শীতলা
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
- শীতলা
- শ্ৰীকৃষ্ণায় নমঃ
- ৰাগ দিয়ালি
- বন্দো গুৰুদেৱ পদে অৱনী লুটিয়া।
- চৰণে শৰণ লৈলো কিছু কৰা দয়া।।
- গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু আদি দেৱ।
- গুৰু বিনে সংসাৰত আন নাহি কেৱ।।১
- নাম গুৰু এক কৰি ভজা নাৰায়ণ।
- বিনা আত্মা পৰিচয় নঘটে এখন।।
- প্ৰথমতে আদ্য গুৰু কৰোঁহো বন্দন।
- যিবাজনে দিয়া আছে মানৱ জনম।।২
- দ্বিতীয়-গুৰুক বন্দো যিজনে পঢ়াইলা।
- যেন অন্ধকক দুই চক্ষু দান দিলা।।
- তৃতীয় গুৰুৰ পাৱে পশিলো শৰণ।
- যাহাৰ প্ৰসাদে হোৱে সংসাৰ তৰণ।।৩
- হাট গুৰু বাট গুৰু কৰো নমস্কাৰ।
- শীতলা দেৱীৰ স্তুতি কৰিবো প্ৰচাৰ।।
- যিবাজনে পঢ়ে শুনে শীতলাৰ পদ।
- সৰ্ব্বদোষ হৰে তাৰ খণ্ডয় আপদ।।৪
- একচিত্ত মনে যিবাজনে সেৱা কৰে।
- ধন জন সম্পদ বঢ়ায় তাৰ ঘৰে।।
- যিবা জনে পূজয় শীতলা দেৱীৰ।
- শ্ৰীযশ তাৰ ঘৰে বাঢ়ে নিৰন্তৰ।।
- গাৱয় সমাজে গীত শীতলা দেৱীৰ।
- কহে জয়ৰামে মই অধম পামৰ।।
- ৰাগ।।কৰণ-কেদাৰ।।
- গুৰুৰ চৰণ, কৰোহো বন্দন,
- অনুগ্ৰহ কৰা মোক।
- মোৰ যেন মনে, তোমাৰ চৰণে,
- সহজে ভক্তি হৈয়োক।।৭
- ইটো জগতত, যতেক সমস্ত,
- তাক মোৰ বুলি মানে।
- সংসাৰ তাৰণ, তোমাৰ চৰণ,
- তাক মনে নাহি জানে।।৮
- তুৱা কৃপা বিনে, নোহে মোৰ মনে,
- তোমাৰ চৰণে ৰতি।
- মই মহা পাপী, ধৰা পদে চাপি,
- কৰা অগতিৰ গতি।।৯
- গুৰুত ভকতি, জানিয়ো সম্প্ৰতি,
- বিনে আন গতি নাই।
- তযু কৃপা বিনে, ভাৰত বৰিষে,
- দুৰ্ল্লভ শৰীৰ পাই।।১০
- ইটো ব্ৰহ্মাণ্ডত, আছে সাধু যত,
- তাইকো কৰো বন্দন।
- কৰযোৰ কৰি, দান্তে তৃণ ধৰি,
- চৰণে লৈলো শৰণ।।১১
- পূৰ্ব্বৰ কৰিতা, আছে নানা মত,
- মোক জানি মহা মূৰ্খ।
- মোৰ পদ বুলি, পেপেলবা ঠেলি,
- মোত নলৈবাহা দুঃখ।।১২
- সজ্জন জনৰ, ক্ষমা ধৰ্ম্মপৰ,
- হিতক চিন্তিয়া কয়।
- নিন্দিত যতেক, পৰম প্ৰত্যেক,
- দোষক মাত্ৰ দেখয়।।১৩
- নহে অহঙ্কাৰী, মোৰ উপকাৰী,
- তাক হাতযোৰে মাগি।
- নিন্দি তুষ্ট হৌক, মোৰ মনে ৰৌক,
- গুৰুৰ চৰণে লাগি।।১৪
- গুৰুক আৰাধো, একমাত্ৰ সাধু,
- সন্ত যে সাধুৰ গুণ।
- গুৰু পৰশণে, জয়ৰাম ভণে
- ভকতিৰ মূল শুন।।১৫
- গুৰুৰ চৰণ, কৰোহো বন্দন,
- দিহা।।
- অনাথৰ নাথ গোসাঁই পশিলো শৰণে
- সৰ্ব্ব দুঃখ দুৰ কৰে তোমাৰ চৰণে।।
