সাঁচ:নিৰ্বাচিত লেখা/২০১৯/মাৰ্চ

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

ডেচ্‌দিমোনা কাব্য- লেখক: হিতেশ্বৰ বৰবৰুৱা


হিতেশ্বৰ বৰবৰুৱা

"ডেচ্‌দিমোনা কাব্য" অসমীয়া কবি হিতেশ্বৰ বৰবৰুৱাৰ ১৯১৭ চনত প্ৰকাশিত কাব্য পুথি। ইয়াৰ দুটা ভাগ। শ্বেইক্সপিয়েৰৰ 'অথেলো' নাটকৰ পঞ্চম অঙ্ক, দ্বিতীয় দৃশ্যক ভিত্তি কৰি প্ৰথম ভাগ 'ডেচ্‌ডিমোনা'ত ২২ টা চনেটৰ জৰিয়তে নায়িকাৰ জীৱন কাহিনী বৰ্ণোৱা হৈছে। অলিভাৰ গ'ল্ডস্মিথৰ উপন্যাস 'The vicar of wakefield'ত থকা এটা বালাডৰ অসমীয়া ৰূপ 'অঙ্গিলা' পুথিখনৰ দ্বিতীয় ভাগ।

ব্ৰেবান্তিৰ কন্যা তুমি, জন্ম ভেনিচত,
সৰ্ব্বৰূপ গুণযুতা, অতীব সুন্দৰী;
ঐশ্বৰ্য্য ধনৰ কিন্তু আশা পৰিহৰি
মন প্ৰাণ সঁপিছিলা তুমি ওথেলোত॥
কৃষ্ণবৰ্ণ ‘মুৰ’ বংশে জন্ম ওথেলোৰ,
আছিলে ওথেলো নিজে অতি কদাকৃতি,
কিন্তু গুনি গল্পচ্ছলে বীৰোচিত কীৰ্ত্তি
ওথেলোতে দিলো সঁপি জীৱন নিজৰ॥
ওথেলো তোমাক পাই স্বৰ্গঢুকি পালে,
ওথেলোক পাই তুমি ভাহিলা সুখত;
কিন্তু, হায়! কান্দে প্ৰাণ! কপাল-দোষত
দুষ্ট ইয়াগোৱে পাছে, বিপদ ঘটালে॥
অন্তৰ কুভাবে ভৰা দুষ্ট ইয়াগোৰ
ইয়াগো নীচ প্ৰকৃতি, পাপীষ্ঠ দোৰ্ঘোৰ॥

(সম্পূৰ্ণ পঢ়ক)