সাঁচ:নিৰ্বাচিত লেখা/২০১৯/জুলাই

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

লভিতা- লেখক: জ্যোতিপ্ৰসাদ আগৰৱালা


ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই (১৯১৭-১৯৫১) ৰচনা কৰা "লভিতা" নাটকখন ১৯৪৮ চনত প্ৰকাশ হয়। নাট্যকাৰে পাতনিত কোৱা মতে ই এখন নাটকীয় বাস্তৱমূলক কাহিনী। অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাকেই এই নাটকত বাস্তৱিক চিত্ৰ আঁকি দেখুৱাব খোজা হৈছে।

গোলাঘাট “লহৰজান এয়াৰড্ৰম”ৰ তেনেই ওচৰৰ বহল পথাৰৰ কাষত ফুলগুৰি গাঁৱৰ বাণেশ্বৰ বৰুৱাৰ ঘৰৰ আগচোতাল। এফালে ভঁড়াল-ঘৰটো দেখা গৈছে আৰু এফালে বহু দূৰলৈকে পথাৰ দেখা গৈছে। দূৰৈত নগা পৰ্ব্বতৰ শাৰী জিলিকি আছে। সময় সন্ধিয়াৰ আগভাগ। লহিওৱা বেলিৰ ৰ'দ এচেৰেঙা আহি চোতালত জিক্‌মিকাই আছে। ঘৰৰ ওপৰেদি থোকাৰ তামোল গছ আৰু আম লেটেকুৰ গছ দেখা গৈছিল। ভঁড়ালৰ কাষত এজোপা নাহৰ গছ আৰু আগত এজোপা তগৰ ফুলি আছিল। বহাগ সোমাইছে মাথোন। দূৰণিৰ পৰা টকা, পেপাৰ মাত আৰু ৰিণিকি ৰিণিকিকৈ বনগীত মাজে মাজে শুনো-নুশুনোকৈ ভাহি আহিছিল। বাণেশ্বৰ বৰুৱাৰ গাভৰু জীয়েক চোতালতে মূঢ়া এটাত বহি এৰী সূতা কাটি আছিল। ওচৰতে এটা কুকুৰ-পোৱালিয়ে হাঁহকেইটামানক খেদাখেদি কৰি কুঁ-কুৱাই ফুৰিছিল। বাণেশ্বৰ বৰুৱাৰ জীয়েকৰ নাম লভিতা। দেখিবলৈ বগা আৰু শুৱনী। তাই মাজে মাজে বনগীত এফাঁকি দুফাঁকি গায় কুকুৰটোলৈ চাই হাঁহে, আকৌ বন-গীত গাই তাই ৰ'লে কেতিয়াবা দূৰৈৰ বনগীত এফাঁকি উটি আহে। তাই ৰ' লাগি ৰৈ শুনে। তাৰ পিছত নিজেই গায়।.... (সম্পূৰ্ণ পঢ়ক)