সম্ভৱতঃ/ঈষৎ মনঃস্খলন আৰু এটা নতুন চোলা

[ ১৫ ]



ঈষৎমনঃস্খলন
আৰু এটা
নতুন চোলা




ডাক্তৰৰ ঘৰৰ কামখিনি খৰখেদাকৈ সামৰি যাবলৈ ওলাওতে চাৰে পাঁচ বাজিলেই। দ্ৰয়িং ৰুমৰ প্ৰকাণ্ড ঘড়ীটোলৈ চাওঁতে ল’ৰা-ছোৱালীকেইটালৈ মনত পৰি বগীৰ বুকুখন ধৰফৰাই উঠিল।

 ধুনীয়া, চাফ-চিকুন ঘৰটোৰ চৌহদৰ পৰা ওলাই বগীয়ে ৰাস্তাত ভৰি থ’লে। ৰঙা-বগা আপেলৰ দৰে তুলতুলীয়া চেহেৰাৰ ল’ৰা- ছোৱালীকেইটামানে ৰাস্তাটোত ৰং-বিৰঙৰ চাইকেল এখন লৈ ব্যস্ত হৈ আছে। এবাৰ এটা উঠিছে, পেডেল মাৰিছে, কাষে কাষে আন কেইটামান দৌৰিছে। তাৰ পাছত আন এটা চাইকেলখনত উঠিছে। বাকীবোৰ দৌৰিছে ...! বগী ৰাস্তাটোৰে পাৰ হৈ যাওঁতে সিহঁতে লৰা- লৰিকৈ আঁতৰি বাট এৰি দিলে। যেন তাইৰ পৰা এফুট আঁতৰত থিয় নহ’লেই সিহঁতৰ শৰীৰ লেতেৰা হ’ব।

 ছবিৰ দৰে ধুনীয়া আৱাসিক এলেকাটো এৰি বগী মূল পথত উঠিল। গাড়ী-মটৰৰ হৰ্ণ তাইৰ কাণত পৰা নাই। মানুহৰ অবিৰাম অহা-যোৱা, কৃত্ৰিম পোহৰৰ চাকচিক্য একো তাইৰ চকুত পৰা নাই। তাই দেখি আছে তৰ্জাৰ বেৰ দিয়া এটি অকনমাণি কোঠা ... চোতালত বহি থকা শুকান-উবান তিনিটা ল’ৰা-ছোৱালী ...। চৌপাশৰ অস্পষ্ট কোলাহলবোৰৰ মাজেদি সৰকি আহি তাইৰ কাণত ধৰা দিলে ল’ৰা- ছোৱালীকেইটাৰ মাতকেইষাৰে – ‘মা ভোক লাগিছে’, ‘মা, আজি খাবলৈ কি আনিছ...??’

 নৈপৰীয়া গাঁও এখনলৈ মনত পৰে বগীৰ। সোণালী ধান, ঘৰে ঘৰে তামোল-পাণ, শাকনি বাৰী। এখন নৈ আছিল ...থিয় গৰা ... শৰতৰ কঁহুৱা ফুলিলে এনে লাগিছিল যেন আকাশৰ বগা বগা ডাৱৰবোৰহে নামি আহিছে মাটিলৈ ...! সিহঁতৰ হেঁপাহৰ সেই নৈখনেই এদিন সিহঁতৰ জীৱনলৈ অন্ধকাৰ মাতি আনিলে। গাঁওখন নদীৰ বুকুত জাহ গ’ল। বগীৰ মাক-দেউতাক-দাদাক-আইতাকৰ দৰে গাঁওখনৰ আধাতকৈও বেছি মানুহক নৈখনে বুকুত সামৰি থ’লে। যিবোৰ বাচি থাকিল দিহিঙে-দিপাঙে জীৱন লৈ পলাল। ৰহিম দৰ্জীৰ পুতেক ৰফিকৰ হাতত ধৰি বগী মহানগৰীলৈ আহিছিল। একোঠলীয়া ঘৰ এটা ভাৰালৈ লৈয়ে তাইক [ ১৬ ]  ৰফিকে ‘নিকাহ’ কৰিছিল। আচলতে, হিন্দু-মুছলমানৰ পৰিচয় সিহঁতে নদীৰ বুকুত জাহ যোৱা গাঁওখনতে এৰি আহিছিল। চহৰত দৰ্জীৰ কাম এটা যোগাৰ কৰিবলৈ ৰফিকৰ বৰ বেছি কষ্ট হোৱা নাছিল।

