বিশেষ অনুৰোধ সম্পাদনা কৰক

অসমীয়া ভাষাটোৰ প্ৰতি আপোনাৰ যি আগ্ৰহ তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ৷

শেহতীয়াকৈ মুদ্ৰণ সংশোধন আৰু বৈধকৰণ কৰোঁতে (সেইয়া স্বইচ্ছাকৃতভাৱেই হওক বা অন্য কাৰণতেই হওক) দেখা গৈছে যে, আপুনি যেন শব্দবোৰ ভালদৰে পঢ়া/চোৱা নাই৷ অনুগ্ৰহ কৰি ভালদৰে নপঢ়ি বা নোচোৱাকৈ মুদ্ৰণ সংশোধন আৰু বৈধকৰণ নকৰে যেন৷ আশা কৰোঁ আপুনি বুজিছে; অনুৰোধ ইমানেই…৷ ধন্যবাদ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) ০১:০০, ২৯ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

 Kuldhar Rabha: দৰাচলতে, মই প্ৰকৃততে এজন বঙালী। কিন্তু মই অসমীয়া ভাষাক বহুত ভাল পাওঁ। মই মাত্ৰ নিজৰ প্ৰচেষ্টাৰে অসমীয়া ভাষা শিকিবলৈ চেষ্টা কৰিছিলো। গতিকে, কাম কৰোঁতে মোৰ কিবা ভুল হ'ব পাৰে। তাৰ বাবে মই ক্ষমা বিচাৰোঁ। তেতিয়াৰ পৰা মই ভুল নকৰিবলৈ যথাসাধ্য চেষ্টা কৰিম।--MS Sakib (বাৰ্তা) ০১:১২, ২৯ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক
 MS Sakib: মূল পাঠ্যৰে মিলাই আপুনি বানান আদিত চকু ফুৰাব। বানান নিজে নাজানিলেও পাঠ্যত আছে। গতিকে ইয়াত বানান নজনাটো কোনো কাৰণ হ'ব নোৱাৰে। ইমান বানান ভুল কৰি কেৱল সাঁচ একোটা দি গৈছে। বৈধকৰণত ই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। এইক্ষেত্ৰত মন দিবলৈ অনুৰোধ জনালোঁ। -Nang Madhusmita (বাৰ্তা) ১৩:৫০, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক
 Nang Madhusmita: দৰাচলতে মই প্ৰতিযোগিতাখনত দশম হ'বলৈ কিতাপখনত অলপ সোনকালে কাম কৰি আছিলো। গতিকে হয়তো কিবা ভুল হৈছিল। মোৰ উদ্দেশ্য আছিল প্ৰতিযোগিতাৰ শেষত সকলো পৃষ্ঠা পুনৰ পৰ্যবেক্ষণ কৰা আৰু সেইবোৰ ভুল হ'লে সংশোধন কৰা। অৱশ্যে এতিয়াৰ পৰা মই অতি সাৱধানে কাম কৰিম। ধন্যবাদ।--MS Sakib (বাৰ্তা) ১৩:৫৯, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক
 MS Sakib: মহাশয় আপুনি নিজৰ বঙালী ৱিকিউৱসতে অৱদান আগবঢ়াওক যাওক। পুৰস্কাৰৰ আশাত কাম কৰি অসমীয়া ভাষা তথা ৱিকিউৎসৰ প্ৰতি দৰদ দেখুৱাব নালাগে। আজিলৈকে যিমান কৰিলে বহুত কৃতজ্ঞ। তাৰ পুৰস্কাৰ আপোনাক সকলোৱে ধন্যবাদ দিছে। বাকী আমাৰ অসমীয়াৰ সদস্যসকলে দিনে ৰাতিয়ে অসমীয়া ৱিকিউৎসৰ উন্নতিৰ কাৰণে কাম কৰি আছে।গতিকে সেইসকলৰ কষ্ট আৰু মহৎ কামৰ মাজত আপোনাৰ দৰে দুই নম্বৰি কাম কৰা সদস্যৰ প্ৰয়োজন আমাক নাই কিয়নো সেইখিনিয়ে অসমীয়া ৱিকিউৎসৰ ক্ষতিটো কৰিছেই, লগতে দিনে ৰাতিয়ে কষ্ট কৰাসকলৰ দুগুণ অসুবিধাৰ সৃষ্টি কৰিছে। আপুনি প্ৰতিযোগিতা নথকা সময়ত কিমান অৱদান দিয়ে লক্ষণীয় হ'ব। ধন্যবাদ। আপোনাৰ সুবুদ্ধি হওক।

অনামিকা(চুমু) বড়া (বাৰ্তা) ১৫:০৩, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

