শকুনিৰ প্ৰতিশোধ - ১৪শ দৃশ্য

শকুনিৰ প্ৰতিশোধ
  1. সূচী
  2. চৰিত্ৰাৱলী
  3. ১ম দৃশ্য- শকুনি, বৰাগী, শল্য
  4. ২য় দৃশ্য- দ্ৰৌপদী, শ্ৰীকৃষ্ণ, অৰ্জ্জুন ,ভীম
  5. ৩য় দৃশ্য- কৰ্ণ,পদ্মা
  6. ৪ৰ্থ দৃশ্য দুৰ্য্যোধন, শকুনি, দুঃশাসন, কৰ্ণ
  7. ৫ম দৃশ্য- বৰাগী
  8. ৬ষ্ঠ দৃশ্য- ধৃতৰাষ্ট্ৰ, গান্ধাৰী,দুৰ্য্যোধন
  9. ৭ম দৃশ্য- যুধিষ্ঠিৰ,সহদেৱ, ভীম,অৰ্জ্জুন , শ্ৰীকৃষ্ণ
  10. ৮ম দৃশ্য- কৰ্ণ, দুঃশাসন, দুৰ্য্যোধন,শল্য, শকুনি
  11. ৯ম দৃশ্য দৃশ্য- ভীম, কৰ্ণ, দুঃশাসন, শকুনি, যুধিষ্ঠিৰ
  12. ১০ম দৃশ্য- দ্ৰৌপদী, অৰ্জ্জুন , যুধিষ্ঠিৰ,শ্ৰীকৃষ্ণ
  13. ১১শ দৃশ্য- শকুনি, দুঃশাসন, ভীম
  14. ১২শ দৃশ্য- ভীম, দ্ৰৌপদী
  15. ১৩শ দৃশ্য- কৰ্ণ, শ্ৰীকৃষ্ণ, অৰ্জ্জুন
  16. ১৪ দৃশ্য- ধৃতৰাষ্ট্ৰ, দুৰ্য্যোধন, গান্ধাৰী
  17. ১৫শ দৃশ্য- শ্ৰীকৃষ্ণ,শকুনি
  18. ১৬শ দৃশ্য- বৰাগী
  19. ১৭শ দৃশ্য- শল্য,শকুনি, যুধিষ্ঠিৰ,সহদেৱ


ধৃতৰাষ্ট্ৰৰ প্ৰাসাদ কক্ষ

( ধৃতৰাষ্ট্ৰ আৰু দুৰ্য্যোধন )

ধৃতৰাষ্ট্ৰ – কৰ্ণ গল, দু:শাসন গ’ল , কৌৰৱ সৈন্য ধ্বংস হ’ল ! আৰু –

দুৰ্য্যোধন – পিতা , তাৰ বাবে –

ধৃত – কথা নকবি । মোক ভাবিবলৈ দে , সকলো গৈছে কিন্তু এতিয়াও শকুনি আছে । ( অলপ ৰৈ ) দুৰ্য্যোধন ।

দুৰ্য্যোধন – পিতা-

ধৃত – ব্ৰহ্মতালুত কালসৰ্পে দংশন কৰিলে ধৰণী ধৰিব জান ? চিতাত বহুৱা মৃত দেহত প্ৰাণ সঞ্চাৰ কৰিব পাৰ ?

দুৰ্য্যো – একো বুজিব পৰা নাই পিতা ।

ধৃত - ময়ো একো বুজিব পৰা নাই , কিহৰপৰা কি হ’ল ! ময়ো একো ধাৰণা কৰিব পৰা নাই , তই কৈছ কি ! ,দুঃশাসনক ভীমে বধ কৰিলে। দুৰ্য্যোধন,তই উন্মাদ, উন্মাদ !

দুৰ্য্যো – পিতা,পিতা, আপুনি চঞ্চল হৈছে।

ধৃত -চঞ্চল হৈছো ? কতা ?