 ‘বগী, কামৰ পৰা আহিলিয়ে নেকি?’ ডাঙৰ কাপোৰ চিলোৱা দোকান এখনৰ কেচবক্সব ওচৰত বহি থকা ধেপেচী মানুহ এজনীয়ে বগীক ৰিঙিয়াই মাতিলে। মিন্নি। বেঙুণীয়া শাৰী, টিক্‌টিকীয়া ৰঙা লিপষ্টিকেৰে মানুহজনীক একেবাৰে ভাল লগা নাই।

 বগী ৰৈ গ’ল। মিন্নিয়ে তাইক হাত বাউল দি ওচৰলৈ মাতিলে।

 ‘নোসোমাওঁ অ’। দেৰি হৈছে। ইহঁতকেইটা—’

 ‘অকণমান বহিবি আহ। গোটেইজনী ভাগৰত লাল-কাল দি আহিছ একেবাৰে।’ মিন্নিয়ে বহাৰ পৰা উঠি আহি বগীৰ হাতত ধৰিলেহি। মিন্নিৰ কাষতে প্লাষ্টিকৰ টুল এখনত বহি বৰ আগ্ৰহেৰে তাই আগবঢ়াই দিয়া চাহ আৰু চিঙৰা খালে বগীয়ে। ডাঙৰ কোঠাটোত দুজনী ছোৱালী আৰু এজন ল’ৰাই খট্‌খট্ শব্দ কৰি চিলাই মেচিনত কাপোৰ চিলাইছে। এজনী শকত ছোৱালী পলিথিনৰ পেকেট এটা লৈ সোমাই আহিল। সমুখতে বহা ল’ৰাটোৱে পলিথিনত থকা কাপোৰখিনি ফিটা এডালেৰে জুখি কিবা এটা ক’লে। মিন্নি আগবাঢ়ি গৈ ছোৱালীজনীৰ শকত শৰীৰটো ফিটাডালেৰে জুখি জুখি ল’ৰাটোক হিচাপবোৰ কৈ গ'ল। সি খচ্খচ্কৈ কাগজত লিখি গ'ল। আগতে এই কামটোৰ কথা কৈ ৰফিকক খুব জোকাইছিল বগীয়ে। ৰফিকৰ সৈতে এখন ডাঙৰ টেইলৰ্চত একেলগে বহাৰ সপোন দেখিছিল তাই। কি কি যে নাছিল সিহঁতৰ সেই সপোনবোৰত – দুকোঠলীয়া এটা ঘৰ ... সৰু পাকঘৰ এটাত শাৰী শাৰী পাত্ৰত চাউল, আটা, ডাইল, চাহপাত, চেনি! ... এটা টেমাত কেইখনমান বিস্কুট! গা ধুবলৈ চাবোন, মূৰত তেল! মাহত এদিন এখন চিনেমা ...! ল’ৰা-ছোৱালীকেইটাৰ কিতাপ পঢ়াৰ ভুন্‌ ভুন্ শব্দই পুৱা-গধুলি কোঠা দুটা ভৰাই ৰাখিব! শকত ছোৱালীজনী গুচি গৈছিল। কাগজ এখেনৰে চিঙৰা তিনিটা বান্ধি বগীৰ হাতত দি মিন্নিয়ে ক’লে —

 ‘কিনো ভাবিছ, ইমানকৈ? —এইকেইটা ল’ৰা-ছোৱালীকেইটাক দিবি।’

 চাহকাপ খাই বগীৰ গাটো ভাল লাগিছিল। ডাক্তৰৰ ঘৰত দুপৰীয়াৰ ভাতসাঁজ খাওঁতে সদায় মনটো বেয়া লাগে। ভাতৰ লগত ডাইল অকণমান পালেই হাঁহি পেলোৱা ল’ৰা- ছোৱালীকেইটালৈ মনত পৰি যায়। কিন্তু, নাখালেও নহয়। পুৱা আঠ বজাত ওলাই গৈ তাই বেলি বহাৰ পাছতহে উলটিব পাৰে। ইমান সময় একো নোখোৱাকৈ কাম কৰিবলৈ শক্তিনো পাব ক'ৰ পৰা!

 সিহঁতৰ গলিত থকা আনবিলাক মাইকী মানুহে দিনত সৰু-সুৰা কাম কৰাৰ বাদেও আন এটা কামো কৰে। ৰিক্সাৱালা, ঠেলাৱালা বা বাছৰ হেণ্ডিমেনৰ লগত নদীৰ ওপৰত থকা জাহাজৰ ভঙা কেবিন বা নিজৰ ঘৰৰ ভিতৰতে দুই/তিনি ঘণ্টা পাৰ কৰি দহ টকা/বিশ টকা ঘটি লয়। এই কামটোৰ বাবে কেতিয়াও বগী সন্মত নহ'ল। তাইক ইমান মৰম কৰা মানুহটো ... মৰি গ'লেও তাইৰ গা, মন সকলোতে ৰফিক আছে। তেনেস্থলত ....!

