৰ এই গাধটোক যেনেকৈ পাৰে মানুহ কৰি দিয়ক; ইয়াৰ বাবে যি খৰছ লাগে মই দিম।”
“ধোবায় উপহাস কৰিবৰ মনেৰে আহিছে” বুলি ভাবি প্ৰথমতে পণ্ডিত মহাশয়ৰ খঙ উঠিছিল; কিন্তু তাৰ ভাব গতিক চাই তেওঁ তৎক্ষণাৎ বুজিব পাৰিলে যে সি উপহাস কৰা নাই;—যি কইছে সঁচাসঁচিকৈয়ে কইছে। তেতিয়া তেওঁ ধোবাক কলে “মোৰ আজি কালি আহৰি নাই। মই আৰু আজি কালি সেইবোৰ কৰি ফুৰিব নোৱাৰোঁ। তই ইয়াৰ পৰা যা।” কিন্তু ধোবায় নেৰানেপেৰাকৈ কাকুতি কৰিবলৈ ধৰিলে। তাক কোনোমতে খেদাব নোৱাৰি আৰু লৰবিলাকৰ আগত লঘু পৰিবৰ ভয়ত শেহত পণ্ডিত মহাশয়ে ধোবাক কলে “তই বাৰু এতিয়া যা। দেওবাৰে দুপৰীয়া গাধৈ সৈতে মোৰ ঘৰলৈ আহিবি। তেতিয়া বাৰু চাম।” ধোবায় সেই কথাতে মান্তি হ’ল আৰু “দেওবাৰে মোৰ গাধাক মানুহ কৰিব পাৰিম’’ বুলি ভাবি উৎফুল্ল মনেৰে গুচি গল।
ইফালে পণ্ডিত মহাশয় কিন্তু বৰ বিবুধিত পৰিল। তেওঁ ভাবিবলৈ ধৰিলে—“কথাষাৰ কই কি আপদত [ ১০ ] পৰিলোঁ। ধোবাই নেৰাই হ’ল। তাক এতিয়া গুচাঁও কেনেকৈ? সি এতিয়া বাটে পোথে মোক লঘূ কৰি ফুৰিব। কটা! কিক্ষণে লগ পালে মোক?” ইত্যাদি।
যেই হওক পণ্ডিতে ৰাতি তোপনি ক্ষতি কৰি ভাবি ভাবি ধোবা খেদাবৰ কেবাটাও বুধি উলিয়ালে। এটা নহয় এটা বুধিত ধোবা পলাবই পলাব!
দেওবাৰ আহিল। ঠিক নিৰ্দ্দিষ্ট সময়ত ধোবা আহি গাধায় সৈতে পণ্ডিতৰ ঘৰত হাজিৰ! আজি কেবা দিনও ধোবাৰ শোৱন খাওৱন নাই। কেৱল গাধাটোক মানুহ কৰাৰ চিন্তা। সি নো আহিবলৈ পাহৰিবনে?
পণ্ডিতে কলে “গাধা কিলাই মানুহ কৰাত বহুত খৰচ লাগে। তই জানো সিমান খৰচ দিব পাৰিবি?”
