শ্ৰীশ্ৰী সন্তোষী মাতাৰ পাঁচালী
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
।।গনেশ বন্দনা।।
সকলোৰে সিদ্ধিদাতা গনেশক কৰো প্ৰণাম।
সৰ্বঘ্নি বিনাশন হৰগৌৰীৰ নন্দন।।
সকলো দেৱৰ আগত স্তুতি কৰো প্ৰভু বিঘ্নৰাজৰ।
বাৰে বাৰে পূজা কৰো নাই কথা লাজৰ।।
দুই চকু ৰক্তবৰন অপৰূপ অঙ্গঁ জৌতি।
প্ৰভূ লম্বোদৰৰ স্থূলদেহ অতি খৰ্বাকৃতি।.
এন্দুৰ বাহনত বহি দেৱ ষড়ানন।
সৰ্বকামত সিদ্ধি লভে দেৱক কৰিলে স্মৰন।।
সিদ্ধিদাত্ৰী শ্ৰীশ্ৰীসন্তোষী মা দেৱৰ তনয়া।
ভক্তসবাক দেখা দিয়া মা, হৈ সদয়া।।
পিতা কন্যাক স্মৰন কৰিলে হয় সৰ্বস্তানে জয়।
গনেশৰ মানস কন্যা সন্তোষী মা হয়।
মনোবাঞ্চা পূৰ্ণ কৰিবলৈ আহা মা মৰতত।
সৰ্বদুখ হাৰিণী মা ৰ চৰনত কৰো সহস্ৰ প্ৰনতি।।
।।শ্ৰীশ্ৰীসন্তোষী মাতাৰ আৱাহন।।
মোৰ ঘৰলৈ আহা মা সন্তোষী জননী।
ভক্তিৰে পূজিম তোমাক স্বৰূপে ৰূপিনী।।
দীনহীন অভাগীনী নাজানো মন্ত্ৰ তন্ত্ৰ।
চকু পানীৰে ধোৱাম তোমাৰ চৰন দুখনি।।
দয়া কৰা মা আমাৰ সমান নাই দুৰ্ভগীয়া।
যুগে যুগে আবিৰ্ভূতা হোৱা তুমি বিপদনাশীনি।।
দ্বাপৰ যুগত কি ৰূপে আহিছিলা নাজনো আমি।
কলি কালত কি ৰূপে আহিলা তুমি সন্তোষী জননী।।
তোমাৰ মহিমা মা সকলোৱে জানে।
সৰ্বগুনে গুনময়ী বুলি মৰতে বুজে।।
তোমাৰ প্ৰিয় স্বৰ্নপদ্বমত তুমি অধিষ্ঠাতা।
স্বৰ্ন পালেঙত কতুমি হোৱা সদায় বিৰাজিতা।।
চাৰি হাতেৰে চাৰিও দিশৰ বিপদ কৰা নাশ।
অপূৰ্ব তোমাৰ অঙ্গঁঠন অপূৰ্ব তোমাৰ নয়ন।।
এক হাতত তৰোৱাল আন হাতত ত্ৰিশূল।
আন হাতেৰে ভক্তক দিয়া ভোকৰ সমল।।
বাকী হাতেৰে ভক্তগনক কৰা আশীৰ্বাদ।
তোমাৰ চৰনত মূৰ দোৱালে মন পৰে শাত।
মূৰত তোমাৰ সোনৰ মুকুট কানত সোনৰ কুণ্ডল।
সোনৰ মালা পিন্ধি ৰাজকন্যা ধৰালৈ আহা।।
তোমাৰ আগত মঙ্গঁলঘট আৰু বাজে শঙ্খ ঘণ্টা।
ধুপ, ধূনা, প্ৰদীপৰ গোন্ধত আলোকিত।।
তোমাৰ পূজাত ব্যস্ত হয় গোটেই সংসাৰ।।
অনেক নামেৰেই বিভূষিটা গোটেই সংসাৰত।
ভিন্ন ৰূপেৰে দেখা দিয়া ভক্তগনক।।
সৰ্বকালৰ সৰ্বযুগৰ পৰমা ঈশ্বৰী।
শিৰ নত কৰি পূজা কৰে গোটেই পৃথিবী।।
।।শ্ৰীশ্ৰীসন্তোষী মাতাৰ আৰতি।।