- পদ।।
- মনসাৰ নাতিমূলে শীতলা জন্মিলা।
- মৃণালৰ তন্ত যেন অষ্টমূৰ্ত্তি ভৈলা।
- পদ্মৰ পত্ৰত উঠি স্নান আৰম্ভিল।
- তেতিক্ষণে অষ্টনামে শীতলা জন্মিল।। ১৬
- নাভি কমলৰ হন্তে জন্ম লভিলন্ত।
- অষ্টজন শীতলা পৰম মূৰ্ত্তিমন্ত।।
- হেন শুনি মনসাৰ আনন্দ ভৈল মন।
- আমাৰ সমীপে আসি আছে অষ্টজন।।১৭
- সেহিবেলা নিশাচৰ অসুৰ দুৰ্জ্জন।
- বিমোহিত হুয়া চাই আছে কতক্ষণ।।
- জলৰ উপৰে আছে পদ্মাসন কৰি।
- মহেশ্বৰ চৰণক হৃদয়ত ধৰি।।১৮
- জলে নামিলেক পাপী অসুৰ পামৰ।
- অষ্ট শীতলাৰ ৰূপ দেখি মনোহৰ।।
- কামভাৱে পৰশিবে চাৱে তাসম্বাক।
- দেখি অষ্টজনে বুলিলেক অসুৰক।।১৯
- নাহি ছুবি পাপী তই সত্বৰে অন্তৰ।
- এই বুলি গৈলা সবে কৈলাস শিখৰ।।২০
- দিহা।।
- এ মানৱ মনসাৰ, নাভি মূলে জন্ম ভৈলা শীতলাৰ।
- পদ।।
- মহেশৰ চৰণত প্ৰণাম কৰিলা।
- পিতৃ বুলি প্ৰাৰ্থি সবে জানু পাৰি ৰৈলা।।
- হেন শুনি তাসম্বাক বুলিলে বচন।
- পৃথিৱীক লাগি সবে কৰিও গমন।।২১
- গোবিন্দক মনসাই স্মৰণ কৰিলা।
- সেহিবেলা তাৰাসৱে জনম লভিলা।।
- ৰাম নাম শুনি মহা আনন্দক পাইবা।
- মনুষ্যৰ হন্তে মহা পূজাক লভিবা।।২২
- বায়ু ৰূপ ধৰি সবে পৃথিৱী ফুৰিবা।
- জ্বাৰ তাপ ৰূপে মনুষ্যক দুখ দিবা।।
- বিস্ফোটক নামে প্ৰসাদ ব্যক্ত কৰিবা।
- তাত হন্তে মহাঘোৰ পূজাক লভিবা।।২৩
- চৌষষ্টি যোগিনীগণ লগতে চলোক।
- মনুষ্যত হন্তে সৱে পূজা বলি খাওক।।
- যিটো জনে পূজি সদা চিন্তে সৰ্ব্বক্ষণ।
- তাসম্বাক হন্তে সদা কৰিবা ৰক্ষণ।।২৪
- এহি আজ্ঞা পিতৃ মুখে শুনি তেতিক্ষণ।
- পৃথিৱীক লাগি সবে কৰিলা গমন।।
- মহেশ্বৰ আজ্ঞা দেৱী শৰোগত কৰি।
- পৃথিৱী পৰ্য্যতি ফুৰে বায়ু ৰূপ ধৰি।।২৫
- মনুষ্যক নানাবিধ কৰে উত্পাত।
- তাসম্বাৰ হিত চিন্তি পুছিলো তোমাত।।
- শীতলাৰ পদ শুনিয়োক সভাসদ।
- শীতলাৰ চৰণ চিন্তি তৰিয়ো আপদ।।২৬
- বিস্ফোটক গলগণ্ড গুচিবে সকলে।
- হেন জানি চৰণ নেৰিয়ো অবিকলে।।
- নিন্দা নকৰিবা মোক পদ বঢ়া পায়।
- শীতলা চৰণ চিন্তি জয়ৰামে গায়।।২৭
- ৰাগ মালৱ।
- দিহা।।
- নমোহোঁ ব্ৰাহ্মণ্য দেৱী চণ্ডিকা গোসাঁনী।
- নমোহোঁ চণ্ডিকা দেৱী গৌৰী নাৰায়ণী।।
- পদ।।
- নমো শিৱ ৰূপীণী নমো শিৱৰ ৰমণী।
- নমো দুৰ্গা ভগৱতী জগত জননী।।১৮
- নমো সুলোচনী মহাদেৱী মহামায়া।
- নমোহো সাৱিত্ৰী দেৱী দিয়া পদ ছায়া।।
