পৃষ্ঠা:সম্ভৱতঃ.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰফিকে ‘নিকাহ’ কৰিছিল। আচলতে, হিন্দু-মুছলমানৰ পৰিচয় সিহঁতে নদীৰ বুকুত জাহ যোৱা গাঁওখনতে এৰি আহিছিল। চহৰত দৰ্জীৰ কাম এটা যোগাৰ কৰিবলৈ ৰফিকৰ বৰ বেছি কষ্ট হোৱা নাছিল।

 ‘বগী, কামৰ পৰা আহিলিয়ে নেকি?’ ডাঙৰ কাপোৰ চিলোৱা দোকান এখনৰ কেচবক্সব ওচৰত বহি থকা ধেপেচী মানুহ এজনীয়ে বগীক ৰিঙিয়াই মাতিলে। মিন্নি। বেঙুণীয়া শাৰী, টিক্‌টিকীয়া ৰঙা লিপষ্টিকেৰে মানুহজনীক একেবাৰে ভাল লগা নাই।

 বগী ৰৈ গ’ল। মিন্নিয়ে তাইক হাত বাউল দি ওচৰলৈ মাতিলে।

 ‘নোসোমাওঁ অ’। দেৰি হৈছে। ইহঁতকেইটা—’

 ‘অকণমান বহিবি আহ। গোটেইজনী ভাগৰত লাল-কাল দি আহিছ একেবাৰে।’ মিন্নিয়ে বহাৰ পৰা উঠি আহি বগীৰ হাতত ধৰিলেহি। মিন্নিৰ কাষতে প্লাষ্টিকৰ টুল এখনত বহি বৰ আগ্ৰহেৰে তাই আগবঢ়াই দিয়া চাহ আৰু চিঙৰা খালে বগীয়ে। ডাঙৰ কোঠাটোত দুজনী ছোৱালী আৰু এজন ল’ৰাই খট্‌খট্ শব্দ কৰি চিলাই মেচিনত কাপোৰ চিলাইছে। এজনী শকত ছোৱালী পলিথিনৰ পেকেট এটা লৈ সোমাই আহিল। সমুখতে বহা ল’ৰাটোৱে পলিথিনত থকা কাপোৰখিনি ফিটা এডালেৰে জুখি কিবা এটা ক’লে। মিন্নি আগবাঢ়ি গৈ ছোৱালীজনীৰ শকত শৰীৰটো ফিটাডালেৰে জুখি জুখি ল’ৰাটোক হিচাপবোৰ কৈ গ'ল। সি খচ্খচ্কৈ কাগজত লিখি গ'ল। আগতে এই কামটোৰ কথা কৈ ৰফিকক খুব জোকাইছিল বগীয়ে। ৰফিকৰ সৈতে এখন ডাঙৰ টেইলৰ্চত একেলগে বহাৰ সপোন দেখিছিল তাই। কি কি যে নাছিল সিহঁতৰ সেই সপোনবোৰত – দুকোঠলীয়া এটা ঘৰ ... সৰু পাকঘৰ এটাত শাৰী শাৰী পাত্ৰত চাউল, আটা, ডাইল, চাহপাত, চেনি! ... এটা টেমাত কেইখনমান বিস্কুট! গা ধুবলৈ চাবোন, মূৰত তেল! মাহত এদিন এখন চিনেমা ...! ল’ৰা-ছোৱালীকেইটাৰ কিতাপ পঢ়াৰ ভুন্‌ ভুন্ শব্দই পুৱা-গধুলি কোঠা দুটা ভৰাই ৰাখিব! শকত ছোৱালীজনী গুচি গৈছিল। কাগজ এখেনৰে চিঙৰা তিনিটা বান্ধি বগীৰ হাতত দি মিন্নিয়ে ক’লে —

 ‘কিনো ভাবিছ, ইমানকৈ? —এইকেইটা ল’ৰা-ছোৱালীকেইটাক দিবি।’

 চাহকাপ খাই বগীৰ গাটো ভাল লাগিছিল। ডাক্তৰৰ ঘৰত দুপৰীয়াৰ ভাতসাঁজ খাওঁতে সদায় মনটো বেয়া লাগে। ভাতৰ লগত ডাইল অকণমান পালেই হাঁহি পেলোৱা ল’ৰা- ছোৱালীকেইটালৈ মনত পৰি যায়। কিন্তু, নাখালেও নহয়। পুৱা আঠ বজাত ওলাই গৈ তাই বেলি বহাৰ পাছতহে উলটিব পাৰে। ইমান সময় একো নোখোৱাকৈ কাম কৰিবলৈ শক্তিনো পাব ক'ৰ পৰা!

 সিহঁতৰ গলিত থকা আনবিলাক মাইকী মানুহে দিনত সৰু-সুৰা কাম কৰাৰ বাদেও আন এটা কামো কৰে। ৰিক্সাৱালা, ঠেলাৱালা বা বাছৰ হেণ্ডিমেনৰ লগত নদীৰ ওপৰত থকা জাহাজৰ ভঙা কেবিন বা নিজৰ ঘৰৰ ভিতৰতে দুই/তিনি ঘণ্টা পাৰ কৰি দহ টকা/বিশ টকা ঘটি লয়। এই কামটোৰ বাবে কেতিয়াও বগী সন্মত নহ'ল। তাইক ইমান মৰম কৰা মানুহটো ... মৰি গ'লেও তাইৰ গা, মন সকলোতে ৰফিক আছে। তেনেস্থলত ....!

 খৰখোজেৰে গৈ থকা বগী এইবাৰ আন এটা ঠেক, অলপ আন্ধাৰ পথেৰে আগবাঢ়িল। কিবা এটাত উজুটি খাঁওতে হাতৰ পৰা মিন্নিয়ে দিয়া টোপোলাটো পৰি যাব খুজিছিল। তাই কোনোমতে চম্ভালি ল’লে।

সম্ভৱতঃ ● ১৬