ধোবা–“দেউতায় যি খোজে তাকে দিম।”
পণ্ডিতে ভাবি থইছিল “ধোবাবোৰ দুখীয়া। সিহঁতৰ মাহেকত ৪০৲ কি ৫০৲ টকা ৰুপেই বহুত। মই বাপেকে গাধা মানুহ কৰাৰ বেচ অলপ সৰহকৈ খুজিম। তেনে হলেই ধোবা পলাব।”
সেই দেখি তেওঁ কলে “তিনি কুৰি ৰুপ দিব পাৰিলেহে গাধা কিলাই মানুহ কৰিব পাৰি।” ধোবাই কিন্তু তাতে মান্তি হল; আৰু চোলাজেপৰ পৰা তিনি কুৰি ৰুপ উলিয়াই, লেখি, তৎক্ষণাৎ পণ্ডিতৰ হাতত দি কলে— “দেউতা, তিনি কুৰি ৰুপত একো কথা নাই। মোৰ [ ১১ ] গাধটো কিন্তু কোনোৰুপে মানুহ হবই লাগে।” পণ্ডিত মহাশয়ৰ প্ৰথম বুধিটো নফলিয়ালে। পণ্ডিতে তেতিয়া দ্বিতীয় বুধিত ধৰিলে আৰু ধোবাক কলে—“বাৰু, তই এতিয়া গাধটো থই যা। কেইদিনমানৰ ভিতৰত মই তাক মানুহ কৰি পেলাম। তেতিয়া তই আহিবি।” পণ্ডিতৰ কথা মতে ধোবা গুচি গল। পণ্ডিতেও ধোবা খেদাবৰ আন ভাল উপায় চিন্তা কৰিবলৈ ধৰিলে।
ধোবায় গাধ থই গুচি যাবৰ অলপ পৰ পাছতে কৰবাৰ দূৰৈ দেশৰ মানুহ এটা আহি পণ্ডিতৰ ঘৰত আলহি চাপিলহি আৰু তেওঁৰ ঘৰত থকা গাধটো দেখি তাক কিনিবৰ নিমিত্তে বৰ আগ্ৰহ প্ৰকাশ কৰিবলৈ ধৰিলে। পণ্ডিতে সৰহ দাম আদায় কৰিবৰ মনেৰে প্ৰথমতে ভালেমান নুই নাই কৰি দেখুৱালে। কিন্তু যেতিয়া দেখিলে, আলহীয়ে দামত আগ বাঢ়িবলৈ আৰু অকনো বাকী থোৱা নাই তেতিয়া শেহত বেচিবলৈ মান্তি হল। আলহীয়ে গাধা লই গুচি গল।
ইয়াৰ কেইদিনমানৰ পাছত ধোবা পণ্ডিতৰ ঘৰ ওলালহি আৰু গাধটো মানুহ হল নে নাই হোৱা সুধিলে। পণ্ডিতে কলে “মানুহ হল। কিন্তু তই তাক এতিয়া চিনি পাবি জানোঁ?” ধোবায় মাত লগালে—“কিয়? মই চিনি নেপাবলৈ কি হইছে? মোৰ গাধ মই চিনি নেপাম কিয়?” তেতিয়া পণ্ডিতে কলে—“চিনিব পাৰিবি বুলি [ ১২ ] মোৰ মনে নধৰে। কিয়নো, তোৰ গাধা যেনে তেনে মানুহ হোৱা নাই। সি কছাৰি ঘৰৰ বৰ ডাঙৰ এজন হাকিম হলগৈ। এতিয়া তইও তাক চিনিব নোৱাৰিবি, সিও তোক চিনিব নোৱাৰিব।”
তাৰ গাধ মানুই হই “হাকিম” হোৱা শুনি, ধোবাৰ ৰঙে কুলাইপাছি নধৰা হল। সি পণ্ডিতক হাতে ভৰিয়ে ধৰি, কাবৌ কাকুতি কৰি কবলৈ ধৰিলে—“দেউতা, যেনেকৈ পাৰে, এটা দিহা দিয়ক যাতে মোৰ গাধায় আকৌ মোক চিনি পায়। গাধাটোৰ নিমিত্তে মোৰ বহুত খৰছ হইছে। কিন্তু এতিয়া সি হাকিম হই মোক চিনি পালে, সেইবোৰ ক্ষতি সম্পূৰ্ণৰূপে পূৰণ হব। মোৰ গাধটো মানুহ হই মোৰ এটা গাধা ৰখিয়া হব বুলিহে জানিছিলোঁ। সি এনে ডাঙৰ হাকিম হবগৈ বুলি মই কেতিয়াও ভবা নাছিলোঁ৷”