 খৰখোজেৰে গৈ থকা বগী এইবাৰ আন এটা ঠেক, অলপ আন্ধাৰ পথেৰে আগবাঢ়িল। কিবা এটাত উজুটি খাঁওতে হাতৰ পৰা মিন্নিয়ে দিয়া টোপোলাটো পৰি যাব খুজিছিল। তাই কোনোমতে চম্ভালি ল’লে।

[ ১৭ ]

 আগতে মিন্নিৰ অৱস্থাও তাইৰ দৰেই আছিল। বেমাৰী ল’ৰা এটা আৰু পেটমোচা ছোৱালী এজনীৰ সৈতে এসাঁজ খালে এসাঁজলৈ চিন্তা কৰিবলগীয়া অৱস্থা। কিন্তু এটা বৰ দুখলগা আৰু ভয়ানক ঘটনাই মিন্নিৰ জীৱনটোৱেই সলনি কৰি পেলালে। তাইৰ এতিয়াৰ টকা- পইচা, ঘৰ, দোকান সকলো সেই সাংঘাটিক বেয়া ঘটনাটোৰে ‘ভাল’ পৰিণতি। ‘ভাল জানো’ —হঠাতে এটা ছিন্ন ভিন্ন ক্ষুদ্ৰ শৰীৰলৈ মনত পৰি বগী জিকাৰ খাই উঠিল। সেই বিশেষ ৰাতিটো—

 শীতৰ ৰাতি আছিল। জোনৰ শেঁতা পোহৰত বগীৰ চোতালতে বহি বহু পৰলৈকে কথা পাতি আছিল বগী আৰু মিন্নিয়ে। কেঁচা খৰিৰ জুইকুৰাৰ দুফালে এৰি অহা দিনবোৰ সুঁৱৰি ম্ৰিয়মান হৈ পৰিছিল সিহঁতৰ মুখ দুখন। এটা সময়ত অঙঠাৰ উত্তাপে শীতত গোট মাৰিব ধৰা সিহঁতৰ শৰীৰত উম দিব নোৱাৰা হ’ল। মানুহটো মৰি যোৱাৰ দুখ, বেমাৰী ল’ৰাটোক চিকিৎসা কৰাব নোৱাৰাৰ দুখ আৰু ছোৱালীজনীক ভালকৈ গা ঢাকিব পৰাকৈ কাপোৰ এসাজ দিব নোৱাৰাৰ দুখ – এই আটাইবোৰ দুখ সামৰি-সুতৰি জুইকুৰাৰ কাষৰ পৰা মিন্নি উঠি যোৱাৰ পাছতে ফটা-কঁথাৰ তলত গাটো সুমুৱাইছিলহে বগীয়ে — ৰাতিটো থান-বান কৰি মিন্নিয়ে ভয়ানকভাৱে বিনাবলৈ আৰম্ভ কৰিছিল। বুকু কঁপি যোৱা সেই বিননিত গলিটোৰ সৰু সৰু ঘৰবোৰৰ পৰা মানুহবোৰ ওলাই আহিছিল। দৌৰী গৈ বগীয়ে দেখিছিল সাতবছৰীয়া জীয়েকৰ তেজে তুমৰলি শৰীৰটো সাবটি বলিয়াৰ দৰে মাটিত বাগৰি কান্দিছে মিন্নিয়ে। মানুহবিলাকে জোৰ কৰি মিন্নিক আঁতৰাই দিছিল। নিনাৰ অপুৰঠ বুকু আৰু ওঁঠ দাঁত আৰু নখৰ আঁচোৰত ছিন্ন-ভিন্ন হৈ পৰিছিল। গাল আৰু শৰীৰৰ নিম্নাংগ ....! হোলোকা হোলোকে ওলোৱা নিজৰ শৰীৰৰে তেজৰ ডোঙাত যেন ডুবিবহে ধৰিছিল মৃত শৰীৰটো!