- শীতলাৰ নাম গুণ গাৱে যিবা জননে।
- যিবা জনে শুনে ভণে একচিত্ত মনে।।২৯
- মুকুতি সুখক সিটো ভুঞ্জে এহি ঠাই।
- মৰিলে শিৱৰ পুৰি কৈলাসকলযায়।।
- কহে জয়ৰামে গুৰু চৰণ প্ৰণামি।।৩০
- ৰাগ কৌ।
- দিহা।।
- এ আই মাতা আনন্দে আসিয়ো মোৰ ঘৰে
- যি মই আসন দিবো বসিবা তোমাৰে।।
- পদ।।
- ঈশ্বৰ হৃদয়ে যাৰ ভৈলেক আসন।
- তাৰ উপাধিক মই কিদিবো ব্যখ্যান।।
- জগত্ উত্পত্তি হোৱে যাৰ উদৰত।
- কোন বাক্যে তুষ্ট কৰোঁ তযু চৰণত।।৩১
- তুমি দুৰ্গা তুমি লক্ষ্মী তুমি বসুমতী।
- কোন বাক্যে তুষ্ট কৰোঁ তুমি সৰস্বতী।।
- কিবা দিয়া পূজিবো ব্ৰহ্মাণ্ড যাৰ কাম।
- কৰযোৰে প্ৰণামোহোঁ মুখে গায়া নাম।।৩২
- আঁচল পাতিয়া দিবো আসন বঢ়াই।
- চৰণৰ ধূলা লৈবো কেশ মলচাই।।
- বন পুষ্প দিবো আৰু দিবো গঙ্গাপানী।
- তাকে লৈয়া তুষ্ট হোৱা জগত গোসাঁনী।।৩৩
- সবাকে দিবাহা বৰ জগতৰ আই।
- শীতলা চৰণ বন্দি জয়ৰামে গায়।।৩৪
- ৰাগ মালৱ।
- দিহা।।
- আই শীতলা আনন্দিত হোৱা।
- মোৰ মনে কৌতুক কৰিয়া।।
- পদ।।
- আসিলা শীতলা মাৱ বসিবো আসনে।
- ফলে পুষ্পে সেৱা কৰোঁ তোমাৰ চৰণে।।
- বসিলা শীতলা দেৱী আসনত উঠি।
- গন্ধে-পুষ্পে-ধূপে-দীপে হোৱে মন তুষ্টি।।৩৫
- তুষ্ট হোৱা আই আমাসক কৰা দয়া।
- জানু পাৰি তোমাৰ চৰণে কৰোঁ সেৱা।।
- সেৱাতেসে তুষ্ট হোৱা জগত জননী।
- জগতৰে উপকাৰ দুৰ্গতি নাশিনী।।৩৬
- সভাসদ গণে শুনে একচিত্ত মানি।
- এতেকেতে তুষ্ট হৈব দেৱী নাৰায়ণী।।
- হৰদেৱে কহি আছে স্কন্দৰ আগত।
- শীতলা মনসা দেৱী সেহি সৰস্বতী।।৩৭
- মনসাক স্ৰজি আছে সৃষ্টিৰ কাৰণে।
- মনসাক আশ্ৰয় কৰন্ত নাৰায়ণে।।
- আপোনাতে সাক্ষী লোৱা মনে গুণি চাই।
- পুত্ৰ প্ৰিয়াৰ্থক ধৰা প্ৰকৃতিক পাই।।৩৮
- ৰাগ মালৱ।
- দিহা।।
- তুমি চৰাচৰ নমো প্ৰকৃতি গোসাঁনী।
- সৰ্ব্বশক্তি ৰূপা দেৱী আনন্দদায়িনী।।
- পদ।।
- মুখ ভৰি ভৰিয়া তোমাৰ গুণ গাৱো।
- গলে বস্ত্ৰ দিয়া আমি শৰণ মাগোঁ।।
- সৰ্ব্ব দুখ নাশ কৰা পশিলো শৰণে।
- ফুলে জলে কৰো সেৱা তোমাৰ চৰণে।।৩৯
- কিবা বস্তু দিবো মই সকলো তোমাৰ।
- সেৱাতেসে তুষ্ট হৈবা সম্বন্ধে আমাৰ।।
- নমো বিদ্যা শক্তি মাৱ চৰণত বশ্য।
- ইন্দ্ৰ আদি দেৱগণে ব্ৰহ্মাৰ নমস্য।।৪০
- স্বৰ্গে পূজে দেৱগণে অনেক সম্ভাৰে।
- মনুষ্যে পূজয় ফল ফুল উপহাৰে।।
- তুমি যে আসিলা মাৱ নৰ-পূজা খাই।
- তুষ্ট হৈবা বৰ দিয়া জগতৰ আই।।৪১