জয় জগদীশ হৰে, জয় জগদীশ হৰে।
তোমাৰ মধুময় গানে সকলো পাপ তৰে।।
সন্তোষী মাৰ জয় গানে ধৰা কৰে মুখৰিত।
মনপ্ৰান মাৰ নামত কৰা নিবেদিত।।
সকলো সম্পদ পাবা কৰিলে মা ক স্মৰন।
মাৰ পদ্মপদে সদায় দোৱাবা অন্তৰ।।
তিনি মা তিনি পিতা তিনিও গুৰু পৰম।
তাহাতৰ আশীৰ্বাদ লৈ জীৱনত কৰিবা ধৰম।।
বিঘ্ন বিনাশিনী মা অগতিৰ গতি।
দুখ কৰা অৱসান আনন্দ দায়িনী।।
তুমিয়ে শান্তি তুমিয়ে মুক্তি বান্ধা মোক ভক্তি ভাৱে।
চকু পানীৰে পূজিম মা তোমাক সমভাবে।।
পবিত্ৰ শুকুৰবাৰ মাৰ জন্মদিন।
ভক্ত সকলে পালিব তোমাৰ এই দিনতে।।
গুড় আখৈ ফল দিলে তুষ্ট হৱ মা।
তৃপ্ত ভাৱে পূজা লোৱা কৰা ক্ষমা।।
শুকুৰবাৰৰ দিনটোত তোমাক পূজো।
আশীৰ্বাদ কৰা মা পাওঁ যেন সুখশান্তি।।
পূজা লোৱা মা পৰিছো চৰন দুখনিত।
।।শ্ৰীশ্ৰীসন্তোষী মাৰ ভজন।।
মা তুমি সৃষ্টিপালিনী জয় শ্ৰীসন্তোষী।
পৰমা ঈশ্বৰী মা তুমি বিশ্বজননী।।
দীনহীনা ভক্তগনক কৰুনাৰে চোৱা।
তুমি জ্ঞান তুমিয়ে ধ্যান তুমি বিনে নাই যে আন।।
স্বৰ্নপদুমত বহি সুবাহিত তুমি।
স্বৰ্নপালেঙত সদায় বিৰাজিতা তুমি।।
তোমাৰ চাৰিওহাতত দেখো অগ্নি সমানজৌতি।
সুন্দৰ সুঠাম বেশত তুমি হোৱাযে প্ৰনতি।।
ভক্ত সকলোক এক হাতেৰে আশীৰ্বাদ দিয়া।
আন হাতেৰে অস্ত্ৰ ধৰি বীৰঙ্গঁনা মাতা হোৱা।।
ক্ষুধাতুৰক অন্ন দি জীৱন দিয়া দান।
সকলো কামতে তুমি মা জীৱৰ প্ৰতিদান।।
সুশোভিত মঙ্গঁলঘট তোমাৰ আগত।
জ্ঞানৰ প্ৰকাশ হওঁক তোমাৰ চৰনত।।
দুখীয়াৰ আয়োজিত ভোগত হোৱা সন্তুষ্ট।
পূজা মন্ত্ৰ নাজানো আমি অভাগন।।
তুমি মা বিন্ধ্যবাসিনী বিন্ধ্যাচল দিশত।
কালী মাতা বুলি খ্যাত তুমি বাংলাদেশত।।
দশভূজা বুলি খ্যাত ধৰাত।
ভদ্ৰকালী নামে খ্যাত ভক্তসকলৰ মাজত।।
মহালক্ষ্মী নাম ৰাখে বোম্বে বাসীসবে।
মীনাক্ষী নামেৰে জানে মথুৰাত বোলে।।
।।শ্ৰীশ্ৰীসন্তোষী মাৰ ব্ৰতকথা।।
শুনা শুনা মন দি ভক্তগন।
শ্ৰীশ্ৰীসন্তোষী মাৰ ব্ৰতৰ অপূৰ্ব লিখন।।
কলি যুগৰ সাক্ষাত্ দেৱা লীলা নাম যাৰ।
তোমাৰ চৰনত শিৰ নত কৰো বাৰ বাৰ।।
ধন্য তুমি ধন্য মা তোমাৰ মহিমা যে অপাৰ।
তোমাৰ আদেশত জোৰা লাগে ভগ্ন সংসাৰ।।
