সম্ভৱতঃ/অপ্ৰেম
[ ২২ ]
অপ্ৰেম
ৰঙামাটিৰ বালিচহীয়া ৰাস্তাটোৰ ঠিক যিখিনি ঠাইত দুবছৰৰ
আগতে প্ৰীতমৰ খণ্ডিত দেহ-ৰেখা তেজৰ ডোঙাৰ মাজত
পৰি আছিল, তাৰপৰা ঠিক দহ গজমান বাওঁফালে লঠঙা
ডালত দো খাই খাই শিমলু ফুলি থকা ঠাইখিনিতে কেনভাছ
আৰু তুলিকাৰ লগত ব্যস্ত হৈ থকা শিল্পীজনক প্ৰথম
দেখিছিল তাই। সেইদিনা তাই ক’লা, ভৰিলৈকে ঢাক খোৱা
ছাটিনৰ পোছাক এযোৰ পিন্ধিছিল। কান্দোনৰ গহীন আৰু
জয়াল সুৰ এটা টিলাটোৰ সেই নিজান বতাহজাকত
পাকঘুৰণি খাই খাই ঘূৰি ফুৰিছিল। বতাহৰ সেই
পকনিয়াটোৱে তাইৰ উন্মুক্ত চুলিৰ মাজত মাজে মাজে জিৰণি
ল’ব বিচাৰিছিল।
ক্ৰমশঃ ডুবিব ধৰিছিল বেলিটো। অস্তাচলৰ ঈষৎ ৰঙচুৱা আৰু কমলাবুলীয়া আভা ক'লাৰ মাজত জিলিকি থকা তাই শুভ্ৰ, কৰুণ মুখখনত প্ৰতিবিম্বিত হৈ এনে কিছুমান ৰেখাচিত্ৰৰ সৃষ্টি কৰিছিল যে ভাব হৈছিল তাই পৃথিৱীৰ বাহিৰৰ কোনো কল্পলোকৰ বাসিন্দা। সেইদিনা প্ৰীতমৰ মৃত্যু তিথি আছিল। দিনটোৰ সমস্ত সময়খিনি তাই পাৰ কৰিছিল প্ৰীতমৰ স্মৃতি বিজড়িত দুখ আৰু আহ্লাদৰ সৈতে।
তাইৰ মসৃণ, নিৰুদ্বেগ খোজবোৰ টিলাটোৰ ৰঙা বালিচহীয়া মাটিৰ ওপৰেৰে ঘূৰি ঘূৰি এঠাইত স্থিৰ হৈ ৰৈ গ’ল। সন্মুখত তুলিকা লৈ আত্মবিভোৰ সেই তৰুণ শিল্পী। স্বপ্নাবিষ্ট মানুহৰ দৰে তুলিকাৰে ৰং বুলাই গৈছে কেনভাছত। মূৰটো সামান্য বেঁকা কৰি ডিঙি মেলি তাই কেনভাছলৈ চালে। তেজ আৰু বেলিৰ ৰং একাকাৰ হৈ যোৱা আকাশৰ তলত কেইযোৰমান ত্ৰষ্ট চকু আৰু হালধীয়া পাতৰ সৈতে উৱলিব ধৰা এজোপা গছ।
‘তোমাৰ নাম কি?’