 খৰ-ধৰকৈ এন্ধাৰ বাটটোৰে গৈ থকা বগীয়ে অলপ ৰৈ দীঘলকৈ এটা হুমুনিয়াহ এৰিলে। মিন্নিয়ে কোৱা এষাৰ কথা মনত পৰিল তাইৰ। নিনা মৰাৰ আঠ মাহমানৰ পাছত ল’ৰাটোক হস্পিতালৰ পৰা ঘৰলৈ আনি শাৰীৰ আগেৰে চকু মোহাৰি মিন্নিয়ে কৈছিল – ‘তাই মৰি ল'ৰাটোক বচাই থৈ গ’ল। ডাক্তৰে কৈছে ত্ৰিশ হেজাৰ টকা দি অপাৰেচন নকৰা হ’লে ল’ৰাটো আৰু বেছিদিন নাবাচিলহেঁতেন!’ কিন্তু অকল ল’ৰাটোৱেই বাচিল নে!

 ঘটনাটোৰ পাছত বহুত মানুহেৰে গলিটো ভৰি পৰিছিল। সৰু সৰু, পুতলাৰ দৰে ধুনীয়া গাড়ীবোৰত উঠি ডাঙৰ ডাঙৰ মানুহবোৰ মিন্নিৰ ঘৰলৈ আহিছিল। মানুহবোৰে ন্যায়ৰ কথা কৈছিল, আইনৰ কথা কৈছিল। এদিন কঢ়া ইস্ত্ৰি কৰা কাপোৰ আৰু ছানগ্লাছ পিন্ধা কেইগৰাকীমান শকত-আৱত মানুহে ল’ৰাটোৰ সৈতে মিন্নিক আন এটা ঘৰলৈ লৈ গৈছিল। সিহঁতৰ গলিটোৰ পৰা অলপ আঁতৰত থকা ডাঙৰ ফ্লেট এটাৰ নাইট চকীদাৰজনকো পুলিচে ধৰি নিছিল। তাৰ পাছৰ গোটেইখিনি কথা বগীয়ে ভালদৰে নাজানে। নুবুজেও। ৰুগীয়া ল’ৰাটোৰ সৈতে মিন্নিৰ ফটো বাতৰি কাকতত ওলাইছিল, টিভিত ওলাইছিল। মহিলা সংগঠন আৰু কিবা মানৱাধিকাৰ আয়োগে বোলে মিন্নিৰ হৈ খুব যুঁজিলে। স্বয়ং মুখ্যমন্ত্ৰীয়ে আহি মিন্নিৰ লগত কথা পাতি গ’ল। ... আৰু নিনাৰ মৃত্যুৰ সাত মাহৰ পাছতে চৰকাৰ আৰু ফ্লেটৰ মালিকৰ পৰা মিন্নিয়ে মুঠ তিনিলাখ টকা পালে।

 ‘বুজিছ, আমাৰ নিচিনা সৰু মানুহৰ হৈ মাত মাতিবৰ বাবেও বহু ডাঙৰ মানুহ আছে।’ মিন্নিয়ে কৈছিল তাইক। বগীয়ে বুজিছিল— কোনোবাই যদি ইমান দুখ লগাকৈ সিহঁতৰ [ ১৮ ] নিচিনা মানুহৰ সৰু ছোৱালী মাৰি পেলায়, সিহঁতৰ হৈ যুঁজিবলৈ বহু ডাঙৰ মানুহ ওলাই আহিব। থানা ঘেৰাও হ'ব, শোভাযাত্ৰা হ’ব ... মুঠতে দোষীৰ শাস্তি হ’বই। ... আৰু মৰা ছোৱালীজনীৰ পৰিয়ালে বহু টকা পাব।

 কেঁকুৰী এটা ঘুৰাৰ পাছতে ঠেক গলি এটায়েদি বগী সোমাই গ’ল। নিনাৰ মৃত্যুৰ পাছৰ পৰা এই ঠাইখিনিত ৰাস্তাৰ ওপৰত লাইট হ’ল। দূৰৰ পৰাই তাই দেখিলে ডাঙৰ দুটা ল’ৰা- ছোৱালী মামু আৰু দীপাই ঘৰৰ সমুখৰ মুকলি ঠাইকণতে ভঙা কেৰাহীৰ ওপৰত সজা চৌকাটোত ফটা কাগজেৰে জুই জ্বলাই আছে। বগী আহি সিহঁতৰ ওচৰতে বহিল।