- এহি বুলি জয়ধ্বনি কৰে নিৰন্তৰ।
- তুষ্ট হৈয়া মাৱ মোক দিয়া এহি বৰ।।৪২
- কেহোঁ নাচে কেহোঁ গায় চাপৰি বজাই।
- হৌক জয় জয় বৰ আনন্দ পৰায়।।
- গন্ধ পুষ্প দিয়া পূজা কৰে শীতলাৰ।
- সমস্ত ব্যাধিত হন্তে হৈবেক উদ্ধাৰ।।
- জানু শিৰে প্ৰণামোহো শীতলা চৰণ
- কহে জয়ৰামে হৰ-গৌৰীপৰায়ণ।।৪৩
- ৰাগ পহৰুৱা।
- দিহা।।
- ভাল শীতলা মাৱ কৰোহোঁ বন্দন।
- চৰণে শৰণ লৈলো দুখ নিবাৰণ।।
- পদ।।
- জয় নমো জগত্ মাতা জগতৰ গতি।
- ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ যাৰ উত্পতি।।
- চৰাচৰ উত্পতি ব্ৰহ্মাতে যাৰ কাম।
- তিনি গুণ মধ্যে প্ৰকৃতি যাৰ নাম।।৪৪
- সত্ত্ব গুণে দেৱগণ ৰজঃগুণে নৰ।
- তমত অসুৰ দেৱী সব চৰাচৰ।।
- অন্তকালে বিশ্বখান উদৰত ধৰি।
- থাকিবা আপুনি তুমি সৃষ্টিক সংহাৰি।।৪৫
- এহন্তে গুণিয়া চায়ো এহেন্তে ঈশ্বৰ।
- প্ৰকৃতিৰ উদৰত হোৱে চৰাচৰ।।
- যি জনে সকামে প্ৰকৃতিৰ গুণময়।
- নিষ্কাম নভৈল যে পুৰুষ নাপাৱয়।.৪৬
- আশা সমুদ্ৰত মগ্ন প্ৰকৃতিৰ গুণে।
- পুৰুষৰ সেৱা সিটো জানিবাক মনে।।
- তৃণ সমজ্ঞান মানে ইন্দ্ৰিয় সম্পত্তি।
- সোহিসে কৰিতে পাৰে কৃষ্ণত ভকতি।।৪৭
- বিষয়ৰ আশা ভঙ্গ হৰি ভকতৰ।
- সকাম বৰ্জ্জিত ভক্ত নিষ্কাম ঈশ্বৰ।।
- গুণময় পুৰুষৰ প্ৰকৃতিত ৰতি।
- প্ৰকৃতি সদায়ে সাধে কৃষ্ণত ভকতি।।৪৮
- প্ৰকৃতি পুৰুষ দুইৰো নাহি ভিন্ন পৰ।
- মিছা বিড়ম্বনা মনুষ্যৰ কলেবৰ।।
- পুৰুষ প্ৰকৃতি দুয়ো সৃষ্টিৰ কাৰণে।
- শিৱ শক্তি এক অংশ কহে নাৰায়ণে।।৪৯
- প্ৰকৃতিত হন্তে চৰাচৰ হোৱে বাজ।
- শক্তি বিনে ভক্তি নোহে কহে মুনিৰাজ।।
- সকাম ভকত হন্ত আমাৰ অধীন।
- পুৰুষ প্ৰকৃতি দুইকো নকৰিবা ভিন।।৫০
- দিহা।।
- মোকে তাৰিয়ো হৰি পতিত পাৱন।
- তুৱা কৃপা নাহি সংসাৰ তাৰণ।।
- পদ।।
- সকামত থাকি চিন্তে নিস্কাম হোৱয়।
- সকামত মন ভৈলে ভক্তি নিমিলয়।।
- বেদময় মায়াক জনাহা সবে সাৰ।
- বেদক লভিলে পায় সংসাৰৰ পাৰ।।৫১
- আক জানি নিন্দা নকৰিবা বুধ নৰ।
- শ্লোক ভাঙ্গি পয়াৰ ৰচিবোঁ শীতলাৰ।।
- বিস্ফোটক গলগণ্ড আদি ব্যাধিচয়।
- ইহাক জানিলে কতো নাহিকে সংশয়।।৫২
- যিবা জনে শুনে ভণে খণ্ডয় আপদ।
- শীতলৰা বৰে তাৰ হোৱয় সম্পদ।।
- যাৰ ঘৰে ইটো পুতি যতনে ৰাখয়।
- অকালত মৃত্যু নহে জানিবা নিশ্চয়।।৫৩
- শুনিলে পঢ়িলে হোৱে পূৰ্ণ মনস্কাম।