গলগলীয়া মাতেৰে এবাৰো ঘূৰি নোচোৱাকৈয়ে সুধিলে শিল্পীয়ে। তাই সামান্য উচপ খাই উঠিল। তেওঁ যে তাইক দেখা পাব পাৰে এই কথা এবাৰৰ বাবেও তাইৰ মনলৈ অহা নাছিল।
‘নি-নিশিগন্ধা’, কঁপা কঁপা মাতেৰে তাই উচ্চাৰণ কৰিলে।
‘মই অভিষেক। অভিষেক চক্ৰৱৰ্তী। আৰ্ট কলেজত কাম [ ২৩ ] কৰোঁ।’ শিল্পী তাইৰ ফালে ঘূৰিল।
‘অহঃ আপোনাৰ ছবি মই চাইছোঁ আৰ্ট গেলেৰী আৰু কলাক্ষেত্ৰত। আপোনাৰ নামটো বহুদিনৰ পৰা শুনি আছো।’ এইবাৰ সঁচাকৈয়ে উৎফুল্লিত হ’ল নিশিগন্ধা। চিত্ৰকলাৰ অকুণ্ঠ অনুগামী আছিল প্ৰীতম। প্ৰীতমৰ ছাঁৰ দৰে থকা নিশিগন্ধাও পাছলৈ চিত্ৰ অনুৰাগী হৈ উঠিছিল। সেইদিনা টিলাটোৰ একা-বেঁকা বাটেৰে সৰা শুকান পাতবোৰ গচকি গচকি অভিষেকৰ লগত তাই নামি আহিছিল।
‘যাওঁ, পুনৰ লগ পাম।’
শিলপুখুৰীৰ পাৰৰ তাইৰ ঘৰটোলৈকে আগবঢ়াই দি শিল্পীয়ে কৈছিল। নিয়ন লাইটৰ পোহৰ পৰি জিলিকি থকা শিল্পীৰ মুখলৈ চাই ‘নিশ্চয়’ বুলি ক’ব খোজোতে নিশিগন্ধাই হঠাতে লক্ষ্য কৰিছিল তেওঁৰ দুচকুৰ তিৰবিৰণিৰ লগত প্ৰীতমৰ চকুৰ পোহৰৰ বহুত সাদৃশ্য আছে— উজ্জ্বল অথচ শান্ত আৰু বিচ্ছিন্ন।
তাৰ পাছত কেইবাবাৰো নিশিগন্ধাই অভিষেকক লগ পাইছে। ৰবীন্দ্ৰ ভৱনৰ অনুষ্ঠান, লুইতৰ বুকুৰ ৰেষ্টোঁৰা, কলাক্ষেত্ৰ আৰু বহু ঠাইত অভিষেকৰ লগত অতিক্ৰম কৰি আহিছে ভাল লগা সময়। এদিন হঠাতে ৰেষ্টুৰেণ্টত ধোৱাই থকা কফিৰ কাপ সন্মুখত লৈ অভিষেকে তাইক ক’লে, ‘জানানে নিশিগন্ধা, তোমাৰ চুলি আৰু কণ্ঠত মেঘমল্লাৰৰ গোন্ধ থাকে। আৰু... তোমাৰ দৃষ্টিত ওলমি থাকে অহৰহ এটা উদাস বেলি—।’ দৃষ্টিৰ উদাস বেলিটোৰ আঁৰৰ কথাখিনি সেইদিনা ক'ম বুলি ভাবিও তাই অভিষেকক নক’লে। কাৰো একো হানি নোহোৱাকৈ তাইৰ পদূলিত এতিয়া স্থবিৰ হৈ ৰৈ থকা সময়ৰ সুঁতিটো অভিষেকৰ অনুৰাগৰ উত্তাপত হয় যদি হওঁক প্ৰৱাহমান। তাইতো জানে তাইৰ বুকুত অতীত গোট মাৰি বৰফ হৈ আছে। সময়ৰ এই বৰফস্তূপ অতিক্ৰম কৰি তাইতো এখোজো লৰ-চৰ কৰিব নোৱাৰে। এই প্ৰৱাহে তাইৰ জীৱনক ক্ষণিকৰ বাবে তুষ্ট কৰি গ’লেও তাইতো উটি নাযায়!