দুৰ্য্যো -ব’লক পিতা,আপোনাক শয্যালৈ নিওঁ।

ধৃত – মৃত্যু শয্যালৈ ? হাঃ হাঃ হাঃ,তই মোক মৃত্যু দিব নোৱাৰ পুত্ৰ। এশ সন্তানৰ পিতা মই,নেদেখিলি মোৰ আগতে মোৰ নিৰান্নবৈটা শুক্লপক্ষৰ জোনৰ দৰে লহপহকৈ বাঢ়ি অহা সন্তান,মোৰ আগৰেপৰা দুৰ্য্যোধন,মোৰ আগৰেপৰা নিষ্ঠুৰ নিয়তিয়ে লৈ গুচি গ’ল। অন্ধ মই, জৰাজীৰ্ণ বৃদ্ধ মই,তথাপি মৃত্যুৰ চকু মোৰ ওপৰত নপৰিল। তই মোক কি মৃত্যু দিবি পুত্ৰ!

দুৰ্য্যো – পিতা বেজাৰ নকৰিবয।সকলো গৈছে হয়,কিন্তু আপোনাৰ দুৰ্য্যোধন এতিয়াও জীয়াই আছে।আশীৰ্ব্বাদ দিয়ক পিতা, যেন লক্ষ্যচ্যুত নহওঁ।ভ্ৰাতৃ শোকে,বন্ধু শোকে,লক্ষ লক্ষ বিধবা নাৰীৰ সজল চকুলোৱে যেন মোৰ আজন্মৰ ব্ৰত,একাগ্ৰ সাধনা ভ্ৰষ্ট কৰিব নোৱাৰে।আশীৰ্ব্বাদ দিয়ক পিতা।

(নীৰৱে গান্ধাৰীৰ প্ৰবেশ)

ধৃত – দুৰ্য্যোধন, যা যুদ্ধলৈ যা,যুদ্ধত তোৰ জয় হওক । উন্মাদ হোৱাৰ আগতে, পৰাপাৰলৈ গতি কৰাৰ আগতে, পাণ্ডৱ সমাধিস্থ হোৱা শুনি যাওঁ ।

গান্ধাৰী – সেই দিন কেতিয়া আহিব মহাৰাজ ?

ধৃত – কোন , গান্ধাৰী ? তোমাকেই সুধিছোঁ তুমিয়েই কোৱা ৰাণী সেই দিন কেতিয়া আহিব ? ( গান্ধাৰী নিমাত)

ধৃত – নিমাতে থাকিলা ? বুজিছোঁ তোমাৰ বিশ্বাস সেই দিন আৰু নাহে । গান্ধাৰী , মাতা হৈ পুত্ৰৰ অকল্যাণ কামনা নকৰিবা, কোৱা সেই দিন আহিব !

গান্ধাৰী - জননীয়ে গৰ্ভজাত সন্তানৰ অকল্যাণ কামনা নকৰে মহাৰাজ । নিজৰ সৰ্ব্বস্ব দি সন্তানৰ মঙ্গল চিন্তা কৰিয়েই দিন নিয়ায় । কিন্তু, ,সেই দিন আৰু নাহে ।

ধৃত - গান্ধাৰী ! গান্ধাৰী !

দুৰ্য্যো – আই , সেই দিন আৰু নাহে ?

গান্ধাৰী – নাহে পুত্ৰ ।

ধৃত – আহিব ! আহিব ! আহিব !!!

গান্ধাৰী – মহাৰাজ , বিপন্ন পুত্ৰক উত্তেজিত নকৰিব । সেই দিন আৰু নাহে ।

দুৰ্য্যো – সেই দিন যদি নাহে , আহিব নালাগে । পাণ্ডৱ ৰণজয়ী হওক , দীৰ্ঘজীৱী হওক একো কথা নাই । সেই বুলি হতাশৰ হুমুনিয়া কাঢ়ি ময়ো পশ্চাত্পদ নহওঁ । যেতিয়া জনম ল’লো মৰণ অৱশ্যম্ভাৱী । মৃত্যুৰ ভয়ত কিয় কাপুৰুষ হ’ম ?