- হৰ-গৌৰীপৰায়ণ কহে জয়ৰাম।৫৩
- দিহা।।
- ভাল শীতলা মাৱ কৰোঁ নমস্কাৰ।
- কিবা বস্তু দিয়া পূজা কৰিবো তোমাৰ।।
- পদ।।
- স্তুতিমন্ত্ৰ নজানোহো তোমাৰ আগত।
- জানু শিৰে কেশ ছিঙি দিওঁ চৰণত।।
- নমোহোঁ শীতলা দেৱী জগত মোহিনী।
- দিগম্বৰ কাষে জ্বলে অতি বিতোপনী।।৫৫
- দিব্য চতুৰ্ভুজ ৰুপ দেখিতে সুন্দৰ।
- মাৰ্জনী কলস আছে শুদ্ধ সুবৰ্ণৰ।।
- আৰু হাতে কুলা ধৰি আচা মস্তকত।
- সোহি ৰূপে নমস্কাৰ কৰো চৰণত।।৫৬
- কাৰ্ত্তিক বদতি দেৱী দেৱতাৰ দেৱ।
- কৰযোৰে তোমাৰ চৰণে কৰোঁ সেৱ।।
- মনুষ্যক নানা ব্যধি কৰে উপদ্ৰব।
- তাসম্বাৰ হিত চিন্তি পূজিলোঁ তোমাক।। ৫৭
- শীতলা দেৱীৰ কথা শুনি শুভ হয়।
- বিস্ফোটক আদি ব্যাধি সমস্তে নাশয়।।
- কৰযোৰ কৰিয়া কাৰ্ত্তিক মহাভাগ।
- ইটো কতা পিতৃ তুমি কহ মোৰ আগ।।৫৮
- শঙ্কৰ বদতি শুনা কথা কহোঁ সাৰ।
- শীতলা বুলিয়া যিটো কৰে নমস্কাৰ।।
- এতেকে জানিবা কহোঁ দুখ নাহি তাৰ।
- মহত্ ব্যাধি হন্তে হৈবেক নিস্তাৰ।। ৫৯
- মহত্ ব্যাধিত নৰ জৰ্জৰিত কায়।
- শীতলা স্মৰণে তাৰ শীতল কৰয়।।
- জলৰ মধ্যত পূজিবেক ফুলে জলে।
- শীতলাৰ কথা ইটো কৰিব বিৰলে।। ৬০
- ইমতে শীতলা তুষ্ট হোৱে তাৰ প্ৰতি।
- বিস্ফোটক ব্যাধি পৰা কৰয় নিস্কৃতি।।
- যি জনৰ শিৰত বিষ খহু হয়।
- তেজে পূজে পচা হৈয়া দুৰ্গন্ধ কৰয়।। ৬১
- শীতলাক সেৱা যদি কৰে সিটো নৰ।
- বিষ গোন্ধ গুটি হোৱা সুস্ত কলেবৰ।
- যিজনৰ বিষ্ফটিক চক্ষু হোৱে নষ্ট।
- শীতলাক পুজবেক কৰি নানা কষ্ট।। ৬২
- এতেকে তাহাৰ চক্ষু হৈবেক প্ৰসন্ন।
- জানিবা চক্ষুৰ মই কহিলো লক্ষণ।।
- গলগণ্ড বিস্ফোটক আদি ব্যাধি যত।
- তাৰ বিষে জ্বৰ-তাপ হোৱে শৰীৰত।। ৬৩
- যত ৰোগ ব্যাধি হোৱে শৰীৰত থিতি।
- পূৰ্ব্বত স্ৰজনা কৰি আছন্ত প্ৰকৃতি।।
- ইটো দেহা গোট জানা মায়াৰ স্ৰজনা।
- দেহা মোৰ বুলি জীৱে ভুঞ্জয় যাতনা।।৬৪
- মোৰ বুলিবেক মায়া জীৱক বান্ধয়।
- আক জানি সাধু দেহা মোৰ নোবোলয়।।
- হেন শুনি কাৰ্ত্তিকৰ মনত সংশয়।
- প্ৰকৃতিৰ দেহা গোট জানিলোঁ নিশ্চয়।।৬৫
- ভালমতে কহ মন হৌক উপশাম।
- শীতলা সন্তুষ্ট হৌক বোলা ৰাম ৰাম।।
- ৰাগ কৰ্ণ কেদাৰ।
- দিহা।।
- ও কি হৰি হৰি শৰণ পশিলো ৰঙ্গ পাই।
- কৰযোৰে তোমাৰ চৰণে লৈলোঁ ঠাই।।
- পদ।।
- কাৰ্ত্তিক বদতি পিতৃ কৰোঁ যোৰ হাত।
- শীতলা দেৱীৰ কথা কহিয়ো আমাত।।
