সখি ঔ সখি
সখি ঔ সখি
(শিশু পদ্য)
নীলিমা বৰা
সখি ঔ সখি
(শিশু কবিতা পুথি)
নীলিমা বৰা
বনফুল
গুৱাহাটী
SAKHI AOU SAKHI:
A Collection Children poems of NILIMA BORA, M.A.
নীলিমা বৰাৰ শিশু কবিতা পুথি
“সখি ঔ সখি”
প্ৰকাশক: বনফুল, গুৱাহাটী
মোঃ নং:- ৯৪৩৫০-৪৪৯২৩
@ লেখিকা
প্ৰচ্ছেদ: শ্ৰীনৃপেন বৰ্মন
আৰ্হিপাঠ: লেখিকা
প্ৰথম প্ৰকাশ: ২০১৭
ডি.টি.পি: শ্ৰীনীলাক্ষী দত্ত
মুদ্ৰক: বৰ্ণালী
ভঙাগড়, গুৱাহাটী– ৫
ফোন নং:- ৯৯৫৭৫-৯৪৮১৪
মূল্য: ৩০.০০ টকা
[ সূচীপত্ৰ ] কবিতাসূচী
পৃষ্ঠা | |
১। সখি ঔ সখি | ১ |
২। নিগনি ভনী | ২ |
৩। বাঘৰ বুদ্ধি | ৩ |
৪। মকৰা | ৪ |
৫। দহিকতৰা তোৰ নাম | ৫ |
৬। আইতাবোৰ বেলেগ হ'ল | ৭ |
৭। ডাৱৰ আহিল ক'ৰপৰা | ৯ |
৮৷ সময় নৰয় | ১০ |
৯। বুবুৰ দুখ | ১১ |
১০। আমাৰ অসম | ১৩ |
১১। চৰাই কথা | ১৪ |
১২। ঋতু | ১৬ |
১৩। ব'হাগ | ১৮ |
১৪। কাউৰীয়ে কয় | ২০ |
সখি ঔ সখি
সখি ঔ সখি ঔ
সখি কলৈ গ'ল
মাতিছে সখিয়ে
গধুলি হ’ল।
একে লগে খেলি ধুলি
ডাঙৰ হলি
এতিয়া এৰি তই
কৰ ধেমালি।
সখি নহ'লে সখিৰ
দিনতে ৰাতি
হাবাথুৰি খাই মৰে
সখিক মাতি।
সখি যায় উৰি উৰি
সখিক বিচাৰি
কিজানিবা সখি হেৰায়
বাট পাহৰি।
⸺⸺o⸺⸺
নিগনি ভনী
মেকুৰীয়ে ক’লে, নিগনি ভনী
ভজা মাছ এয়া
লগে ভাগে খাঁও আহ
কেনে মচ্মচিয়া।
নিগনিয়ে টপৰাই
বেলে, শুনা ভাই
এই কণে দুয়োৰে
পেট নভৰাই।
সৌৱা এগাল মাছ
পুখুৰীতে পাবা
মিছায় কৈছো যদি
জাপমাৰি চাবা।
⸻০⸻
বাঘৰ বুধি
বাঘে ক’লে ছাগলীক
অ’মোৰ মাহী
আহাছোন কথা পাতো
দুয়ো বহি বহি।
ছাগলীয়ে ক'লে, ভাগিন
হ’ব পাৰো আলহী
পিছে, ককালৰ বিষ
যাম হাতীত উঠি।
⸺⸺⚬⸺⸺
মকৰা
মকৰাই ৰিঙিয়াই
ক’লে মিচিকিয়াই,
ক’লৈ যোৱা পখিলা
ককাল ঘূৰায়?
আনি থৈছো মিঠা ৰেণু
বাতিত ভৰায়।
পাৰি থৈছো দলিচা
খুৱাম বহুৱাই।
পখিলাই হাঁহি হাঁহি
ক’লে চকু টিপিয়াই
যাম বাৰু ককাই
লৈ যাম দিয়া-চলাই।
⸺⸺o⸺⸺
দহিকতৰা তোৰ নাম
দহিকতৰা তোৰ নাম
বনৰ চৰাই
ডালত বহি গীত গাৱ
হিয়া উদঙাই।
শুৱনি তই
মাতোশুৱনি
গীত গাই
নাপাৱ আমনি।
আহৰি নাই
তোৰ খাবলই
সময় যায় বুলি
গীত গাবলই।
গীততে মচগুল
আপোন পাহৰা
সুৱদী গীত তোৰ
মন প্ৰাণ হৰা৷
⸺⸺o⸺⸺
আইতাবোৰ বেলেগ হ’ল
মনটি গ’ল মামাকৰ ঘৰলে
মাকৰ লগত এদিন,
মামাৰ ঘৰ বৰ দূৰণিত
থাকিল কেইটামান দিন।
হঠাতে মনটিৰ চকুত পৰিল
বেৰত ওলোমাই থোৱা,
বৰ মস্ত বন্ধাই থোৱা
ফটো এখন ক’লা বগা।
দাঁত নাই চুলি পকা
গালত আঁক বাক,
ফটো চাই মনটি ভাই
হ’ল বৰ অবাক।
গাৰ চাদৰেৰে মূৰটোও দেখো
আছে এফাল ঢকা;
ওলোমা ওঁঠ তাতে মিঠা হাঁহি
বৰ মৰম লগা।
মামাক সুধিলে কোৱাছোন মামা
এই গৰাকী কোন
মামাই বোলে, মাৰৰ আইতা
তাকো নেজানছোন।
মনটিয়ে দেখিছে ধে’ৰ আইতা
খেলি মেলি লাগি গ'ল,
আজিকালিৰ আইতাবোৰ দেখোন
তেনেই বেলেগ হ’ল।
⸻০⸻
ডাৱৰ আহিল ক’ৰ পৰা
ডাৱৰ আহিল ক’ৰ পৰা
নীলা আকাশ ঢাকি,
ডাৱৰে হেনো পি খালে
পৃথিৱীৰ পানী।
ওভোতাই দিয়ে পানী
বৰষুণ দি
পানীপিয়াই গীত গায়
পানী পি পি।
⸻০⸻
সময় নৰয়
এটা এটা কৈ
দিন গ'ল
দিন গৈ মাহ,
বছৰ হ’ল।
বছৰে কই গ'ল
নেথাকো ৰৈ,
ভাল কাম কৰা
মোক ধৰিবলৈ।
⸻০⸻
বুবুৰ দুখ
অকণি বুবুৰ বৰ দুখ
ডাঙৰ কিয় হ’ল,
আজি-কালি কোলাৰ মজা
নোপোৱাহ’ল।
মাকে কয় ডাঙৰ হৈছ
কিমান বাৰ কওঁ?