 দীপাই পানী এগিলাছ আৰু মেৰী বিস্কুট দুখন মাকৰ হাতত তুলি দিলেহি।

 ‘বিস্কুট ক’ত পালি?’ অলপ সন্দেহ আৰু উষ্মাৰে সুধিলে বগীয়ে। কিন্তু ভয়তে তলমূৰ কৰা ল’ৰা-ছোৱালীহালৰ শুকান মুখকেইখন চাই তাই কথাটো অধিক বঢ়াবলৈ ইচ্ছা নকৰিলে। তাই সিহঁতক চিঙৰাকেইটা উলিয়াই দিলে। ষ্ট্ৰিট লাইটৰ পোহৰৰ চমকাবোৰে সিহঁতৰ চোতালৰ এন্ধাৰখিনি সম্পূৰ্ণকৈ আঁতৰাব পৰা নাই। এন্ধাৰ আৰু পোহৰে কোলাকুলি কৰি থকা চোতালত বহি থাকোতে বগীৰ আন এখন চোতাললৈ মনত পৰে। সাৰি মচি নিকা কৰি থোৱা বহল এখন চোতাল। পদুলিত নঙলা, বাৰীত পকি থকা আম, কঠাল, জামু। তেনে এখন ভৰপুৰ গাঁও তাইৰ ল’ৰা-ছোৱালীকেইটাই হয়তো কেতিয়াও দেখিবলৈ নাপাব। দীপাই চচপেন এটাত চাউল অলপ উঠাই দিছিল। ক'ৰবাৰ পৰা গুড্ডী আহি কু-কুৱাই তাইৰ কোলাত সোমালহি। কাণেৰে নুশুনা, কথা ক’ব নোৱাৰা গুড্ডী বগীৰ আটাইতকৈ সৰু ছোৱালী। দেখাত দীপা আৰু মামুততৈ তাই বেছি ধুনীয়া। দীপাৰ হাতৰ পৰা চিঙৰাটো লৈ খাওঁতে গুড্ডীৰ মুখখন পোহৰ হৈ পৰিল। টে চেঁ শব্দ কৰি তাই মাক আৰু বায়েকক কিবা এটা বুজাব খুজিছিল।

 ৰফিকলৈ মনত পৰি পুনৰ চকু দুটা সেমেকি উঠিছিল বগীৰ। মানুহটো থকা হ’লে আজি! বক্‌বক্‌কৈ উতলিব ধৰা চাউল বঢ়োৱা পানীখিনিলৈ চাই থাকোতে তাইৰ চকুৰ পৰা এটোপাল চকুলো সৰি পৰিল।

+++

 চকুৰ পানীৰে গাৰুটো তিতি গ’ল বগীৰ। বাতবিষে কোঙা কৰি পেলোৱা শৰীৰটো লৈ সাতদিন বিছনাত পৰি আছে তাই। ডাক্তৰৰ ঘৰৰ কামখিনি দীপাই কৰিবলগীয়া হৈছে। এটা বছৰ যেন চকুৰ নিমিষতে পাৰ হৈ গ’ল। কিমান যে পৰিৱৰ্তন আহিল এই এটা বছৰত বগীৰ জীৱনলৈ, চহৰখনলৈ!

 গলিৰ লেতেৰা ধাণ্ডাবোৰৰ পৰা নিজে আঁতৰত থাকি জীয়েককো আঁতৰত ৰখা বগীয়ে দীপাক বুজাবলগীয়া হ’ল — ‘আমাৰ দৰে মানুহৰ জীৱন এনেকুৱাই ৷ এইবোৰলৈ ভয় কৰি কাম কৰি কামলৈ নগ’লে খাবি কি?’ ডাক্তৰৰ ঘৰত কাম কৰিবলৈ যোৱাৰ দুদিন পাছতে উভতি আহি মাকক সাবটি ধৰি খুব কান্দিছিল দীপাই। ডাক্তৰৰ হিপ্পী হেন চেহেৰাৰ পুতেকে বোলে চাহ দিবলৈ যাওঁতে তাইক ...! কামিজৰ বুকুৰ কাষৰ ফাটি যোৱা অংশটো উৰ্ণাৰে ঢাকি যেনেতেনে ঘৰ পালেহি তাই। কান্দি কাটি লেবেজান হোৱা ছোৱালীজনীক বুজালে বগীয়ে — ‘এইবোৰ ভাতৰ লগত পানী খোৱাৰ দৰে কথা .. ।’

 মিন্নিৰ ওচৰলৈ এশ টকা ধাৰ বিচাৰি যোৱা মামুক মিন্নিয়ে ভিতৰলৈকে সোমাবলৈ [ ১৯ ] নিদিলে।

