শ্ৰীশ্ৰী স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতা/ষোড়শ দিনৰ অধিবেশন

[ ৪৪ ]
যোড়শ দিনৰ অধিবেশন।
( ২৬ চেপ্টেম্বৰ)
বৌদ্ধধৰ্ম্মৰ সৈতে হিন্দুধৰ্ম্মৰ সম্বন্ধ।

 সভাপতি মহাশয়, ভাতৃ মণ্ডলী আৰু উৎসাহদাতাসকল, আপোনাসব সকলোৱে শুনিছে যে মই বৌদ্ধ নহওঁ; কিন্তু মই বৌদ্ধ এই বুলি কলেও কোনো দোষ নহয়। চীন, জাপান আৰু লঙ্কাদ্বীপে সেই লোকগুৰু বুদ্ধদেৱৰ উপদেশ অনুসৰণ কৰিব পাৰে, কিন্তু ভাৰতবৰ্ষই তেওঁক ঈশ্বৰ বুলি পূজা কৰে। আপোনাসকলে অলপ আগেয়ে শুনিছিল যে মই বৌদ্ধধৰ্ম্ম সম্বন্ধে আলোচনা কৰিবলৈ সাজু হৈছোঁ—কিন্তু ইয়াৰ অৰ্থ দোষ দেখুৱা নহয়, যাক ঈশ্বৰৰ অৱতাৰ বুলি আমি পূজা কৰোঁ, তেওঁৰ দোষ দেখুৱা মোৰ অভিপ্ৰায় নহয়। কিন্তু বুদ্ধদেৱৰ সম্পৰ্কে মোৰ এয়ে মত যে তেওঁক তেওঁৰ শিষ্যবিলাকে ভালকৈ বুজিব পৰা নাই। ইহুদী ধৰ্ম্মৰ সৈতে খৃষ্টানধৰ্ম্মৰ যি সম্বন্ধ, হিন্দুধৰ্ম্ম অৰ্থাৎ বেদ বিহিত ধৰ্ম্মৰ সৈতেও বৰ্তমান সময়ৰ বৌদ্ধধৰ্ম্মৰ প্ৰায় সেই একে সম্বন্ধই। যীশুখৃষ্ট ইহুদী জাতিৰ আৰু শাক্য-মুনি হিন্দু জাতিৰ আছিল। কিন্তু প্ৰভেদ এই কণেই যে ইহুদীবিলাকে যীশুখৃষ্টক পৰিত্যাগ কৰিলে আনকি তেওঁক শূলত দি হত্যা কৰিলে, কিন্তু হিন্দুবিলাকে শাক্য-মুনিক ঈশ্বৰৰ উচ্চাসন দি এতিয়াও তেওঁক পূজা কৰি আছে। কিন্তু বৰ্ত্তমান বৌদ্ধধৰ্ম্মৰ [ ৪৫ ] সৈতে বুদ্ধদেৱৰ যথাৰ্থ শিক্ষাৰ পাৰ্থক্য মই প্ৰধানতে ইয়াকে দেখুৱাব খোজোঁ, শাক্য-মুনিয়ে কোনো নতুন মত প্ৰচাৰ কৰিবলৈ অহা নাই। যীশুৰ নিচিনাকৈ তেৱোঁ পূৰ্ণ কৰিবলৈহে আহিছিল, ধ্বংস কৰিবলৈ অহা নাই। প্ৰভেদ এয়ে যে যেনেকৈ ইহুদীবিলাকে প্ৰাচীন ধৰ্ম্ম-পুস্তকৰ পূৰ্ণতা উপলদ্ধি কৰিব নোৱাৰিলে, সেইদৰে বুদ্ধদেৱৰ শিষ্যবিলাকে বৌদ্ধধৰ্ম্ম যে হিন্দুধৰ্ম্মৰ সত্যবিলাকৰে পৰিণতি তাকো বুজিব পৰা নাই। মই আকৌ কৈছোঁ শাক্য-মুনিয়ে পূৰ্ণ কৰিবলৈহে আহিছিল-ধ্বংস কৰিবলৈ অহা নাই। হিন্দুধৰ্ম্মৰ স্বাভাৱিক পৰিণতি—স্বাভাৱিক বিকাশ হলে যি হয় তেওঁ তাকেই দেখুৱাই গৈছে।