চিনি পাবৰ দিহা উলিয়াবৰ নিমিত্তে ধোবায় পণ্ডিতক আকৌ একুৰিমান ৰুপ দিলে। তেতিয়া পণ্ডিতে কলে— “চিনি পায়নে নেপায় মই ঠিককৈ কব নোৱাৰোঁ৷ কিন্তু তই চেষ্টা কৰি চাব পাৰ। যি দাল পঘাৰে তাক সদাই বান্ধিছিলি সেই দাল পঘা, আৰু যি দাল টাঙোনেৰে তাক সদাই টঙনিয়াইছিলি সেই দাল টাঙোন, যদি তাক ভালকৈ দেখুৱাব পাৰ, তেনেহলে, মই বোধ কৰোঁ, সি তোক চিনি পাব পাৰিব।” তেতিয়া ধোবাই কলে—“সেইটো [ ১৩ ] নো কি বৰ টান কথা? এতিয়া মাথোন, মোক আপুনি দেখুৱাই দিয়ক, মোৰ গাধাগৈ কোনজন হাকিম হইছে। মই তাৰ পুৰণা পঘা আৰু টাঙোন তাক যেই-সেই উপায়েৰে দেখুৱাইহে এৰিম।”
পণ্ডিতৰ ভাগ্যক্ৰমে সেই সময়তে এজন ন-হাকিম সেই জিলালৈ ন-কৈ বদলি হই আহিছিল। পণ্ডিতে ধোবাক লগত লই, কছাৰি ঘৰলৈ গই, সেই জনকে তাৰ পূৰ্ব্বৰ গাধ বুলি মনে মনে দেখুৱাই দি গুচি আহিল! কিন্তু আহিবৰ বেলিকা কই আহিলে—“সাৱধান! অইনে বুজ নোপোৱাকৈ পঘা টাঙোন দেখুৱাবি। নইলে মোৰ মন্ত্ৰ তোৰ গালৈকে উভতিব। আৰু তই মানুহ গুচি গাধাৰ আকাৰ হবি।” ধোবায় পণ্ডিতৰ কথামতে বৰ সাৱধান হই কাম কৰিবলৈ ধৰিলে, কিন্তু তাৰ গাধ গই এনে এজন ডাঙৰ হাকিম হব পাৰিছে ভাবি গপত ওফন্দি পৰিল।
ঘৰলৈ গই সি বেগেতাই পঘা আৰু টাঙোন লই আহিলগৈ। এখন হাতে পঘা আৰু আনখন হাতে টাঙোন লই ওৰে দিনটো সি কছাৰি ঘৰত ঘূৰি ফুৰিলে, কিন্তু অইনে বুজ নোপোৱাকৈ হাকিমক পঘা-টাঙোন দেখুৱাবৰ ছল নেপালে৷ “পাছত কছাৰি ভাগিলে ছল পাম” বুলি আশা কৰি তাতে খাপ লই থাকিলে, কিন্তু কছাৰি ভগা মাত্ৰকে হাকিমে “বাইচিকেল” গাড়ীত উঠি সাউৎ কৰে গুচি গলগৈ। ধোবাই পঘা-টাঙোন দেখুৱাবৰ [ ১৪ ] এফেৰিকে ছল নেপালে। সিও ঘৰলৈ উভতি গল। পাছদিনাখন খাই বই পঘা আৰু টাঙোন হাতত লই আকৌ ধোবা কছাৰি ঘৰ ওলালগৈ। সেই দিনও একো সুবিধা কৰিব নোৱাৰিলে। কিন্তু আক তাক সোধি হাকিমৰ থকা ঠাইৰ ঠিকনাটো ললে আৰু হাকিম যাবৰ পাছত গধূলি তেওঁৰ ঘৰৰ আগত ওলালগৈ, কিন্তু হাকিমৰ ঘৰৰ গাম্ভীৰ্য্য দেখি বেচেৰা ধোবাই ওচৰ চাপিবলৈ সাহ নকৰি আলিতে কিছুমান পৰ ৰই থাকি ঘৰলৈ উভতি গল।