 ন বছৰীয়া ল’ৰাটো আজিকালি দিনটো টলৌ-টলৌকৈ ঘূৰি ফুৰে। ৰাতি আহি মাকৰ হাতত কেতিয়াবা দুই/পাঁচ টকা তুলি দিয়ে। সি ক’লৈ যায়, পইচা ক’ৰ পৰা আহে সুধিবলৈ বগীৰ সাহ নহয়। আৰু চহৰখন ওপৰা উপৰিকৈ কেইবাটাও বোমা ফুটি বহুত মানুহ মৰিল চহৰখনত। এতিয়া যেনিয়ে চোৱা যায় পিন্‌ পিন্‌কৈ পহৰা দি থকা মিলিটেৰীবোৰহে চকুত পৰে। পুৱা ওলাই যোৱা ল’ৰা-ছোৱালী দুটাক বগীয়ে কয় — ‘ভালদৰে থাকিবি। এন্ধাৰ হোৱাৰ আগতেই ঘূৰি আহিবি।’

 ... দিনৰ দিনটো চোতালত মাৰ্বল খেলি থাকে গুড্ডীয়ে। কেতিয়াবা অলপ সময়ৰ বাবে ৰাস্তাত ৰয়। তাইৰ সম-বয়সীয়া কোনো ল’ৰা-ছোৱালী দিনটোত গলিত নাথাকে। কাম কৰিবলৈ চব ভাগে ভাগে ওলাই যায়। গুড্ডীয়ে মাজে মাজে টে টেকৈ চিঞৰি বিছনাত পৰি থক৷ মাকক খাবলৈ বিচাৰে। একো দিব নোৱাৰিলে হাতত যি পায় তাকে দলিয়াই ভাঙে। বিছনাত পৰি থাকি দুৱাৰ ফাঁকেৰে চোতালত খেলি থকা গুড্ডীলৈ চাই আছিল বগীয়ে। চাৰে ছবছৰীয়া ছোৱালী জনীৰ গাটো মলিয়ন, ফটা চোলাটোৱে ভালদৰে ঢাকিব পৰা নাই। বগীৰ বুকুখন ধহমহাই উঠিল কি হ’ব এই ছোৱালীজনীৰ তাই মৰাৰ পাছত! নিজে একো এট৷ কৰিব নোৱাৰিলে জীৱনভৰ কোনে খুৱাই থাকিব তাইক!

 আস! যদি এই ছোৱালীজনীৰ জন্মই নহ'লহেঁতেন! ঠিক এই ভাবটো মনলৈ আহোতেই বগীয়ে দেখিলে পেটুৱা, ডাঙৰ মোছ থকা মিলিটেৰীজনে গুড্ডীক হাত বাউল দি ওচৰলৈ মাতিছে। বগীয়ে প্ৰায় পাঁচদিনমানৰ পৰা লক্ষ্য কৰিছে – সিহঁতৰ ঘৰৰ সমুখৰ কেঁকুৰিটোৰ দোকানকেইখনৰ ওচৰত ৰৈ পহৰা দিয়া মিলিটেৰীৰ সাজ পিন্ধা পেটুৱা মানুহটোৱে গুড্ডীক বৰকৈ লক্ষ্য কৰি থাকে। কেতিয়াবা ওচৰলৈ মাতি নি টফী বা বা বিস্কুট কিনি দিয়ে।

 আজিও মানুজনে দিয়া টফীটো হাতত লৈ আঁকৰী ছোৱালীজনীয়ে কিৰিলিয়াই উঠিল। ধুনীয়া মুখনত বিচিত্ৰ ভংগী এটা কৰি ঢেঁ ঢেঁকৈ আঙুলি জোকাৰি তাই সম্ভৱতঃ মানুহজনক ধন্যবাদ জনালে।

 বগীৰ গাটো সিৰ-সিৰাই উঠিল। ইঃ কেনেদৰে মানুহটোৱে ছোৱালীজনীৰ গাটোলৈ ট টকৈ চাইছে! তাইৰ এনে লাগিল যেন এতিয়াই গৈ মানুহটোক টানকৈ কথা এষাৰ শুনাই ছোৱালীজনীক হাতত ধৰি টানি ভিতৰলৈ লৈ আনিব। বগী চুচৰি উঠিব খুজিছিল। কিন্তু, মূৰ ঘূৰাই পুনৰ বিছনাত পৰি গ’ল। ... আৰু আচৰিত ... তাইৰ ক্লান্ত, মেলা চকুহাললৈ দিন দুপৰতে এটা সপোন বাগৰি আহিল – তাইৰ মনৰ অবচেতনত শুই থকা সপোন, নে কল্পনা অভাৱ আৰু দাৰিদ্ৰই পিষ্ট কৰা তাইৰ ইচ্ছাৰ অভ্যন্তৰত তাই নিজেও নজনাকৈ শুই থকা সপোনেইনে এইটো ...! তাইৰ অগোচৰে মাতৃত্বৰ মমতাতকৈ জীৱন ডাঙৰ হৈ উঠোতে তাইৰ ভাবনাক মথি মথি তাই ক’ব নোৱাৰাকৈ গা-ভাৰী হৈ উঠা এটা সপোন ...