এদিন সপোনত কলে সন্তোষী মায়ে।
যিয়ে মোৰ প্ৰিয় ভক্ত শুনা মোৰ বাৰতা।।
প্ৰতি শুকুৰ বাৰে যিয়ে মোৰ পূজা কৰে।
সুখ শান্তি সমৃদ্ধি ভৰিব তাৰ ঘৰে।।
মোৰ ব্ৰত দেখি কোনোৱে যদি উপলুঙে।
সৰ্বনাশ হৱ তেওঁৰ অৱশ্যে জানিবা।।
মধুময় এই ব্ৰত যিয়ে কৰিব প্ৰচাৰ।
মানৱ ৰূপে পৃথিৱীত আহিব বাৰ বাৰ।।
ভক্তি ভাৱে পূজা কৰি যিয়ে তুষ্ট কৰে।
কাৰো সাধ্য নাই তেওঁক বিনাশ কৰিব পাৰে।।
ভক্তি ভাৱে পূজা কৰে যি ভক্তগনে।
বিপদ কেতিয়াওঁ নহৱ তেওঁৰ জানিবা ভালদৰে।।
কল্পতৰু হৈ মায়ে মনোবাঞ্চা কৰে পূৰ্ণ।
জগতত আহে মায়ে ভক্তৰ বিনয়ে।।
শুকুৰ বাৰ মাৰ জন্ম মাক কৰা পূজা।
মন শুদ্ধ কৰি পিছত ব্ৰত কথা শুনা ।।
শ্ৰীশ্ৰী সন্তোষী মাৰ গ্ৰন্থ যি জনে গড়ে।
চকু পানীৰে ভৰাই সি ব্ৰত কথা শুনে।।
সেই ভক্তগনয়েই পূণ্যবান হয়।
শেষ কালত সি স্বৰ্গত ঠাই পায়।।
সেই বাবে এই গ্ৰন্থ ৰাখা ঘৰে ঘৰে।
দুখ দৈন্য শোক তাপ নাহে ঘৰে প্ৰতি।।
বহু নিবনুৱাৰ আজি কৰ্ম সংস্থাপন নাই।
দেৱীক পূজা কৰি আজি সংস্থাপন নাই।
কৰ্মহীনক দিয়ে কৰ্ম অন্নহীনক দিয়ে অন্ন।
মাৰ চৰনক পূজিলে নহয় যে বিপন্ন।।
বন্ধ্যানাৰীৰ পুত্ৰ প্ৰাপ্তি নিৰ্ধনীৰ ধন প্ৰাপ্তি।
পৰীক্ষা লয় মাই আতৰাই এনে লোকৰ বিপত্তি।।
বিবহোযুক্ত ছোৱালীৰ বিবাহ হয় সময়ত।
অন্ধসকলে জ্যৌতি পায় দেবী অনুগ্ৰহত।।
যিবিলাকৰ অন্তৰত থাকে অনেক কামনা।
পূৰাব মাই অৱশ্যে তাহাতৰ মনোবাসনা।।
দাম্পত্য জীৱনত যাৰ ঘটে অঘটন।
যাৰ কৃপাত দুখ তাহাতৰ পূনৰ্মিলন।।
সিদ্ধিদাতা গণেশ কন্যা এওঁ সন্তোষী মা।
পৰম ঈশ্বৰী মা তুমি জীৱৰ পৰিত্ৰীতা।।
তোমাৰ অভিন্ন নাই মা তোমাকেই ৰাখো মনত।
তুমিয়ে সৰ্বেসৰ্বা তুমি থাকা মানস পতত।।
পাপৰে পূৰ্ণ কলিৰ নৰ নাৰীক কৰিবা উদ্ধাৰ।
নতুন সাজে আহিলা মা হাতত লৈ অস্ত্ৰ সম্ভাৰ।।
ৰনচণ্ডী মূৰ্ত্তি দেখি পৃথিবী কপিলে।
এক হাতে ত্ৰিশূল আন হাতত তৰোৱালেৰে।।
মূৰত আছে সোনৰ মুকুট কানত আছে কুণ্ডল।
ভিন্ন হাতেৰে মাই বিতাৰিছে ক্ষুধাতুৰৰ কল্লোল।।
সকলো জীৱৰে পাপ মা তুমি বিনাশ কৰা।
আন হাতেৰে ভক্তগনক তুমি অভয় দিয়া।।