পছদিনাখন পঘাই টাঙোনে সৈতে আকৌ কছাৰি ঘৰলৈকে গল, কিন্তু আজি এটা নতুন বুধি উলিয়ালে!— পঘা গছ ভালকৈ মেৰিয়াই লই এখন হাতে মুঠি মাৰি ধৰি আৰু আনখন হাতে টাঙোন দাল লই হাকিমে মকৰ্দ্দমা লোৱা কোঠালিটোৰ এদাঁতিত ঠিয় হই থাকিলে। তাত ভালেমান আন আন মানুহ আছিল। সেই বাবে তালৈ কোনেও বিশেষকৈ চকু নিদিলে। এইদৰে ঠিয় হই থাকি সি হাকিমৰ মুখৰ ফাললৈ চাই থাকিবলৈ ধৰিলে। আৰু হাকিমে মকৰ্দ্দমা লই থাকি থাকি কেনেবাকৈ তাৰ ফাললৈ চালেই, সি লাহেকৈ হাত দুখন অলপ ওখলৈ তুলি তেওঁক পঘা আৰু টাঙোন দেখুৱাই একোটা টীপ মাৰি মিচিক মিচিক্ হাঁহিবলৈ ধৰিলে। হাকিমে কেবাবাৰো তাক এনে কৰা দেখিলে। কিন্তু নেদেখা ভাও জুৰি থাকিলে। তেওঁ
ভাবিলে “মানুহটো বলিয়া হবলা।”[ ১৫ ] এইদৰে ধোবাই দিনৌ কছাৰিলৈ গই হাকিমক পঘা আৰু টাঙোন দেখুৱাবলৈ ধৰিলে। হাকিমে বিস্ময় মানিলে কিন্তু মুখফুটি একোকে নকলে। তেওঁ ভাবিবলৈ ধৰিলে — “কি কথা? এই মানুহটো দিনৌ কছাৰিলৈ আহে কিয়? আৰু পঘা টাঙোন দেখুৱাই, মোৰ চকুলৈ চাই তেনে কৰে কিয়? ই বলিয়া নে কি? কি উপায় কৰা যায়? ইয়াক টেকেলা লগাই বাহিৰ কৰিলেও এই পঘা- টাঙোন দেখুৱাৰ কথাটো সকলোৰে আগত প্ৰকাশ হই পৰিব। বিশেষতঃ উকিল আৰু উকিলৰ মহৰীখনে উৰাই ঘূৰাই হাঁহিব। মই সকলোৰে উপহাসৰ পাত্ৰ হই পৰিম। কিন্তু সেই বুলি এনেটো অপমান দিনৌ সহি থাকিবও নোৱাৰি! সি এইদৰে পঘা-টাঙোন দেখুৱালে মোৰ ভাববিলাক আউল জাউল হই পৰে আৰু মই মকৰ্দ্দমালৈ সম্পূৰ্ণ মনোযোগ দিব নোৱাৰা হওঁ। ইয়াৰ এটা উপায় সোনকালে কৰিবই লাগিব। বাৰু তাক এদিন নিৰলে মাতি সোধা যাওক, সি কেলৈ দিনে তেনে কৰে’’ ইত্যাদি।
তাৰ পাছদিনাখন সৌভাগ্যক্ৰমে সৰহ মকৰ্দ্দমা নথকাত হাকিমে সোনকালে আহৰি পালে, মকৰ্দ্দমা কৰা মানুহবিলাক তেওঁৰ কোঠাৰ পৰা গুচি গল। কিন্তু ধোবা নগল। সি এতিয়া এচুকে ঠিয় হই পঘা-টাঙোন ভালকৈ দেখুৱাই হাকিমলৈ বৰকৈ টিপিয়াবলৈ ধৰিলে। হাকিমৰ [ ১৬ ] বৰ খঙ উঠিল আৰু ধোবাক ওচৰলৈ আহিবলৈ কলে। “মোৰ গাধায় মোক এতিয়াহে চিনি পালে” বুলি ভাবি ধোবাই একে জাপে হাকিমৰ ওচৰ পালেগৈ। হাকিমে সুধিলে “তই কৰ মানুহ? দিনৌ কছাৰিলৈ আহি এনে কৰ কিয়?”
ধোবাই কলে—“এ—আপুনি মোক চিনি পোৱা নাই? আপুনি আগৈয়ে গাধা আছিল নহয়?”—কিন্তু ইমানতে হাকিমে তাক আৰু তাইন কোনো কথা কবলৈ নিদিলে। কোনোবাই কৰবাত-কেনেবাকৈ শুনিব বুলি তাক “চুপ চুপ” বুলি মনে মনে থাকিবলৈ কলে। ধোবা মনে মনে থাকিল হাকিমে খকৰ মকৰকৈ তাক কলে, “তোৰ লগত এতিয়া মোৰ কথা হবৰ সময় নাই। আজি গধূলি তই মোৰ বঙলালৈ যাবি। তাত কথা হম।”
ধোবাই ভাবিলে “নিশ্চয় ই মোৰ গাধাটোৱেই? মোক এতিয়া ভালকৈ চিনি পালে? লাজত ইয়াত সৈ নেকাঢ়িলে! মনে মনে সৈ কাঢ়িবলৈ ঘৰলৈ মাতিছে” ইয়াকে ভাবি সি তৎক্ষণাত হাকিমৰ বঙলালৈ যাবলৈ মান্তি হল। আৰু কছাৰি ঘৰৰ পৰা বাহিৰে বাহিৰে হাকিমৰ ঘৰৰ ফাললৈ যাবলৈ ধৰিলে।