 অনামিকা(চুমু) বড়া, দিব্য দত্ত: অনুগ্ৰহ কৰি মোক অলপ সময় দিয়ক। মোৰ আগৰ অৱদানবোৰ চাওক। মই সেইবোৰত গুৰুত্বপূৰ্ণ ভুল কৰা নাছিলো। আজি দ্ৰুতগতিত কাম কৰোঁতে এই কিতাপখন ভুল হৈছে। মোৰ উদ্দেশ্য আছিল ইয়াক ৰাতি ঠিক কৰা। দৰাচলতে, এই কিতাপখনৰ কামটো সহজ, সেয়েহে মই মূল কামটো কৰিব বিচাৰিছিলো আৰু কিবা ভুল হ'লে ৰাতি ঠিক কৰিব বিচাৰিছিলো। মই আন কোনো কিতাপত গুৰুত্বপূৰ্ণ ভুল কৰা নাই। গতিকে মই মোক অলপ বেছি সুযোগ দিবলৈ অনুৰোধ জনাইছো। MS Sakib (বাৰ্তা) ১৭:৩৭, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক
 অনামিকা(চুমু) বড়া: মই আপোনাক আশ্বাস দিছো যে মই এই কিতাপখনৰ সকলো ভুল ১ তাৰিখৰ ভিতৰত সংশোধন কৰিম। MS Sakib (বাৰ্তা) ১৭:৪১, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক
 অনামিকা(চুমু) বড়া: আৰু মই দুটা নম্বুৰি কাম কৰা নাই। মই আগৰ সকলো কিতাপ সঠিকভাৱে কৰিছো। কেৱল এই কিতাপখনত হে এইটোৱেই ঘটিছিল। আৰু মই ইয়াক ১ তাৰিখৰ ভিতৰত ঠিক কৰাৰ গেৰাণ্টি দিওঁ।MS Sakib (বাৰ্তা) ১৭:৪৪, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক
 অনামিকা(চুমু) বড়া: আপোনাৰ দৰে, মোৰ লক্ষ্য হৈছে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ উন্নতিৰ দিশত কাম কৰা। আপুনি দেখিছে, মই অসম ৱিকিত কেইটামান প্ৰবন্ধ সৃষ্টি কৰিছোঁ, আৰু তাত এটা ডাঙৰ প্ৰবন্ধ চলি আছে। মই অসমীয়া ৱিকিউৎসৰ অৱদানকাৰী হিচাপে কাম কৰি আছো। আৰু এই প্ৰতিযোগিতাৰ পাছতো কাম কৰিবলৈ আগ্ৰহী।MS Sakib (বাৰ্তা) ১৭:৫০, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক
 অনামিকা(চুমু) বড়া: মই সংশোধনৰ কাম আৰম্ভ কৰিছো। এইটো ১ তাৰিখৰ ভিতৰত ঠিক হৈ যাব। মই আশা কৰোঁ তেতিয়া আপুনি আৰু ক'ব নোৱাৰে, মই দুটা নম্বুৰি কৰিছো। MS Sakib (বাৰ্তা) ১৮:০৬, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

মুদ্ৰণ সংশোধন সম্পৰ্কে সম্পাদনা কৰক

মহাশয়, আপোনাৰ অসমীয়া ৱিকিৰ প্ৰতি উৎসাহ দেখি ভাল লাগিল॥ কিন্তু আপুনি কৰা শেহতীয়া সম্পাদনাবোৰত দেখা গৈছে, কেৱল নম্বৰ পাবলৈ আপুনি এটাও বানান সংশোধন নকৰাকৈ কেৱল “সাঁচ” বহুবাই পৃষ্ঠা সংৰক্ষণ কৰিছে। মন কৰক “মুদ্ৰণ সংশোধন” মানে “সাঁচ স্থাপন কৰা” নহয়, “বানান শুধৰোৱা”হে। দিব্য দত্ত (বাৰ্তা) ১৪:০৫, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

সকলোলৈ বাৰ্তা সম্পাদনা কৰক

 অনামিকা(চুমু) বড়া, দিব্য দত্ত, Nang Madhusmita, Kuldhar Rabha: মই ইয়াত মুখ্যতঃ অসমীয়া ভাষাৰ প্ৰতি থকা প্ৰেমৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছিলো। মই ভাবো মই কালিলৈকে সঠিক কাম কৰিছো। আজিৰ ভুলবোৰৰ বাহিৰেও, মোৰ সঠিক অৱদান যথেষ্ট। কিন্তু আজি সূচী:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf কিতাপখনত ভুল কৰাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰোঁ। মই পৃষ্ঠাবোৰ সংশোধন কৰিবলৈ আৰম্ভ কৰিলোঁ। কেইবাটাও কৰা হৈছে। মোৰ কামটো কিছুমানৰ বাবে দু নম্বুৰি যেন লাগিছে, মই সিদ্ধান্ত লৈছো যে মই এই প্ৰতিযোগিতাত কোনো নতুন পৃষ্ঠাত কাম নকৰো। কিন্তু মই ৱিকিউৎসত কাম কৰিবলৈ ইচ্ছুক। আশা কৰোঁ প্ৰতিযোগিতা খন শেষ হ'লে কোনেও মোক বেয়া নাপাব। মই আকৌ সকলোৰে ওচৰত ক্ষমা বিচাৰোঁ। MS Sakib (বাৰ্তা) ২০:০৮, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