আইতাই কয় ডাঙৰ হলি
কেনেকৈ লওঁ?
য’তে ত’তে একো নথয়
ওপৰত থয় তুলি
সকলোৰে বৰ ভয়
ঢুকি পায় বুলি।
পুতলা গাড়ী বৰ বেয়া
দলিয়াই থয়
ডাঙৰ গাড়ী লাগে বুলি
দেউতাকক কয়।
দেউতাকে কয়, শুন পোনটো মোৰ
ডাঙৰ হ’লে দিম
বুবুয়ে বোলে ‘মই ডাঙৰ নে সৰু
কাক বাৰু সুধিম?’
⸻০⸻
আমাৰ অসম
আমাৰ অসম
অতি উত্তম
নাম সেয়ে
সোণৰ অসম।
নদ-নদী
পৰ্বত পাহাৰ
প্ৰকৃতিৰ
এয়া উপহাৰ
মঠ মন্দিৰ
মচ্জিদ গীৰ্জা
সকলো জাতিৰ
চিন ইয়াতে পাবা॥
⸺⸺o⸺⸺
চৰাইৰ কথা
বৰ টোকোলাৰ ডিঙি দীঘল
লাহে লাহে যায়
কুলি চৰাই চিল্চিলিয়া
সুৱদী গীত গায়।
চিলনীয়ে পাখি মেলি
ডিঙি মেলি চায়
চেলেকনা খলিহনা
কিজানিবা পায়।
আমাৰ অসম
সল্সলাই শালিকীয়ে
ঠোঁট লৰাই
লক্লকাই কিনো কয়
বুজিকে নেপায়।
ল’ৰমাৰি বগলীয়ে
চেঙেলিটো ধৰে
লুটিয়াই লওঁতেই
সুলকি পৰে।
⸺⸺o⸺⸺
ঋতু
জাৰো নাই গৰমো নাই
ব’হাগ, জেঠ
ঋতু বসন্তত
গছে গছে ন ফুল পাত
পখীয়ে গায় গীত
মনৰ আনন্দত।
গৰম আহে বৰ গৰম
জেঠ আহাৰ
ঋতু গ্ৰীষ্মত,
অকণিহঁতৰ খঙ উঠে
চেঙ চেঙীয়া
ৰ’দৰ তাপত।
এই ৰ’দ এই বৰষুণ
শাওন ভাদ
বৰ্ষা ঋতুত,
পানী হয় বান পানী
হঠাতে আহি
কোনোবা দিনত।
গৰমো যায়
বৰষুণো যায়
যায় লাহে লাহে,
কাতি আহি পায়
ঋতু শৰতো
আহে লগ ভাগে।
আঘোণ পুহত
পায়হি আহি
ঋতু বসন্ত
মিঠা ৰ’দ কুঁৱলী
ৰূপ অনন্ত।
মাঘ ফাগুণ মাহ
শীত ঋতুৰ
জাৰৰ বেলা,
জাৰ গ'লে
আহিব কোন
কৰা গুণা গঠা।
⸺⸺o⸺⸺
ব'হাগ
‘কুউ’ ‘কুউ' বুলি ফুলি
বিহু আনিলি
কুলিৰ মাত শুনি
ব'হাগো আহিলি।
তগৰ নাহৰ কেতকী
লগত আনিলি
মদাৰ কপৌ ফুলেৰে
জগত জিনিলি।
কৃষ্ণচূড়া ৰাধাচূড়া
আইঐ দেহি
ৰম্ক জম্ককৈ ফুলি
মাৰি থাকে হাঁহি
ব’হাগ বৰ ৰূপহী
মাহৰ ৰাণী
বৰদৈ চিলাও আহে
লৰি ঢাপৰি৷
⸺⸺o⸺⸺
কাউৰীয়ে কয়
কাউৰীয়ে কয়
কা কা কা
কোন ক’ত আছ
শুনি যা।
আনিছো বতৰা
বোজা বান্ধি
শুন যদি শুন
আহি কাষ চাপি৷
⸺⸺o⸺⸺
[ বেটুপাত-২ ]
সখি ঔ সখি
বাংলা সাহিত্য গোষ্ঠী ‘পইঠা’ই তেওঁক শিশু সাহিত্যৰ কৰ্মৰ বাবে ‘দিলীপ কুমাৰ চন্দ’ বঁটাৰে সন্মানিত কৰিছে। তেওঁলৈ শুভকামনা আৰু দীৰ্ঘায়ু কামনা কৰিছো।■ —মীৰা ঠাকুৰ |
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।