পৰিলোঁ। ধোবাই নেৰাই হ’ল। তাক এতিয়া গুচাঁও কেনেকৈ? সি এতিয়া বাটে পোথে মোক লঘূ কৰি ফুৰিব। কটা! কিক্ষণে লগ পালে মোক?” ইত্যাদি।
যেই হওক পণ্ডিতে ৰাতি তোপনি ক্ষতি কৰি ভাবি ভাবি ধোবা খেদাবৰ কেবাটাও বুধি উলিয়ালে। এটা নহয় এটা বুধিত ধোবা পলাবই পলাব!
দেওবাৰ আহিল। ঠিক নিৰ্দ্দিষ্ট সময়ত ধোবা আহি গাধায় সৈতে পণ্ডিতৰ ঘৰত হাজিৰ! আজি কেবা দিনও ধোবাৰ শোৱন খাওৱন নাই। কেৱল গাধাটোক মানুহ কৰাৰ চিন্তা। সি নো আহিবলৈ পাহৰিবনে?
পণ্ডিতে কলে “গাধা কিলাই মানুহ কৰাত বহুত খৰচ লাগে। তই জানো সিমান খৰচ দিব পাৰিবি?”
ধোবা–“দেউতায় যি খোজে তাকে দিম।”
পণ্ডিতে ভাবি থইছিল “ধোবাবোৰ দুখীয়া। সিহঁতৰ মাহেকত ৪০৲ কি ৫০৲ টকা ৰুপেই বহুত। মই বাপেকে গাধা মানুহ কৰাৰ বেচ অলপ সৰহকৈ খুজিম। তেনে হলেই ধোবা পলাব।”
সেই দেখি তেওঁ কলে “তিনি কুৰি ৰুপ দিব পাৰিলেহে গাধা কিলাই মানুহ কৰিব পাৰি।” ধোবাই কিন্তু তাতে মান্তি হল; আৰু চোলাজেপৰ পৰা তিনি কুৰি ৰুপ উলিয়াই, লেখি, তৎক্ষণাৎ পণ্ডিতৰ হাতত দি কলে— “দেউতা, তিনি কুৰি ৰুপত একো কথা নাই। মোৰ