সেই যে প্ৰীতম নামৰ ৰঙীয়াল চঞ্চল ল’ৰাটো—গান গাই, নাটক কৰি ঘূৰি ফুৰা অঞ্চলটোৰ অতি মেধাবী বুলি পৰিচিত ল’ৰাটো একেলগে সুখ-দুখ বোটলাৰ প্ৰতিশ্ৰুতি দি এদিন ‘ডেডবডি’ হৈ পৰি থাকিল আৰু তাইৰ পখিলাৰ দৰে ৰঙীণ সময়বোৰ ‘ডেডবডি’টো ঢাকি দিয়া শুধ বগা কাপোৰখনত পৰিণত হ’ল, —তেতিয়াৰে পৰা তাইৰ বুকুত সময়বোৰ গোট মাৰি বৰফ হৈ আছে। ক্ষণিকৰ বাবে দুচকুত ৰং বোলাবলৈ অহা কোনো প্ৰেম প্ৰাৰ্থী বা সুহৃদে কেতিয়াও এই বৰফত দাগ কাটিব পৰা নাই। কিন্তু চকুত ঠিক প্ৰীতমৰ দৰে এক আশ্চৰ্য তিৰবিৰণি কঢ়িয়াই ফুৰা অভিষেকে যেন কেনেবাকৈ তাইৰ বুকুৰ পদুলিত ভৰি দিছেহি।
প্ৰৱাহিত হ’ব খুজিও পৰুৱাই পোৱাৰ দৰে সময় ৰৈ যায়। তাইৰ জলপ্ৰপাতৰ দৰে ঢৌ খেলা চুলিৰ ভাঁজত সাৰ পাব ধৰিও সাৰ পাই নুঠে প্ৰীতম প্ৰীতম আলফুল স্বপ্ন।
‘তুমি মোক একো কোৱা নাছিলা। ময়ো নীৰৱে আছিলো। এই শেষ হ’ব নোখোজা নীৰৱতাৰ ফাঁকেৰে কেনেদৰে তোমাৰ চুলি এডাল বতাহে উৰুৱাই আনি মোৰ চোলাৰ ঠিক কলিজাৰ ওপৰতে পেলাই দিছিল আৰু এক মসৃণ চিনাকি গোন্ধত মই ডুব গৈছিলো!’ অভিষেকে কৈ যায়। তাই ঠিক পখিলা এটা হ’ব খুজিও হ’ব নোৱাৰে। অসহায় পলু এটাৰ [ ২৪ ] দৰে শূন্যতাৰ দেৱাল বগাই থাকে।
এনেদৰে শূন্যতাৰ দেৱাল বগাই বগাই অতীত আৰু বৰ্তমানৰ মাজত কোনো ধৰণে সূক্ষ্ম সম্পৰ্ক এটা স্থাপন কৰিব নোৱাৰি এটা ৰাতি নিশিগন্ধাই উজাগৰে কটালে। পুৱতি নিশা খোলা খিলিকীৰ গ্ৰীলত ভেজা দি আলো-ছায়াৰ মাজেৰে আকাশলৈ চাওঁতে পৃথিৱীৰ এটা পুৰণি চিনাকি গোন্ধ তাইৰ নাকত লাগিল। এই গোন্ধটোৰ সৈতে মিহলি হৈ থাকিল চৰাইৰ কুজন আৰু বুকুৰ একোণত শুই থকা এটা বিষ...। আগদিনা ৰবীন্দ্ৰ ভৱনৰ এক ধ্ৰুপদী নৃত্য অনুষ্ঠানৰ পৰা অভিষেকৰ সৈতে তাই অটোৰে উভতি আহিছিল। তাইৰ নিচেই কাষতে তাইৰ সেই আপোন, হেৰাই যোৱা চকুৰ তিৰবিৰনি। কেনোবা এটা সময়ত তাই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ'ল৷ ‘জানেনে— আপোনাৰ চকুৰ তিৰবিৰনিখিনি প্ৰীতমৰ লগত হুবহু একে।’ যন্ত্ৰণাত তাইৰ মাতটো কঁপিছিল। ক’ব নোৱাৰাকৈয়ে সেই তিৰবিৰণিত বুৰ গৈ থাকি তাই অভিষেকৰ হাতখন স্পৰ্শ কৰিলে। লগে লগে ভায়’লিনৰ সুৰৰ দৰে এক কৰুণ মূৰ্চ্চণা তাইৰ বুকুলৈ উটি আহিল। তাইৰ হাতখন ধৰি থাকিয়েই অভিষেকে ক’লে, ‘তুমি একো হেৰুওৱা নাই। চাবা—তুমি সকলো পাবা।’ এতিয়া খিৰিকীৰ গ্ৰীলত ভেজা দি ক্ৰমশঃ উজ্জ্বল হৈ অহা আকাশ, পৃথিৱী প্ৰত্যক্ষ কৰোঁতে বাৰে বাৰে তাইক জোকাৰি আছে সেই বাক্যাংশই— ‘তুমি সকলো পাবা, সকলো পাবা।’ নিশিগন্ধাই অনুভৱ কৰিছে ভায়’লিনৰ সেই কৰুণ কঁপনিটো এতিয়া তাইৰ উশাহত মিলি পৰিছে ক্ৰমশঃ। সেইদিনা আবেলি অভিষেকৰ ফোন আহিছিল— ‘নিশিগন্ধা, তোমাৰ ছবি এখন আঁকিম বুলি কৈছিলো যে— কাইলৈ তুমি মোৰ ঘৰলৈ আহিব পাৰিবানে? দিল্লীত হ’বলগীয়া মোৰ একক প্ৰদৰ্শনীখনৰ বাবে মই বিশেষ ধৰণৰ ছবি এখনৰ পৰিকল্পনা কৰিছো। তুমি মডেল হ’ব লাগিব। ...দুপৰীয়া আহিবা। মই বাট চাম। হেল্ল’... আহিবাতো? হেল্ল—',
***
খিৰিকীৰে ৰ’দবোৰ চিটিকি আহি তাইৰ মুখত পৰিছেহি। ঈষৎ এন্ধাৰ কোঠাটোৰ একোণত ব্ৰাছ আৰু কেনভাছৰ সৈতে বিভোৰ হৈ পৰিছে শিল্পী। নিশিগন্ধাৰ দৃষ্টি স্থিৰ হৈ আছে খিৰিকীৰ বাহিৰৰ মৃদু বতাহে কোবাই থকা শিৰিষৰ পাতবোৰত...। এবাৰ শিল্পী উঠি আহিল। তাইৰ মুখখন সামান্য ওপৰলৈ তুলি দি পুনৰ নিজৰ ঠাইলৈ উভতি আহি তেওঁ ব্ৰাছ হাতত তুলি ল’লে। কেনভাছত ৰং বোলাবলৈ লৈ হঠাতে তেওঁ ৰৈ গ’ল। পলক নেপেলোৱাকৈ কিছু সময় তাইৰ ফালে চাই থাকি তেওঁ বিৰবিৰাই উঠিল, ‘তোমাৰ সমগ্ৰ শৰীৰতে লহপহকৈ বিষাদৰ ফুল ফুলিছে নিশিগন্ধা। বক্ষ উন্মুক্ত কৰি দিয়া। আঃ এই সোণালী ৰ'দ আৰু তোমাৰ তামবৰণীয়া শৰীৰৰ ভাঁজে ভাঁজে ফুলি থকা বিষাদ ফুল! মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ছবি হ’ব এইখন।’