 হিন্দু-ধৰ্ম্ম দুইভাগে বিভক্ত হৈছে—কৰ্ম্মকাণ্ড আৰু জ্ঞানকাণ্ড। সন্ন্যাসীসকলেই জ্ঞানকাণ্ডৰ আলোচনা কৰে; আৰু জ্ঞানকাণ্ডত জাতিভেদ নাই। অতি উচ্চ বৰ্ণৰ লোকৰ সন্যাসত যি অধিকাৰ, অতি হীন জাতিৰ মানুহৰৰ সেই একে অধিকাৰ সন্ন্যাস হলে দুয়ো সমান। যথাৰ্থ ধৰ্ম্মত জাতি ভেদ নাই। জাতি ভেদ কেৱল সামাজিক অৱস্থানুসাৰেহে হয়। শাক্যমুনি নিজে সন্ন্যাসী আছিল আৰু বেদত যিবিলাক সত্য লুকাই আছিল, তেওঁ সেই সকলোবিলাক সত্য পৃথিৱীৰ যাবদীয় জনসাধাৰণক বুজাই দিছিল। জগতত প্ৰকৃত পক্ষতে তেৱেইহে ধৰ্ম্ম-প্ৰচাৰৰ প্ৰধান গুৰু। তেৱেই পোন প্ৰথমে অইন ধৰ্ম্মৰ পৰা নিজ ধৰ্মলৈ বহুত মানুহক আনি এক ধৰ্ম্মৰ পৰা অন্য ধৰ্মলৈ নিয়াৰ প্ৰথম পথ প্ৰদৰ্শক। [ ৪৬ ] সকলোৰে প্ৰতি বিশেষকৈ অজ্ঞান আৰু দৰিদ্ৰবিলাকৰ প্ৰতি সহানুভূতি দেখুৱাতেই তেওঁৰ গৌৰব। অনেক ব্ৰাহ্মণ তেওঁৰ শিষ্য আছিল। যি সময়ত বুদ্ধদেৱে নিজ ধৰ্ম প্ৰচাৰ কৰিছিল সেই সময়ত সংস্কৃত-ভাষা ভাৰতবৰ্ষত কথিত নাছিল।

 সেই সময়ত সংস্কৃত-ভাষা অকল পণ্ডিতসকলৰ কিতাপতহে পোৱা গৈছিল। বুদ্ধদেৱৰ কেইজনমান ব্ৰাহ্মণ শিষ্যই তেওঁৰ উপদেশবিলাক সংস্কৃতলৈ অনুবাদ কৰিব খোজাত তেওঁ শিষ্যবিলাকক স্পষ্টকৈ কৈছিল-“মই দৰিদ্ৰ আৰু জনসাধাৰণৰ নিমিত্তেহে আহিছোঁ। মই চলিত ভাষাতহে ধৰ্ম প্ৰচাৰ কৰিম।” গতিকে আজিলৈকে তেওঁৰ উপদেশবিলাক সেই সময়ৰ চলিত ভাষাতে আছে।