- শঙ্কৰ বদতি শুনা স্কন্দ মহামতি।
- মোক পাই প্ৰকৃতিত নেৰিবা ভকতি।। ৬৬
- মোত কৰি তাঙ্ক মানিবাহা শ্ৰেষ্ঠতৰ।
- যাৰ উদৰত জাত হোৱে চৰাচৰ।।
- তোমাৰ আগত কহো অপূৰ্ব্ব কথন।
- যাতে তাতে নকহিবা সংশয় বচন।। ৬৭
- অনাদি পিতয়ে মোত কহি আছে সাৰ।
- দেৱৰ গোপনী ইটো গুৰুৰ বিচাৰ।।
- প্ৰকৃতিত তিনি গুণ জানিবা আমাক।
- ৰজগুণে ব্ৰহ্মা সত্ত্বে বিষ্ণু বোলে যাক।। ৬৮
- যেহি নাম সেহি হৰি জানা নিষ্ট কৰি।
- আপোনা নামৰ সঙ্গ নছাৰন্ত হৰি।।
- পুৰুষ প্ৰকৃতি জানা নামৰ অন্বয়।
- গোবিন্দ নামৰ তেবে পাইবা পৰিচয়।।৬৯
- পৰম গোপনীয় ইটো বেদ শিৰোৰত্ন।
- ইহাক জানিবা তুমি কৰি মহা যত্ন।।
- প্ৰথমতে পুৰুষ মাতৃত পিণ্ডদান।
- মাতৃৰ গৰ্ভত জীৱে পাৱে পঞ্চ প্ৰাণ।। ৭০
- জীৱৰ প্ৰাণৰ যেবে এৰা এৰি নাই।
- প্ৰকৃতি পুৰুষ দুয়ো হেনসে পৰায়।।
- যেবে জীৱ মাৱৰ গৰ্ভৰ হোৱে বাজ।
- যেন মতে তাহাঙ্ক দেখয় সামৰাজ।। ৭১
- জনমিয়া পুত্ৰগণে মাৱ বুলি জানে।
- মাৱ দৰশনে তাক পুত্ৰ বুলি মানে।।
- পৰমাত্মা বিচাৰত মায়াসে জগত।
- প্ৰকৃতি নভৈলে নোহে সৃষ্টিৰ বেকত।।৭২
- মোক প্ৰকৃতিক যিটো ভিন্ন বুলি মানে।
- প্ৰকৃতি নভৈলে সৃষ্টি নপাইবাৰ গুণে।।
- তিনি গুণে বৰ হৈয়া আছে জগতত।
- গুণি চোৱা যিবা হয় কাহাত বেকত।।৭৩
- আৰু জানি শঙ্কা তুমি নকৰিবা কন্দ।
- সদায় নামক লোৱা কৰিয়া আনন্দ।।
- প্ৰকৃতি পুৰুষ দুয়ো জানা একে নাম।
- একচিত্তে মনে ডাকি বোলা ৰাম ৰাম।।৭৪
- দিহা।।
- প্ৰাণ হৰিহৰ জীৱন হৰিহৰ।
- আনাথ কালত মোক কৰিয়ো উদ্ধাৰ।।
- পদ।।
- হে প্ৰাণনাথ দেৱ প্ৰভু জগন্নাথ।
- ৰাম নাম ভেদ কথা কহিয়ো আমাত।।
- তুমি মোৰ গতি মতি তুমি মোৰ প্ৰাণ।
- তোমাৰ চৰণ বিনে গতি নাই আন।।
- এ ভব সাগৰে তিনি তাপে পৰি মৰো।
- কৰা মোক কৰুণা ইবাৰ যেন তৰো।।
- ৰকাৰাদি নামৰ নাহিকে সৰি বৰি।।৭৬
- কতেক কহিবো মই নামৰ প্ৰভাৱ।
- শুনন্তে হৰয় সংসাৰৰ তিনি তাপ।।
- এহি নাম যিবা জনে সদা ফুৰে গাই।
- কোন চাৰ ব্যাধি তাৰ মৃত্যু ভয় নাই।।৭৭
- একচিত্ত মনে ৰাম বোলে যিবা নৰে।
- প্ৰলয়ৰ বহ্নি তাক দহিতে নপাৰে।।
- সমস্ত শাস্ত্ৰৰ সাৰ ইটো ৰাম নাম।
- সৰ্ব ব্যাধি দূৰ হোক বোলা ৰাম ৰাম।। ৭৮
- দিহা।।
- ৰাম ভজ মোৰ মন মজিয়া ৰহোক।
- ৰাম হৰি ৰাম হৰি সদা ঘুষিয়োক।।
- পদ।।
- সৰ্ব্ব ধৰ্ম্ম শিৰোমণি ইটো ৰাম ৰাম।
