শ্ৰীশ্ৰী স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতা/সপ্তদশ দিনৰ অধিবেশন

[ ৪৯ ]
সপ্তদশ (শেষ) দিনৰ অধিবেশন।
( ২৭ চেপ্তেম্বৰ)
বিদায়।

 জগতত সৰ্বধৰ্ম্ম মহাসমিতিৰ সম্ভৱ হবৰ পৰা আজি সৰ্ব্বতোভাৱে সত্য বুলি নিৰ্ধাৰিত হ’ল; যি সকলে এই মহাসভা গঠনৰ নিমিত্তে যি বিশেষ পৰিশ্ৰম কৰিছিল, পৰম কৰুণাময় সৰ্ব্বপিতা পৰমেশ্বৰে তেওঁবিলাকক সহায় কৰিছে আৰু তেওঁ বিলাকৰ নিঃস্বাৰ্থ পৰিশ্ৰমৰ যথোচিত ফল দিছে।

 যি সকলৰ প্ৰশস্ত হৃদয়ে আৰু সত্যানুৰাগে এই স্বপ্নৰ নিচিনা কাৰ্যত প্ৰথমতে কল্পনা কৰি শেষত কাৰ্যত পৰিণত কৰিলে সেই মহানুভৱ সকলক মই সৰল অন্তঃকৰণেৰে সৈতে ধন্যবাদ জনাইছোঁ। এই সভামণ্ডক যি উদাৰ ভাৱ সমূহে দেখুৱাইছে সেই ভাৱ সমূহৰ প্ৰতিও মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ! এই উদাৰ ও বিজ্ঞমণ্ডলীয়ে মোৰ প্ৰতি সমভাৱে যি দয়া প্ৰকাশ কৰিছিল, আৰু যি ভাৱবিলাকৰ দ্বাৰা ধৰ্ম্ম সমূহৰ পৰস্পৰৰ বিবাদ কমি যায়, যি সকলে সেই বিলাক ভাৱ অনুমোদন কৰিছে, সেই সকলকো মই মোৰ ধন্যবাদ জনাইছোঁ। এই মধুৰ স্বৰাবলিৰ মাজত মাজে মাজে দুটা এটা বেসুৰীয়া মাত শুনা গৈছিল। যি সকলে তেনেকুৱা বিশৃঙ্খলা উৎপাদন কৰিছে, তেওঁবিলাকক মই বিশেষকৈ ধন্যবাদ দিওঁ, কাৰণ [ ৫০ ] তেওঁবিলাকে ক্ষন্তেকীয়া বিশৃঙ্খলাৰে সেই স্বাভাবিক শৃঙ্খলাতাক অতি সুমুধুৰ কৰিছিল।

 ধৰ্ম্ম সমন্বয়ৰ সাধাৰণ ভিত্তি ভূমিৰ সম্বন্ধে অনেক কথা কোৱা হ’ল। মই এতিয়া সেই বিষয়ে নিজমত প্ৰকাশ কৰিব খোজা নাই, কিন্তু যদি কোনোবাই এনেকুৱা আশা কৰে যে সেই সমন্বয়ে এই সকলো বিভিন্ন ধৰ্ম্ম সমূহৰ মাজত এটিৰ অভ্যুদয় আৰু আনবিলাকৰ বিনাশ কৰি নিজৰ কাৰ্য্য সাধন কৰিব, তেনেহলে মই তেওঁবিলাকক কওঁ “ভাইসকল! তোমালোকৰ আশা কেতিয়াও ফলৱতী হব নোৱাৰে।” মই ইচ্ছা কৰিছোঁ নেকি যে খৃষ্টানবিলাক হিন্দু হওক? ঈশ্বৰে যেন সেইটো নকৰায়। মই ইচ্ছা কৰিছোঁ নে কি যে যেই সেই হিন্দুৱে বা বৌদ্ধই খৃষ্ট-ধৰ্ম্ম লওক? ঈশ্বৰে যেন সেইটো নকৰায়।

 গুটি মাটিত পচোৱা হ'ল। মাটি, জল, বায়ু তাৰ চাৰিও ফালে আছে। সেই গুটিটো মাটি বা পানী নাইবা বতাহ কিবা এটা হব নে কি? সেই গুটিৰ পৰা একোজোপা সৰু সৰু গছ গজিব। আৰু কালত মাটি, পানী আৰু বতাহৰ পৰা নিজৰ আহাৰ টানি ক্ৰমান্বয়ে নিজৰ স্বাভাৱিক নিয়মানুসাৰে শেষত একোজোপা ডাঙ্গৰ গছ হব।

 ধৰ্ম্ম সম্বন্ধেও সেই একে কথাই। খৃষ্টানে হিন্দু বা বৌদ্ধ হব নালাগে; হিন্দু বা বৌদ্ধয়ো খৃষ্টান হব নালাগে। কিন্তু প্ৰত্যেক ধৰ্ম্মই অইন ধৰ্ম্মৰ সাৰ ভাৱবিলাক গ্ৰহণ কৰি তাৰে সৈতে পুষ্টহৈ বিশেষত্ব ৰক্ষা কৰি নিজে আগবঢ়াটোহে যুগুত। [ ৫১ ]  যদি এই সৰ্বধৰ্ম্ম মহাসভাই জগতত কিবা নতুন কথা দেখুৱাব খুজিছে তেনেহলে সেই কথা এয়ে। এই সভাই এই কথা ভালকৈ প্ৰমাণ কৰি দেখুৱাইছে। জগতত যি পৱিত্ৰতা, চিত্তশুদ্ধি আৰু দয়া দাক্ষিণ্য এইবিলাক কোনো ধৰ্ম্মৰে বাপতীয়া সাহোন নহয়; আৰু প্ৰত্যেক ধৰ্ম্মতে অতি মহানুভৱ উদাৰ নৰ-নাৰী আছে।

 এইবিলাক প্ৰত্যক্ষ প্ৰমাণ দেখুৱা স্বত্ত্বেও যদি কোনোবাই এনেকুৱা কথা ভাবে যে তেওঁৰ ধৰ্ম্মই সকলো ধৰ্ম্মক বিনাশ কৰি নিজে জয়ী হওক—তেন্তে বাস্তৱিকতে তেওঁক পুতৌ কৰিব লগীয়া, আৰু সেই কাৰণে মই অতি দুঃখিত। তেওঁক মই ফট্‌-ফটীয়াকৈ দেখুৱাই কওঁ যে তেওঁবিলাকৰ বাধা বিঘিনি সকলোেবোৰ অতিক্ৰম কৰি সকলো ধৰ্ম্মধ্বজাত এই কথা জল্‌ জল্‌ পট্‌ পট্‌কৈ ওলাই থাকিব যে “বিবাদ নকৰিবা, পৰস্পৰে পৰস্পৰক সহায় কৰা, আৰু পৰস্পৰে পৰস্পৰক ধ্বংস কৰিবলৈ চেষ্টা নকৰি পৰস্পৰে পৰম্পৰৰ ভাৱ গ্ৰহণ কৰি পালন কৰা। কাজিয়া, বিবাদ এৰি সকলোৱে মিত্ৰভাৱেৰে আকোৱালি ধৰি শান্তিৰ আশ্ৰয় লোৱাঁ।

অন্ত।