 দৰ্শন শাস্ত্ৰই যিমানেই কি উচ্চাসন অধিকাৰ কৰক আৰু যিহকেই কওক, যিমান দিনলৈকে জগতত মৃত্যু বুলি ঘটনা থাকিব, আৰু যিমান দিনলৈকে মানুহৰ হৃদয়ত দুৰ্বলতা বুলি কোনো ভাৱ থাকিব, যিমান দিন মানুহে নিজৰ দুৰ্বলতা উপলদ্ধি কৰি হৃদয়ৰ মৰ্ম্মস্থলিৰ পৰা কান্দোনৰ ধ্বনি তুলিব সিমান দিনলৈকে ঈশ্বৰত বিশ্বাস থাকিব। দৰ্শন শাস্ত্ৰৰ ফালৰ পৰা চাবলৈ গ'লে, সেই লোকগুৰু বুদ্ধদেৱৰ শিষ্যবিলাকে বেদৰূপ সনাতন পৰ্ব্বতত খুন্দা মাৰিলেহি; কিন্তু একোকে কৰিব নোৱাৰিলে। আনফালে চাবলৈ হ'লে তেওঁবিলাকে সকলো নৰ-নাৰীয়ে ভাল পোৱা সেই সনাতন পুৰুষক তেওঁ বিলাকৰ বুকুৰ পৰা অপহৰণ কৰি নিলে। ফলত ভাৰতবৰ্ষত [ ৪৭ ] সেই ধৰ্ম্মৰ মৃত্যুৱেই স্বাভাৱিক হ’ল। আৰু বৰ্তমান কালত ভাৰতত এনেকুৱা এজন মতা নাইবা তিৰোতা নাই যি নিজক বৌদ্ধ বুলি পৰিচয় দিব।

 আৰু আন ফালৰ পৰা চাবলৈ হলে ইয়াৰ পৰা হিন্দু ধৰ্ম্মৰো বহুত ক্ষতি হ’ল। সমাজ সংস্কাৰৰ কাৰণে অপূৰ্ব আগ্ৰহ, সকলোৰে প্ৰতি সেই অপূৰ্ব্ব সহানুভূতি আৰু দয়া, সেই সৰ্ব্ব সাধাৰণৰ ভিতৰত পাৰ্থক্যতাৰ ভাৱ গুচাই দিয়া বৌদ্ধ-ধৰ্ম্মই যি উন্নতিৰ সোঁত বোৱাই দিছিল—যি সেঁতে ভাৰতৱৰ্ষৰ সমাজক ইমান দূৰ মহান আৰু উদাৰ কৰিছিল যে, সেই সময়ৰ এজন গ্ৰীচ দেশীয় বুৰঞ্জী লিখকে এই দৰে লিখি গৈছে যে—ভাৰতবৰ্ষৰ হিন্দুৱে মিছা কথা নকয় আৰু এজনীও হিন্দু-ৰমণী অসতী নহয়। বৌদ্ধ-ধৰ্ম্মৰ মৃত্যুৰ পিছত হিন্দুবিলাকে সেই আটাইবিলাক হেৰুৱালে।

 হিন্দুধৰ্ম নোহোৱাকৈও বৌদ্ধ-ধৰ্ম্ম থাকিব নোৱাৰে আৰু বৌদ্ধ-ধৰ্ম্ম নোহোৱাকৈও হিন্দু-ধৰ্ম্ম থাকিব নোৱাৰে। তেনে হলে এইটো ভালকৈ উপলদ্ধি কৰা-যে আমাৰ দুয়োৰে ভিতৰত যি অসম্মিলন হৈছে তাৰ পৰা ভালকৈ বুজিব পাৰি যে তোমালোকেও আমাৰ ব্ৰাহ্মণ সকলৰ ধী শক্তি আৰু দৰ্শন শাস্ত্ৰ নোহোৱাকৈ দৃঢ়তা নোপোৱা, আমিও তোমালোকৰ উদাৰ মন নাপালে উন্নতি কৰিব নোৱাৰোঁ। বৌদ্ধ আৰু ব্ৰাহ্মণৰ ভিতৰত পৰম্পৰ বিদ্বেষ ভাৱ হোৱাই ভাৰতবৰ্ষৰ অৱনতিৰ মূল কাৰণ। সেই কাৰণে আজি ভাৰতত ত্ৰিশ কোটী ভিখাৰীৰ [ ৪৮ ] বসতি হৈছে; সেই কাৰণেই আজি হাজাৰ বছৰ ভাৰত বিদেশীৰ পদদলিত। সেই কাৰণে আহা! আজি আমি সকলোৱে ব্ৰাহ্মণৰ অপূৰ্ব্ব ধী শক্তিৰে সৈতে লোকগুৰু বুদ্ধদেৱৰ উচ্চ হৃদয়, মহৎ আত্মা আৰু অসাধাৰণ লোকহিতকাৰিতা শক্তিৰ মিলন কৰাই দিওঁ।

____________