 MS Sakib: অসমীয়া ৱিকিউৎসলৈ আপুনি বহুখিনি অৱদান আগবঢ়াইছে তাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। কিন্তু “মুদ্ৰণ সংশোধন”ৰ প্ৰতিযোগিতাত আপুনি “মুদ্ৰণ সংশোধন” নকৰাকৈ “মুদ্ৰণ সংশোধন কৰা হ’ল” বুলি সংৰক্ষণ কৰা পৃষ্ঠাবোৰ যদি আনে সংশোধন কৰি “বৈধকৰণ” কৰি দিয়ে, তেতিয়া আপুনি সহজতে নম্বৰ লাভ কৰিব। এয়া বাকীসকলৰ বাবে অন্যায় কৰা হ’ব। লগতে আপোনাকে দেখি বেলেগেও যদি আপোনাৰ দৰে কৰে তেতিয়া প্ৰতিযোগিতাত বেমেজালিৰ সৃষ্টি হ’ব। সেইবাবে আপোনাক সতৰ্ক কৰি দিয়া হৈছিল। আশাকৰোঁ আপুনি আপোনাৰ অৱদান অব্যাহত ৰাখিব। ধন্যবাদ! দিব্য দত্ত (বাৰ্তা) ২১:৪১, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক
 অনামিকা(চুমু) বড়া, দিব্য দত্ত, Nang Madhusmita: আপুনি সকলোৱে মোৰ শেহতীয়া কাম চাওক। মই সূচী:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf কিতাপখনৰ সকলো ভুল সংশোধন কৰিছিলো। তথাপিও আপুনি কিবা ভুল দেখিলে মোক জনাব। তদুপৰি, যিহেতু কোনোবাই মোক কৈছিল যে মই "দুই নম্বৰ" কাম কৰি "অসমীয়া ৱিকিউৎসৰ ক্ষতি" কৰিছো, মই আৰু এই প্ৰতিযোগিতাৰ কোনো পৃষ্ঠাত কাম নকৰিম। কিন্তু মই ভৱিষ্যতে ৱিকিউৎসলৈ অৱদান আগবঢ়াবলৈ চেষ্টা কৰিব পাৰো। আপোনালোক সকলোকে ধন্যবাদ। শুভবিদায়! --MS Sakib (বাৰ্তা) ০০:১৮, ৩১ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

অমূল্য অৱদান পদক সম্পাদনা কৰক

  অমূল্য অৱদান পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২১ (আগষ্ট) সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ
 -chanakyakdas: বহুত ধন্যবাদ। দৰাচলতে, এই প্ৰতিযোগিতাত আপোনাৰ প্ৰগতিশীল প্ৰগতিয়ে মোক এই প্ৰতিযোগিতাত অধিক অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিছে। শীৰ্ষ ১০ত থকাৰ বাবে আপোনাকো অভিনন্দন। MS Sakib (বাৰ্তা) ১৭:৪১, ১ ছেপ্টেম্বৰ ২০২১ (IST)উত্তৰ দিয়ক
 MS Sakib: ধন্যবাদ। -chanakyakdas (বাৰ্তা) ১৭:৪৪, ১ ছেপ্টেম্বৰ ২০২১ (IST)উত্তৰ দিয়ক

Indic Wikisource Proofreadthon August 2021 - Result সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear MS Sakib, the results of the Indic Wikisource Proofreadthon August 2021 have been published. Kindly visit the project page for your position. Congratulations !!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 10 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K) ০০:৩৮, ২২ ছেপ্টেম্বৰ ২০২১ (IST)
Wikisource program officer, CIS-A2K

 Jayanta (CIS-A2K), Jayantanth: সুপ্রিয় জয়ন্তদা, বাংলা উইকিসংকলনে পুরস্কার বিষয়ে আপনাকে একটা বার্তা দিয়েছি। বার্তার উত্তর দেওয়ার অনুরোধ করছি। ≈ MS Sakib  «কওক...» ১৮:১৪, ২২ ছেপ্টেম্বৰ ২০২১ (IST)উত্তৰ দিয়ক
"MS Sakib/সংগ্ৰহালয় ২০২১"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।