গান্ধাৰী – অভিমান নকৰিবি বাচা ।

দুৰ্য্যো – অভিমান ? আই জগতৰ চকুৰ আগতে দুৰ্য্যোধন অভিমানী সচাঁ , কিন্তু তোমাৰ কাষত, মাতৃৰ কাষত মই সেই মৰমৰ দুৰ্য্যোধন ।

ধৃত – ৰাণী , ৰাণী ।

গান্ধাৰী - মহাৰাজ ।

ধৃত – বাত্সল্য স্নেহৰ এতিয়া সময় নহয় । মাতাই পুত্ৰক আঁকোৱালি ধৰি ‘পুত্ৰ পুত্ৰ’ বুলি আনন্দাশ্ৰু টুকিবৰ এতিয়া সময় নহয় । দুৰ্য্যোধনক যুদ্ধলৈ পঠিওৱা , যুদ্ধলৈ পঠিওৱা । মোৰ পুত্ৰহন্তা, নৰঘাতী ৰাক্ষস বৃকোদৰ এতিয়াও জীয়াই আছে !

দুৰ্য্যো – আই, বিদায় দিয়া যুদ্ধলৈ যাওঁ ।

গান্ধাৰী -উত্ৰাৱল নহবি পুত্ৰ।

ধৃত -ৰাণী কালক্ষয় নকৰিবা,পুত্ৰক বিদায় দিয়া।

গান্ধাৰী -এই বিদায়ৰ কাৰণে ইমান অধৈৰ্য্য হৈছে কিয় মহাৰাজ?

ধৃত -কিয়? মোক সুধিছা ? ৰাণী ইমান এটা সহজ প্ৰশ্ন অথচ,বীৰমাতা,বীৰজায়া,ক্ষত্ৰীয় ৰমণী হৈ তুমি,গান্ধাৰীয়ে উপলব্ধি কৰিব নোৱাৰিলা ? দুৰ্ভাগ্য! কিয় ? সোধা ৰাণী,আকাশত যদি দেখিছা মৌন ম্লান মেঘমালাক সোধা ,হস্তিনাপুৰৰ দুগ্ধপ্ৰাণা বিৰহিনী বতাহক সোধা, আৰু আৰু,এই প্ৰাসাদত, য’ত ৰাজাধিৰাজ ধৃতৰাষ্ট আৰু পটেশ্বৰী গান্ধাৰীৰ উত্তপ্ত নিঃশ্বাসত প্ৰস্তৰ নিৰ্ম্মিত প্ৰাচীৰ বিগলিত হওঁ হওঁ, তাৰ শাৰী শাৰী স্ফটিক স্তম্ভক সোধা,কিয় ধৃতৰাষ্ট্ৰ আজি ইমান অধৈৰ্য্য!

গান্ধাৰী – প্ৰতিশোধৰ কাৰণে।

ধৃত – প্ৰতিশোধৰ কাৰণে । তুমি আচৰিত হৈছা ?

গান্ধাৰী -আচৰিত নাই হোৱা মহাৰাজ।

ধৃত -তেন্তে?

গান্ধাৰী -একো নহয়?

ধৃত -উওম! দুৰ্য্যোধন, মাতাৰ আশীৰ্ব্বাদ শিৰত লৈ অগ্ৰসৰ হোৱা।

দুৰ্য্যো -আই –

গান্ধাৰী -পুত্ৰ-

দুৰ্য্যো -(আঁঠুকাঢ়ি) আশীৰ্ব্বাদ কৰিবা,যেন শত্ৰু নিৰ্ম্মূল কৰি তোমাৰ যোগ্য সন্তান বুলি জগতত চিনাকি দিব পাৰো।

গান্ধাৰী -যোৱা বাচা, আশীৰ্ব্বাদ কৰিছো,যথা ধৰ্ম্ম তথা জয়।