নিশিগন্ধাই শিল্পীৰ মুখলৈ চালে। প্ৰশস্ত পথাৰৰ পৰিধিৰে দৃশ্যমান হোৱা সুদূৰৰ নীলিম পাহাৰত ডাৱৰে ঠেকা খোৱা চাই চাই উৎফুল্ল হৈ উঠা শিশুৰ দৰে এক নিষ্পাপ কৌতুহলী তিৰবিৰনি তেওঁৰ চকুত। সন্মোহিতৰ দৰে তাই এখোজ আগবাঢ়িব খুজিলে। ‘ওহোঁ, তুমি তেনেদৰেই থাকা। চকুৰ ভাষা সলনি হ’বলৈ নিদিবা।’ প্ৰীতমৰ দৰে লগা চকুৰ তিৰবিৰনিখিনি তাইৰ ফালে আগবাঢ়ি আহিল। লগে লগে নিৰ্জনতাৰ এক প্ৰচণ্ড ঢৌৱে তাই চৌপাশ নিজান [ ২৫ ] কৰি তুলিলে। তাইৰ শৰীৰত, ওঁঠত অতিক্ৰম কৰিব নোৱাৰা এক ভীষণ যন্ত্ৰণাদায়ক মৌনতা বিয়পি পৰিল। কেৱল তাই অনুভৱ কৰি থাকিল এনে ধৰণৰ এক আকুল তিৰবিৰণিয়ে বহুত দিনৰ মূৰত তাইৰ সন্মুখত আধা আলো আধা ছায়াৰ মাজত দেখা দিছে। কি স’তে তাই মৰনৈৰ দৰে নিস্তেজ হ’বলৈ দিব এই তিৰবিৰণিক। তাইক যে ইয়াৰ চেকুৰাবোৰ লাগে। অলপ সময়ৰ বাবে হলেও তাই মন আৰু শৰীৰৰ শূন্য কৰণিত ইহঁতক হেঁপাহ পলুৱাই সুমুৱাই ল’বলৈ বিচাৰিছে।
শিল্পীয়ে নিঃসংকোচ হাতেৰে খহাই পেলালে তাইৰ আকাশৰঙী শাৰীৰ আচল। ব্লাউজৰ বুটাম খুলি দি বক্ষবন্ধনীও অভ্যস্ত দুহাতেৰে তেওঁ নিশিগন্ধাৰ শৰীৰৰ পৰা আঁতৰাই পেলালে।... এসময়ত খিৰিকীৰ ফ্ৰেমত ফিক্সিড্ হৈ ৰ'ল নিশিগন্ধাৰ ঈযৎ কম্পিত দেহৰেখা। ঢৌ খেলোৱা চুলি আৰু নিৰাভৰণ বক্ষৰ উত্তুংগ শিখৰৰ মাজৰ তুষাৰ শুভ্ৰ অৱবাহিকাৰে তাই যেন গ্ৰীক ঐতিহ্যৰ এক সুকুমাৰ স্থাপত্য।
শিল্পীৰ তুলিকা বাঙ্ময় হৈ উঠিছে। একান্ত মনেৰে ৰং আৰু তুলিকাৰ লগত ব্যস্ত হৈ পৰা অভিষেকে নিশিগন্ধাৰ সুস্থিৰ শৰীৰৰ বাহ্যিক অৱয়বৰ ভিতৰত উত্তাল হৈ উঠা ধুমুহাজাকৰ সামান্য উমানো নাপালে।
‘আঃ কি মৰ্মভেদী নম্ৰতা লুকাই আছে তোমাৰ অনাবৃত বক্ষত!... বুকুৰ সৌন্দৰ্য মই ঠিক তোমাৰ দৰে হোৱাটো বিচাৰোঁ। নম্ৰ, কিঞ্চিত অৱনত স্তনবৃত্ত। মাজৰ অৱবাহিকাত এই সাৰ পাই উঠো এই সাৰ পাই উঠো এক কৰুণ দোকমোকালি...! কোনো নাৰীৰ উদ্ধত অনমনীয় বুকুৱে মোক আকৰ্ষণ নকৰে।’ উচ্ছাসিত শিল্পীৰ অৰ্ধস্ফুটঃ শব্দৰ টুকুৰাবোৰ কোঠাটোত ঘূৰি ফুৰিছে। মাজে মাজে তাইৰ কৰ্ণ কুহৰ আৰু শৰীৰত ঠেকা খাই খাই টুকুৰা-টুকুৰকৈ শব্দবোৰ ভাগিছে। ক্ৰমশঃএক অসহনীয় যন্ত্ৰণাই ভয়ঙ্কৰভাৱে নিশিগন্ধাক লেহন কৰিবলৈ আৰম্ভ কৰিলে। তাইৰ অনাবৃত শৰীৰৰ বিষাদ ফুলবোৰে সামান্য সুখ-স্পৰ্শৰ বাবে আটাহ পাৰিবলৈ ধৰিলে। প্ৰীতমৰ মৃত্যুৰ পাছৰে পৰা এবাৰৰ বাবেও কাৰোবাৰ আকুল স্পৰ্শই তাইৰ মন শৰীৰৰ পৰা দুখ আৰু স্মৃতিৰ চেকুৰা মচি নিয়া নাই। দীৰ্ঘদিনীয়া তাইৰ অনাঘ্ৰাত অ-স্পৰ্শিত শৰীৰত অভিষেকৰ দৃষ্টিৰ তিৰবিৰণিয়ে তাই চিৰদিনৰ বাবে শুই পৰা বুলি ভবা একধৰণৰ আদিম ব্যাকুলতাৰ সৃষ্টি কৰিলে। ইয়াৰ ভৰ সহিব নোৱাৰি তাইৰ অশ্ৰু নিগৰি আহিল।
আনহাতে, শিল্পীৰ সৌন্দৰ্য পিপাসা যেন শেষেই নহ'ব। অঁকাৰ মাজে মাজে তেওঁ বিৰবিৰাই নিশিগন্ধাৰ নিৰাভৰণ শৰীৰৰ প্ৰশংসা কৰি থাকিল। ৰং-ব্ৰাছ-কেনভাছৰ লগত বিভোৰ হৈ থকা তৰুণ শিল্পীকো এই সময়ত এক সুখী শিল্প যেনেই ভাব হ’ল তাইৰ। এক অদ্ভুত মোহ তাই অনুভৱ কৰিলে অভিষেকলৈ, সিহঁতক স্পৰ্শ কৰি থকা সেই সময়খিনিলৈ।
কিমান সময় পাৰ হৈ গ'ল, শিল্পীৰ কেনভাছ কিমান ভৰি উঠিল, দুটা চকুৰ কিমান তিৰবিৰণিয়ে তাইৰ শৰীৰত খুন্দা খালে একোৰে হিচাপ ৰাখিব নোৱাৰিলে নিশিগন্ধাই। তাইৰ ভাব হ’ল অনন্ত কাল জুৰি স্থানু হৈ তাই ৰৈ আছে। কোনোবাই আহি হাতৰ মায়াবী স্পৰ্শেৰে তাইক জোকাৰি নিদিয়ালৈকে শৰীৰৰ অভ্যন্তৰত উত্তলা ধুমুহা এজাক লৈ তাই স্থানু হৈয়েই থাকিব লাগিব।[ ২৬ ] ...খিৰিকীৰে ছিটিকি আহি তাইৰ মুখত পৰি থকা ৰ’দজাক নোহোৱা হোৱাৰ কেইটামান মুহূৰ্তৰ পাছতেই শিল্পী স্থিৰ হৈ বহিল। পলক নেপেলোৱাকৈ তেওঁ তাইৰ ফালে চাই থাকিল অলপ সময়। “নি..শি..নি...শি…গ....ন্ধা …..!’ মৃদুকৈ মাতিলে তেওঁ। তাই একো উত্তৰ দিব নোৱাৰিলে। স্থানুৰ দৰে খিৰিকীৰ ফ্ৰেমত আৱদ্ধ তাইৰ ইতস্ততঃ দেহৰেখা। শিল্পী উঠি আহিল। প্ৰীতমৰ দৰে লগা তেওঁৰ চকুৰ তিৰবিৰণিবোৰে এইবাৰ তাইৰ ভৰি থকা দুচকুত ঠেকা খালে। নিশিগন্ধাৰ নিচেই কাষলৈ আহি থিয় হ’ল তেওঁ। ‘মোৰ জীৱনৰ এক অন্যতম কৃতী হ’ব এই ছবি। ব....হু...ত নিৰাভৰণ শৰীৰ মই মোৰ ছবিৰ মডেল হিচাপে ব্যৱহাৰ কৰিছো। ইমান সমৃদ্ধ নাৰীৰ ঊৰ্ধ্বাঙ্গ মই দেখা নাছিলো।’ এতিয়া তেওঁ তাইৰ নিশ্বাসৰ শব্দ শুনিব পৰা দূৰত্বত। শিল্পীয়ে দুহাত মেলি দিলে তাইৰ ফালে। মুহূৰ্তৰ বাবে কঁপি উঠিল নিশিগন্ধা। শৰীৰৰ বিষাদ ফুলবোৰে উচুপিবলৈ এৰি ক্ষণিক সুখ স্পৰ্শৰ বাবে অপেক্ষা কৰিলে। ক'ৰবাৰ পৰা এটা উত্তাল ঢৌ আহি মুদাই দিলে নিশিগন্ধাৰ দুচকু...। অথচ তাইৰ চকুৰ পৰা হিলদল ভাঙি নৈ এখন ব’বলৈ ধৰিলে। অভ্যস্ত প্ৰসাৰিত হাতেৰে এইবাৰ শিল্পীয়ে তাইৰ শৰীৰত তুলি দিলে বক্ষ বন্ধনী। ব্লাউজৰ বুটাম মাৰি কান্ধত তুলি দিলে আকাশৰঙী শাৰীৰ আঁচল। যি সময়ত আবেগ, বিবেক, স্মৃতি আৰু বৰ্তমান একাকাৰ হৈ তাইক গুড়ি কৰি আনিছিল আৰু এই সকলোৰে ঊৰ্ধ্বত তাইৰ শৰীৰি প্ৰয়োজন প্ৰচণ্ডভাৱে অদমনীয় হৈ উঠিছিল; যি সময়ত তাইৰ শৰীৰৰ ভাঁজে ভাঁজে উচুপি থকা বিষাদ ফুলবোৰে স্পৰ্শময় উজ্জ্বলতাৰ আশাত মূৰ তুলি অভিষেকৰ মুখলৈ কাতৰ হৈ চাইছিল আৰু হিলদল ভাঙি বৈ অহা অশ্ৰুৰ নৈখনে তাইৰ উদং ডিঙি আৰু আবৃত বুকু তিয়াই পেলাইছিল ঠিক সেই সময়তে অভিষেকৰ নিঃশ্বাসৰ শব্দ তাইৰ কাষৰ পৰা আঁতৰি গৈছিল। কেনভাছখনৰ ওচৰলৈ গৈ শিল্পীয়ে তেওঁৰ সৃষ্টিৰ ফালে প্ৰেম, আকুলতা আৰু অহংকাৰেৰে লক্ষ্য কৰিলে। তাৰপাছত, তাইৰ চকুৱেদি বৈ অহা অশ্ৰুৰ নৈখনলৈ চাই কোমল অথচ দৃঢ় কণ্ঠেৰে শিল্পীয়ে ক'লে, ‘নাকান্দিবা নিশিগন্ধা। এইখন ছবিৰ বাবদ মই তোমাক অন্য মডেলতকৈ ব….হু...ত বেছি টকা দিম।’
...আৰু শুনা, উপযুক্ত মাননিৰ বিনিময়ত মই এদিন তোমাৰ সম্পূৰ্ণ নিৰাভৰণ শৰীৰৰ এখন ছবি আঁকিবলৈ বিচাৰিলে তুমি মান্তি হ’বানে?” ❐ ❐