তুমিয়ে ধ্যান তুমিয়ে জ্ঞান তুমিয়েই পৰকাল।
তোমাৰ মাহাত্ম্য অমৰ থাকিব চিৰকাল।।
আড়ম্বৰ পূৰ্ণ পূজাৰ নাই কোনো প্ৰয়োজন।
ভক্তিভাৱে পূজা দিয়া মাই কৰিব গ্ৰহন।।
মনোবাঞ্চা পূৰনৰ বাবে যিয়ে ব্ৰত কৰে।
সন্তোষী মাই তাৰ দুখ চাই থাকিব নোৱাৰে।।
মনোবাঞ্চা পূৰন কৰি মাই বৰ দিয়ে।
শোক তাপ বিনাশ হয় তাৰ জীৱনৰ।।
বাসনা পূৰ্ন হেলে ব্ৰত উত্য়াপিত কৰা।
আনন্দ মন লৈ মাৰ পূজা কৰা।।
সাধ্যমতে ব্ৰাহ্মনগনে ব্ৰত উত্যাপন কৰা।
বাকী সব বালক গনক ভোজন কৰোৱা।।
এনে কৰ্ম দেখি শুনি মাই সুখী হয়।
তেওঁৰ আশীৰ্বাদতে ধন সম্পদ হয়।।
ব্ৰতৰ মাহাত্ম্য আজি কৰিলো সমাপ্ত।
প্ৰনাম কৰা সকলোৱে মাৰ চৰনত।।
।।শাহু আৰু সাবিত্ৰী বোৱাৰীৰ কাহিনী।।
সাতটা সন্তানৰ বুঢ়ীজনী বিধবা হল।
বহুকষ্ট কৰি তাহাতক কৰিলে পালন।।
দিনে দিনে লৰা কেইটা ডাঙৰ হৈ আহিল।
যথাসময়ত নিয়মতে বিবাহ আদি দিলে।।
ছয় পুত্ৰই উপাৰ্জন কৰি ঘৰলৈ আনে।
কনিষ্ঠ পুত্ৰই বেকাৰ হৈ ইনাই বিনাই ঘূৰে।।
ছয় পুত্ৰক বুঢ়ীয়ে যত্ন কৰি খুৱাই।
অৱহেলিত কনিষ্ঠ পুত্ৰক যেনে তেনে খুৱাই।।
সৰু বোৱাৰীক ঘৰৰ কামকাজত বেছিকৈ খটায়।
তাইক বুঢ়ীয়ে সব সময়ত কৰে উত্পীড়ন।।
সৰু পুত্ৰই ক্ৰমে বুজিলে সকলো।
মনৰ দুখত অৱগত নকৰিলে কাৰকে।।
মন স্থিৰ কৰিলে সি কৰিব উপাৰ্জন।
নিজ ঠাই এৰি যাব বিচাৰি অৰ্থপাৰ্জন।
মাকক কলে যোৱাৰ সময়ত মনৰ কথা।।
মাকে শুনি সুখ পালে অনন্তৰৰ পৰা।
তাৰ পিছত স্ত্ৰীৰ আগত সকলো কলে।।
স্বামীৰ কথা শুনি মনতে দুখ পালে।
মনত দুখলৈ ৰামু বিদেশলৈ যায়।।
মাৰ কৃপাত তেওঁ কৰ্ম এটি পায়।
এটি ব্যৱসায় অংশীদাৰ হয়।
কিছু টকা উপাৰ্জন কৰে দুখ আৰু নহয়।।
অৰ্থ ঘটি ৰামুৱে ৰাখে গোপনে।
সাবিত্ৰীৰ বাবেওঁ ঘৰলৈ অংশ এটি দিয়ে।। (ঘৰলৈ)
প্ৰতিমাহে ৰামুৱে ঘৰলৈ টকা পঠায়।
সাবিত্ৰীয়ে তাৰে ভুকে নাপায়।।
দিনে নিশায় সাবিত্ৰীয়ে কষ্ট কৰি যায়।
শাহুৱেকৰ ভয়ত তেওঁ মূৰ তুলি নাচায়।।
এদিন সাবিত্ৰী যায় অৰন্যৰ ভিতৰলৈ।
শাহুৱেকে আদেশ দিলে কাঠ আনিবলৈ।।
কাঠ আনিব গৈ সাবিত্ৰীয়ে দেখে এক মন্দিৰ।
বাহিৰত আছে ৰৈ অনেক ভক্ত বীৰ।।