- ইটো নাম নলোৱা ভৰসা কোন কাম।।
- কাৰ্ত্তিকৰ আগে ত্ৰিলোচন নিগদতি।
- অনাদিৰ তেজত প্ৰকৃতি উত্পতি।।৭৯
- পূৰ্ব্বত কহিয়া আছে গোপাল গোবিন্দ।
- ৰাম নাম একবাৰ বুলিয়োক স্কন্দ।।
- ৰাম নাম যেহি মত শুনা ভেদ তত্ত্ব।
- শীতলাৰ কথা ইটো যেন সাৰস্বত।।৮০
- যেহি ৰজে ৰজস্বলা মনসাৰ ভৈলা।
- শীতলা স্বৰুপে হুয়া নাভিমূলে ৰৈলা।।
- পুৰুষৰ মায়া যিটো প্ৰকৃতিৰ সম।
- বসৱন্ত ময়মত্ত জানা ৰাম নাম।।৮১
- দুগুটি অক্ষৰ হুয়া আছে পৃথিৱীত।
- একাক্ষৰ হুয়া আছে সৃষ্টিৰ মধ্যত।।
- দুগুটি অক্ষৰ ইটো অতি সুমঙ্গল।
- মধুৰতো মধুৰ পৰম সুমঙ্গল।। ৮২
- ৰাম নাম এক কৰি যিবাজনে ধৰে।
- সমস্ত আপদ তাৰ নামে দূৰ কৰে।।
- হেন ৰাম নাম যিবা জনে হেলা কৰে।
- আপোনাক আপুনি বঞ্চিলা সিটো নৰে।।৮৩
- হেন গুৰু পদ লৈয়া নাম কৰ সাৰ।
- হৰি হৰি বুলি সংসাৰ হোৱা পাৰ।।
- দিহা।।
- নমৰা জগত স্বামী।
- সংসাৰ বিয়াপি আচা অন্তৰ্য্যামী।।
- পদ।।
- সৰ্ব্বতত্তবময় প্ৰভু জগতৰে প্ৰাণ।
- তোমাৰ চৰণ বিনে গতি নাহি আন।।
- সমস্ত প্ৰাণীৰ তুমি আছা হৃদয়ত।
- তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত।।৮৪
- কোন ভাবে শীতলা আছয় হৃদয়ত।
- কাৰ্ত্তিকে পুছয় কথা হৰৰ আগত।।
- ইসৱ শুনিয়া যত দুৰ্গতি এৰায়।
- চৰণত ধৰো মোক কহিয়ো বুজাই।।৮৫
- সংসাৰৰ তিনি তাপ এৰাইবাৰ হেতু।
- স্কন্দৰ আগত কথা কহে বৃষ কেতু।।
- তোমাৰ আগত কহো পৰম বিশ্বাস।
- ইহাক জানিলে সৰ্ব ব্যাধি হোৱে নাশ।। ৮৬
- একান্ত কৰিয়া মনে শীতলা স্মৰিব।
- ধ্যান কৰি শীতলাক হৃদয়ে থাপিব।।
- নাভি কমলৰ মাজে বসি আছে আই।
- মৃণালৰ বেঢ়ি যেন তন্তুৱে মেঢ়াই।। ৮৭
- এহিমতে সমস্ত শৰীৰ আছে ব্যাপি।
- চিন্তিয়া মৰয় নৰ নিচিনে তথাপি।।
- শৰীৰত বাসত্তৰি হাজাৰেক নাড়ী।
- নাড়ী হন্তে ব্যাপি আছে জৰ-পুৰ কৰি।।৮৮
- শৰীৰৰ কুশলক বাঞ্চে যিটো নৰ।
- শীতলাক ধ্যান কৰিবেক সিটো নৰ।।
- হৃদয়ত অষ্টদল পদ্মত থাপিব।
- শীতলাৰ অষ্টনাম তাহাতে জপিব।।৮৯
- এতেকে মহত্ ব্যাধি সব দূৰে যায়।
- শীতলা সন্তুষ্ট হৈলে শীতল কৰায়।।
- তন্ত্ৰ মন্ত্ৰ্ ঔষধ যে যতেক প্ৰকাৰ।
- অন্য দেৱতাক তাৰ নাহি অধিকাৰ।।
- যতেক মহত্ ব্যাধি হৈবে উপশাম।
- শীতলা সন্তুষ্ট হৌক বোলা ৰাম ৰাম।।৯০
- দিহা।।
- বৃষভ বাহিনী মাৱ বৃষভ বাহিনী।
- তুৱা পদ সুমৰণে পলাওক বিঘিনি।.
