সই বনে বনমালী বেণু বজাৱত
।। ৰাগঃ শ্যামগোড়া।। তালঃ পৰি।।
ধ্ৰুং।। সই বনে বনমালী বেণু বজাৱত
ধেনু চৰাৱত ৰঙ্গে।
শৰীৰৰ নিৰ্মল ভূৱন উজ্জ্বল
কৈল কানু কালা অঙ্গে।।
পদ।। নয়ন কমল বয়ন উজ্জ্বল
জিনি কোটি এক শশী।
সুৱলিত ভুজ দেখিয়া মৃণাল
ৰহিল পংকত পশি।।
এমন সুচান্দ জুড়াৰ টালনি
দেখি নাহি কোনোকালে।
বঙ্কিম ললিত ভ্ৰূৱ সুৱলিত
দেখিয়া পৰাণ হালে।।
নটবৰ জিনি সুবেশ সাজনি
ৰূপে কোটি কাম জিনে।
হৰিপদ কমলৰ মধুকৰ
কহয় মাধৱ দীনে।।