ধোবা গই গধুলি হাকিমৰ ঘৰ ওলালগৈ। সি যোৱা মাত্ৰে হাকিমে তাক এটা কোঠালিলৈ লই গৈ তাৰ লগত নিৰলে কথা পাতিবলৈ ধৰিলে। নানাৰূপে প্ৰশ্ন কৰি [ ১৭ ] তেওঁ ধোবাৰ পৰা গোটেই খিনি কথা উলিয়ালে। হাকিম জন বৰ উদাৰ আৰু দয়ালু প্ৰকৃতিৰ মানুহ আছিল। সকলো খিনি শুনি ধোবাৰ মূৰ্খামিলৈ চাই তেওঁৰ বৰ হাঁহি উঠিল আৰু তালৈ মৰম লাগিল। কিন্তু পণ্ডিতৰ ওপৰত তেওঁৰ বৰ খঙ উঠিল। তেওঁ ধোবক এ’শ ৰুপ দি তাক এইবোৰ কথা কতো নুলিয়াবলৈ কই বিদায় দিলে। ধোৰাই ৰুপ লই বিদায় হল। কিন্তু পেটে পেটে ভাবি গল ‘ই হেজাৰ কক, মই কেতিয়াও নপতিয়াওঁ। ই নিশ্চয় মোৰ গাধাটোৱেই, নহলে মোক ৰুপ দিব কিয়?” ইত্যাদি।
ইয়াতে কোৱা উচিত যে হাকিম জন সৰুতে বৰ দুষ্ট আছিল। পঢ়া নোৱাৰা বাবে মাষ্টৰৰ হাতত তেওঁ বৰ মাৰ খাইছিল। সেই সময়ত স্কুলৰ সকলোৰে আগত তেওঁ “গাধা” নামে খ্যাত আছিল। সেই বাবেহে ধোবাই তেওঁৰ আগত “আপুনি আগৈয়ে গাধা আছিল নহয়” এই কথাষাৰ কোৱা মাত্ৰেই “চুপ চুপ” বুলি তাক তেওঁ মনে মনে থাকিবলৈ কৈছিল। তেওঁ ভাবিছিল “ই মোক সৰু কালত চিনি পোৱা কোনো মানুহ হব পায়।” ইয়াকে ভাবিহে তেওঁ নিৰলে কথা সুধিবলৈ ধোবাক ঘৰলৈ মাতি নিছিল।
সি যি কি নহক ধোবাই কিন্তু ৰুপ শ’ দেখুৱাই সকলো মানুহৰ আগতে তাৰ গাধা হাকিমৰ ইতিবৃত্ত, দহ [ ১৮ ] গুণ জোৰাদি, কই কই যুহাই ফুৰিবলৈ ধৰিলে। আৰু মনৰ আনন্দত পণ্ডিত মহাশয়ক আকৌ ৰুপ একুৰি ভেটি দিলেগৈ। কাৰণ ধোবাৰ আৰু এতিয়া ৰুপৰ কোনো চিন্তা নাই; কিয়নো তাৰ গাধা হাকিম আছে নহয়!! যেতিয়াই ৰুপৰ দৰকাৰ হব তাৰ গাধা হাকিমৰ পৰা লই আহিবগৈ!!
শেহত এনে হল যে সৰু সৰু লৰায়ো হাকিম জনক দেখিলে আঙুলিয়াই কবলৈ ধৰিলে “সোটো ধোবাৰ গাধা আছিল—এতিয়া হাকিম হইছে!!” ইত্যাদি।
ক্ৰমে এইবোৰ কথা হাকিমৰ কান পালেগৈ। হাকিমে বৰ লাজ পাবলৈ ধৰিলে আৰু এইবিলাক কেলেঙ্কাৰী বন্ধ কৰিবৰ নানা উপায় চিন্তিবলৈ ধৰিলে। কিন্তু কেলেঙ্কাৰী বন্ধ কৰিবৰ তেওঁৰ আন সকলো উপায় বিফল হোৱাত অৱশেষত উপযুক্ত প্ৰমাণ সংগ্ৰহ কৰি পণ্ডিত আৰু ধোবাৰ ওপৰত ফৌজদাৰী মকৰ্দ্দমা কৰিব লগিয়াত পৰিল। পণ্ডিতৰ তিনি বছৰ আৰু ধোবাৰ এবছৰ ফাটেক হল। অলপ দিনৰ পাছতে কিবা এটা ছেলু লই হাকিম জনেও দৰ্খাস্ত দি অইন জিলালৈ বদলি হই গুচি গল।
⸺⸺