- পদ।।'
- স্বৰ্গে পূজে দেৱগণে নানা উপহাৰে।
- পাতালত নাগে পূজে অনেক সম্ভাৰে।।
- মনুষ্যত সেৱা বিনে নাহিকন্ত আন।
- জলে ফুলে সেৱা পূজা তোমাৰ চৰণ।। ৯১
- বন পুষ্প দিয়া পূজা কৰয় মনুষ্যে।
- তেতিক্ষণে তুষ্ট মাৱ হোৱয় অৱশ্যে।।
- জলে ফুলে পূজো তযু চৰণ দুখনি।
- বিস্ফোটক আদি তাৰ খণ্ডিব বিঘিনি।।৯২
- মনসাৰ ঔৰসে তুমি জনম লভিলা।
- মহেশ্বৰ আজ্ঞা লৈয়া পৃথিৱীক আইলা।।
- অনেক যোগিনীগণে লগতে ফুৰয়।
- তযু কৃপা বিনে নাহিকে সংশয়।।৯৩
- বায়ুৰূপ ধৰি ফুৰা মনুষ্যৰ ঘৰে।
- তোমাৰ চৰণ যিটো চিন্তে নিৰন্তৰে।।
- অকাল মৃত্যুৰ আৰ নাহিকে সংশয়।
- বিশ্পোটক গলগণ্ড গুচয় নিশ্চয়।।৯৪
- হৰগৌৰী চৰণক শিৰোগত কৰি।
- শীতলাক সেৱা কৰিয়োক হৃদি ধৰি।।
- শীতলাৰ অষ্টনাম ধৰি হৃদয়ত।
- প্ৰণাম কৰি শীতলা দেৱী চৰণত।।৯৫
- বিস্ফোটক গলগণ্ড গুচে জ্বৰ তাপ।
- সৰ্বৰোগ নাশ হোৱে শীতলা প্ৰতাপ।।
- বিস্ফোটক দুৰ্গন্ধী গুচয় ৰোগ যত।
- শীতলাৰ চৰণ সেৱি গুচয় সমস্ত।।৯৬
- শীতলাৰ চৰণ সেৱি দুৰ্গতি এৰাই।
- হৰগৌৰী প্ৰণআমিয়া জয়ৰামে গায়।।
- দিহা।।
- শিৱ নাথ হৰি ভকত ৰক্ষা কৰা হাতে শূল ধৰি।
- পদ।।
- কৈলাস শিখৰে ৰহা মহাৰঙ্গ কৰি।
- পৃথিৱীক আইলা মাৱ বৃষভত চৰি।।
- পৰম গৌৰাঙ্গ তনু অতি মনোহৰ।
- একহাতে শূলপাত শুদ্ধ কলেৱৰ।।৯৭
- আউৰ হাতে কুলা ধৰি আছাহা মুণ্ডত।
- সুবৰ্ণ কল আছে অপৰ হাতত।
- পৃথিৱীক আইলা মাৱ কৈলাসৰ হন্তে।।৯৮
- জগতৰে ঐশ্বৰ্য্য আছয় যত যত।
- সমস্ত প্ৰকাশ কৰে শীতলা গাৱত।।
- বিভূতি ভূষণ দেহে পৰম সুঠান।
- দেৱময় বৃষভে ভৈলা যাহাৰ বাহন।।৯৯
- নাভি কমলত আছা পদ্ম আসনত।
- মৃণালৰ তন্তু যেন চিন্তিয়া গৰ্ভত।।
- শঙ্কৰে কহিলা ইটো গোবিন্দ নামক।
- সিটো নাম চিন্তি জপি আছা গোবিন্দক।।১০০
- গোবিন্দ নামক সুৰিয়া অনুক্ষণ।
- শীতলাৰ আসনত কৰিব বন্দন।।
- নাম শুনি তুষ্ট হৈবে জগতৰে আই।
- শীতলা চৰণ চিন্ত জয়ৰামে গায়।।১০১
- গোবিন্দ নামক চিন্তি জগতৰে আই।
- বৃষভ বাহনে ফুৰা হৰি গুণ গাই।।
- কহে জয়ৰাম এৰিয়োক আন কাম।
- শীতলা সুশান্ত হোক বোলা ৰাম ৰাম।।১০২
- ধ্যান-সুৰ্পালঙ্কৃত মস্তকাঃ সুৰগণৈঃ সংস্তুয়মানাং সুদা
- ৰামে কুম্ভধৰাং পয়োৰদনাং বন্দে খৰস্থাৰং সদা
- দিশবাসামুৰুলাহ সুন্দৰমুখীং সন্মাৰ্জ্জনীং দক্ষিণে।
- পাণৌ তাং দধাতীং ভয়াৰ্ত্তি শমীনং সংসাৰবিদ্ৰাৰিণীং
- প্ৰণাম-নমামি শীতলাং দেৱীং ৰসভস্থেং দিগম্বৰীম।।
- মাৰ্জ্জনী কলসোপেতাং সুৰ্পালঙ্কৃত মস্তকাম্।।