 মিন্নিৰ দৰে এখন টেইলৰ্চৰ কেচ বক্সত বহি তাই টকা গণিছে। শুকান-উবান ফলা খৰি হেন শৰীৰটো তাইৰ নিটোল হৈ আহিছে। তাই ডাঠ গুলপীয়া ৰঙৰ (ৰফিকে এইটো ৰং বৰ ভাল পাইছিল) এখন শাৰী পিন্ধিছে। ভৰিত ধুনীয়া চেণ্ডেল। ডিঙিত মণি, ওঁঠত লিপষ্টিক। ক'ৰবাত এমব্ৰইড্ৰেৰী শিকি দীপা ঘৰলৈ উলটি আহিব। তাই ধুনীয়াকৈ চেলোৱাৰ পিন্ধিব। কোনোবা ডাক্তৰৰ পুতেকে বুকুত খামুচি ধৰাৰ ভয়টো আৰু এইজনী দীপাৰ চকুত লিপিত [ ২০ ] খাই নাথাকিব! আৰু মামু ... সি নিজেই অটো কিনিব। অটো চলাব।

 সন্ধ্যা ঘৰলৈ উভতি আহি বগীয়ে ল’ৰা-ছোৱালীহালৰ বাবে মটৰৰ ঘুগনি আৰু মাংস ৰান্ধিব। মিন্নিৰ নতুন ঘৰটোত থকাৰ দৰে এটা ডাঙৰ ৰঙীণ টিভি থাকিব সিহঁতৰ। এটা গান শুনা যন্ত্ৰ। ... আৰু পাকঘৰত ... শাৰী শাৰীকৈ সজোৱা টেমাত ভৰি থাকিব দাইল, চাউল, চেনী বাতৰ বিষৰ যন্ত্ৰণাৰ ওপৰত সপোনটোৱে এটা মমতাৰ লেপন দিছিল। বগীয়ে গমেই পোৱা নাছিল পেটুৱা মিলিটেৰীজনৰ লগত গুড্ডী গলিটো পাৰ হৈ চহৰৰ ফালে গুচি গৈছে। তাই এই সপোনটোৰ আগৰ কথাখিনি চেতনাৰ ভিতৰলৈ টানি আনিলে। ... ৰং- বিৰঙৰ এগাল গাড়ী সিহঁতৰ ঘৰলৈ আহিছে ... বহুত মানুহ..... কাৰোবাৰ কেমেৰাৰ ফ্লাচ জ্বলিছে ... কোনোবাই তাইক কিবা সুধিছে ... বাতৰি কাকতৰ বাবে ফটো ল’বলৈ দীপা আৰু মামুক তাইৰ কাষত কোনোবাই থিয় কৰাই দিছেহি ...

 হাই-উৰুমিৰ মাজত তাইৰ চকু ভৰি আহিছে ... ধুনীয়া মুখৰ আঁকৰী ছোৱালীজনীলৈ মনত পেলাই তাই হুৰাওৰাৱে কান্দিছে ... ইয়াৰ আগত ... কি ঘটিব ইয়াৰ আগতে ... বগীৰ সপোনটো সমুখলৈ নহয় পিছলৈ দৌৰিছে এইবাৰ ...

 এন্ধাৰবোৰ থানবান কৰি এটা চিঞৰ গলিটোত ওপঙি ফুৰিছে। মানুহবোৰে তৰ্জাৰ বেৰৰ সৰু ঘৰ এটালৈ ঊৰ্ধ্বশ্বাসে দৌৰিছে। বুকুত কিবা এটা সাৱটি বলিয়াৰ দৰে ৰাউচি জুৰি মাটিত বাগৰি কান্দিছে মানুহ এজনীয়ে। বগীয়ে দেখিলে সেইখন তাইৰেই মুখ। মানুহবোৰে জোৰ কৰি তাইক বুকুত সাৱটি থকা দেহটোৰ পৰা আঁতৰাই নিছে। ... এটা কোমল শৰীৰ ... নখ আৰু দাঁতৰ আঁচোৰত বুকু, ওঁঠ বিদীৰ্ণ। গাল, ডিঙি, তলপেটত কেঁচা তেজৰ চেকুঁৰা ... শৰীৰৰ নিম্নাংগৰ পৰা জিৰ জিৰকৈ নিগৰিছে কেঁচা তেজ। ... আৰু ... আৰু এই চিনাকি যেন লগা মৃতদেহটো ... আ! এইখন দেখোন গুড্ডীৰ মুখ! ৰফিকৰ দৰে চেহেৰা পোৱা তাইৰ ধুনীয়া আঁকৰী ছোৱালীজনী ...!

