এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধু কথাৰ জোলোঙা।
প্ৰথম খণ্ড।
গাধা কিলাই মানুহ কৰা।
এজন ইস্কুলীয়া পণ্ডিতে এদিনাখন “লেছন'’ নোৱাৰা
বাবে ছাতৰ লৰা এটীক পাৰেমানে কোবাইছিল। আৰু
কোবাবৰ বেলিকা খঙত বকিবকি ঘনে ঘনে কইছিল
—“কত গাধা কিলাই মানুহ কৰি পেলালোঁ, তই নো
এটা কি?”
পণ্ডিত মহাশয়ৰ কিল খাই সঁচাকৈয়ে কোনো গাধা কেতিয়াবা মানুহ হইছিল নে নাই হোৱা আমি কৰ নোৱাৰোঁ। কিন্তু পণ্ডিত মহাশয়ে হলে ওপৰত কোৱাদৰে “হইছে” বুলি কোৱাটো সঁচা। পণ্ডিত মহাশয়ে চাগৈ ভাবিছিল “মোৰ অতীত গৌৰৱৰ বিষয়ে এনে কথা কই শুনালে, ছাতৰবিলাকে নিজৰ পিঠিত মোৰ কোবোৱা