সকলোৱে শুধি আছে কোন তেওঁ দেৱী।
এই ব্ৰত কৰিলেনো কি ফল পাবি।।
ব্ৰতী নাৰী সবে বোলে তেওঁ সাক্ষাত্ ৰূপিনী।
এওঁ হল কলিৰ সন্তোষী জননী।।
সিদ্ধি দাতা গনেশৰ আদৰৰ কন্যা।
ভক্ত সকলৰ বাবে তেওঁ অভীষ্ট ধন্যা।।
এওঁতকৈ শ্ৰেষ্ঠ দেৱী কলি কালত নাই।
মনৰ দুখ মাৰ ওচৰত জনাবা সদায়।।
শুকুৰ বাৰ প্ৰিয় দিন মাৰ পূজা কৰা।
ভক্তি ভাবেৰে মাথো গুড়, আখৈ আগবঢ়োৱা।।
সাবিত্ৰীয়ে উপবাসে গোটেই দিন থাকিল।
চকুপানীৰে উপচাই মাৰ চৰনত বহিল।।
সাবিত্ৰীয়ে শুকুৰবাৰে পূজা কৰি গল।
সুখ শান্তি সাবিত্ৰীৰ আহিব নিশ্চয়।।
সাবিত্ৰীৰ ব্ৰতত মা সন্তুষ্ট হল।
মা ই সপোনত ৰামুক দেখা দিলে।।
মাৰ মূৰ্ত্তি দেখি ৰামুৱে খায় ভয়।
ময়েই হলো সন্তোষী মা তোমাৰ নাই ভয়।।
তোমাৰ পত্নী সাবিত্ৰীয়ে মোক পূজা কৰে।
সেয়ে তোমালোকৰ দুখ নহয় কোনো ৰকমে।।
শুভদিনত মোক ৰাতিপুৱা পূজা কৰিবা।
মোক পূজা কৰাৰ পিচত দোকান খুলিবা।।
মোৰ আশীৰ্বাদত ধনী হৱা তুমি।
বৰ দলো তোমাক ৰাখিবা মনত তুমি।।
পিচৰ দিনা স্বপ্নাদেশ পালন কৰিলে।
তাৰ পিচত ৰামুৱে দোকান খুলিলে।।
সচাকৈয়ে ৰামুৱে আচৰিত হল।
যিমান বিলাক মাল আছিল সব বিকিল।।
সপোনত দেখা মাক কৰিলে স্মৰন।
ঘৰলৈ যাম বুলি কৰিলে স্থিৰন।
গৈ দেখে সাবিত্ৰীৰ ভিক্ষাৰীৰ জীৱন।
সাবিত্ৰীক সুধিলে ইয়াৰ কাৰণ।।
শিৰনত কৰি মাকক সুধিলে।
মাকে কলে তই কিমান টকা দিলি।
কম সংখ্যক টকাৰে সুখত ৰাখিব নোৱাৰি।।
বিষন্ন মনেৰে ৰামুৱে আইন পথ লয়।
তাতেই ৰামুৱে বান্ধিলে সৰু এটি ঘৰ।।
স্বামী স্ত্ৰী সেই ঘৰত সুখতে থাকিল।
তাতেই ৰামুৱে এক ব্যৱসায় কৰিল।।
তাতে তেওঁ ব্যৱসায় খুৱ ভাল চলিল।
টকা দেখি সাবিত্ৰীৰ মন সুখী হল।।
সন্তোষী মাৰ বৰতেই অৰ্থ আহে ঘৰত।
পুত্ৰৰ সুখ দেখিলে এবছৰৰ পিছত।।
ধন আৰু পুত্ৰ মিলি লক্ষ্মী লাভ হল।
সাবিত্ৰীৰ মনৰ দুখ পাতলি গল।।
এইবোৰ দেখি ছয় ভাইৰ বহুত চিন্তা হয়।
সাবিত্ৰীক সুধিলে ৰামুৱে কত টকা পায়।।
সাবিত্ৰীয়ে কলে হাতজোৰ কৰি।
সন্তোষী মাৰ প্ৰতিপাত কৰি।।
চকু পানীৰে মই পূজিছো সন্তোষী মাক।
তেৱেই মোৰ সুখ শান্তি তেওঁৰেই দয়াত।।