 ধমহকৈ বগীৰ সপোনৰ বেলুনটো ফুটি থাকিল। বাহিৰত এন্ধাৰ। সম্ভৱতঃ লোডশ্বেডিং।

 দোকানৰ পৰা পোহৰৰ সামান্য ৰেঙণি কেঁকুৰিটোত পৰিছেহি। তাত গুড্ডী নাই, তাইক টফী দিয়া পেটুৱা মিলিটেৰীজনো নাই৷ অস্পষ্টকৈ বগীৰ মনত পৰিল — সপোনত ডুবি থকা তাইৰ চকুহালৰ সমুখেদিয়েই গলিটো পাৰ হৈ মানুহজনৰ লগত গুচি গৈছিল গুড্ডী। এইবাৰ আৰু তাইক বাতবিষে বিছনাত বান্ধি ৰাখিব নোৱাৰিলে। খৰকৈ লেকেচিয়াই লেকেচিয়াই তাই বাহিৰলৈ ওলাই আহিল। দীপা আৰু মামু উভতি অহা নাই। বগীৰ বুকুখন ভয়ত গোট মাৰিবলৈ ধৰিছে। তাই লেকেচিয়াই লেকেচিয়াই প্ৰায় দৌৰিবলৈ ধৰিছে।‘গুড্ডীক দেখিছিলিনে? গুড্ডীক?’ সমুখত যাকে পাই তাকে সুধিছে তাই। নাই। কোনেও গুড্ডীক দেখা নাই।

 গলিৰ প্ৰতিটো ঘৰতে খবৰ ল’লে বগীয়ে। নাই। গুড্ডী নাই। কি কৰিব এতিয়া তাই! মামু বা দীপা কোনোবা এটা অহালৈ বাট চাই চোতালতে ধপকৈ বহি পৰিল বগী। আস! নিনাৰ সেই নিথৰ দেহটো! বাঘৰ দৰে কোনোবাই আঁচুৰি-বাকুহি পেলোৱা তাইৰ কোমল বুকুখন ...!

 বগীয়ে কান্দিবলৈ ধৰিলে। নাই তাই বাট চাব নোৱাৰে। তাইৰ আঁকৰী ছোৱালীজনী ………! বগীয়ে গলিটোৰে দৌৰিবলৈ ধৰিলে ...। [ ২১ ]

 হঠাতে দপকৈ লাইটবোৰ জ্বলি উঠিল। ষ্ট্ৰীট লাইটৰ পোহৰত তাই স্পষ্টকৈ দেখিলে পেটুৱা মিলিটেৰীজনৰ হাতত ধৰি জপিয়াই জপিয়াই গুড্ডী আহি আছে। তাইৰ গাত এটা নতুন চোলা। টেঁ টেকৈ কিবা কৈ আহিছে তাই। স্ফুৰ্তিত ছোৱালীজনীৰ মুখখন জিলিকি উঠিছে।

 মাকক দেখি তাই একে দৌৰে মাকৰ ওচৰ পালেহি। টেঁ টেকৈ কিবা এটা ক’বলৈ যত্ন কৰা ছোৱালীজনী বগীয়ে বুকুৰ কাষ চপাই ললে।

 সিহঁতৰ ওচৰত থিয় হৈ গুড্ডীৰ লগত অহা পেটুৱা মানুহজনে ধুনীয়া হাঁহি এটা মাৰি কোৱা কথাখিনিয়ে বগীৰ মনটোও ষ্ট্ৰীট লাইটত উজলি উঠা গলিটোৰ দৰে পোহৰাই পেলালে। মানুহজনে হিন্দীতে কোৱা কথাখিনি তাই ঠিকেই বুজি পাইছিল – ‘বাইদেউ, বেয়া নাপাব। আপোনাক নোসোধাকৈয়ে ছোৱালীজনীক দোকানলৈ লৈ গ’লো। তাইৰ ফ্ৰকটো চুটি আৰু পুৰণা হৈ গৈছিল। মোৰ ঘৰতো সাইলাখ এইৰ দৰে এজনী ছোৱালী আছে। মোৰ আটাইতকৈ সৰু ছোৱালী। এইক দেখিলেই তাইলৈ মনত পৰে ...।’❑ ❑